পশ্চিমবংগ আৰু তামিলনাডুত ভোটদান আৰম্ভ; শেষ হ’ব নেকি মমতা ৰাজ!

পশ্চিমবংগ আৰু তামিলনাডুত ভোটগ্ৰহণ আৰম্ভ; শেষ হ’ব নেকি মমতা ৰাজ!

আজি তামিলনাডু আৰু পশ্চিমবংগত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। পশ্চিম বংগত আজি অৰ্থাৎ প্ৰথম পৰ্যায়ত মুঠ ১৫২খন আসনৰ বাবে ভোটদান চলি আছে। আজি পশ্চিমবংগৰ ১৫২খন বিধানসভাৰ আসন আৰু তামিলনাডুৰ ২৩৪খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে।বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

আজি তামিলনাডু আৰু পশ্চিমবংগত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। পশ্চিম বংগত আজি অৰ্থাৎ প্ৰথম পৰ্যায়ত মুঠ ১৫২খন আসনৰ বাবে ভোটদান চলি আছে।

আজি পশ্চিমবংগৰ ১৫২খন বিধানসভাৰ আসন আৰু তামিলনাডুৰ ২৩৪খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে।বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। প্ৰথম পৰ্যায়ত ১৫২ খন আসনত ভোটগ্ৰহণ ইতিমধ্যে চলি আছে।

ইফালে তামিলনাডুৰ কথা ক’বলৈ গ’লে সকলো আসনৰ বাবে ভোটদান একক পৰ্যায়ত চলি আছে।এই দুয়োখন ৰাজ্যতে ক্ষমতালৈ অহাৰ বাবে বিজেপিয়ে নিজৰ সমস্ত শক্তি প্ৰয়োগ কৰিছে।ইফালে, পশ্চিম বংগত ক্ষমতা অক্ষুণ্ণ ৰখাটো মমতা বেনাৰ্জীৰ টিএমচিৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।তামিলনাডুটো পুনৰ এম.কে. ষ্টেলিন ক্ষমতালৈ ঘূৰি অহাটো সহজ নহ’ব।

পশ্চিমবংগৰ সকলো আসনত ভোটদান আৰম্ভ হৈছে,অৱশ্যে কেইবাটাও বুথত থকা ইভিএমসমূহত বিজুতিৰ খবৰ পোৱা গৈছে।নিৰ্বাচন আয়োগে পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক নিৰ্দেশ দিছে যে তেওঁলোকে ২৩ এপ্ৰিলৰ পুৱা ৬:০০ বজাৰ পৰা ভোটদান সমাপ্ত নোহোৱালৈকে নিজ নিজ সমষ্টিৰ পৰা বাহিৰলৈ  যাব নোৱাৰিব।প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বৃহস্পতিবাৰে পশ্চিম বংগৰ ১৬খন জিলাৰ ১৫২খন বিধানসভাৰ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।ইয়াত মুঠ ১৪৭৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।

লগতে পঢ়ক: মাত্ৰ তিনি সপ্তাহৰ ভিতৰত দুৰ্নীতিৰ অভিযোগ; নেপালৰ গৃহমন্ত্ৰী চুডান গুৰুঙৰ পদত্যাগ