‘কংগ্ৰেছে কৰা ভূলৰ আমি শুধৰণি কৰি আছো’; কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

নামৰূপৰ পৰা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। অসমীয়াতে নামৰূপবাসীক কৰিলে সম্বোধন ।

দেওবাৰে নামৰূপত প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া আৰু ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

নামৰূপত উপস্থিত হৈ স্বৰ্গদেউ চাওলুং চুকাফা, লাচিত বৰফুকনৰ পৰা বীৰাংগনা সতী সাধনীলৈকে স্মৰণ কৰি অসমীয়াতে ভাষণ আৰম্ভ কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এটা ডাঙৰ দিন। উজনি অসমবাসীৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি সাৰ কাৰখানাৰ ভূমি পূজন হ’ল।

আজি সকলোৰে মুখে মুখে অসমৰ বিকাশৰ কথা। এয়া মাত্ৰ আৰম্ভণি, অসমক বহু আগুৱাই নিব লাগিব। আহোম ৰাজ্যৰ দৰে শক্তিশালী হ’ব বিকশিত অসম। এই সাৰ কাৰখানাটো অসমৰ কৃষকৰ নামত সমৰ্পণ কৰিলোঁ।

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি তেওঁ লগতে কয় যে, কংগ্ৰেছৰ শাসনৰ সময়ত নামৰূপ সাৰ কাৰখানা বন্ধ কৰা হৈছিল। সেই সময়ত উদ্যোগ-যাতায়ত একোৰে উন্নয়ন নহ’ল।

বিজেপিয়ে ১১ বছৰত সেই ক্ষতি পূৰণ কৰিলে। আমি উন্নয়নৰ বাবে পৰিশ্ৰম কৰি আছো। আৰু বহু কৰুবলৈ বাকী।কংগ্ৰেছে কৰা ভূলবোৰ আমি এতিয়া শুধৰণি কৰি আছো। কংগ্ৰেছে অবৈধ অনুপ্ৰবেশকাৰীক সমৰ্থন কৰে। কংগ্ৰেছে সদায় ক্ষমতা আৰু গাদীৰ লোভত থাকে।

কংগ্ৰেছে ভূপেনদাক ভাৰত ৰত্ন দিয়াৰ সময়ত সমালোচনা কৰিছিল।এয়া ভূপেনদাৰ অপমান,অসমৰ অপমান।  

অসমৰ চাহৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,কিছুদিন পূৰ্বে ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভাৰতলৈ আহোতেও উপহাৰ হিচাপে অসমৰ চাহ দিয়া হৈছিল।এনেদৰে মই অসমক বিশ্ব দৰবাৰত স্বীকৃতি দিয়াৰ প্ৰচেষ্টা ৰাখিছো’।

লগতে পঢ়ক: অসমৰ পৰিচয় শেষ কৰাৰ চক্ৰান্ত কৰিছিল কংগ্ৰেছে… গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন; ২৫ গৰাকী শিক্ষাৰ্থীৰে বাৰ্তালাপ

প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী বুঢ়া লুইতত নৌকা বিহাৰ। লুইতৰ বুকুত ২৫ গৰাকী শিক্ষাৰ্থীৰে বাৰ্তালাপ ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন।প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে বুঢ়া লুইতত কৰিব নৌকা বিহাৰ।

বুঢ়া লুইতৰ নৌকা বিহাৰৰ লগতে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে তেওঁ।’পৰীক্ষা পে চৰ্চা’ৰ অষ্টম সংস্কৰণত অংশ লৈছে ৰাজ্যৰ ২৫ গৰাকী শিক্ষাৰ্থীয়ে। IWT ‘চৰাইদেউ’ জাহাজত প্ৰধানমন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ সৈতে কৰিছে বাৰ্তালাপ।তাৰ পিছতেই বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈ শ্বহীদৰ জনাব শ্ৰদ্ধাঞ্জলি।  

ইফালে আজি নামৰূপলৈও যাব প্ৰধানমন্ত্ৰী গৰাকী। নতুন সাৰ কাৰখানাৰ ভূমি পূজন, আধাৰশিলা স্থাপন কৰিব তেওঁ।

১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনক্ষম প্ৰকল্পৰ বাবে কৰিব ভূমি পূজন। তাৰ পিছতে হাপজানৰ সভাস্থলীত লক্ষাধিক লোকক কৰিব সম্বোধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু নামৰূপবাসী।

লগতে পঢ়ক: গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোড শ্ব’… পথৰ দুয়োকাষে হাজাৰ হাজাৰ লোক

X ত প্ৰধানমন্ত্ৰীৰ জলৱা; শীৰ্ষ ১০ টা সৰ্বাধিক লাইকৰ তালিকাত মোদীৰ নাম

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X টো এইবাৰ স্থান দখল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X এ(পূৰ্বতে টুইটাৰ) শেহতীয়াকৈ এটা নতুন বৈশিষ্ট্য মুকলি কৰিছে,য’ত প্ৰতিমাহে এখন দেশত সৰ্বাধিক লাইক কৰা টুইটৰ তালিকা দেখুওৱা হয়।ইয়াতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জলৱা দেখিবলৈ পোৱা গৈছে।

দেশৰ লগতে বিশ্বৰ অন্যতম জনপ্ৰিয় ৰাজনৈতিক ব্যক্তিত্বত অন্তৰ্ভূক্ত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট, যিটোত ভাৰতৰ ভিতৰতে সৰ্বাধিক লাইক কৰিছে।

যোৱা ৩০ দিনৰ ভিতৰত সৰ্বাধিক লাইক হোৱা টুইটৰ তালিকা প্ৰকাশ কৰিছে টুইটাৰে।য’ত শীৰ্ষ দহটা টুইটৰ ভিতৰত ৮টা টুইট কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। আন কোনো ৰাষ্ট্ৰীয় নেতাই এই তালিকাত স্থান লাভ কৰা নাই।  

X ৰ শেহতীয়া ৩০ দিনত ভাৰতত লাইক কৰা টুইটৰ ভিতৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়ান ভাষাত লিখা গীতাৰ কপি দিয়া টুইটটো সৰ্বাধিক লাইক হৈছে।

এই টুইটটো ২৩ লাখৰো অধিক ব্যৱহাৰকাৰীয়ে লাইক কৰিছে।এই টুইটৰ প্ৰসাৰ ৬৭ লাখ হৈছে আৰু ইয়াক প্ৰায় ২৯ হাজাৰ লোকে ৰিটুইট কৰিছে।

এক্সে আৰম্ভ কৰা এই নতুন ফিচাৰটোৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে সেই দেশৰ আটাইতকৈ ভাল পোৱা টুইটসমূহ দেখিবলৈ পোৱা যাব। মন কৰিবলগীয়া যে যোৱা ৩০ দিনত সৰ্বাধিক লাইক হোৱা ১০টা টুইটৰ ভিতৰত ৮টা টুইটেই প্ৰধানমন্ত্ৰী মোদীৰ।

লগতে পঢ়ক: ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব মুক্ত বাণিজ্য চুক্তি

ভাৰত-ওমানৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ; দেশৰ বাবে খোল খাব পৃথিৱীৰ বহু ডাঙৰ বজাৰ!

বৃহস্পতিবাৰে ভাৰত-ওমানৰ মাজত স্বাক্ষৰ হ’ল মুক্ত বাণিজ্য চুক্তি। প্ৰধানমন্ত্ৰী মোদীয়ে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি এই চুক্তি স্বাক্ষৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ওমানৰ চুলতান হাছিম বিন তাৰিক আল ছাইদক সাক্ষাৎ কৰি দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

এই সময়ছোৱাত ভাৰত আৰু ওমানে মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰ কৰে।এই উপলক্ষে ওমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ‘অৰ্ডাৰ অৱ ওমান’ৰে সম্বৰ্ধনা জনায়।

এই চুক্তিৰ জৰিয়তে ভাৰতৰ শ্ৰম নিবিড় খণ্ড যেনে বস্ত্ৰ, চামৰা, জোতা, ৰত্ন আৰু গহনা, অভিযান্ত্ৰিক সামগ্ৰী, প্লাষ্টিক, আচবাব, কৃষি সামগ্ৰী, ঔষধ, চিকিৎসা সঁজুলি আৰু অটোম’বাইলৰ ৰপ্তানি বৃদ্ধি পাব।

ইয়াৰ দ্বাৰা কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব আৰু শিপিনী, মহিলা নেতৃত্বাধীন উদ্যোগৰ লগতে এম এছ এম ই সমূহো শক্তিশালী হ’ব।

বিগত ছমাহৰ ভিতৰত ভাৰতৰ এয়া দ্বিতীয়খন মুক্ত বাণিজ্য চুক্তি।ভাৰতে কিছু বছৰত কেইবাখনো মুক্ত বাণিজ্য চুক্তি (FTA) স্বাক্ষৰ কৰিছে,যাৰ কাৰণে আমাৰ কৃষক, ব্যৱসায়ী আৰু ৰপ্তানিকাৰকসকলে সুবিধা লাভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে,ভাৰত-ওমান মুক্ত বাণিজ্য চুক্তিয়ে বস্ত্ৰশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ, অটোমোবাইল, গহনা, কৃষি ৰাসায়নিক, নবীকৰণযোগ্য শক্তি আৰু অটো কম্পোনেণ্টৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব।

ভাৰত-ওমান ব্যৱসায়িক মঞ্চত ভাষণ দি পীয়ুষ গোৱেলে কয় যে উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি),ভাৰতীয় ব্যৱসায়ীসকলক বজাৰত উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰি পূব ইউৰোপ, মধ্য এছিয়া আৰু আফ্ৰিকাৰ প্ৰৱেশদ্বাৰ হিচাপে ওমানক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হৈছিল।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীলৈ ইথিওপিয়াৰ সৰ্বোচ্চ সন্মান, ক’লে-মোৰ বাবে সৌভাগ্যৰ কথা…

৩ ৰাষ্ট্ৰ ভ্ৰমণৰ চূড়ান্ত পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী; ইথিওপিয়াৰ পৰা ওমানলৈ যাত্ৰা

চাৰিদিনীয়া বিদেশ ভ্ৰমণৰ অংশ হিচাপে বুধবাৰে ইথিওপিয়াৰ পৰা ওমানলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী।

চাৰিদিনীয়া বিদেশ ভ্ৰমণৰ অংশ হিচাপে বুধবাৰে ইথিওপিয়াৰ পৰা ওমানলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।তিনিখন দেশৰ ভ্ৰমণৰ এয়া শেষ পৰ্যায়।

ইথিওপিয়াৰ মুখ্যমন্ত্ৰী অবী আহমদ আলীয়ে নিজেই মোদীক বিমানবন্দৰলৈ লৈ যায় আৰু বিদায় দিয়ে।সামাজিক মাধ্যমত অবীয়ে কৈছে যে,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জী, আশাকৰোঁ আমি পুনৰ লগ পোৱাৰ সুযোগ পাম।আমাৰ ৰাষ্ট্ৰ সদায় ঐতিহাসিক, সাংস্কৃতিক আৰু কূটনৈতিক সম্পৰ্কৰ দ্বাৰা সংযুক্ত হৈ থাকিব।”

প্ৰধানমন্ত্ৰী মোদীৰ পূব আফ্ৰিকান ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দুয়োখন দেশে ঐতিহাসিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’ৰ স্তৰলৈ উন্নীত কৰে।

তেওঁ অবীৰ সৈতে ব্যাপক আলোচনাত মিলিত হয়, তাৰ পিছত দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ স্মাৰকপত্ৰৰ আদান-প্ৰদান কৰে।

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ বাবে প্ৰশিক্ষণ, শুল্ক বিষয়ত পাৰস্পৰিক প্ৰশাসনিক সহায় আৰু ইথিওপিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত ডাটা চেণ্টাৰ স্থাপনৰ ক্ষেত্ৰত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

দুয়োপক্ষই জি-২০ৰ অধীনত ঋণ পুনৰ্গঠন, অধিক ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচনছ বৃত্তি, ইথিওপিয়ানসকলৰ বাবে এআই চুটি পাঠ্যক্ৰম আৰু মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যসেৱাৰ বাবে সমৰ্থনৰ কথা ঘোষণা কৰে।

ইথিওপিয়াৰ সংসদৰ যৌথ অধিৱেশনত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দিছিল তেতিয়া তাত থকা সাংসদসকল আৱেগিক হৈ পৰিছিল।

প্ৰধানমন্ত্ৰী গৰাকীৰ উন্মাদনা এনেকুৱা আছিল যে বহু সাংসদে প্ৰধানমন্ত্ৰীৰ হাতত মৰমেৰে চুমা খাইছিল।ভাষণত প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশক আঞ্চলিক শান্তি, নিৰাপত্তা আৰু সংযোগৰ ক্ষেত্ৰত “প্ৰাকৃতিক অংশীদাৰ” বুলি অভিহিত কৰে।

ইথিওপিয়াৰ সংসদত দিয়া ভাষণৰ পিছত মন্ত্ৰী আৰু সাংসদসকলৰ সৈতে মত বিনিময় কৰি সুখী বুলিও প্ৰধানমন্ত্ৰী গৰাকীয়ে এক্সত কয়।

লগতে পঢ়ক: আমি বন্ধুত্বৰ নতুন অধ্যায় লিখিছো… ইথিওপিয়াৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ; বাণিজ্যিক চুক্তি সন্দৰ্ভত চুক্তি!

নেতান্যাহুৰ পিছত এইবাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্প দুয়োজনে ভাৰত-আমেৰিকাৰ সৰ্বাংগীন গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰি সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতা অব্যাহত ৰখাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী গৰাকীয়ে ট্ৰাম্পৰ সৈতে হোৱা এই কথা-বতৰাৰ তথ্য দি ইয়াক অতি উষ্ণ বুলি অভিহিত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাৰ তথ্য তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।তেওঁ লিখিছে যে, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে মোৰ অতি উষ্ম আৰু গুৰুত্বপূৰ্ণ কথা-বতৰা হৈছিল”।

“আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰিলোঁ আৰু আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ বিষয়ে আলোচনা কৰিলোঁ।ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যাব।”

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে যৌথ প্ৰচেষ্টাৰ গতি অক্ষুণ্ণ ৰখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই গুৰুত্বপূৰ্ণ প্ৰযুক্তি, শক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তাকে ধৰি অন্যান্য অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো মত বিনিময় কৰে।

যিবোৰ একবিংশ শতিকাৰ বাবে ভাৰত-আমেৰিকা কম্পেক্ট (Catalyzing Opportunities for Military Partnership, Accelerated Commerce & Technology) ৰূপায়ণৰ মূলতে আছে।ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তি, স্থিতিশীলতা, আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰটো আলোচনা কৰে।

লগতে পঢ়ক: হঠাতে প্ৰধানমন্ত্ৰী মোদীলৈ কিয় আহিল নেতান্যাহুৰ ফোন ?

‘বন্দে মাতৰমৰ প্ৰতি বিশ্বাসঘাতকতা,কংগ্ৰেছে কৰিছিল খণ্ড’; সংসদত মোদীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন

‘বন্দে মাতৰমৰ প্ৰতি বিশ্বাসঘাতকতা,কংগ্ৰেছে কৰিছিল খণ্ড’; সংসদত মোদীৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিতৰ্কৰ আৰম্ভণি কৰে।

বন্দে মাতৰমৰ সন্দৰ্ভত পুনৰবাৰ কংগ্ৰেছ পাৰ্টি আৰু জৱাহৰলাল নেহৰুক তীক্ষ্ণ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।বন্দে মাতৰমক লৈ সদনত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে বন্দে মাতৰমৰ ৰচনাৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত লোকসভাত এক বিশেষ আলোচনাৰ সূচনা কৰি কয়, ‘বন্দে মাতৰম আবৃত্তি কৰাটো আমাৰ সকলোৰে বাবে সৌভাগ্যৰ কথা, আমি এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ আছো।’

‘বন্দে মাতৰম কেৱল ৰাজনৈতিক স্বাধীনতাৰ মন্ত্ৰ নহয়,ই ভাৰত মাতাৰ ঔপনিৱেশিকতাৰ অৱশিষ্টৰ পৰা মুক্ত কৰাৰ এক পবিত্ৰ যুদ্ধকণ্ঠ আছিল’।

তেওঁ কয় যে, কংগ্ৰেছে বন্দে মাতৰমক ফালি পেলালে।এইটোৱেই আছিল তেওঁলোকৰ তুষ্টিকৰণৰ ৰাজনীতি চলোৱাৰ ধৰণ।তুষ্টিকৰণ ৰাজনীতিৰ হেঁচাত কংগ্ৰেছে বন্দে মাতৰমৰ বিভাজনৰ আগত প্ৰণাম কৰিলে।সেইবাবেই এদিন কংগ্ৰেছে ভাৰত বিভাজনৰ সন্মুখত প্ৰণাম কৰিবলগীয়া হৈছিল।

তেওঁ আৰু কয়, ‘মহম্মদ আলী জিন্নাই ১৯৩৬ চনৰ ১৫ অক্টোবৰত লক্ষ্ণৌৰ পৰা বন্দে মাতৰমৰ বিৰুদ্ধে শ্লোগান উত্থাপন কৰিছিল’।

‘ইয়াৰ বাবেই তেতিয়াৰ কংগ্ৰেছৰ সভাপতি জৱাহৰলাল নেহৰুৱে তেওঁৰ সিংহাসন কঁপি থকা দেখিছিল।নেহৰুৱে মুছলিম লীগৰ ভিত্তিহীন বক্তব্যৰ উপযুক্ত উত্তৰ দিয়াৰ পৰিৱৰ্তে,তেওঁলোকে তেওঁক নিন্দা কৰিলেহেঁতেন, কিন্তু ঘটিল ইয়াৰ বিপৰীত।তেওঁ নিজেই বন্দে মাতৰমৰ তদন্ত কৰাৰ আৰম্ভ কৰিলে।’

কংগ্ৰেছ নেতাৰ ফালে চাই প্ৰধানমন্ত্ৰী মোদীয়ে সদনত কয়, ‘যেতিয়া বন্দে মাতৰমে ১০০ বছৰ সম্পূৰ্ণ কৰিছিল,তেতিয়া দেশখন জৰুৰীকালীন অৱস্থাৰ শিকলিৰে বান্ধিছিল। ভাৰতৰ সংবিধানখন ডিঙি চেপি হত্যা কৰা হৈছিল’।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, ‘জৰুৰীকালীন অৱস্থা আমাৰ ইতিহাসৰ এটা অন্ধকাৰ অধ্যায় আছিল।এতিয়া আমি বন্দে মাতৰমৰ মহত্ত্ব পুনৰুদ্ধাৰ কৰাৰ সুযোগ পাইছো।মোৰ বিশ্বাস এই সুযোগ হেৰুৱাব নালাগে।’

মুছলিম লীগৰ বিৰোধী আৰু এম.এ.জিন্নাৰ স্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,এই সন্দৰ্ভত জৱাহৰলাল নেহৰুৱে সুভাষ চন্দ্ৰ বসুৰ আগত উদ্বেগ প্ৰকাশ কৰিছিল।আনন্দমথে এই গীতটোক তীব্ৰ সমৰ্থন কৰাৰ পৰিৱৰ্তে মুছলমান আৱেগক আঘাত দিব পাৰে বুলি যুক্তি দিছিল।

তেওঁ লগতে কয়, ‘বন্দে মাতৰম’ কেৱল ৰাজনৈতিক যুঁজৰ মন্ত্ৰ নাছিল।ইংৰাজক যাবলৈ দিয়ক আৰু আমি নিজৰ পথত থিয় দিছো,বন্দে মাতৰম কেৱল ইয়াতে সীমাবদ্ধ নাছিল’।

‘এয়া আছিল স্বাধীনতাৰ যুঁজ, এই মাতৃভূমিক মুক্ত কৰাৰ যুদ্ধ।সেই শিকলিৰ পৰা ভাৰত মাতৃক মুক্ত কৰিবলৈ পবিত্ৰ যুদ্ধ আছিল’।

লগতে পঢ়ক: পুটিন উভতিল,, এতিয়া জেলেনস্কিৰ দিল্লী ভ্ৰমণৰ প্ৰস্তুতি…; কেতিয়া আহিব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি

হায়দৰাবাদ হাউচত উপস্থিত পুটিন ; আৰম্ভ হ’ল দ্বিপাক্ষিক আলোচনা

হায়দৰাবাদ হাউচত উপস্থিত পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ। স্বাক্ষৰিত হ’ব পাৰে বহুকেইটা গুৰুত্বপূৰ্ণ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ আজি দ্বিতীয় দিন।শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।

পুৱাতে পুটিনে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়।শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁ দৰ্শনাৰ্থীৰ কিতাপখনত স্বাক্ষৰ কৰে।

শ্ৰদ্ধাঞ্জলি জনাই হায়দৰাবাদ হাউছত উপস্থিত হৈছে ৰাষ্ট্ৰপতি পুটিন।য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰণি জনায়।

আজি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব।য’ত দুয়োৰে মাজত বাণিজ্য আৰু প্ৰতিৰক্ষাকে ধৰি বহু বিষয় আলোচনা কৰা হ’ব।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ উপহাৰ…

“মোৰ বন্ধু,ভাৰতলৈ স্বাগতম…’;পুটিনক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া 

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে পুটিন। বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি প্ৰধানমন্ত্ৰীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।বিমানবন্দৰত পুটিনক উষ্ম আদৰণি জনোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিশেষ বন্ধুৰ বাবে আদৰণি বাৰ্তা জাৰি কৰিলে।

ছ’চিয়েল মিডিয়াত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে,‘মোৰ বন্ধু, ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনাই আনন্দিত হৈছো।’

‘আজি সন্ধিয়া আৰু কাইলৈ ​​আমাৰ কথা-বতৰাৰ বাবে আগ্ৰহী হৈ আছো।ভাৰত-ৰাছিয়াৰ বন্ধুত্বই সময়ৰ পৰীক্ষাত থিয় দিছে আৰু আমাৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিছে।”

পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাষ্ট্ৰপতি গৰাকীৰ বিমানখন।প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক সাৱটি ধৰি উষ্ম আদৰণি জনায়।ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিব বুলি বিশ্বাস কৰা হয়, য’ত এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থা ক্ৰয় কৰাটোও অন্তৰ্ভুক্ত।

লগতে পঢ়ক: দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বন্ধুক আদৰিবলৈ বিমান বন্দৰত মোদী