“চুক্তি নহ’লে পূৰ্বতকৈ ভয়ংকৰ হ’ব আক্ৰমণ”: পুনৰ ইৰাণক ভাবুকি আমেৰিকাৰ

“চুক্তি নহ’লে পূৰ্বতকৈ ভয়ংকৰ হ’ব আক্ৰমণ”: পুনৰ ইৰাণক ভাবুকি আমেৰিকাৰ  

হৰমুজ অৱৰোধৰ বাবে আমেৰিকাৰ মিত্ৰ দেশসমূহো তেওঁলোকৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে। ইফালে ইৰাণক পুনৰ আমেৰিকাই আক্ৰমণৰ ভাবুকি দিছে। পুনৰ ইৰাণৰ নেতৃত্বক কঠোৰ সতৰ্কবাণী জাৰি কৰিলে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে কয় যে, যেতিয়ালৈকে ইৰাণে নিজৰ জনসাধাৰণ আৰু বিশ্বৰ “স্বাৰ্থ”ৰ বাবে

হৰমুজ অৱৰোধৰ বাবে আমেৰিকাৰ মিত্ৰ দেশসমূহো তেওঁলোকৰ ওপৰত অসন্তুষ্ট হৈ পৰিছে। ইফালে ইৰাণক পুনৰ আমেৰিকাই আক্ৰমণৰ ভাবুকি দিছে।

পুনৰ ইৰাণৰ নেতৃত্বক কঠোৰ সতৰ্কবাণী জাৰি কৰিলে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে কয় যে, যেতিয়ালৈকে ইৰাণে নিজৰ জনসাধাৰণ আৰু বিশ্বৰ “স্বাৰ্থ”ৰ বাবে “বুদ্ধিমান” চুক্তি বাছি নলয়, তেতিয়ালৈকে ইৰাণৰ বন্দৰ অৱৰোধ আৰু স্থায়ী অৰ্থনৈতিক চাপ অব্যাহত থাকিব। তেওঁ ধমক দি কয় যে, যদি ইৰানে ভুল বাছনি কৰে, তেন্তে ইয়াৰ আন্তঃগাঁথনি, বিদ্যুৎ, আৰু শক্তিক লক্ষ্য কৰি বোমাবৰ্ষণ আৰু অৱৰোধৰ সন্মুখীন হ’ব লাগিব।

বৃহস্পতিবাৰেও তৃতীয় দিনৰ বাবে অব্যাহত থকা হৰমুজ প্ৰণালীত আমেৰিকাৰ অৱৰোধৰ বাবে কেইবাখনো জাহাজক উভতাই পঠিওৱা হৈছে।আমেৰিকাৰ সেনাই ইৰাণৰ বন্দৰত প্ৰৱেশ আৰু প্ৰস্থান কৰা সামুদ্ৰিক যাতায়তৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ দাবী কৰিছে।এই অৱৰোধৰ উদ্দেশ্য হৈছে ইৰাণৰ প্ৰধান সামুদ্ৰিক বাণিজ্যিক পথসমূহ বিচ্ছিন্ন কৰি ইৰাণৰ অৰ্থনীতিক বিচ্ছিন্ন কৰা।

পিট হেগছেথে ইৰাণৰ সামৰিক নেতৃত্বলৈ এক শক্তিশালী বাৰ্তা আগবঢ়াইছে।তেওঁ কয়, “আমি আপোনালোকৰ ওপৰত চকু ৰাখিছো।আমাৰ সামৰ্থ্য একে নহয়। মনত ৰাখিব, এইটো কোনো সম পৰ্যায়ৰ প্ৰতিযোগিতা নহয়।আমি জানো যে আপোনালেকে ক’ত, কেনেকৈ আৰু কেনেধৰণৰ সামৰিক সম্পদ নিয়োগ কৰিছে”।

লগতে পঢ়ক: হৰমুজৰ পৰা পিছুৱাই নহাৰ হুংকাৰ… আমেৰিকাক সকীয়নি ইৰাণৰ