আহি আছে কেৰালা বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আজি কেৰালাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ভাৰতবৰ্ষৰ সকলো স্থানতে বিজেপিয়ে নিজৰ আধিপত্য বিস্তাৰ কৰিছে যদিও দক্ষিণ ভাৰতত বিজেপিয়ে যেন সংগ্ৰাম কৰি আছে।
গুজৰাটৰ পৰা উত্তৰ-পূৰ্বাঞ্চল, কাশ্মীৰৰ পৰা কৰ্ণাটকলৈ বিজেপিৰ গেৰুৱা পতাকা উৰুৱাইছে কিন্তু কেৰালা, তামিলনাডু আৰু তেলেংগানাত ই স্থান লাভ কৰা নাই।
অৱশ্যে কিছু স্থানীয় নিৰ্বাচনত নিশ্চিতভাৱে কিছু ভাল খবৰ আহিছিল। নতুন বছৰত নতুন আৰু কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন কৰাৰ পিছত এতিয়া বিজেপি নিৰ্বাচনী মোডলৈ আহিছে।
আজি প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ তিৰুৱনন্তপুৰমৰ পৰা দক্ষিণ অভিযান আৰম্ভ কৰে।ইফালে কেৰালাত ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ হাবৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
কেৰালাত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,কেৰালাৰ বাওঁপন্থী গোটবোৰে হয়তো মোক ভাল নাপাব। তথাপিও তথ্যখিনি উল্লেখ কৰিম।১৯৮৭ চনৰ আগতে বিজেপি গুজৰাটৰ এটা প্ৰান্তীয় দল আছিল।
আমাৰ যাত্ৰা গুজৰাটৰ এখন চহৰৰ পৰা আৰম্ভ হৈছিল, আৰু সেইদৰেই কেৰালাতো আমি এখন চহৰৰ পৰাই আৰম্ভ কৰিলোঁ।
মোৰ বিশ্বাস ইয়াৰ পৰাই বুজা যায় যে কেৰালাৰ জনসাধাৰণে বিজেপিক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে আৰু সেইদৰে আমাৰ সৈতে সংযোগ হৈছে যেনেকৈ গুজৰাটৰ জনসাধাৰণ এসময়ত সংযুক্ত হৈছিল।
কেৰালাত প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে,’আজি কেৰালাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই নতুন গতি লাভ কৰিছে।আজিৰ পৰা কেৰালাত ৰে’ল সংযোগ সুদৃঢ় হৈ পৰিছে।’
লগতে পঢ়ক: ক্ষমতাৰ বাবেই ভাতৃক বিশ্বাসঘাতক; উদ্ধৱ থাকৰেৰ শত্ৰুৰে হাত মিলালে ৰাজ থাকৰেয়ে









