অৰ্জুন তেণ্ডুলকাৰৰ বিয়াত অতিথি হ'ব প্ৰধানমন্ত্ৰী মোদী; শচীন তেণ্ডুলকাৰে দিলে নিমন্ত্ৰণ

অৰ্জুন তেণ্ডুলকাৰৰ বিবাহত অতিথি হ’ব প্ৰধানমন্ত্ৰী মোদী; শচীন তেণ্ডুলকাৰে দিলে নিমন্ত্ৰণ

চলিত বৰ্ষৰ মাজত ভাগত বিবাহ পাশত আৱদ্ধ হ’ব অৰ্জুন তেণ্ডুলকাৰ। পুত্ৰৰ বিবাহৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ দিলে শচীন তেণ্ডুলকাৰে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে নিজৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ বিবাহৰ কথা ঘোষণা কৰিছে।অৰ্জুনৰ হ’বলগীয়া পত্নীৰ নাম ছানিয়া। মঙলবাৰে শচীন তেণ্ডুলকাৰে তেওঁৰ পৰিয়ালৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

চলিত বৰ্ষৰ মাজত ভাগত বিবাহ পাশত আৱদ্ধ হ’ব অৰ্জুন তেণ্ডুলকাৰ। পুত্ৰৰ বিবাহৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ দিলে শচীন তেণ্ডুলকাৰে

ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে নিজৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ বিবাহৰ কথা ঘোষণা কৰিছে।অৰ্জুনৰ হ’বলগীয়া পত্নীৰ নাম ছানিয়া।

মঙলবাৰে শচীন তেণ্ডুলকাৰে তেওঁৰ পৰিয়ালৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয়।

শচীন তেণ্ডুলকাৰে অৰ্জুন আৰু ছানিয়াৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনাই।শচীনৰ সমগ্ৰ পৰিয়ালটোৱে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফটো ক্লিক কৰিছিল।

শচীন তেণ্ডুলকাৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত নিজৰ অফিচিয়েল হেণ্ডেলৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এই ছবিসমূহ শ্বেয়াৰ কৰে।

ছ’চিয়েল মিডিয়াত ছবিসমূহ শ্বেয়াৰ কৰি মাষ্টাৰ ব্লাষ্টাৰে লিখিছে, “অৰ্জুন আৰু ছানিয়াৰ বিয়ালৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীক আমন্ত্ৰণ জনোৱাৰ সৌভাগ্য প্ৰাপ্ত হ’ল।এই যুৱ দম্পতীক আপোনাৰ আশীৰ্বাদ আৰু চিন্তাশীল পৰামৰ্শৰ বাবে ধন্যবাদ মোদী জী।”

ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰে মঙলবাৰে ৰাজধানী দিল্লীত কংগ্ৰেছৰ সাংসদ তথা দলীয় সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীকো সাক্ষাৎ কৰে।

চলিত বৰ্ষৰ মাজভাগত অৰ্জুন তেণ্ডুলকাৰে ছানিয়া চান্দোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব।বিবাহৰ অনুষ্ঠান ৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ৫ মাৰ্চত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত অনুষ্ঠিত হ’ব বিবাহ।

অৰ্জুন তেণ্ডুলকাৰৰ ভৱিষ্যত পত্নী ছানিয়া এগৰাকী উদ্যোগী আৰু সুপৰিচিত ব্যৱসায়িক পৰিয়ালৰ জীয়ৰী।ছানিয়া প্ৰখ্যাত উদ্যোগপতি তথা গ্ৰেভিছ গ্ৰুপৰ মুৰব্বী ৰবি ঘাইৰ নাতিনী।

লগতে পঢ়ক: কঠোৰ হৈছে বিচিচিআই; টি-২০ বিশ্বকাপত নাকচ ভাৰতীয় খেলুৱৈৰ দাবী