বিগত ১১ বছৰৰ ভিতৰত এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ৩৮ সংখ্যক অসম ভ্ৰমণ । প্ৰধানমন্ত্ৰীৰ বিমান বিমানবন্দৰৰ পৰিৱৰ্তে ঘাইপথত নিৰ্মিত ইমাৰ্জেন্সী এয়াৰ ষ্ট্ৰীপত অৱতৰণ কৰিব ।
১৪ ফেব্ৰুৱাৰীত উন্নয় তথা বিকাশৰ বতৰা লৈ অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ ডিব্ৰুগড়-মৰাণ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা ইমাৰজেন্সী এয়াৰষ্ট্ৰীপত অৱতৰণ কৰিব । তেওঁ সেনাবাহিনীৰ বিমানযোগে এই এয়াষ্ট্ৰীপত অৱতৰণ কৰিব । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে প্ৰায় ৩০ৰ পৰা ৪০ মিনিটৰ বাবে বিশেষ ৰাফেল আৰু ছুখয় বিমানৰ প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব । বিগত ১১ বছৰৰ ভিতৰত এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ৩৮ সংখ্যক অসম ভ্ৰমণ ।
উত্তৰ-পূব ভাৰতৰ এইটোৱেই হ’ব প্ৰথম এনে অনুষ্ঠান, য’ত প্ৰধানমন্ত্ৰীৰ বিমান বিমানবন্দৰৰ পৰিৱৰ্তে ঘাইপথত নিৰ্মিত ইমাৰ্জেন্সী এয়াৰ ষ্ট্ৰীপত অৱতৰণ কৰিব । এই অনুষ্ঠানত উত্তৰ-পূব অঞ্চলৰ কৌশলগত সামৰ্থ আৰু জৰুৰীকালীন প্ৰস্তুতি প্ৰদৰ্শন কৰাই নহয়, ঘাইপথ ভিত্তিক বিমানপথৰ উপযোগিতাৰ সামৰ্থও প্ৰদৰ্শিত হ’ব । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক অঞ্চলটোৰ আন্তঃগাঁথনি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এক উল্লেখযোগ্য বাৰ্তা হিচাপে বিবেচিত হৈছে ।
উল্লেখ্য যে, ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যত নিৰ্মাণ কৰা হৈছে মৰাণ এয়াৰষ্ট্ৰীপ । ই ভাৰতীয় বায়ুসেনাৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ সুবিধা । লগতে সামৰিক আৰু অসামৰিক উভয় বিমানৰ বাবে ইয়াক ডিজাইন কৰা হৈছে । জানিব পৰা মতে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৰাফেল আৰু ছুখয় যুদ্ধ বিমানৰ বিশেষ প্ৰদৰ্শন অনুষ্ঠিত হ’ব । এই অনুষ্ঠানৰ সময়ত যুদ্ধ বিমানসমূহে ঘাইপথত অৱতৰণ আৰু উৰণ প্ৰদৰ্শন কৰিব । এই প্ৰদৰ্শন প্ৰায় ৩০ৰ পৰা ৪০ মিনিটৰ হ’ব ।
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদী অসমত উপস্থিত হ’ব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ প্ৰথমটো ঘাইপথ ভিত্তিক জৰুৰীকালীন অৱতৰণ ষ্ট্ৰিপত অৱতৰণ কৰিব । বিশেষ আকাশী প্ৰদৰ্শনৰ অংশ হিচাপে ৰাফেল আৰু ছুখয়কে ধৰি যুদ্ধ বিমানো এই পথত অৱতৰণ কৰিব । এই ভ্ৰমণৰ সময়ত মোদীয়ে কুমাৰ ভাস্কৰ বাৰ্মা সেতু উদ্বোধন কৰিব, আই আই এম পলাশবাৰীত পাঠ্যক্ৰম আৰম্ভ কৰিব, গুৱাহাটীত ১০০খন বৈদ্যুতিক বাছৰ ফ্লেগ অফ কৰিব আৰু এন আই চি ডাটা চেণ্টাৰো উদ্বোধন কৰিব । ইয়াৰ পিছতে বিজেপিৰ বুথ অধিৱেশনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
লগতে পঢ়ক : উখৰুলৰ হিংসাপীড়িত অঞ্চল ভ্ৰমণ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ, শান্তি, সম্প্ৰীতি, সংযম বৰ্তাই ৰখাৰ আহ্বান









