‘মহিলাৰ অংশগ্ৰহণে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব’; নাৰী শক্তি বন্দন অভিযানত প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে ১৬ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিলৰ ভিতৰত সংসদৰ বিশেষ অধিৱেশনখনক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে, ‘নাৰী শক্তি বন্দন অভিযান’ৰ জৰিয়তে দেশৰ মহিলাসকলক সৱল প্ৰতিনিধিত্ব প্ৰদানৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হ’ব।

দিল্লীৰ নাৰী শক্তি বন্দন অভিযান কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সকলক ৰাজনৈতিক অংশগ্ৰহণ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি কয় যে, দশক দশক ধৰি বাকী থকা অপেক্ষাৰ অন্ত পেলোৱাৰ সময় এতিয়া আহি পৰিছে।তেওঁ কয় যে ১৬, ১৭, ১৮ এপ্ৰিলৰ তাৰিখ এই ক্ষেত্ৰত অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি প্ৰমাণিত হ’ব।

প্ৰধানমন্ত্ৰী কয় যে, ২০২৩ চনত নতুন সংসদ ভৱনত ‘নাৰি শক্তি বন্দন অধিনিয়াম’ ৰ ৰূপত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হয়।ইয়াৰ উদ্দেশ্য দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত মহিলাসকলৰ অংশগ্ৰহণক অধিক সবল কৰা।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, এই উদ্দেশ্য মনত ৰাখি সংসদৰ বাজেট অধিৱেশনৰ সময়ত ১৬ এপ্ৰিলৰ পৰা এক বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছে। এই অধিবেশনৰ জৰিয়তে মহিলাসকলক অধিক প্ৰতিনিধিত্ব প্ৰদানৰ দিশত সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, ‘নাৰি শক্তি বন্দন’ কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দেশৰ কোটি কোটি মাতৃ আৰু আমি আমাৰ ভগ্নীসকলৰ আশীৰ্বাদ লাভ কৰিছো, যিয়ে এই পদক্ষেপক আৰু অধিক শক্তিশালী কৰিব।

লগতে পঢ়ক: “মই আপোনালোকৰ ওচৰত ঋণী হৈ পৰিছো”; পশ্চিম বংগত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদী

“মই আপোনালোকৰ ওচৰত ঋণী হৈ পৰিছো”; পশ্চিম বংগত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদী

শিলিগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত আৱেগিক হ’ল প্ৰধানমন্ত্ৰী মোদী। চলচলীয়া চকুৰে জনতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গ’ল।বিপুল জনসমাগম আৰু জনতাৰ অদম্য সমর্থনৰ সাক্ষী হৈ মঞ্চত আৱেগিক হৈ পৰিল প্রধানমন্ত্রী মোদী৷ চলচলীয়া চকুৰে জনতাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয়, এনে মৰম আৰু বিশ্বাস দেখি মই আপোনাৰ ওচৰত ঋণী হৈ পৰিছো। শনিবাৰে ৰোডশ্ব’ৰ কথা মনত পেলাই আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী মোদী।তেওঁ কয় যে, , লাইনত থকা সৰু সৰু ল’ৰা-ছোৱালীবোৰক দেখি মই আচৰিত হৈছিলো যে সিহঁতে মোক কিমান ভাল পায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰক লক্ষ্য কৰি অভিযোগ উত্থাপন কৰে যে, তেওঁ ভোট-বেংকৰ ৰাজনীতি কৰি আছে আৰু নিজৰ মূল শ্লোগান ‘মা-মাটি-মানুহ’ৰ পৰা আঁতৰি গৈছে।  

লগতে পঢ়ক: ‘পাকিস্তানে য’তেই হাত দিয়ে সেইটো ধ্বংস হৈ যায়’; উমা ভাৰতীৰ বিস্ফোৰক মন্তব্য 

প্ৰথমে হাঁহি, পিছত হাতযোৰ কৰি সম্ভাষণ; সংসদত ৰাহুল গান্ধীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সকলোকে আচৰিত কৰিছে। পুৱাই প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

দেশৰ সংসদৰ ভিতৰৰ পৰা অহা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সাংসদ ৰাহুল গান্ধীয়ে কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। ১ মিনিট ৩৪ ছেকেণ্ডৰ এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে দীঘলীয়া বাৰ্তালাপত লিপ্ত হয়।

প্ৰথমে প্ৰধানমন্ত্ৰীয়ে তাত থিয় হৈ থকা আন সাংসদসকলক সম্ভাষণ জনালে, পিছত ঘূৰি আহি ৰাহুল গান্ধীৰ কাষ চাপি দুয়োজনে বহু সময় কথা পাতে। এই সময়ছোৱাত ৰাহুলে সন্মানৰ চিন স্বৰূপে প্ৰধানমন্ত্ৰীক হাতযোৰ কৰি সম্ভাষণ জনায়।

আজি মহাত্মা জ্যোতিবা ফুলেৰ ২০০ বছৰীয়া জন্ম জয়ন্তী। আন আন সংসদ সদস্যসকলৰ দৰে এই জন্ম জয়ন্তী উপলক্ষে ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীও জ্যোতিবা ফুলেক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়। ৰাহুলে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা, সাংসদ হৰিবংশ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ সৈতে থিয় হৈ আছিল।সেই সময়তে প্ৰধানমন্ত্ৰী মোদী তাত উপস্থিত হয়।

গাড়ীৰ পৰা নামি প্ৰধানমন্ত্ৰীয়ে সকলোকে হাতযোৰ কৰি সম্ভাষণ জনালে।ৰাহুলো এই শাৰীত থকাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক সন্মানেৰে হাতযোৰ কৰে।মোদীয়ে সকলো সাংসদৰ লগত হাত মিলাই, তাৰ পিছত বিশেষভাৱে ৰাহুলৰ ওচৰলৈ যায়।দুয়োজনে শুভেচ্ছা বিনিময় কৰে আৰু পৰৱৰ্তী সময়ত যথেষ্ট সময় ইজনে সিজনৰ লগত কথা-বতৰা হোৱা দেখা গৈছিল।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বহু দিনৰ পিছত এনেদৰে বাৰ্তালাপ কৰা দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ’টো চাই সকলোকে আচৰিত হোৱাৰ কাৰণটো হৈছে সংসদৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে এনেদৰে বাৰ্তালাপ কৰাৰ দৃশ্য খুব কম দেখিবলৈ পোৱা যায়।দুয়োৰে মাজত ৰাজনৈতিক তিক্ততা সকলোৱে দেখিবলৈ পাইছে, এই পটভূমিত এই ফটোখনে বহু কথাই কয়।

লগতে পঢ়ক: হুমায়ুন কবীৰক মোক্ষম আঘাত; আছাদুদ্দিন ওৱেইছিয়ে ভংগ কৰিলে মিত্ৰতা

‘টিএমচিৰ গুণ্ডাক ৰেহাই দিয়া নহ’ব’; মমতা বেনাৰ্জীক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়।

পশ্চিম বংগৰ পূব মেদিনীপুৰৰ হালদিয়াত এখন নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই সভাত প্ৰধানমন্ত্ৰী মোদীয়ে বংগৰ টিএমচি চৰকাৰ আৰু মমতা বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই। ইয়াৰ উপৰিও হালদিয়াত অনুষ্ঠিত হোৱা সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে বংগৰ জনসাধাৰণক ছটা গেৰান্টী দিছে।

নিৰ্বাচনী সভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে বংগক ভয়মুক্ত কৰি তোলাৰ প্ৰথমটো গেৰান্টী দিয়ে।দ্বিতীয়টো গোৰান্টী হ’ল চৰকাৰী ব্যৱস্থাৰ জবাবদিহিতা নিশ্চিত কৰা।তৃতীয় গেৰান্টী হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে মমতা চৰকাৰক কাঠগড়াত ৰাখি দুৰ্নীতি আৰু অপৰাধ সম্পৰ্কীয় ফাইল খোলাৰ নিৰ্দেশ জাৰি কৰা হৈছে।চতুৰ্থ গেৰান্টীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুৰ্নীতিগ্ৰস্তক জেললৈ প্ৰেৰণ কৰিব।

পঞ্চমটো গেৰান্টীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত বংগত কোনো টিএমচিৰ গুণ্ডা নাথাকিব। প্ৰধানমন্ত্ৰী মোদীৰ ছয় নম্বৰৰ গেৰান্টীটো এই নিৰ্বাচনৰ বাবে মাষ্টাৰষ্ট্ৰ’ক হিচাপেএ বিবেচিত হৈছে।প্ৰধানমন্ত্ৰী মোদীৰ এই ষষ্ঠ গেৰান্টী হৈছে সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা।

নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, টিএমচি চৰকাৰৰ অধীনত যদি সঁচাকৈয়ে কিবা হৈছে, তেন্তে সেইটো হৈছে অনুপ্ৰৱেশকাৰীৰ এটা কাৰখানা।টিএমচিৰ কাম হৈছে ভুৱা নথি ৰচনা আৰু চোৰাং গৰু সৰবৰাহ।

লগতে পঢ়ক: মহিলা সবলীকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ নতুন বাৰ্তা, জনালে বিশেষ আহ্বান

‘কংগ্ৰেছৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী নাই’; বৰপেটাৰ পৰা কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰীৰ

বৰপেটাত নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে এইবাৰ পৰাজয়ৰ চেঞ্চুৰী কোবাব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটাত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি কয় যে এই নিৰ্বাচনত কংগ্ৰেছ দলে “পৰাজয়ৰ চেঞ্চুৰী” কৰিবলৈ সাজু হৈছে।তেওঁ কয় যে অসমৰ ৰাইজে এইবাৰ দুটা কাম সম্পন্ন কৰাৰ দৃঢ় সংকল্প লৈছে।এটা হৈছে, বিজেপি-এনডিএ এইবাৰ অসমত হেট্ৰিক কৰিবলৈ সাজু হৈছে আৰু আনটো হৈছে, কংগ্ৰেছৰ ৰাজপৰিয়ালৰ যি সকল লোক দিল্লীত বহি আছে,তেওঁলোকৰ পৰাজয়ৰ চেঞ্চুৰীৰ অভিলেখ অসমৰ ৰাইজে গঢ়িব।

তেওঁ উল্লেখ কৰে যে বিজেপিৰ সদস্য সকল ‘ৰাষ্ট্ৰ প্ৰথম’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত আৰু ভাৰত মাতৃৰ সেৱাত উৎসৰ্গিত।তেওঁৰ সংকল্প হৈছে এখন স্বাৱলম্বী ভাৰত গঢ়ি তোলা।কংগ্ৰেছে কেতিয়াও ৰিপৰ্ট কাৰ্ড লৈ জনসাধাৰণৰ আগত নাযায়।ইফালে বিজেপি চৰকাৰে স্পষ্ট উদ্দেশ্যৰে জনসাধাৰণক কয় যে তেওঁলোকৰ সেৱাৰ বাবে আমি কি কি কৰিছো।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক কয় যে এইবাৰ তেওঁলোকৰ ভোটে এখন উন্নত অসম গঢ়াৰ ভেটি আৰু অধিক মজবুত কৰিবলৈ গৈ আছে। বিজেপিয়ে অসমক নতুন উচ্চতাৰ দিশে আগুৱাই লৈ গৈছে।

কংগ্ৰেছক লক্ষ্য কৰি তেওঁ কয় যে, “কংগ্ৰেছৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী নাছিল।তেওঁলোকৰ গুৰুত্ব আছিল দুৰ্নীতিৰ জৰিয়তে হ্ৰস্বম্যাদী লাভৰ ওপৰত।২০১৪ চনৰ আগৰ ১০ বছৰত, যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিল,সেই সময়ত দেশৰ খেতিয়কসকলে মাত্ৰ ৪ লাখ কোটি টকা এম এছ পি লাভ কৰিছিল।কিন্তু ২০১৪ চনৰ পৰা ১০ বছৰত আমাৰ চৰকাৰে ধান খেতিয়কক ১৬ লাখ কোটি টকা আগবঢ়াইছে।”

লগতে পঢ়ক: ‘এই ষড়যন্ত্ৰৰ লগত পাকিস্তান জড়িত হৈ আছে’; পৱন খেড়াক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

‘এইবাৰ অসমত মংগলেই মংগল হ’ব’; গোগামুখৰ পৰা অসমবাসীলৈ প্ৰধানমন্ত্ৰী উপহাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোগামুখৰ এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় এইবাৰ অসমত মংগলেই মংগল হ’ব।

অসমত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰিছে।দুদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গোগামুখত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,বিগত দশকত অসমত দ্ৰুত বিকাশৰ সাক্ষী হৈ আহিছে।বিজেপি-এনডিএৰ মিত্ৰতাত নিজৰ বিশ্বাস পুনৰ দৃঢ় কৰিবলৈ সাজু হৈছে অসমৰ জনসাধাৰণ।এইদৰে অসমত বিজেপিৰ হেট্ৰিক এইবাৰ নিশ্চিত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়,অসম নিৰ্বাচনৰ ঘোষণাৰ পিছত এইখন মোৰ প্ৰথম জনসভা।সন্মুখত ৰাইজৰ এই সাগৰ,যুৱক-যুৱতীসকলৰ এই উৎসাহ, আমাৰ ভগ্নী-কন্যাসকলৰ পৰা এই আশীৰ্বাদ আৰু মৰমৰ পৰা এইবাৰ যে হেটট্ৰিক নিশ্চিত সেই কথা জানিব পৰা গৈছে।আপোনালোক সকলোৰে আশীৰ্বাদত মই প্ৰধানমন্ত্ৰী হিচাপে হেট্ৰিক অৰ্জন কৰাৰ সুযোগ পাইছো।আপোনালোক সকলোৰে আশীৰ্বাদত এই ক্ষেত্ৰখনতো হেট্ৰিক অৰ্জন কৰাৰ সুযোগ পাইছো,মই তৃতীয়বাৰৰ বাবে ইয়ালৈ আহিছো।আৰু আপোনালোকৰ আশীৰ্বাদত অসমৰ চৰকাৰো হেট্ৰিক অৰ্জন কৰিবলৈ সাজু হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয়,প্ৰথমে সৰ্বানন্দ সোণোৱাল জীৰ নেতৃত্বত, আৰু পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা জীৰ নিৰ্দেশনাত অসমে বিগত ১০ বছৰত সেৱা আৰু সুশাসনৰ এক নতুন যুগৰ সাক্ষী হৈ পৰিছে।অসমৰ এই নিৰ্বাচন উন্নত অসমৰ পৰা উন্নত ভাৰত গঢ়াৰ নিৰ্বাচন।এইবাৰ বিজেপি-এনডিএ চৰকাৰৰ হেট্ৰিক নিশ্চিত।আৰু কংগ্ৰেছতো পৰাজয়ৰ হেট্ৰিকৰ উপক্ৰম হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয়, কালি অসম বিজেপিয়ে ইস্তাহাৰ মুকলি কৰে।কালি মঙলবাৰ আছিল; মঙলবাৰে প্ৰকাশ পোৱা এই ইস্তাহাৰখনে অসমলৈ আৰু অধিক মংগল কঢ়িয়াই আনিব।এইখন মঙলবাৰে আহি পোৱা এখন শুভ চিঠি।

লগতে পঢ়ক: ‘ৰাজকুমাৰৰ পৰাজয়ৰ ধাৰাটোৱে শতক অতিক্ৰম কৰিব’; অসমৰ পৰা ৰাহুল গান্ধীক লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ

‘বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাক লাগিবঃ মুখ্যমন্ত্ৰী

শনিবাৰে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিটিচিৰ উন্নয়ণৰ বাবে বিজেপি আৰু বিপিএফ এক হ’বই লাগিব।

শনিবাৰে NDA ৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে’ৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই।

নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ইমান বৰষুণৰ পিছটো পঞ্চাশ হাজাৰতকৈও অধিক ৰাইজ ওলাই আহিছে। আৰু এই ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে, NDA ৰ প্ৰাৰ্থী অৰুপ কুমাৰ দে’ এ জয় লাভ কৰিব। আৰু মোৰ বিশ্বাস যে বিটিচিৰ ১৫খন আসনৰ ১৫ খনতেই NDA ৰ প্ৰাৰ্থী বিজয়ী হ’ব। NDA মানে বিপিএফ, বিজেপি, অগপ।পদুম আৰু নাঙল দুইটাই মিলি NDA । বৰ্তমান লৈকে UPPL আমাৰ লগত নাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিটিচিৰ উন্নয়ণৰ বাবে বিজেপি আৰু বিপিএফ লগ হ’বই লাগিব।বিটিচিৰ উন্নয়মণৰ বাবে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা আৰু বিটিচিৰ ৰাইজক লাগিব।   

লগতে পঢ়ক: ‘আমি উৰাবাতৰিৰ পৰা আঁতৰি থাকিব লাগিব’; দেশবাসীলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ   

‘দেশত নহয় কোনো লকডাউন’; সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আঢ়ৈ ঘণ্টীয়া বৈঠক

মধ্যপ্ৰাচ্যত চলি থকা সংঘাত আৰু তেল যোগানৰ প্ৰতি আহি থকা ভাবুকিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ মাজতে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মধ্যপ্ৰাচ্যত চলি থকা সংঘাত আৰু হৰমুজ প্ৰণালী বন্ধ কৰাৰ ভাবুকিক লৈ আহ্বান কৰা এই বৈঠকখন প্ৰায় দুঘণ্টা ধৰি চলিছিল।

এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক স্পষ্ট বাৰ্তা প্ৰদান কৰি কয় যে আমি ‘টিম ইণ্ডিয়া’ হিচাপে কাম কৰিব লাগিব।তদুপৰি সাম্প্ৰতিক সংকটৰ বাবে দেশত কোনো ধৰণৰ লকডাউন নহ’ব বুলি স্পষ্ট কৰি দিছে।

প্ৰায় দুঘণ্টা ধৰি চলি থকা এই বৈঠকৰ প্ৰধান উদ্দেশ্য আছিল বিশ্ব সংকটৰ সময়টো দেশত পেট্ৰ’ল, ডিজেল, অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত ব্যাঘাত জন্মাব নালাগে, আৰু ইয়াৰ বোজা সাধাৰণ জনতাৰ ওপৰত পৰিব নালাগে।

মাত্ৰ কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সকীয়াই দিছিল যে মধ্যপ্ৰাচ্যৰ এই সংকটে ভাৰতৰ বাবে দীৰ্ঘম্যাদী প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।কেন্দ্ৰীয় চৰকাৰে নিজৰ ফালৰ পৰা সম্ভৱপৰ প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰিছে,কিন্তু তৃণমূল পৰ্যায়ত এই আঁচনিসমূহ সফল কৰাৰ প্ৰকৃত দায়িত্ব ৰাজ্যসমূহৰ কান্ধত নিহিত হৈ আছে।

সেই কাৰণে প্ৰধানমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীসকলৰ ওচৰত আবেদন জনাইছে যে তেওঁলোকে নিজৰ নিজৰ ৰাজ্যত এনে ব্যৱস্থা কৰিব লাগে যাৰ দ্বাৰা সাধাৰণ মানুহৰ প্ৰয়োজনীয় বস্তুক লৈ কোনো প্ৰভাৱ নপৰে।তেওঁ সোঁৱৰাই দিয়ে যে যেতিয়া দেশ সংকটত পৰে, তেতিয়া কেন্দ্ৰ আৰু ৰাজ্যসমূহে একেলগে এটা পৰিয়ালৰ দৰে যুঁজিব লাগিব।

লগতে পঢ়ক: ‘হৰমুজৰ পৰা চাৰিখন টেংকাৰ আহিছে’; বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ডাঙৰ তথ্য

অৱনতি ঘটিছে পশ্চিম এছিয়াৰ পৰিস্থিতি; সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ ফোন

পশ্চিম এছিয়াৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিব। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনাৰ পৰ্যালোচনা কৰা হ’ব।

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বাবে সমগ্ৰ বিশ্ব গভীৰ সংকটত পৰিছে।এই সন্দৰ্ভত সমগ্ৰ দেশৰ মানুহৰ মাজতো আতংক বিয়পি পৰিছে।এই সন্দৰ্ভত সমগ্ৰ দেশৰ মানুহৰ মাজতো আতংক বিয়পি পৰিছে। অৱশ্যে চৰকাৰৰ ফালৰ পৰা চিন্তা নকৰিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি কোৱা হৈছে।

তাৰ মাজতে এটা ডাঙৰ খবৰ আহিছে যে,শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই সময়ছোৱাত তেওঁ পশ্চিম এছিয়াত চলি থকা সংঘাতৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহৰ প্ৰস্তুতি আৰু পৰিকল্পনাসমূহ পৰ্যালোচনা কৰিব।

লগতে পঢ়ক: শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী