আজি ভাৰতলৈ আহিব ইউ এ ইৰ ৰাষ্ট্ৰপতি; প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

আজি ভাৰতলৈ আহিব ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত এই ভ্ৰমণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান আজি আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আহিব।

এই ভ্ৰমণ ভাৰত-ইউ এ ই সম্পৰ্কৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতি হোৱাৰ পিছত শ্বেখ মহম্মদ বিন জায়েদৰ ভাৰত ভ্ৰমণৰ তৃতীয়টো আনুষ্ঠানিক ভ্ৰমণ হ’ব,আনহাতে বিগত দশকত এয়া তেওঁৰ পঞ্চমটো ভাৰত ভ্ৰমণ।

এই ভ্ৰমণ দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা কৌশলগত আস্থাৰ উদাহৰণ। যোৱা কিছু বছৰত ভাৰত আৰু ইউ এ ইৰ মাজত সঘনাই উচ্চ পৰ্যায়ৰ ভ্ৰমণ হৈছে।

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আৰু ২০২৫ চনৰ এপ্ৰিল মাহত ডুবাইৰ ক্ৰাউন প্ৰিন্স আৰু ইউ এ ইৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুমে ভাৰত ভ্ৰমণ কৰিছিল।

ভাৰতৰ ফালৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ২০২৫ চনৰ ১৩ৰ পৰা ১৫ ডিচেম্বৰলৈ আবুধাবি ভ্ৰমণ কৰিছিল,য’ত তেওঁ ১৬ সংখ্যক ভাৰত-ইউ এ ই যুটীয়া আয়োগৰ বৈঠক আৰু ৫ম কৌশলগত আলোচনাৰ সহ-সভাপতি আছিল।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ শেষৰ ফালে আৰু ২০২৪ৰ সময়ছোৱাত কেইবাবাৰো ইউ এ ই ভ্ৰমণ কৰিছিল,য’ত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা ঐতিহাসিক ভ্ৰমণকে ধৰি,যেতিয়া তেওঁ আবুধাবিত BAPS হিন্দু মন্দিৰ উদ্বোধন কৰিছিল।

শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহত ইটালীত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ সময়তো দুয়োখন দেশৰ নেতাসকলে বৈঠকত মিলিত হয়।

লগতে পঢ়ক: ট্ৰাম্পৰ ‘শান্তি ব’ৰ্ড’ত অন্তৰ্ভুক্ত হ’ব ভাৰত: গাজা শান্তি ব’ৰ্ডলৈ প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ

‘টিএমচিয়ে বংগৰ জনসাধাৰণৰ ওপৰত শত্ৰুতা উলিয়াইছে…’; মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগৰ হুগলী জিলাত দেওবাৰে মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে টিএমচিয়ে জনতাক শত্ৰুতা কৰি আছে।

দেওবাৰে বিয়লি পশ্চিম বংগৰ হুগলী জিলাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ চিংগুৰত কেইবাটাও উদ্বোধন, আধাৰশিলা স্থাপন আৰু গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে।

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে দুখন পৃথক ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰে।তেওঁ কয় যে উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ পূব ভাৰতৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰকাৰে এই দিশত অহৰহ কাম কৰি আছে।

প্ৰধানমন্ত্ৰী মোদীয়ে মমতা চৰকাৰক লক্ষ্য কৰি কয় যে, টিএমচিয়ে বংগৰ জনসাধাৰণৰ ওপৰত শত্ৰুতা উলিয়াইছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ইয়াত ৰাইজৰ কাষ চাপিব পৰা নাই।

প্ৰধানমন্ত্ৰীয়ে কয় যে কালি পশ্চিম বংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন মুকলি কৰা হয়।ইয়াৰ সমান্তৰালকৈ বংগই প্ৰায় আধা ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লও লাভ কৰিছে।

আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰা হয়।ইয়াৰে এখন ৰে’লে মোৰ সংসদীয় সমষ্টি কাশী (বাৰানসী) আৰু বংগৰ মাজত সংযোগ আৰু অধিক শক্তিশালী কৰিব৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,বালাগড়ত নিৰ্মাণ হ’বলগীয়া বৰ্ধিত বন্দৰ গেট ব্যৱস্থাই হুগলী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ বাবে নতুন সুযোগ মুকলি কৰিব।

আজি ভাৰতত বহু-মডাল সংযোগ আৰু সেউজ গতিশীলতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।নিৰৱচ্ছিন্ন পৰিবহণ নিশ্চিত কৰিবলৈ বন্দৰসমূহ,নদীৰ জলপথ, ঘাইপথ আৰু বিমানবন্দৰ সংযোগ কৰা হৈছে।

লগতে পঢ়ক: ‘অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে’; মুখ্যমন্ত্ৰী

‘অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে’; মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰছক তীক্ষ্ণ সমালোচনা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আজিৰ অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভ্ৰমণৰ দ্বিতীয়টো দিনত কলিয়াবৰত এখন বিশাল জনসভাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী গৰাকী।

জনসভা খনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক তীব্ৰ প্ৰত্যহ্বান জনাই।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আজিৰ অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, গৌৰৱ গগৈয়ে কাজিৰঙা এলিভেটেড কৰি’ডৰৰ বিৰোধিতা কৰিছে। কিন্তু মই গৌৰৱ গগৈ ডাঙৰীয়াক ক’ব খোজে যে আপুনি বিৰোধিতা কৰি থাকক কিন্তু অসমে সপোন দেখিছে আকাশ চুৱাৰ আৰু অসমে আকাশ চুবই।

অসমক ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম। আজিৰ অসমীয়াই কোনো পাকিস্তানী এজেন্টৰ সন্মুখত আত্মসমৰ্পন নকৰে। অসমীয়াই অচিনাকী লোকৰ পৰা হাজাৰ হাজাৰ বিঘা ভূমি উদ্ধাৰ কৰিছে।

আৰু সেই ভূমিতেই বটদ্ৰৱাত গুৰুজনাৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। কাজিৰঙাটো অচিনাকী লোকক উচ্ছেদ কৰি এলিভেটেড কৰিড’ৰ আধাৰশিলা স্থাপন কৰিছে।

লগতে পঢ়ক: ‘ৰেজাউল কৰিমে স্পষ্টকৈ জেহাদ কৰাৰ কথা কৈছে; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য  

দক্ষিণ ব্লক নহয়,নতুন ঠিকনা সেৱা তীৰ্থ…; আজিৰে পৰা সলনি হ’ব প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ৰ ঠিকনা

মকৰ সংক্ৰান্তিৰ দিনাৰ পৰাই সলনি হ’ব প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ৰ ঠিকনা। দক্ষিণ ব্লকৰ পৰা ‘সেৱা তীৰ্থ’ কমপ্লেক্সলৈ হ’ব স্থানান্তৰিত।

মকৰ সংক্ৰান্তিৰ পৰা সলনি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ ঠিকনা।বৰ্তমান দক্ষিণ ব্লকত থকা পিএমঅ’ কাৰ্যালয় আজি ‘সেৱা তীৰ্থ’ কমপ্লেক্সলৈ স্থানান্তৰিত হ’ব পাৰে।পিএমঅ’ৰ কেৱল স্থান সলনি হোৱাই নহয়, ইয়াৰ কৰ্মশৈলীও নতুন হ’ব।

অৰ্থাৎ, এতিয়া দেশৰ শীৰ্ষ প্ৰশাসনিক ব্যৱস্থা এক নতুন আৰু আধুনিক পৰিসৰৰ সৈতে কৰা হ’ব।’সেৱা তীৰ্থ’ দাৰা শিকোহ ৰোড (পূৰ্বৰ ডালহাউচি ৰোড)ত অৱস্থিত।

মন কৰিবলগীয়া যে ভাৰতৰ স্বাধীনতাৰ পৰাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় দক্ষিণ ব্লকত অৱস্থিত।কিন্তু এতিয়া তাৰ পৰা আঁতৰাই ‘সেৱা তীৰ্থ’ কমপ্লেক্সলৈ স্থানান্তৰিত কৰা হৈছে।নতুন কাৰ্যালয় কমপ্লেক্সটো চেণ্ট্ৰেল ভিষ্টা পুনৰ উন্নয়ন প্ৰকল্পৰ অংশ।

‘সেৱা তীৰ্থ’ হৈছে এক আধুনিক প্ৰশাসনিক কমপ্লেক্স, যিটোক আনুমানিক ১,১৮৯ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হৈছে।ই প্ৰায় ২.২৬ লাখ বৰ্গফুট এলেকাত বিস্তৃত।’সেৱা তীৰ্থ’ সমগ্ৰ কমপ্লেক্সটো তিনিটা পৃথক অট্টালিকাৰে গঠিত, প্ৰত্যেকৰে এটা নিৰ্দিষ্ট ভূমিকা আছে।

সেৱা তীৰ্থ-১ হৈছে মূল ভৱন,য’ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা পিএমঅ’ই কাম কৰিব। সেৱা তীৰ্থ-২ কেবিনেট সচিবালয়ৰ নতুন মুখ্য কাৰ্যালয় হয়,যিটো ২০২৫ চনৰ শেষৰ পৰা কাৰ্যক্ষম হৈ আছে।

সেৱা তীৰ্থ-৩ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ)ৰ কাৰ্যালয়ৰ বাবে নিৰ্দিষ্ট স্থান থাকিব।

লগতে পঢ়ক: শীঘ্ৰেই সলনি হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা; জানুৱাৰী মাহতে স্থানান্তৰিত হোৱাৰ সম্ভাৱনা

শীঘ্ৰেই সলনি হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা; জানুৱাৰী মাহতে স্থানান্তৰিত হোৱাৰ সম্ভাৱনা

সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কাৰ্যালয়। ঠিকনা সলনি হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ। চলিত মাহতে হ’ব পাৰে স্থানান্তৰ

সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন কাৰ্যালয়।এতিয়া ইয়াক অন্তিম ৰূপ দিয়াৰ বাবে সাজু হৈছে। এই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন কাৰ্যালয়লৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেবিনেট সচিবালয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ক নতুন সেৱা তীৰ্থ কমপ্লেক্সত একেলগে ৰখা হৈছে।বিজয় চ’কৰ সমীপৰ ৰাইচিনা পাহাৰৰ পাদদেশত নিৰ্মাণ কৰা হৈছে সেৱা তীৰ্থ কমপ্লেক্স।

ইয়াৰ তিনিটা হাই-টেক বিল্ডিং আছে যাৰ নাম আছে হৈছে টিৰ্থ ১, সেৱা টিৰ্থ ২ আৰু সেৱা টিৰ্থ ৩।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সেৱা তীৰ্থ ১ত থাকিব।

ইতিমধ্যে কেবিনেট সচিবালয় সেৱা তীৰ্থ ২ লৈ স্থানান্তৰ কৰা হৈছে।আনহাতে সেৱা তীৰ্থ ৩ত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় থাকিব য’ত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বহিব।

চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত ইয়াক প্ৰস্তুত কৰা হৈছে।ইয়াৰ অধীনত নতুন সংসদ ভৱন আৰু উপ-ৰাষ্ট্ৰপতি এনক্লেভ ইতিমধ্যে সম্পূৰ্ণ হৈছে।

মন্ত্ৰালয়সমূহৰ বাবে আঠটা নতুন কৰ্তব্য ভৱন নিৰ্মাণ কৰিবলৈ লোৱাৰ বিপৰীতে ইয়াৰে তিনিটা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বহু মন্ত্ৰালয়ো তালৈ স্থানান্তৰ কৰা হৈছে।

লগতে পঢ়ক: বিজয় আৰু পুনৰ নিৰ্মাণৰ ইতিহাস… সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰীয়ে দেশক দিলে শক্তিশালী বাৰ্তা

প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰায় এঘণ্টা ধৰি চলিছিল বৈঠক

প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।এই বৈঠকত দুয়োগৰাকী নেতাই কেবিনেট সম্প্ৰসাৰণ আৰু ২০২৭ চনৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰায় এঘণ্টা ধৰি প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগীৰ বৈঠক চলিছিল।এই বৈঠকক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে।

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন আৰু জে পি নাড্ডাকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী যোগীয়ে।শেহতীয়া কিছুদিনৰ পৰা ইউ পিত কেবিনেট সম্প্ৰসাৰণৰ সন্দৰ্ভত চৰ্চা চলি আহিছে।

অহা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে যোগী মন্ত্ৰীসভাত সামাজিক সমীকৰণসমূহ বিতংভাৱে ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব।

আচলতে এই বৈঠকখনে চৰ্চা লাভ কৰাৰ কাৰণ হৈছে এই বৈঠকৰ কিছু সময়ৰ পূৰ্বে  ঠাকুৰৰ বিধায়কসকলেও দুখন বৈঠক অনুষ্ঠিত কৰিছিল।

ইয়াত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ীৰ সিং, দয়াশংকৰ সিংৰ লগতে আন আন মন্ত্ৰী-বিধায়কসকলেও অংশগ্ৰহণ কৰে।লগতে প্ৰাক্তন সাংসদ ৰাজবীৰ সিং ৰাজু ভাইয়াৰ বিধায়ক, সাংসদ আৰু লোধি সম্প্ৰদায়ৰ নেতাসকলৰ সন্মিলনো আয়োজন কৰিছিল।কিন্তু সেই সময়তো দলৰ কোনো আপত্তি উত্থাপন হোৱা নাছিল।

এই সকলোবোৰ কথা চাই মুখ্যমন্ত্ৰী যোগীৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

লগতে পঢ়ক: ‘সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত ডি এম কে চৰকাৰ’; অমিত শ্বাহ

‘জন্মদিনৰ শুভেচ্ছা দিদি’; প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দিলে জন্মদিনৰ শুভেচ্ছা

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে জন্মদিনৰ শুভেচ্ছা…

৫ জানুৱাৰী সোমবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৭১ সংখ্যক জন্মদিন উদযাপন কৰিছে।ইয়াৰ বাবে বিভিন্ন দলৰ নেতা আৰু ৰাইজে তেওঁক অভিনন্দন জনাইছে।

এই উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীক জন্মদিনৰ শুভেচ্ছা জনায়।

সামাজিক মাধ্যম X ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা দিদিলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনাইছো।

লগতে পঢ়ক: ‘সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত ডি এম কে চৰকাৰ’; অমিত শ্বাহ

হেল্ল ২০২৬; প্ৰধানমন্ত্ৰী মোদীৰ পৰা ৰাহুল গান্ধীলৈ দেশবাসীক জনালে শুভেচ্ছা…

প্ৰধানমন্ত্ৰী মোদীৰ পৰা ৰাহুল গান্ধীলৈকে বহু ৰাজনীতিবিদে দেশবাসীক জনালে নতুন বছৰৰ শুভেচ্ছা। অখিলেশ যাদৱে ললে ২০২৬ ৰ নতুন সংকল্প।

২০২৬ চনৰ নতুন বছৰে কঢ়িয়াই আনিছে নতুন উৎসাহ।এই প্ৰাকক্ষণত সকলোৱে নিজৰ আপোনজনক জনাইছে শুভেচ্ছা।ইফালে দেশৰ ৰাজনীতিবিদসকলেও দেশবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছে।

কোনোবাই সকলোৰে মংগল কামনা কৰিছে,কোনোৱে সমৃদ্ধিৰ কথা ক’লে আন কোনোৱে আকৌ নতুন বছৰত নতুন সংকল্প লোৱাৰ কথা কৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী আৰু অখিলেশ যাদৱকে আদি কৰি বহু নেতাই ভাৰতবাসীক জনালে নতুন বছৰৰ শুভেচ্ছা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্টত লিখিছে, আপোনালোক সকলোকে ২০২৬ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো!আগন্তুক বছৰটোৱে আপোনালোকৰ বাবে সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক,আপোনালোকৰ প্ৰচেষ্টাবোৰ সফল হওক আৰু আপোনাৰ সকলো কাম সম্পূৰ্ণ হওক। আমাৰ সমাজত শান্তি আৰু সুখৰ বাবে প্ৰাৰ্থনা কৰিলো’।

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পোষ্ট কৰিছে,’আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল।নতুন বছৰে আপোনালোকৰ জীৱনত বহুত সুখ কঢ়িয়াই আনক,সুস্বাস্থ্য আৰু সফলতা কঢ়িয়াই আনক।Wishing everyone a very Happy New Year 2026!’

সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে পোষ্ট কৰিছে,’নতুন বছৰৰ নতুন পুৱা, আশাৰ নতুন আশ্ৰয়,আহক নতুন দিনৰ বাবে নতুন প্ৰতিশ্ৰুতি লওঁ।নতুন সংকল্পইহে নতুন পুৱা আনে।আমি সলনি কৰিলে সকলো সলনি হ’ব! নতুন বৰ্ষৰ শুভেচ্ছা থাকিল!

নতুন বছৰৰ শুভেচ্ছা জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পোষ্ট কৰিছে, ‘২০২৬ ক স্বাগতম জনোৱাৰ লগতে আশা কৰিছো এইবাৰ ভাৰতৰ সামূহিক সংকল্প আৰু অধিক শক্তিশালী কৰিব আৰু জাতি গঠনৰ প্ৰতি আমাৰ দায়বদ্ধতা নবীকৰণ কৰা।আমাৰ চিৰন্তন সভ্যতামূলক মূল্যবোধৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰু উদ্ভাৱন, আত্মনিৰ্ভৰশীলতা আৰু ঐক্যৰ মনোভাৱেৰে ৰঞ্জিত হৈ, আহক আমি সকলোৱে মিলি ভাৰতৰ নিৰাপত্তা, সমৃদ্ধি আৰু বিশ্বৰ সুনাম সুদৃঢ় কৰাৰ বাবে কাম কৰোঁ।প্ৰগতি, সম্প্ৰীতি আৰু অদম্য জাতীয় গৌৰৱৰে ভৰা এই বছৰটোৰ বাবে সকলোলৈ আন্তৰিক শুভেচ্ছা।  

লগতে পঢ়ক: বিশ্বজুৰি নতুন বছৰক আদৰাৰ উছাহ; কেলেণ্ডাৰৰ পৰা মেলানি মাগিলে ২০২৫ বৰ্ষই……

লুইতৰ বুকুত ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰে ‘পৰীক্ষা পে চৰ্চা’ প্ৰধানমন্ত্ৰী মোদীৰ…

‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ অধীনত আজি প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক ব’ৰ্ড পৰীক্ষাৰ টিপছ প্ৰদান কৰে।

লুইতৰ বুকুত ১ ঘণ্টাতকৈও অধিক সময় অসমৰ বিভিন্ন স্থানৰ পৰা অহা ২৫ গৰাকীকৈ শিক্ষাৰ্থীৰ সৈতে পাৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই সময়চোৱাত বিভিন্ন বিষয়ৰ ওপৰত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে তেওঁ।

‘পৰীক্ষা পে চৰ্চা’ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক কামৰূপ মহানগৰ, মৰিগাঁও, ডিব্ৰুগড়, কাছাৰ, শ্ৰীভূমি, বাকছা, ডিমা হাচাও, কোকৰাঝাৰ, গোলাঘাট, কাৰ্বি আংলং আৰু নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ পৰা নিৰ্বাচিত কৰা হয়।

এই কাৰ্যসূচীত জৱাহৰ নৱোদয় বিদ্যালয়, পি এম শ্ৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, অসম জাতীয় বিদ্যালয়, ডনবস্কো ইনষ্টিটিউট, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়কে ধৰি চৰকাৰী, আৱাসিক, আৰু ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে ২০১৮ চনৰ পৰা প্ৰতি বছৰে পৰিক্ষা পে চৰ্চা বা পিপিচিৰ আয়োজন কৰা হৈছে।এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰা আৰু লগতে অধ্যয়ন আৰু মানসিক স্বাস্থ্যৰ মাজত ভাৰসাম্যৰ বাৰ্তা দিয়া।

লগতে পঢ়ক: নয়ডাৰ কেইবাখনো বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…