ইৰাণত গ্ৰাউণ্ড অপাৰেশ্যনৰ প্ৰস্তুতি আমেৰিকাৰ

ইৰাণৰ ভূ-ভাগৰ ভিতৰত এসপ্তাহজোৰা স্থল অভিযানৰ ব্লুপ্ৰিণ্টো প্ৰস্তুত কৰিছে পেন্টাগনে

পশ্চিম এছিয়াত চলি থকা সংঘাতে অধিক বিপজ্জনক ৰূপ লোৱাৰ ইংগিত দিছে । শেহতীয়া খবৰ অনুসৰি আমেৰিকাৰ মেৰিন কৰ্পছৰ প্ৰথম ‘এক্সপিডিশেনেৰী ইউনিট’ (৩১ নং এম ই ইউ) মধ্যপ্ৰাচ্যত উপস্থিত হৈছে ।

ইৰাণৰ ভূ-ভাগৰ ভিতৰত এসপ্তাহজোৰা স্থল অভিযানৰ ব্লুপ্ৰিণ্টো প্ৰস্তুত কৰিছে পেন্টাগনে । আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনে ইৰাণত সম্ভাৱ্য স্থল সামৰিক অভিযানৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । এই অঞ্চলত আমেৰিকাই ৩৫০০ৰো অধিক সৈন্য মোতায়েন কৰিছে ।

আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি ৱাশ্বিংটন পোষ্টে দাবী কৰিছে যে পেন্টাগনে কেইবা সপ্তাহ ধৰি স্থল অভিযানৰ পৰিকল্পনা কৰিছে । ইয়াৰ ভিতৰত বিশেষ অভিযান বাহিনী আৰু গতানুগতিক পদাতিক বাহিনীও থাকিব পাৰে । অৱশ্যে চূড়ান্ত সিদ্ধান্ত এতিয়াও আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হাতত আছে ।

ইফালে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে নিশ্চিত কৰিছে যে আমেৰিকাৰ নৌসেনাৰ যুদ্ধজাহাজ ইউ এছ এছ ট্ৰিপলি প্ৰায় ২৫০০ মেৰিনক লৈ মধ্যপ্ৰাচ্যত উপস্থিত হৈছে । জাহাজখনে ৩১ নং মেৰিন এক্সপেডিচনেৰী ইউনিটৰ জোৱান কঢ়িয়াই নিছে । এই ইউনিটটো পূৰ্বে জাপানত নিয়োজিত হৈ টাইৱানৰ আশে-পাশে অনুশীলন চলাই আছিল যদিও প্ৰায় দুসপ্তাহ পূৰ্বে মধ্যপ্ৰাচ্যলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল ।

ইউ এছ এছ ট্ৰিপলিত পৰিবহণ বিমান, অত্যাধুনিক ষ্ট্ৰাইক যুঁজাৰু বিমান (এফ-৩৫), আৰু প্ৰত্যক্ষ সাগৰৰ পৰা স্থললৈ আক্ৰমণ কৰিব পৰা আক্ৰমণাত্মক সঁজুলিও কঢ়িয়াই নিয়া হৈছে ।

ৱাশ্বিংটন পোষ্টৰ তথ্য অনুসৰি আমেৰিকাৰ বিষয়াসকলে এতিয়া ইৰাণৰ ভিতৰত বিশেষ অভিযান আৰু গতানুগতিক পদাতিক সৈন্যৰ দ্বাৰা অভিযান চলাবলৈ পৰিকল্পনা কৰিছে । এই স্থল অভিযানৰ বাবে ট্ৰাম্পে এতিয়াও চূড়ান্ত অনুমোদন দিয়া নাই যদিও ৮২ নং এয়াৰবৰ্ণ ডিভিজনৰ হাজাৰ হাজাৰ সৈন্যই ছান ডিয়েগোৰ পৰা ৰাওনা হৈছে ।

লগতে পঢ়ক : বিশ্ব বাণিজ্যত আন এক আঘাত! হৰমুজৰ পিছত সংকটৰ সন্মুখীন আন এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ

আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে

ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে । ইৰাণৰ সংবাদ মাধ্যমৰ মতে, দেশখনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই কাৰ্য সংঘটিত কৰে আৰু শেহতীয়াকৈ সামৰিক উত্তেজনাৰ মাজতে ইয়াক এক বৃহৎ সফলতা বুলি অভিহিত কৰিছে তেওঁলোকে । অৱশ্যে এই দাবী এতিয়াও নিশ্চিত হোৱা নাই । ইয়াৰ পূৰ্বে আই আৰ জি চিয়ে এফ-১৫ৰ দৰে আমেৰিকাৰ যুঁজাৰু বিমানক ভূপতিত কৰাৰ দাবী কৰিছিল, যাক আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে “ভিত্তিহীন” বুলি উলাই কৰিছিল ।

এই ঘটনা সন্দৰ্ভত আমেৰিকা বা ইয়াৰ পশ্চিম এছিয়াৰ মিত্ৰ ৰাষ্ট্ৰৰ পৰা কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা হোৱা নাই । ইফালে চলি থকা আমেৰিকা-ইৰাণৰ উত্তেজনাৰ সময়ত আমেৰিকাৰ সামৰিক লোকচানৰ সন্দৰ্ভত নতুন তথ্য ওলাইছে । বিভিন্ন বাতৰি অনুসৰি এতিয়ালৈকে আমেৰিকাই প্ৰায় ১৮খন সামৰিক বিমান হেৰুৱাইছে । এখন এফ-৩৫ যুঁজাৰু বিমানো ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে ।

সৰ্বাধিক লোকচান হৈছে ড্ৰোনৰ । বাৰখন ইউ এছ এম কিউ-৯ ৰিপাৰ ড্ৰোন ধ্বংস কৰা হৈছে । এম কিউ-৯ ৰিপাৰ হৈছে দীৰ্ঘ দূৰত্বৰ নিৰীক্ষণ আৰু নিখুঁত আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা এক অত্যাধুনিক ড্ৰোন । ই হেলফায়াৰ মিছাইলেৰে সজ্জিত আৰু ই প্ৰায় ২৭ ঘণ্টা ধৰি আকাশত থাকিব পাৰে ।

লগতে পঢ়ক : ঈদ পালন কৰি উভতি অহা ২৩ জনৰ সৈতে শোকাৱহ ঘটনা, কেইবাজনো সন্ধানহীন

নাছাৰ ডাঙৰ ঘোষণা; চন্দ্ৰত স্থাপন কৰিব স্থায়ী মানৱ ভিত্তি

নাছাই প্ৰায় ১.৮৭ লাখ কোটি টকাৰ এক বৃহৎ পৰিকল্পনা ঘোষণা কৰিছে ।ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে চন্দ্ৰত স্থায়ী মানৱ ভিত্তি স্থাপন কৰা।

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই এক বৃহৎ  পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁলোকে প্ৰায় ২০ বিলিয়ন ডলাৰ (প্ৰায় ১.৮৭ লাখ কোটি ) মূল্যৰ এক বৃহৎ প্ৰকল্পৰ কথা ঘোষণা কৰিছে।এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰত স্থায়ী মানৱ ভিত্তি স্থাপন কৰা। ইয়াৰ পিছত পৰৱৰ্তী পদক্ষেপ হ’ব মংগল গ্ৰহৰ বাবে পাৰমাণৱিক প্ৰযুক্তি পৰীক্ষা কৰা।

আগতে নাছাৰ অভিযান কেইদিনমান বা সপ্তাহৰ বাবেহে চলিছিল।এতিয়া তেওঁলোকে চন্দ্ৰত এনে সুবিধা সৃষ্টি কৰিব বিচাৰিছে যাতে মানুহে তাত দীৰ্ঘদিন ধৰি থাকিব আৰু কাম কৰিব পাৰে।ইয়াৰ ভিতৰত মানৱ বসতি, শক্তি উৎপাদন ব্যৱস্থা, যোগাযোগ নেটৱৰ্ক, আৰু নিয়মীয়া ক্ৰু আৰু কাৰ্গো মিছন আদি অন্তৰ্ভুক্ত হ’ব। সংস্থাটোৱে বিশ্বাস কৰে যে চন্দ্ৰত এক শক্তিশালী আন্তঃগাঁথনি স্থাপন কৰিলে মংগল গ্ৰহলৈ অধিক উদ্যোগ লোৱাটো সহজ হ’ব।

এই সমগ্ৰ পৰিকল্পনা নাছাৰ আৰ্টেমিছ অভিযানৰ অধীনত সম্পন্ন কৰা হ’ব। আৰ্টেমিছ অভিযানৰ লক্ষ্য হৈছে চন্দ্ৰত মানুহৰ স্থায়ী উপস্থিতি প্ৰতিষ্ঠা কৰা।চতুৰ্থ আৰ্টেমিছ অভিযানৰ অধীনত ২০২৮ চনত প্ৰথমবাৰৰ বাবে মহাকাশচাৰীসকলে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব।আৰ্টেমিছ তৃতীয়ই এতিয়া কেৱল নতুন প্ৰযুক্তিৰ পৰীক্ষা কৰিব।২০২৭ চনৰ পৰা প্ৰায় প্ৰতিমাহে চন্দ্ৰলৈ সঁজুলি, ৰভাৰ, আৰু বৈজ্ঞানিক সামগ্ৰী প্ৰেৰণ কৰা হ’ব।

নাছাই আমেৰিকাৰ শক্তি বিভাগৰ সহযোগত ২০৩০ চনৰ ভিতৰত চন্দ্ৰত এটা সৰু পাৰমাণৱিক ৰিয়েক্টৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।এই ৰিয়েক্টৰে চন্দ্ৰৰ দীঘলীয়া আৰু ৰাতিৰ সময়তো অবিৰত শক্তি প্ৰদান কৰিব।নাছাই ২০২৮ চনৰ পূৰ্বে ‘স্পেচ ৰিয়েক্টৰ-১ (এছ আৰ-১) ফ্ৰিডম’ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।এই অভিযানত পাৰমাণৱিক বৈদ্যুতিক প্ৰপালচন প্ৰযুক্তিৰ পৰীক্ষা কৰা হ’ব।এই প্ৰযুক্তি পুৰণি ৰকেটতকৈ অধিক দ্ৰুত আৰু কাৰ্যক্ষম  আৰু ইয়াৰ ফলত মংগল গ্ৰহলৈ যাত্ৰা সহজ হ’ব পাৰে।

লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে কেছপিয়ান সাগৰত মিছাইল নিক্ষেপ ইজৰাইলৰ; ৰাছিয়া-ইৰাণৰ অস্ত্ৰ যোগান লাইনত আক্ৰমণৰ দাবী

ভয় খাইছে আমেৰিকাইঃ ড’নাল্ড ট্ৰাম্পৰ মন্তব্যৰ পিছতেই ইৰাণৰ প্ৰতিক্ৰিয়া

ড’নাল্ড ট্ৰাম্পৰ এই মক্তব্য সন্দৰ্ভত ইৰাণে কয় যে আমাৰ সতৰ্কবাণীত আমেৰিকাই ভয় খাই নিজৰ পৰিকল্পনা সলনি কৰিলে

আফগানিস্তানৰ ৰাজধানী কাবুলস্থিত ইৰাণৰ দূতাবাসে দাবী কৰিছে যে ইৰাণৰ পৰা তীব্ৰ সতৰ্কবাণী পোৱাৰ পিছত আমেৰিকাই শক্তিৰ আন্তঃগাঁথনি আক্ৰমণৰ পৰিকল্পনা পিছুৱাই দিছে । ড’নাল্ড ট্ৰাম্পৰ এই মক্তব্য সন্দৰ্ভত ইৰাণে কয় যে আমাৰ সতৰ্কবাণীত আমেৰিকাই ভয় খাই নিজৰ পৰিকল্পনা সলনি কৰিলে । দূতাবাসৰ মতে, ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণ পিছুৱাই দিয়াৰ নিৰ্দেশ দিয়ে । ইৰাণে স্পষ্ট কৰি দিছিল যে যদি তেওঁলোকৰ শক্তি আন্তঃগাঁথনি আক্ৰমণ কৰা হয় তেন্তে ই সমগ্ৰ অঞ্চলটোৰ শক্তি আন্তঃগাঁথনিক লক্ষ্য কৰি ল’ব । ইফালে সংবাদ সংস্থা এ পিৰ এক প্ৰতিবেদন অনুসৰি ইৰাণৰ চৰকাৰী টেলিভিছনত কোৱা হৈছে যে ‘ইৰাণৰ তীব্ৰ সতৰ্কবাণীৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি পিছুৱাই যায় ।’

উল্লেখ্য য়ে, ড’নাল্ড ট্ৰাম্পে ইৰাণ সন্দৰ্ভত এক উল্লেখযোগ্য বক্তব্য আগবঢ়াইছে । তেওঁ আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগক ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ আৰু শক্তি আন্তঃগাঁথনিৰ বিৰুদ্ধে যিকোনো সম্ভাৱ্য সামৰিক ব্যৱস্থা পাঁচ দিনৰ বাবে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । বিগত দুদিন ধৰি আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা ইতিবাচক আৰু গঠনমূলক আলোচনাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে ।

ট্ৰাম্পে নিজৰ ছ’চিয়েল প্লেটফৰ্ম “ট্ৰুথ ছ’চিয়েল”ত লিখিছে যে মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনা সমাধানৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা চলি আছে । তেওঁ কয় যে আলোচনা ইতিবাচক আৰু ইয়াৰ বাবে আক্ৰমণ সাময়িকভাৱে পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

আলোচনাৰ অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰে । উল্লেখ্য যে, এদিন পূৰ্বে ট্ৰাম্পে ইৰাণক কঠোৰ সতৰ্কবাণী দিছিল যে যদিহে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি কৰা নহয় তেন্তে দেশখনৰ শক্তিৰ আন্তঃগাঁথনি লক্ষ্য কৰি লোৱা হ’ব পাৰে ।

লগতে পঢ়ক : হৰমুজ পাৰ হৈ ভাৰত অভিমুখে আৰু দুখন জাহাজ, ইৰাণে দিলে সেউজ সংকেত

মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন

ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইৰানে শনিবাৰে ভাৰত মহাসাগৰত অৱস্থিত আমেৰিকা আৰু ব্ৰিটেইনৰ কৌশলগত সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়াত দুটা মধ্যম দূৰত্বৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আঘাত কৰে । আক্ৰমণৰ লগে লগে ডুবাইত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । উল্লেখ্য যে, ৪ মাৰ্চত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰানৰ যুদ্ধজাহাজ আইৰিছ ডেনাক আক্ৰমণ কৰি ধ্বংস কৰাৰ ফলত জাহাজখনত থকা ৮৫ জনতকৈ অধিক লোকৰ মৃত্য হয় । ইয়াৰ পিছতে ভাৰত মহাসাগৰত যুদ্ধৰ এই তীব্ৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ তথ্য অনুসৰি ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে । ইৰানৰ ভূখণ্ডৰ পৰা প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঘাটিটোৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা এয়া আটাইতকৈ ডাঙৰ আৰু বিৰল আক্ৰমণ । অৱশ্যে ইৰানে নিক্ষেপ কৰা দুয়োটা ক্ষেপণাস্ত্ৰ আকাশতে ধ্বংস কৰা বুলি নিশ্চিত কৰিছে আমেৰিকাই ।

জানিব পৰা মতে উৰণৰ পিছতে এটা ক্ষেপণাস্ত্ৰ নিস্ক্ৰিয় হোৱাৰ বিপৰীতে আনটো ক্ষেপণাস্ত্ৰ আমেৰিকাৰ যুদ্ধজাহাজৰ পৰা নিক্ষেপ কৰা ইন্টাৰচেপ্টৰ (এছ এম-৩)ৰ দ্বাৰা মাজ আকাশতে ধ্বংস হয় ।

চাগোছ দ্বীপপুঞ্জত অৱস্থিত ডিয়েগো গাৰ্চিয়া হৈছে আমেৰিকা-ব্ৰিটেইনৰ এটা গুৰুত্বপূৰ্ণ সামৰিক ঘাটি যিটো আফগানিস্তান আৰু ইৰাকত আমেৰিকাৰ বোমা আক্ৰমণৰ হাব হিচাপে ব্যৱহাৰ কৰা হৈছে ।

ইফালে ইৰানে ডিয়েগো গাৰ্চিয়াক লক্ষ্য কৰি লোৱাৰ পিছতে সামৰিক বিশেষজ্ঞসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে । এতিয়ালৈকে ইৰানৰ ক্ষেপণাস্ত্ৰৰ পৰিসৰ সীমিত বুলি ধাৰণা কৰা হৈছিল যদিও ৪০০০ কিলোমিটাৰ দূৰৰ পৰা আক্ৰমণ চলোৱাৰ চেষ্টাই ইংগিত দিয়ে যে তেহৰাণৰ হাতত এতিয়া ইউৰোপৰ লক্ষ্য কৰি লোৱাৰ ক্ষমতা আছে । পেন্টাগনে এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও কৌশলবিদসকলৰ মতে ইয়াৰ ফলত যুদ্ধৰ ভূগোল সম্পূৰ্ণৰূপে সলনি হৈছে ।

আনহাতে ইৰানৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তীব্ৰ সমালোচনা কৰিছে । আৰাঘচিয়ে কয় যে ষ্টাৰমাৰে নিজৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে গৈ ইৰানৰ বিৰুদ্ধে আগ্ৰাসনৰ বাবে ব্ৰিটিছ ঘাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে ।

তেওঁ সকীয়াই দিয়ে যে ইয়াৰ ফলত ব্ৰিটিছ নাগৰিকৰ জীৱন বিপন্ন হৈছে আৰু ইৰানে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিব । ইৰানৰ মতে ব্ৰিটেইনৰ এই পদক্ষেপে দেশখনক পোনপটীয়াকৈ যুদ্ধলৈ টানি আনিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

‘যদি যুদ্ধ বন্ধ নহয়, আমি অস্ত্ৰ যোগান নকৰো’; ইৰাণৰ সৈতে যুদ্ধৰ মাজতে চুইজাৰলেণ্ডে পৰিত্যাগ কৰিলে আমেৰিকাৰ সমৰ্থন

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতে আমেৰিকাৰ মিত্ৰ দেশসমূহে নিজকে ইয়াৰ পৰা আঁতৰাই ৰাখিছে। তাৰ মাজতে আমেৰিকা সন্দৰ্ভত ছুইজাৰলেণ্ডে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইৰাণৰ সৈতে সংঘাতৰ মাজতে আমেৰিকাৰ অতি ঘনিষ্ঠ মিত্ৰ চুইজাৰলেণ্ডে আমেৰিকাৰ পৰা নিজকে আঁতৰাই ৰাখিছে।ইউৰোপীয় ৰাষ্ট্ৰ চুইজাৰলেণ্ডে কয় যে তেওঁলোকে ইৰাণৰ ওপৰত চলি থকা আক্ৰমণক লৈ আমেৰিকালৈ অস্ত্ৰ ৰপ্তানিৰ বাবে কোম্পানীসমূহক অনুজ্ঞাপত্ৰ প্ৰদান নকৰে।

চুইজাৰলেণ্ডে কয় যে তেওঁলোকে কোনো কাৰণতে যুদ্ধক ইন্ধন যোগোৱা নাই, বৰঞ্চ নিৰপেক্ষ হৈয়েই আছে।এনে পৰিস্থিতিত আমেৰিকালৈ অস্ত্ৰ ৰপ্তানি অব্যাহত ৰাখিব নোৱাৰে।

চুইজাৰলেণ্ড চৰকাৰে এক বিবৃতিত কয় যে,ইৰাণৰ সৈতে চলি থকা আন্তঃৰাষ্ট্ৰীয় সশস্ত্ৰ সংঘাতৰ সৈতে জড়িত দেশসমূহক সংঘাত চলি থকালৈকে যুদ্ধ সামগ্ৰী ৰপ্তানিৰ অনুমতি দিব নোৱাৰি। বৰ্তমান আমেৰিকালৈ যুদ্ধ সামগ্ৰী ৰপ্তানিৰ অনুমতি দিয়া নহ’ব।

লগতে পঢ়ক: ‘খেমেইনীৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব,ইয়াৰ মূল্য দিব লাগিব’; ট্ৰাম্পৰ ভাবুকি ইৰাণৰ

ভয়ংকৰ; ইৰাণৰ ওপৰত আমেৰিকাই নিক্ষেপ কৰিলে ৫ হাজাৰ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা

আমেৰিকাই হৰমুজৰ প্ৰণালীৰ সমুদ্ৰৰ পথ মুকলি কৰিবৰ বাবে ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত ৫ হাজাৰ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰিছে।

মধ্যপ্ৰাচ্যত ইৰাণ, আমেৰিকা, ইজৰাইলৰ যুদ্ধ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে।বিশ্বজুৰি তেল যোগানৰ বাবে আটাইতকৈ জটিল পথ হিচাপে বহুলভাৱে গণ্য কৰা হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে আমেৰিকাই সম্পূৰ্ণ চেষ্টা কৰিছে।

আমেৰিকাৰ সেনাই সেই ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিবোৰত আক্ৰমণ চলাইছে,য’ৰ পৰা সাগৰত যাত্ৰা কৰা জাহাজবোৰক লক্ষ্য কৰি লোৱা হৈছিল। এই আক্ৰমণত আমেৰিকাই নিজৰ অস্ত্ৰভাণ্ডাৰৰ আটাইতকৈ ভয়ংকৰ অস্ত্ৰ অৰ্থাৎ ৫০০০ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰিছে।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ‘এক্স’ (টুইটাৰ)ত এই তথ্য শ্বেয়াৰ কৰি কয় যে, কেইঘণ্টামানৰ আগতে আমেৰিকাৰ সেনাবাহিনীয়ে হৰমুজ প্ৰণালীৰ সমিপত থকা ইৰাণৰ দুৰ্গম ক্ষেপণাস্ত্ৰ ঘাটিত বৃহৎ বোমাৰে ধ্বংস কৰি পেলাইছে। দৰাচলতে, এইটো সেইটো ঠিকনা হয় য’ৰ পৰা ইৰাণৰ জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰই আন্তঃৰাষ্ট্ৰীয় জাহাজ চলোৱাৰ বাবে ভাবুকি কঢ়িয়াই আনিছিল। উল্লেখ্য যে, ইৰাণে এই পথটো বন্ধ কৰি দিছিল,যাৰ মাজেৰে বিশ্বৰ প্ৰায় ২০% তেল পাৰ হয়।ফলত সমগ্ৰ বিশ্বতে পেট্ৰ’ল আৰু ডিজেলৰ দাম আকাশলংঘী হ’বলৈ ধৰিলে আৰু সামুদ্ৰিক পথত ভয়ৰ পৰিৱেশ বিৰাজ কৰিলে।

আমোদজনকভাৱে এই যুদ্ধত ট্ৰাম্পে নিজকে অকলশৰীয়া অনুভৱ কৰিছে।তেওঁ নাটোকে ধৰি নিজৰ পুৰণা মিত্ৰ দেশসমূহৰ পৰা সহায় বিচাৰিছিল,কিন্তু বেছিভাগেই এই যুদ্ধত একত্ৰিত হ’বলৈ অস্বীকাৰ কৰিছে।যাৰ বাবে ট্ৰাম্প যথেষ্ট ক্ষোভিত হৈছে যে বছৰ বছৰ ধৰি আমেৰিকাই নাটোক সমৰ্থন কৰি আহিছে,কিন্তু এতিয়া আমেৰিকাক সহায়ৰ প্ৰয়োজন হোৱাত কোনো দেশেই এখন সৰু জাহাজ পঠিয়াবলৈও ইচ্ছুক নহয়।

লগতে পঢ়ক: হৰমুজ পাৰ হৈ ভাৰত পালেহি নন্দাদেৱী, কঢ়িয়াই আনিছে ৪৭ হাজাৰ মেট্ৰিক টন গেছ

ইৰাণৰ নতুন ব্ৰহ্মাস্ত্ৰ ‘ডান্সিং মিছাইল’ক লৈ আমেৰিকা-ইজৰাইলত হাহাকাৰ

মধ্যপ্ৰাচ্যৰ তয়াময়া যুদ্ধৰ মাজতে এইবাৰ এই উত্তেজনাত প্ৰৱেশ ঘটিছে ইৰাণৰ ডান্সিং মিছাইলৰ । এই ক্ষেপণাস্ত্ৰ এতিয়া ইজৰাইল-আমেৰিকাৰ মূৰৰ কামোৰণি হৈ পৰিছে । আমেৰিকা-ইজৰাইলৰ অত্যধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালীকো এই মিছাইলে ধূলি দিবলৈ সক্ষম হৈছে ।

ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজৰ সংঘাতত এটা নতুন অস্ত্ৰৰ আৱিৰ্ভাৱ হৈছে । ইৰাণৰ নতুন ব্ৰহ্মাস্ত্ৰ হিচাবে গণ্য কৰা এই ক্ষেপণাস্ত্ৰক ‘ডান্সিং মিছাইল’ বুলি অভিহিত কৰা হৈছে । চলি থকা যুদ্ধত ইৰাণে প্ৰথমবাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰিছিল আৰু ই ইজৰাইল-আমেৰিকাৰ ঘাটিসমূহৰ যথেষ্ট ক্ষতিসাধন কৰিছিল । এই মিছাইলে তীব্ৰ বেগত ‘নাচি নাচি’ লক্ষ্যৰ দিশে আগবাঢ়ি যায়, যাৰ ফলত আধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, যেনে আইৰন ড’ম, পেট্ৰিয়াট বা থাড আদিয়ে ইয়াক বাধা দিয়াত অক্ষম হৈ পৰে । ইৰাণে ইয়াক ‘চেজিল-২’ বুলি উল্লেখ কৰিলেও বিশ্বই ইয়াক ‘ডান্সিং মিছাইল’ বুলি অভিহিত কৰিছে । এই মিছাইলৰ আগত আমেৰিকা আৰু ইজৰাইল সম্পূৰ্ণ অসহায় হৈ পৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, চেজিল-২ হৈছে ইৰাণৰ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা দুটা ষ্টেজৰ চলিড অথবা গোটা ইন্ধনযুক্ত মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল (এম আৰ বি এম)। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৮ মিটাৰ আৰু ওজন প্ৰায় ২৩,৬০০ কিলোগ্ৰাম । ইয়াৰ ৰেঞ্জ ২০০০ কিলোমিটাৰ পৰ্যন্ত । ই ৭০০ৰ পৰা ১০০০ কিলোগ্ৰাম ওজনৰ ৱাৰহেড কঢ়িয়াব পাৰে, যি সাধাৰণ বা পাৰমাণৱিকো হ’ব পাৰে ।

ইয়াক মোবাইল লঞ্চাৰৰ পৰা নিক্ষেপ কৰিব পাৰি । যাৰ ফলত ইয়াক দ্ৰুতভাৱে আৰু যিকোনো স্থানৰ পৰা নিক্ষেপ কৰিব পৰা যায় । ইয়াৰ গোটা ইন্ধনৰ বাবেই ইয়াক উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাবলৈ মাত্ৰ কেইমিনিটমান সময় লাগে । আনহাতে পূৰ্বে পুৰণি প্ৰক্ৰিয়াত তৰল ইন্ধনযুক্ত ক্ষেপণাস্ত্ৰৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে । ইয়াৰ আটাইতকৈ স্বকীয় বৈশিষ্ট্য হ’ল ইয়াৰ মেনুভাৰেবল ৰি-এণ্ট্ৰি ভেহিকেল (MarRV), যি উৰণৰ সময়ত দিশ সলনি কৰিবলৈ সক্ষম ।

এই মিছাইল বতাহত নাচি নাচি যাত্ৰা কৰে বাবে ইয়াক ‘ডান্সিং মিছাইল’ বুলি অভিহিত কৰা হৈছে । বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ ৱাৰহেডে তীব্ৰ বেগত দিশ সলনি কৰি ওপৰলৈ তললৈ, বাওঁ আৰু সোঁফালে ঘূৰি যায় । ফলস্বৰূপে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ মাত্ৰ কেইছেকেণ্ডমানহে সময় পায় ।

আইৰন ডম বা পেট্ৰিয়টৰ দৰে ব্যৱস্থাই ইয়াক অনুসৰণ কৰিব নোৱাৰে কাৰণ ই অভাৱনীয়ভাৱে গতি কৰে । ইৰাণৰ সংবাদ মাধ্যম আৰু বিশেষজ্ঞসকলে ইয়াক ‘অপ্ৰতিৰোধ্য’ বুলি অভিহিত কৰিছে । ইয়াৰ গতি অত্যন্ত বেছি—প্ৰায় ১৭,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টা ।

চেজিল-২ৰ আক্ৰমণত ইজৰাইল আৰু আমেৰিকাৰ কেইবাটাও সামৰিক ঘাটিৰ ক্ষতিসাধন হৈছে । এই আঘাতে টেল আভিভক জোকাৰি যায় আৰু বিমানবন্দৰ আৰু ৰাডাৰ ব্যৱস্থাৰ ক্ষতিসাধন হয় । আমেৰিকাৰ ঘাটিসমূহো যথেষ্ট প্ৰভাৱিত হয় । এই মিছাইলৰ ক্ষমতাই ৯০%তকৈ অধিক এয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দিবলৈ সক্ষম ।

ইফালে এই মিছাইলৰ এটা ইউনিটৰ খৰচো অতি কম, তথাপিও ই ব্যয়বহুল প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দিবলৈ সক্ষম । ইয়াৰ ফলত ইৰাণৰ মনোবল বৃদ্ধি পাইছে, একে সময়তে আমেৰিকা আৰু ইজৰাইল ডাঙৰ লোকচানৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক : অকলশৰীয়া হৈ পৰিল ট্ৰাম্প; সহায়ৰ বাবে অস্বীকাৰ জাপান-অষ্ট্ৰেলিয়াৰ

অকলশৰীয়া হৈ পৰিল ট্ৰাম্প; সহায়ৰ বাবে অস্বীকাৰ জাপান-অষ্ট্ৰেলিয়াৰ

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ সাতখন মিত্ৰ ৰাষ্ট্ৰক তেওঁলোকে নিজৰ নৌসেনাক হৰমুজ প্ৰণালীলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু সেই অনুৰোধ প্ৰত্যক্ষভাৱে প্ৰত্যাহাৰ কৰিছে জাপান আৰু অষ্ট্ৰেলিয়াই।

বন্ধু ৰাষ্ট্ৰইও এতিয়া সংগ এৰিলে আমেৰিকাৰ।হৰমুজ প্ৰণালীত অকলশৰীয়া হৈ পৰিল আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰায় সাতখন দেশক হৰমুজ প্ৰৰণালীৰ সুৰক্ষাৰ বাবে যুদ্ধ জাহাজ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল।

কিন্তু আমেৰিকাৰ মিত্ৰ দেশসমূহে না সতৰ্ক স্থিতি গ্ৰহণ কৰিছে না সম্পূৰ্ণৰূপে নাকচ কৰিছে।ট্ৰাম্পৰ এই অনুৰোধ ৰক্ষা কৰিবলৈ নাহিল এখনো দেশ। জাপান, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়াৰ দৰে মিত্ৰ ৰাষ্ট্ৰয়ো ট্ৰাম্পৰ অনুৰোধ প্ৰত্যক্ষভাৱে প্ৰত্যাহাৰ কৰিলে।

জাপান আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশ যি আমেৰিকাৰ অতি ঘনিষ্ঠ মিত্ৰ, তেওঁলোকেও ট্ৰাম্পক মোক্ষম আঘাট কৰি নিজৰ নৌসেনা হৰমুজ জলদ্বীপলৈ পঠিয়াবলৈ অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমযোগে ট্ৰাম্পে চীন, জাপান, ফ্ৰান্স, দক্ষিণ কোৰিয়া, ব্ৰিটেইন আদি দেশক উদ্দেশ্যি বিচাৰিছিল সহায়ৰ হাত বিচাৰিছিল।

ট্ৰাম্পৰ টুইটৰ পিছতে জাপান চৰকাৰে স্পষ্ট উত্তৰ দিছে যে, কোনো কাৰণত হৰমুজ প্ৰণালীলৈ জাপানৰ নৌসেনাৰ জাহাজ নাযায়। ইৰাণৰ সৈতে ব্যৱসায়িক সম্পৰ্ক অৱনতি ঘটোৱা কোনো কাম নকৰে বুলিও জাপানে স্পষ্ট কৰি দিয়ে। আনহাতে অষ্ট্ৰেলিয়া আৰু দক্ষিণ কোৰিয়াই স্পষ্ট কৰি দিয়ে যে কোনো কাৰণত নৌসেনাৰ জোৱান সমুদ্ৰপৃষ্ঠত মোতায়ন কৰা নহয়।

লগতে পঢ়ক: ডুবাই বিমানবন্দৰৰ সমীপত ভয়ংকৰ ড্ৰোণ আক্ৰমণ; বন্ধ কৰি দিয়া হ’ল বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰ