বিতৰ্কৰ মাজতে মাজনিশা বলবৎ হ’ল মহিলা সংৰক্ষণ আইন, ২০২৩; আজি হ’ব ভোটগ্ৰহণ

বিতৰ্কৰ মাজতে মাজনিশা বলবৎ হ’ল মহিলা সংৰক্ষণ আইন, ২০২৩; আজি হ’ব ভোটগ্ৰহণ

মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰা আৰু সীমা নিৰ্ধাৰণ আয়োগ গঠনৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা তিনিখন বিধেয়ক সন্দৰ্ভত আজি লোকসভাত ভোটগ্ৰহণ হ’ব। কেন্দ্ৰ চৰকাৰে বৃহস্পতিবাৰৰ পৰা দেশজুৰি ২০২৩ চনৰ নাৰী শক্তি অভিনন্দন আইন ৰূপায়ণ কৰে।এনে এটা সময়ত চৰকাৰে এই সিদ্ধান্ত লৈছে, যেতিয়া সংসদত এই সন্দৰ্ভত বিতৰ্ক চলি

মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰা আৰু সীমা নিৰ্ধাৰণ আয়োগ গঠনৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা তিনিখন বিধেয়ক সন্দৰ্ভত আজি লোকসভাত ভোটগ্ৰহণ হ’ব।

কেন্দ্ৰ চৰকাৰে বৃহস্পতিবাৰৰ পৰা দেশজুৰি ২০২৩ চনৰ নাৰী শক্তি অভিনন্দন আইন ৰূপায়ণ কৰে।এনে এটা সময়ত চৰকাৰে এই সিদ্ধান্ত লৈছে, যেতিয়া সংসদত এই সন্দৰ্ভত বিতৰ্ক চলি আছে। এই আইনখন সংশোধনৰ বাবে কালি অৰ্থাৎ বৃহস্পতিবাৰে লোকসভাত বিধেয়কখন উত্থাপন কৰা হৈছিল আৰু নিশা প্ৰায় ১:২০ বজালৈকে আলোচনা চলি থাকিল।আজি গোটেই দিনটো আলোচনা চলি থাকিব, আৰু সন্ধিয়া প্ৰায় ৪ মান বজাত এই সন্দৰ্ভত ভোটদান হ’ব।

মহিলা সংৰক্ষণ বিধেয়কক লৈ বৃহস্পতিবাৰে গভীৰ নিশালৈকে সংসদত বিতৰ্ক অব্যাহত আছিল। নাৰী শক্তি বন্দন অধিনিয়মক লৈ লোকসভাত বিতৰ্ক চলি আছে আৰু ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈ লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা মহিলা সংৰক্ষণ আইন, ২০২৩ ক ১৬ এপ্ৰিল বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে।

কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই তথ্য প্ৰদান কৰা হৈছে। অৱশ্যে এইটো জানিব পৰা হোৱা নাই যে এই মহিলা সংৰক্ষণ আইন সংশোধন কৰা আৰু  ইয়াক ২০২৯ চনৰ পৰা কাৰ্যকৰী সন্দৰ্ভত চলি থকা আলোচনাৰ মাজতে ২০২৩ চনৰ আইনখন ১৬ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা বুলি কিয় অধিসূচনা কৰা হৈছে?

লগতে পঢ়ক: “বিধেয়কখন বিৰোধীতা কৰা সকল নিৰ্বাচনত পৰাস্ত হ’ব”; লোকসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী