“গণতন্ত্ৰত হিংসা…”; ড’নাল্ড ট্ৰাম্পৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

“গণতন্ত্ৰত হিংসা…”; ড’নাল্ড ট্ৰাম্পৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰৰ সময়ত ৱাশ্বিংটন হিল্টন হোটেলত সংঘটিত গুলীচালনাৰ ফলত আমেৰিকাত আতংকৰ সৃষ্টি হৈছে ।ড’নাল্ড ট্ৰাম্পৰ লগত সংঘটিত হোৱা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৱাশ্বিংটন হোটেলৰ গুলীচালনাৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। হোয়াইট হাউছৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি

হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰৰ সময়ত ৱাশ্বিংটন হিল্টন হোটেলত সংঘটিত গুলীচালনাৰ ফলত আমেৰিকাত আতংকৰ সৃষ্টি হৈছে ।ড’নাল্ড ট্ৰাম্পৰ লগত সংঘটিত হোৱা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৱাশ্বিংটন হোটেলৰ গুলীচালনাৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। হোয়াইট হাউছৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত সংঘটিত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে এই আক্ৰমণক গৰিহণা দি কয় যে গণতন্ত্ৰত হিংসাৰ কোনো স্থান থাকিব নালাগে। তেওঁ ড’নাল্ড ট্ৰাম্পক টেগ কৰি কয় তেওঁ আৰু তেওঁৰ পত্নী ভালেই আছে বুলি জানি সকাহ পাইছো।

এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ‘এইটো জানি সকাহ পাইছো যে শেহতীয়াকৈ ৱাশ্বিংটন ডিচিৰ এখন হোটেলত সংঘটিত নিৰাপত্তাজনিত কাণ্ডৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প,ফাৰ্ষ্ট লেডী আৰু উপ-ৰাষ্ট্ৰপতি নিৰাপদ আৰু সুস্থ আছে। তেওঁলোকৰ অবিৰত সুৰক্ষা আৰু মংগলৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই আৰু ইয়াক সকলোৱে নিন্দা কৰা উচিত।

লগতে পঢ়ক: “ছিক্ৰেট চাৰ্ভিছে সাহসেৰে কাম কৰিলে,মই সুৰক্ষিত আছো”; গুলীচালনাৰ পিছত ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া