দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বন্ধুক আদৰিবলৈ বিমান বন্দৰত মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। বিমান বন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনালে আদৰণি।

দিল্লীত উপস্থিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাষ্ট্ৰপতি পুটিনক নতুন দিল্লীৰ পালম বিমান বন্দৰত আদৰণি জনাবলৈ উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।বিশেষ বিমানযোগে নতুন দিল্লীৰ পালম বিমান বন্দৰত উপস্থিত হৈছে ৰাষ্ট্ৰপতিগৰাকী।

দিল্লীত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ২৩ সংখ্যক ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব।এই ভ্ৰমণ কেৱল কূটনৈতিক আনুষ্ঠানিকতা নহয় বৰঞ্চ পৰিৱৰ্তিত বিশ্ব পৰিস্থিতিত ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ এক নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে বিবেচিত হৈছে।

আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ব্যক্তিগত বৈঠকত মিলিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী।তাৰ পিছতে নৈশভোজত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু শুকুৰবাৰে চৰকাৰী অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীৰ সৈতে মিলিত হ’ব পুটিন।

লগতে পঢ়ক: “মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”; বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য  

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব তেওঁ।তাৰ লগতে নামৰূপত এমনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ১১ হাজাৰ কোটি টকা ব্যয়ৰে নামৰূপত স্থাপন হ’ব এই প্ৰকল্প।

লগতে পঢ়ক: আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি; পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী

‘মই TIPS দিবৰ কাৰণে সাজু আছো…’; বিৰোধী পক্ষলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

‘মই TIPS দিবৰ কাৰণে সাজু আছো…’,প্ৰধানমন্ত্ৰী

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিৰোধীয়ে নিজৰ কৌশল সলনি কৰিব লাগে।মই তেওঁলোকে কেনেকৈ পৰিবেশন কৰিব লাগে তাৰ TIPS দিবলৈ সাজু ।

প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীক সংসদ কাৰ্যক্ষম হ’বলৈ আবেদন কৰি কয় যে, যি দলেই হওক, নতুন প্ৰজন্মৰ যিসকল সাংসদ প্ৰথমবাৰলৈ সংসদ ভৱনলৈ আহিছে ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হোৱা উচিত।

প্ৰধানমন্ত্ৰীয়ে কয় যে নাটক কৰাৰ বাবে যথেষ্ট ঠাই আছে, কিন্তু ইয়াত প্ৰয়োজন হৈছে ডেলিভাৰী, নাটকৰ নহয়। ইয়াত শ্লোগান নহয়, নীতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ইতিবাচক চিন্তাধাৰা থাকিব লাগে।

তেওঁ আৰু কয়, ‘কিছুদিনৰ পৰা আমাৰ সদন নিৰ্বাচনৰ ৱাৰ্ম আপৰ বাবে ব্যৱহাৰ কৰা হৈছে।হয়টো ইয়াৰ ব্যৱহাৰ পৰাজয়ৰ হতাশাক উদঙাই দিবলৈ এই কাম কৰা হৈছে’।

‘ এনে কিছুমান ৰাজ্যত ক্ষমতাত থকাৰ পিছত ইমানেই বিৰোধী ক্ষমতা হৈছে যে জনসাধাৰণৰ কাষ চাপিব পৰা নাই আৰু তেওঁলোকে নিজৰ সকলো খং সদনত উলিয়াই দিয়ে’।

‘ আৰু একাংশ দলে সদনক ৰাজ্যৰ ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰাৰ নতুন পৰম্পৰা আৰম্ভ কৰিছে। এই দলসমূহে বিগত ১০ বছৰ ধৰি খেলি অহা খেলখন দেশে মানি লোৱা নাই, সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা উচিত। তেওঁলোকে নিজৰ কৌশল সলনি কৰিব লাগে।’

লগতে পঢ়ক: ‘ভাৰতীয় নৌসেনাত আইএনএছ মাহে…’; ‘মন কি বাত’ৰ জৰিয়তে দেশবাশীক ভাল খবৰ দিলে প্ৰধানমন্ত্ৰীয়ে

‘ভাৰতীয় নৌসেনাত আইএনএছ মাহে…’; ‘মন কি বাত’ৰ জৰিয়তে দেশবাশীক ভাল খবৰ দিলে প্ৰধানমন্ত্ৰীয়ে

‘মন কি বাত’ৰ জৰিয়তে দেশবাশীক ভাল খবৰ দিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে (৩০ নৱেম্বৰ) ‘মন কি বাত’ কাৰ্যসূচীত দেশবাসীক সম্বোধন কৰি কয় নৱেম্বৰ মাহটো ভাৰতৰ বাবে বহু ঐতিহাসিক আৰু প্ৰেৰণাদায়ক সাফল্যৰে ভৰি পৰিছিল।

‘মন কি বাত’ত তেওঁ জনোৱা মতে, ২৬ নৱেম্বৰত সংবিধান দিৱস উপলক্ষে সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়,যিয়ে দেশক পুনৰ গণতান্ত্ৰিক মূল্যবোধৰ কথা সোঁৱৰাই দিলে।

প্ৰধানমন্ত্ৰীয়ে কয় যে,এই মাহতে বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সমগ্ৰ দেশতে বৃহৎ কাৰ্যসূচী আৰম্ভ হয়।

ইয়াৰ লগতে তেওঁ অযোধ্যাৰ ৰাম মন্দিৰ কমপ্লেক্সত ধৰ্মধ্বজ উত্তোলন আৰু কুৰুক্ষেত্ৰৰ জ্যোতিসৰত পঞ্চজন্য স্মাৰক উদ্বোধন আদি ঐতিহাসিক ঘটনাৰ কথাও উল্লেখ কৰে।

তেওঁ কয়, হায়দৰাবাদত উদ্বোধন হ’ল বিশ্বৰ সৰ্ববৃহৎ LEAP ইঞ্জিন MRO সুবিধা,যিয়ে ভাৰতক বিশ্ব বিমান পৰিবহণৰ ক্ষেত্ৰত নতুন শক্তি প্ৰদান কৰিব।

ইয়াৰ উপৰিও আই এন এছ ‘মাহে’ক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হয়, যাৰ ফলত সামুদ্ৰিক সুৰক্ষা সামৰ্থ্য আৰু অধিক বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয়,”মুম্বাইত ভাৰতীয় নৌসেনাত কমিচন দিয়া আইএনএছ ‘মাহে’।ইয়াৰ থলুৱা ডিজাইনক লৈ একাংশ লোকৰ মাজত চৰ্চা চলিছিল।”

আনহাতে, পুডুচেৰী আৰু মালাবাৰ উপকূলৰ মানুহবোৰ কেৱল ইয়াৰ নামেৰেই সুখী হৈ পৰিল।আচলতে চহকী ঐতিহাসিক ঐতিহ্য থকা ঠাই মাহেৰ নামেৰেই ইয়াৰ নাম ‘মাহে’ ৰখা হৈছে।

কেৰেলা আৰু তামিলনাডুৰ বহু লোকে লক্ষ্য কৰিছিল যে এই যুদ্ধজাহাজৰ শিখৰটো উৰুমি আৰু কালাৰিপায়াডুৰ পৰম্পৰাগত নমনীয় তৰোৱালৰ সৈতে মিল আছে।

আমাৰ নৌসেনাই আত্মনিৰ্ভৰশীলতাৰ দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে সেয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়।

মহাকাশ খণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয়,ভাৰতৰ উদীয়মান মহাকাশ পৰিৱেশ তন্ত্ৰই এক বৃহৎ উত্থান লাভ কৰিছে।

ব্যক্তিগত কোম্পানী স্কাইৰুটৰ ‘ইনফিনিটি কেম্পাছ’ত ভাৰতৰ নতুন উৰণ আৰু উদ্ভাৱনৰ শক্তি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰা হৈছে।তেওঁ আৰু কয় যে দেশৰ নতুন চিন্তা, উদ্ভাৱন আৰু যুৱ শক্তিৰ বাবেই এই সফলতা সম্ভৱ হৈছে।

লগতে পঢ়ক: নিজৰ শুল্কৰ বাবেই বিপদত ট্ৰাম্প; ৬ খনকৈ দেশে বাতিল কৰিলে এফ-৩৫ যুঁজাৰু বিমানৰ চুক্তি

ভাল খবৰ; পাৰমাণৱিক শক্তিখণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ প্ৰৱেশ

পাৰমাণৱিক শক্তিখণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ প্ৰৱেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে, ভাৰতৰ কটকটীয়া নিয়ন্ত্ৰিত পাৰমাণৱিক শক্তিখণ্ড অতি সোনকালে ব্যক্তিগত বিনিয়োগৰ বাবে মুকলি হ’ব।

তেওঁ কৈছিলে যে,এই পদক্ষেপে নবীকৰণযোগ্য শক্তিক গতি প্ৰদান কৰিব,শক্তি সুৰক্ষা বৃদ্ধি পাব, ভাৰতে উন্নত পাৰমাণৱিক প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হ’ব।

চৰকাৰেও ২০৪৭ ৰ ভিতৰত ভাৰতৰ পাৰমাণৱিক শক্তিৰ ক্ষমতা ১০০ গিগাৱাটলৈ বৃদ্ধি কৰাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে,যি বৰ্তমানৰ ৮.৮ গিগাৱাটৰ তুলনাত এক ডাঙৰ জাঁপ হ’ব।

এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত পাৰমাণৱিক শক্তি বিধেয়ক ২০২৫ উত্থাপন কৰা প্ৰস্তুতি কৰি থকা হৈছে।

কাৰ্য্যকলাপৰ সময়ত কম সেউজ গৃহ গেছৰ নিৰ্গমনৰ সৈতে স্বচ্ছ শক্তিৰ দিশত এই পদক্ষেপ আগবঢ়োৱাৰ ফলত মূলধনী উৎপাদনক,শক্তি আৰু মহাকাশ খণ্ডৰ কেইবাটাও কোম্পানী লাভৱান হোৱাৰ সম্ভাৱনা আছে।এই তালিকাত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ড উভয়ৰে নাম অন্তৰ্ভুক্ত কৰা হৈছে।

পল এচেটৰ গৱেষণা বিশ্লেষক তথা ১২৯ ৱেলথ ফাণ্ডৰ ফাণ্ড মেনেজাৰ প্ৰসেনজিৎ পলে কয়,পাৰমাণৱিক শক্তি এটা নিৰ্ভৰযোগ্য ভিত্তি লোড উৎস,কিন্তু অধিক মূলধনৰ প্ৰয়োজনীয়তা আৰু সীমিত অংশগ্ৰহণৰ বাবে গ্ৰহণ লেহেমীয়া হৈছে।

তেওঁ কয় যে ব্যক্তিগত কোম্পানীসমূহক অনুমতি দিলে কাৰ্য্যকলাপ উন্নত হ’ব,অধিক প্ৰযুক্তি আকৰ্ষণ কৰিব পৰা যাব আৰু ক্ষমতা সংযোজন ত্বৰান্বিত হ’ব পাৰে।

লগতে পঢ়ক: ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব এছ-৪০০ মিছাইল; পাকিস্তান আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বাৰ্ষিক শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত অহা ৪ আৰু ৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

শুকুৰবাৰে ক্ৰেমলিনৰ উদ্ধৃতিৰে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই এই তথ্য প্ৰদান কৰে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই ভ্ৰমণ নিশ্চিত কৰি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।

এই ভ্ৰমণৰ সময়ত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব পুটিন।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি তেওঁৰ সন্মানত ৰাজ্যিক ভোজৰ আয়োজন কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণত ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰা হ’ব আৰু পৰৱৰ্তী পৰ্যায়ৰ সহযোগিতাৰ দিশ নিৰ্ণয় কৰা হ’ব।

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ অধীনত দুয়োখন দেশৰ মাজত এই বৈঠক অনুষ্ঠিত হ’ব।বিষয়াসকলৰ মতে,আলোচনাত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰো চৰ্চা হ’ব আৰু লগতে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া কৌশলগত সম্পৰ্কক ইয়াক আৰু অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।

লগতে পঢ়ক: ‘মই কাগজত লিখি দিবলৈ সাজু…’; ইউৰোপৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত পুটিনৰ ডাঙৰ মন্তব্য

আজি দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী; জি-২০ সন্মিলনত অংশগ্ৰহণ

দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২১ নৱেম্বৰ শুকুৰবাৰৰ পৰা ২৩ নৱেম্বৰলৈ জোহান্সবাৰ্গ আৰু দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰী গৰাকীয়ে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ থকা ২০ সংখ্যক জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওলাইছে।

উল্লেখ্য যে,উন্নয়নশীল দেশসমূহত অনুষ্ঠিত হ’বলগীয়া এইখন একেৰাহে চতুৰ্থখন জি-২০ সন্মিলন।এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীকে ধৰি বহু দেশৰ ৰাষ্ট্ৰপতিসকলে অংশগ্ৰহণ কৰিবলৈ ওলাইছে।এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে জি-২০ এজেণ্ডাৰ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব।

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ তিনিওটা অধিবেশনতে তেওঁ ভাষণ দিব পাৰে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে তাত উপস্থিত থকা কেইজনমান নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব পাৰে।

দক্ষিণ আফ্ৰিকাই আয়োজন কৰা ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আই বি এছ এ) নেতা বৈঠকতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক: “মই নীতিশ কুমাৰ…”; দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

বিহাৰৰ ফলাফলৰ পিছত মমতাক প্ৰধানমন্ত্ৰীয়ে দিলে বিশেষ বাৰ্তা…

বিহাৰৰ ফলাফলৰ পিছত প্ৰধানমন্ত্ৰীৰ বাৰ্তা

বিহাৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বিজয়ৰ পিছত,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এই জনাদেশক জনসমৰ্থক সুশাসনৰ ৰাজনীতিৰ জয় বুলি অভিহিত কৰে।

বিহাৰৰ ফলাফলৰ পিছত দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এক ধন্যবাদ জ্ঞাপন অনুষ্ঠানত ভাষণ দি,প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ সফলতাক এতিয়া পশ্চিম বংগলৈ হস্তান্তৰ কৰাৰ প্ৰতিশ্ৰুতি লৈছে,আৰু কয় যে বিজেপিৰ বিজয় পদযাত্ৰাই গংগা নদীৰ সোঁত অনুসৰণ কৰি বিহাৰৰ পৰা বংগলৈ ‘জংগল ৰাজ’ৰ অন্ত পেলাব।

বৃহৎ সংখ্যাগৰিষ্ঠতাৰ সৈতে বিহাৰত এন ডি এ ক্ষমতালৈ ঘূৰি অহাৰ পিছত,প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰত্যক্ষভাৱে অহা বছৰ নিৰ্বাচনৰ ৰাজ্যসমূহক লক্ষ্য কৰি লয়।

তেওঁ কয় যে, “গংগা জী বিহাৰৰ পৰা বৈ বংগ পাই।বিহাৰে বংগত বিজেপিৰ জয়ৰ পথ প্ৰশস্ত কৰিছে। মই পশ্চিম বংগৰ ৰাইজক আশ্বস্ত কৰিছো যে আপোনালোকৰ সহযোগত, পশ্চিম বংগৰ পৰাও বিজেপিয়ে ‘জংগল ৰাজ’ উভালি পেলাব।”

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰদৰ্শন কৰি মিথিলা পেইন্টিং কৰা গামোছা পৰিধান কৰে আৰু “ছঠি মাইয়া কী জয়” শ্লোগানেৰে ভাষণ আৰম্ভ কৰে।

লগতে পঢ়ক: প্ৰাৰম্ভিক পৰ্যায়তেই NDA এ পাৰ কৰিলে মেজিক নম্বৰ; আগবাঢ়িছে  ১২২খনতকৈ অধিক আসনত

ভুটানৰ পৰা আহিয়েই দিল্লী বিস্ফোৰণত আহতৰ খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ভুটানৰ পৰা আহিয়েই দিল্লী বিস্ফোৰণত আহতৰ খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

দিল্লীৰ বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰিবলৈ দিল্লীৰ এল এন জে পি হাস্পতালত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আজি ভূটানৰ পৰা দিল্লীলৈ উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

বিমানবন্দৰৰ পৰা পোনে পোনে চিকিৎসালয়লৈ যায় তেওঁ । উল্লেখ্য যে, দিল্লী বিস্ফোৰণত আহত লোকসকলক চিকিৎসাৰ বাবে এল এন জে পি হাস্পতালত ভৰ্তি কৰা হৈছে ।

দুদিনীয়া ভূটান ভ্ৰমণৰ সামৰি উভতি অহা প্ৰধানমন্ত্ৰী মোদী ততাতৈয়াকৈ দিল্লীত উপস্থিত হৈ পোনে পোনে এল এন জে পি হাস্পতাললৈ যায় ।

তেওঁ ব্যক্তিগতভাৱে আহতসকলক সাক্ষাৎ কৰি তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে । চিকিৎসালয়ৰ বিষয়া আৰু চিকিৎসকেও তেওঁক পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে ।

আহতসকলক সাক্ষাৎ কৰাৰ বিষয়ে তথ্য দি প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, ‘দিল্লীৰ বোমা বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰিবলৈ এল এন জে পি হাস্পতালত উপস্থিত হয়। সকলোৰে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।ষড়যন্ত্ৰ কৰা সকলক ন্যায়ৰ কাঠগৰালৈ অনা হ’ব!’

দিল্লী বিস্ফোৰণৰ পিছত ভূটানৰ পৰা দিয়া প্ৰথম ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাৰ কথা উল্লেখ কৰি সতৰ্কবাণী জাৰি কৰে।

এই সময়ছোৱাত তেওঁ কৈছিল যে এই বিস্ফোৰণৰ বাবে দায়ী সকলোকে কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব।

লগতে পঢ়ক: বিস্ফোৰণত জড়িত কাকো ৰেহাই দিয়া নহ’ব… ভূটানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ