‘বুৰ্বকসকল!হৰমুজ খুলি দিয়ক, নহ’লে নৰকত যাবা’; আল্টিমেটামৰ পিছত পুনৰ ইৰাণক ধমকি ড’নাল্ড ট্ৰাম্পৰ

ইৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰিছে।তেওঁলোকে কয় যে এই জলপথৰ মাজেৰে কেৱল ইৰাণৰ বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰৰ জাহাজহে পাৰ হ’ব পাৰিব। তাৰ পিছতেই ইৰাণক পুনৰ ট্ৰাম্পে ভাবুকি দিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ১০ দিনৰ বাবে আল্টিমেটাম প্ৰদান কৰিছিল,যিটো ক্ৰমান্বয়ে ম্লান হৈ আহিছে।ট্ৰাম্পে এতিয়া ইৰাণক পুনৰবাৰ ভাবুকি দিছে।তেওঁ খঙেৰে ঘোষণা কৰিছে যে, ” বুৰ্বকসকল, হৰমুজ  খুলি দিয়া—নহ’লে, তোমালোক নৰকলৈ যাবা।”

ট্ৰাম্পে ছ’চিয়েল ট্ৰুথত পোষ্ট কৰি কয়, মঙলবাৰে ইৰাণত একেলগে বিদ্যুৎ কেন্দ্ৰ দিৱস আৰু দলং দিৱস উদযাপন কৰা হ’ব।এনেকুৱা কিবা এটা আগতে কেতিয়াও হোৱা নাই!!!তোমালোক বুৰ্বকসকল—হৰমুজ খুলি দিয়া, নহ’লে নৰকলৈ যাবা!চাই থাকিব! আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক।

৪ এপ্ৰিলৰ নিশা ট্ৰাম্পে ইৰাণক সোঁৱৰাই দিছিল যে মই তেওঁলোকক চুক্তি কৰিবৰ বাবে বা হৰমুজ জলদ্বীপ মুকলি কৰিবলৈ ১০ দিনৰ সময় দিছিলো। তেওঁ কয় দ্ৰুতগতিত সময় পাৰ হৈ গৈ আছে। ৪৮ ঘণ্টাৰ পাছত আমেৰিকাই তেওঁলোকৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিব।

লগতে পঢ়ক: আমেৰিকাই উদ্ধাৰ কৰিলে ইৰাণত সন্ধানহীন হোৱা যুদ্ধ বিমানৰ পাইলটক

আমেৰিকাই উদ্ধাৰ কৰিলে ইৰাণত সন্ধানহীন হোৱা যুদ্ধ বিমানৰ পাইলটক

শুকুৰবাৰে ইৰাণে মধ্য ইৰাণৰ ওপৰেৰে লক্ষ্য কৰি লোৱা আমেৰিকাৰ এখন এফ-১৫ই যুদ্ধ বিমান ভূপতিত কৰে

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধই মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰিছে । ইৰাণে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে, যিয়ে দুয়োখন দেশৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । শুকুৰবাৰে ইৰাণে মধ্য ইৰাণৰ ওপৰেৰে লক্ষ্য কৰি লোৱা আমেৰিকাৰ এখন এফ-১৫ই যুদ্ধ বিমান ভূপতিত কৰে । বিমানখনত থকা পাইলট দুজনৰ এজনক আমেৰিকান বাহিনীয়ে উদ্ধাৰ কৰাৰ বিপৰীতে আনজন নিৰুদ্দেশ হৈ আছিল । ইয়াৰ মাজতে নিৰুদ্দেশ হোৱা পাইলটজনক উদ্ধাৰ কৰা বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ।

ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে- “আমি তেওঁক বিচাৰি উলিয়ালো! মোৰ প্ৰিয় আমেৰিকান নাগৰিকসকল, যোৱা কেইঘণ্টামানৰ পৰা আমেৰিকাৰ সেনাই আমাৰ এজন অবিশ্বাস্য ক্ৰু মেম্বাৰ, এজন অতি সন্মানীয় কৰ্ণেলৰ বাবে আমেৰিকাৰ ইতিহাসৰ অন্যতম সাহসী অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাইছিল আৰু মই আপোনালোকক ক’বলৈ পাই ৰোমাঞ্চিত হৈছো যে তেওঁ এতিয়া নিৰাপদ আৰু সুস্থ !”

তেওঁ আৰু কয়, ‘এই সাহসী যোদ্ধাজন ইৰাণৰ দুৰ্গম পাহাৰত আঁৰত আছিল, প্ৰতি ঘণ্টাত ওচৰ চাপি অহা আমাৰ শত্ৰুৱে খেদি ফুৰিছিল, কিন্তু তেওঁ কেতিয়াও সম্পূৰ্ণৰূপে অকলশৰীয়া নাছিল কাৰণ তেওঁৰ কমাণ্ডাৰ ইন চিফ, যুদ্ধ সচিব, যুটীয়া মুখ্য সেনাধ্যক্ষৰ অধ্যক্ষ আৰু সহযোগী যোদ্ধাসকলে তেওঁৰ অৱস্থাক ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছিল আৰু তেওঁক উদ্ধাৰৰ পৰিকল্পনা কৰিছিল ।’

তেওঁ কয় যে সামৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে শত্ৰুৰ ভূখণ্ডত দুজন আমেৰিকান পাইলটক পৃথকে পৃথকে উদ্ধাৰ কৰা হৈছে । তেওঁ কয়, “আমি কেতিয়াও আমেৰিকাৰ সৈনিকক এৰি নাযাওঁ! কোনো আমেৰিকান সৈনিক নিহত বা আহত নোহোৱাকৈ আমি এই দুয়োটা অভিযান সফলতাৰে পৰিচালনা কৰিবলৈ সক্ষম হোৱাটোৱে আকৌ এবাৰ প্ৰমাণ কৰে যে আমি ইৰাণৰ আকাশৰ ওপৰত আকাশৰ আধিপত্য আৰু শ্ৰেষ্ঠত্ব অৰ্জন কৰিছো । এইটো এনেকুৱা এটা মুহূৰ্ত যিটোৰ বাবে সকলো আমেৰিকান, সেয়া ৰিপাব্লিকান, ডেম’ক্ৰেট, বা আন কোনোবাই হওক, গৌৰৱান্বিত আৰু একত্ৰিত হোৱা উচিত ।”

লগতে পঢ়ক : নামানিলে হ’ব মহাবিপৰ্যয়… হৰমুজক লৈ পুনৰ ইৰাণক ৪৮ ঘন্টাৰ সময়সীমা ট্ৰাম্পৰ

নামানিলে হ’ব মহাবিপৰ্যয়… হৰমুজক লৈ পুনৰ ইৰাণক ৪৮ ঘন্টাৰ সময়সীমা ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে পুনৰ সকীয়াই দিছে যে যদি ইৰাণে নিৰ্দিষ্ট সময়ৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব

আমেৰিকা আৰু ইৰাণ যুদ্ধৰ ৩৬ দিন অতিক্ৰম কৰিলে যদিও কোনো পক্ষই পিছুৱাই যাবলৈ সাজু নহয় । ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ সকীয়াই দিছে যে যদি ইৰাণে নিৰ্দিষ্ট সময়ৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব । তেওঁ ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি লিখিছে যে সময় শেষ হৈ গৈ আছে । আমেৰিকাই ইৰাণক চুক্তিত উপনীত হ’বলৈ আৰু হৰমুজ প্ৰণালী মুকলি কৰিবলৈ ৪৮ ঘণ্টাৰ সময় বান্ধি দিছে ।

ট্ৰাম্পে কয়, “মনত আছেনে যেতিয়া মই ইৰাণক চুক্তিত উপনীত হ’বলৈ বা হৰমুজ প্ৰণালী মুকলি কৰিবলৈ ১০ দিনৰ সময় দিছিলো ?  সময় শেষ হৈ গৈ আছে । ৪৮ ঘণ্টাৰ পিছত আমেৰিকাই তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব ।” ২৬ মাৰ্চত ট্ৰাম্পে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা চুক্তিৰ সময়সীমা বৃদ্ধি কৰা বুলি দাবী কৰিছিল । তেওঁ উল্লেখ কৰে যে এই সময়ছোৱাত আমেৰিকাই ইৰাণৰ বিদ্যুৎ কেন্দ্ৰসমূহক লক্ষ্য কৰি নলয় । কিন্তু ইৰাণে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱক একপক্ষীয় আৰু অন্যায় বুলি অভিহিত কৰি নাকচ কৰে ।

ট্ৰাম্পে কয় যে ইৰাণে নিজৰ বিদ্যুৎ কেন্দ্ৰত আক্ৰমণৰ ক্ষেত্ৰত সাত দিনৰ বাবে স্থগিত ৰখাৰ বাবে অনুৰোধ জনাইছিল যদিও তেওঁ এই সময়সীমা ১০ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়, যিটো ৬ এপ্ৰিলত শেষ হ’ব । ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে তেহৰাণৰ বিষয়াসকলে তেওঁৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰি কূটনৈতিক আলোচনাৰ অংশ হিচাপে অধিক সময়ৰ অনুৰোধ জনাইছে । ট্ৰাম্পে কয়, “তেওঁলোকে মোক অতি ভদ্ৰভাৱে মোৰ মানুহৰ জৰিয়তে সুধিছিল, ‘আমি অলপ বেছি সময় পাব পাৰোনে ? যদি তেওঁলোকে মোৰ কথা নুশুনে, তেন্তে মই তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰি দিম ।’

ট্ৰাম্পে বাৰে বাৰে হৰমুজ প্ৰণালী সন্দৰ্ভত নিজৰ বক্তব্য সলনি কৰি আহিছে । শনিবাৰে দহ দিনৰ সময়সীমাৰ পূৰ্বে ট্ৰাম্পে বিদ্যুৎ কেন্দ্ৰটো ৪৮ ঘণ্টাৰ ভিতৰত আক্ৰমণ কৰাৰ হুংকাৰ দিয়ে । ইয়াৰ পিছত তেওঁ এই সময়সীমা আৰু দহ দিন বৃদ্ধি কৰে আৰু ইয়াৰ মাজতে নাটোক লক্ষ্য কৰি আন এক বিবৃতি প্ৰকাশ কৰি কয় যে হৰমুজ মুকলি কৰাৰ দায়িত্ব এতিয়া তেওঁলোকৰ ওপৰত । তেওঁ লগতে কয় যে এই পথৰ পৰা আমেৰিকাক তেলৰ প্ৰয়োজন নাই আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল দেশসমূহে এই দায়িত্ব বহন কৰিব লাগে ।

লগতে পঢ়ক : বিশ্ব বাণিজ্যত আন এক আঘাত! হৰমুজৰ পিছত সংকটৰ সন্মুখীন আন এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ

আমেৰিকান পাইলটক বন্দী কৰিলে দিয়া হ’ব ৫৫ লাখঃ এফ-১৫ ভূপতিত কৰাৰ পিছতে ইৰাণৰ ঘোষণা

ইৰাণৰ মাটিত নিৰুদ্দেশ হৈছে এজন আমেৰিকান পাইলট । ইৰাণৰ সেনা আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এতিয়া পাইলটজনৰ সন্ধান অব্যাহত ৰাখিছে ।

শুকুৰবাৰে ইৰাণে আমেৰিকাৰ এখন এফ-১৫ যুদ্ধ বিমানক ভূপতিত কৰাৰ দাবী কৰিছে । এই ঘটনাৰ পিছতে ইৰাণৰ মাটিত নিৰুদ্দেশ হৈছে এজন আমেৰিকান পাইলট । ইৰাণৰ সেনা আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)য়ে এতিয়া পাইলটজনৰ সন্ধান অব্যাহত ৰাখিছে । খবৰ অনুসৰি স্থানীয় কৰ্তৃপক্ষই শত্ৰুৰ জোৱানক বন্দী বা হত্যা কৰিলে পুৰস্কাৰ ঘোষণা কৰিছে ইৰাণ সেনাই । এই পৰিস্থিতি আমেৰিকাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । হাগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশৰ গৱৰ্ণৰসকলে আমেৰিকাৰ পাইলটজনক ধৰি গতাই দিয়াৰ বাবে ১০ বিলিয়ন টমান বা প্ৰায় ৫৫ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াইছে ।

আমেৰিকাৰ বিষয়াসকলৰ মতে, এই এফ-১৫ই বিমানখনত দুজন পাইলট আছিল । শুকুৰবাৰে ইয়াৰে এজনক উদ্ধাৰ কৰা হয় যদিও আনজনৰ সন্ধান এতিয়াও অব্যাহত আছে । ইফালে ইৰাণেও দাবী কৰে যে কুৱেইটত আন এখন আমেৰিকাৰ বিমান এ-১০ক লক্ষ্য কৰি লোৱা হৈছে । কিন্তু এই বিমানখনৰ পাইলটৰ প্ৰাণ ৰক্ষা পৰিছে । আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰে নিৰুদ্দেশ হোৱা পাইলটজনক বিচাৰি উলিয়াবলৈ আমেৰিকাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । হেলিকপ্টাৰ আৰু অন্যান্য বিমান প্ৰেৰণ কৰা হৈছিল যদিও এইবোৰো ইৰাণৰ আক্ৰমণৰ সন্মুখীন হৈছিল । কিন্তু এই বিমানবোৰে নিৰাপদে ঘূৰি আহিবলৈ সক্ষম হয় ।

এই ঘটনাক আমেৰিকাৰ বাবে এক বৃহৎ বিপৰ্যয় হিচাপে বিবেচিত হৈছে । খবৰ অনুসৰি ২৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ যুদ্ধ বিমান যুদ্ধত ধ্বংস  কৰা হৈছে । ইয়াৰ পূৰ্বে এনে ঘটনা ২০০৩ চনত ইৰাক যুদ্ধৰ সময়ত সংঘটিত হৈছিল । এতিয়া নিৰুদ্দেশ হোৱা পাইলটজনক জীৱিত অৱস্থাত বন্দী কৰিলে পণবন্দী হ’ব পাৰে বুলি আশংকা কৰা হৈছে । ইয়াৰ ফলত সংঘাত বৃদ্ধি পাব পাৰে ।

লগতে পঢ়ক : বিশ্ব বাণিজ্যত আন এক আঘাত! হৰমুজৰ পিছত সংকটৰ সন্মুখীন আন এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ

ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ F-15E বিমান; আমেৰিকান পাইলটৰ সন্ধানত ইৰাণ চৰকাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ F-15E যুঁজাৰু বিমানখন ইৰাণত পতন হয়। বিমানখন দুজন ক্ৰু মেম্বাৰ আছিল। এজনক এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে।

ইৰাণৰ আকাশত শুকুৰবাৰে ধ্বংস কৰা হ’ল আমেৰিকাৰ F-15E বিমান। ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দেশখনৰ ভিতৰত আমেৰিকাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে।জানিব পৰা মতে, বিমানখনৰ ভিতৰত দুগৰাকী পাইলট আছিল।ইতিমধ্যে বিমানখনৰ দুজন ক্ৰু সদস্যৰ এজনক আমেৰিকাৰ বিশেষ বাহিনীয়ে উদ্ধাৰ কৰিছে আৰু আনজনৰ সন্ধান অব্যাহত ৰাখিছে।

তাৰ মাজতে ইৰাণে এটা ডাঙৰ ঘোষণা কৰিছে। ইৰাণৰ টিভি চেনেলসমূহে ঘোষণা কৰিছে যে যদি কোনো নাগৰিকে আমেৰিকাৰ পাইলট গৰাকীক ধৰি আৰক্ষী বা সেনাবাহিনীৰ হাতত গতাই দিয়ে তেন্তে তেওঁলোকে পুৰস্কাৰ লাভ কৰিব।

কোহগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশৰ পাহাৰীয়া অঞ্চলত এতিয়া ব্যাপক তালাচী চলিছে। কোহগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশ অতি গ্ৰাম্য আৰু পাহাৰীয়া অঞ্চল।ইৰাণৰ বিষয়াসকলে চুবুৰীয়া চহৰমহল আৰু বাখতিয়াৰী প্ৰদেশত তালাচী চলাবলৈ আবেদন জনাইছে।

লগতে পঢ়ক: আমেৰিকাৰ অত্যধুনিক এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

আমেৰিকাৰ অত্যধুনিক এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

ইয়াৰ পূৰ্বে ১৯ মাৰ্চত ইৰাণে আমেৰিকাৰ এফ-৩৫এ যুঁজাৰু বিমান এখন ধ্বংস কৰা বুলি দাবী কৰিছিল আৰু এই ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছিল

মধ্য ইৰাণৰ মাৰ্কাজী প্ৰদেশত ইৰাণী সেনাই আমেৰিকাৰ এফ-৩৫ যুদ্ধ বিমান ধ্বংস কৰিছে বুলি দাবী কৰিছে । ইৰাণৰ খাতিম আল আনবিয়া মুখ্যালয়ে এই দাবী কৰিছে । আল জাজিৰাৰ মতে, ধ্বংসাৱশেষ পৰীক্ষা কৰাত ব্ৰিটেইনৰ লেকেনহিথ এয়াৰ বেছৰ প্ৰমাণ পোৱা গৈছে । এই বিমানঘাটিটো ব্ৰিটেইনত থকা আমেৰিকাৰ বায়ুসেনাৰ এক মূল ঘাটি । বৰ্তমান বিমানখনৰ পাইলট বা অভিযান সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে ১৯ মাৰ্চত ইৰাণে আমেৰিকাৰ এফ-৩৫এ যুঁজাৰু বিমান এখন ধ্বংস কৰা বুলি দাবী কৰিছিল আৰু এই ঘটনাৰ ভিডিঅ’ প্ৰকাশ কৰিছিল । ভিডিঅ’টোত বিমানখনক আক্ৰমণ কৰা দেখা গৈছে যদিও ইয়াৰ দুৰ্ঘটনা নিশ্চিত কৰা হোৱা নাই । কিছুমান খবৰ অনুসৰি বিমানখনৰ ক্ষতি হৈছে, পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হৈছে যদিও সুস্থিৰ হৈ আছে । পাইলটজন ৰক্ষা পৰে আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা নাছিল । পিছত ই মধ্যপ্ৰাচ্যৰ আমেৰিকাৰ বিমান ঘাটিত সফল জৰুৰীকালীন অৱতৰণ কৰে ।

ইৰাণৰ পূৰ্বৰ দাবী আমেৰিকাই খাৰিজ কৰাৰ পিছত ইৰাণে এইবাৰ এফ-৩৫ৰ কেইবাটাও টুকুৰাৰ ফটো প্ৰকাশ কৰিছে । ইৰাণৰ মেহৰ নিউজ এজেন্সীয়ে কয় যে দুৰ্ঘটনাৰ পৰা হোৱা শক্তিশালী বিস্ফোৰণত পাইলটৰ বাবে বাহিৰলৈ ওলোৱাত অসুবিধাৰ সৃষ্টি হৈছে । এই পোষ্টসমূহৰ সন্দৰ্ভত আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে কোনো সঁহাৰি নিদিলেও আই জি আৰ চিয়ে আমেৰিকাৰ যুদ্ধ বিমান এখন ধ্বংস কৰা বুলি পূৰ্বে কৰা দাবীক অস্বীকাৰ কৰে ।

লগতে পঢ়ক : সমুদ্ৰ বক্ষত বাঢিল ভাৰতৰ শক্তি, শত্ৰুৰ নিদ্ৰা হৰণ কৰিবলৈ সাজু আই এন এছ আৰিধমন আৰু তাৰাগিৰি

‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে আগন্তুক দুই-তিনি সপ্তাহৰ ভিতৰত ইৰাণৰ পৰা আমেৰিকা আঁতৰি যাব।তেওঁ কয় যে যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণৰ সৈতে কোনো চুক্তিৰ প্ৰয়োজন নাই।

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক বৃহৎ বিবৃতি দিছে।ট্ৰাম্পে স্পষ্ট কৰি দিছে যে অতি সোনকালে আমেৰিকাই ইৰাণৰ পৰা সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব।তেওঁ লগতে কয় যে, আমেৰিকাক যুদ্ধৰ অন্ত পেলাবলৈ ইৰাণৰ সৈতে কোনো চুক্তি কৰাৰ প্ৰয়োজন নাই।

ট্ৰাম্পে ঘোষণা কৰিছে যে, আমেৰিকাৰ সেনাই অহা দুই-তিনি সপ্তাহৰ ভিতৰত ইৰাণ এৰিব।ট্ৰাম্পে দাবী উত্থাপন কৰি কয় যে, ইৰাণত ‘শাসন ব্যৱস্থা পৰিৱৰ্তন’ৰ লক্ষ্যত উপনীত হৈছে।সেইবাবেই আমেৰিকাই এতিয়া এই সংঘাতক দীঘলিয়া কৰাৰ পক্ষত নাই।

অৱশ্যে ট্ৰাম্পে চুক্তিৰ চৰ্ত সমূহ আঁতৰাই দিছে,কিন্তু তেওঁ এইটোও ইংগিত দিছে যে যুদ্ধ শেষ হোৱাৰ পূৰ্বে এটা চুক্তি হ’ব পাৰে। যদিও ট্ৰাম্পে যুদ্ধ অতি সোনকালে শেষ কৰাৰ কথা ঘোষণা কৰিছে,কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে এতিয়াও কোনো কথা কোৱা নাই।শেহতীয়াকৈ নেতান্যাহুৱে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: ফিলিপাইনছত জৰুৰীকালীন অৱস্থা, পাকিস্তানত স্মাৰ্ট লকডাউন… ইৰাণ যুদ্ধৰ বাবে ভয়াৱহ সংকটত কেইবাখনো দেশ

ফিলিপাইনছত জৰুৰীকালীন অৱস্থা, পাকিস্তানত স্মাৰ্ট লকডাউন… ইৰাণ যুদ্ধৰ বাবে ভয়াৱহ সংকটত কেইবাখনো দেশ

ফিলিপাইনছে এতিয়ালৈকে আটাইতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । পাকিস্তানৰ পৰিস্থিতিও অধিক ভয়াৱহ হৈ পৰিছে ।

ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাত এতিয়া এই তিনিখন দেশতে সীমাবদ্ধ হৈ থকা নাই । এই যুদ্ধৰ ফলত বিশ্বব্যাপী তেল আৰু গেছৰ যোগানত ব্যাঘাত জন্মিছে আৰু এছিয়াৰ বহু দেশেই তীব্ৰ শক্তি সংকটৰ সন্মুখীন হৈছে । বহু ঠাইত পৰিস্থিতি এতিয়া মহামাৰী যুগৰ নিষেধাজ্ঞাৰ দৰে হৈছে । চৰকাৰসমূহে ইন্ধন সংৰক্ষণ আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

ফিলিপাইনছত ৰাষ্ট্ৰীয় শক্তি জৰুৰীকালীন অৱস্থা ঘোষণা-

ফিলিপাইনছে এতিয়ালৈকে আটাইতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে ৰাষ্ট্ৰীয় শক্তি জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ইন্ধনৰ সংকটৰ সতৰ্কবাণী দিছে । বাতৰি অনুসৰি দেশখনত ইন্ধনৰ মজুত মাত্ৰ ৪০ৰ পৰা ৪৫ দিনহে আছে । ইয়াৰ ফলত চৰকাৰে ব্যৱসায়িক সময় হ্ৰাস কৰা, ভ্ৰমণত বাধা আৰোপ কৰা, খাদ্য, ইন্ধন, ঔষধৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানক অগ্ৰাধিকাৰ দিয়াকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ।

স্মাৰ্ট লকডাউনৰ দিশে আগবাঢ়িছে পাকিস্তান-

পাকিস্তানৰ পৰিস্থিতিও অধিক ভয়াৱহ হৈ পৰিছে । শক্তি সংৰক্ষণৰ বাবে সপ্তাহৰ শেষৰ দিনত স্মাৰ্ট লকডাউনৰ কথা চিন্তা কৰিছে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে । ঘৰৰ পৰা কাম কৰাৰ নীতি, বিদ্যালয় বন্ধ কৰা, ভ্ৰমণৰ নিষেধাজ্ঞা ইতিমধ্যে স্থাপন কৰা হৈছে ।

পদক্ষেপ গ্ৰহণ দক্ষিণ কোৰিয়াৰ-

দক্ষিণ কোৰিয়াই নাগৰিকসকলক শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাই ৰাজহুৱা অভিযান আৰম্ভ কৰিছে । চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰি মানুহক কম বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে, ৰাতি চাৰ্জিঙৰ সময় সীমিত কৰা, কম দূৰত্বৰ বাবে চাইকেল বা ৰাজহুৱা পৰিবহণৰ ব্যৱহাৰক উৎসাহিত কৰিছে ।

ভিয়েটনামে বাতিল কৰিলে বিমান-

ভিয়েটনামৰ বিমান পৰিবহণ খণ্ড সংকটৰ সন্মুখীন হৈছে । ভিয়েটনাম এয়াৰলাইন্সে ঘৰুৱা কেইবাটাও পথত বিমান সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে । জেট ইন্ধনৰ মূল্য বৃদ্ধি আৰু যোগানৰ নাটনিৰ বাবে ভিয়েটনামে প্ৰতি সপ্তাহত কেইবাখনো বিমান বাতিল কৰিছে ।

ঘৰৰ পৰা কামৰ নিয়ম কাৰ্যকৰী থাইলেণ্ডৰ-

থাইলেণ্ড চৰকাৰে কঠোৰ শক্তি সঞ্চয় নীতি ৰূপায়ণ কৰিছে । কাৰ্যালয়সমূহ এতিয়া ঘৰৰ পৰা কামৰ ব্যৱস্থালৈ স্থানান্তৰিত হৈছে । এয়াৰ কণ্ডিচনাৰ ব্যৱহাৰো নিয়ন্ত্ৰণ কৰা হৈছে আৰু ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ চৰকাৰী বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা হৈছে ।

শ্ৰীলংকাইও গ্ৰহণ কৰিছে ব্যৱস্থা-

শ্ৰীলংকাত চাৰিদিনীয়া কৰ্ম সপ্তাহ কাৰ্যকৰী কৰা হৈছে । ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে বুধবাৰৰ দিনটোত বন্ধ ঘোষণা কৰা হৈছে । বিষয়াসকলৰ মতে এই ব্যৱস্থাই ইন্ধনৰ ব্যৱহাৰ ২৫% পৰ্যন্ত হ্ৰাস কৰিব পাৰে, যাৰ ফলত এই সংকটৰ সময়ত কিছু সকাহ পোৱা যাব ।

ভাৰতৰ পৰিস্থিতি কেনেকুৱা ?

যদিও ভাৰত কোনো তাৎক্ষণিক সংকটৰ সন্মুখীন হোৱা নাই, তথাপিও ইয়াৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছে । ইন্ধন ষ্টেচনত দীঘলীয়া শাৰী আৰু এটা টকাৰ মূল্য কমি যোৱাটোৱে চাপ বৃদ্ধিৰ ইংগিত দিয়ে । কিন্তু প্ৰায় ৬০ দিনৰ কৌশলগত সংৰক্ষণৰ উপলব্ধতাৰ পৰিপ্ৰেক্ষিতত অদূৰ ভৱিষ্যতে লকডাউনৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা নাই ।

লগতে পঢ়ক : ইৰাণক পুনৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ, খাৰ্গ দ্বীপ ধ্বংস কৰি দিয়াৰ হুংকাৰ

ট্ৰাম্পৰ বিৰুদ্ধে ৰাজপথত নামিল হাজাৰ হাজাৰ লোক, কি হয় এই ন’ কিংছ প্ৰতিবাদ

কেলিফৰ্ণিয়া, টেনেচি, অহাইঅ’, নিউ জাৰ্চি, ডেলাৱেৰ, ফ্ল’ৰিডা, টেক্সাছ, ৱাশ্বিংটন ডি.চি. মিনেছ’টাৰ ছেইণ্ট পলত অনুষ্ঠিত এক সমাৱেশত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ নীতি আৰু কাৰ্যৰ প্ৰতিবাদত সমগ্ৰ আমেৰিকাত ২৮ মাৰ্চত ইমূৰৰ পৰা সিমূৰলৈকে ন’ কিংছৰ প্ৰতিবাদকাৰীসকলক ৰাজপথলৈ ওলাই অহা দেখা যায় । ট্ৰাম্পৰ কাৰ্যকালত এয়া তৃতীয়টো এনেধৰণৰ বিক্ষোভ আছিল ।

শনিবাৰে কেলিফৰ্ণিয়া, টেনেচি, অহাইঅ’, নিউ জাৰ্চি, ডেলাৱেৰ, ফ্ল’ৰিডা, টেক্সাছ, ৱাশ্বিংটন ডি.চি. মিনেছ’টাৰ ছেইণ্ট পলত অনুষ্ঠিত এক সমাৱেশত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে । আমেৰিকাৰ এক প্ৰতিবেদন অনুসৰি গ্ৰেমী বঁটা বিজয়ী গায়ক-গীতিকাৰ ব্ৰুচ স্প্ৰিংষ্টীনেও এই ৰেলীত “ষ্ট্ৰীটছ অৱ মিনিয়াপলিছ” গাইছিল ।

উল্লেখ্য য়ে, পূৰ্বৰ ন’ কিংছ প্ৰতিবাদৰ দৰেই এই প্ৰতিবাদৰো লক্ষ্য আছিল ট্ৰাম্পৰ সিদ্ধান্ত আৰু নীতিক সমালোচনা কৰা । ন’ কিংছ ৱেবছাইটত ২৮ মাৰ্চত প্ৰতিবাদকাৰীসকলে সমালোচনা কৰা নিৰ্দিষ্ট বিষয়সমূহৰ তালিকা প্ৰস্তুত কৰা হৈছিল । এই বিষয়সমূহৰ ভিতৰত আছিল আইচিইৰ দ্বাৰা পৰিচালিত গ্ৰেপ্তাৰ আৰু মৃত্যুৰ লগতে ইৰাণ-আমেৰিকাৰ সংঘাত ।

ন’ কিংছ ৱেবছাইটৰ মতে, মুখা পিন্ধা গোপন আৰক্ষীয়ে সমাজত সন্ত্ৰাস বিয়পাইছে । এক অবৈধ, ধ্বংসাত্মক যুদ্ধই আমাক বিপদত পেলাইছে আৰু আমাৰ খৰচ বৃদ্ধি কৰিছে । আমাৰ বাক স্বাধীনতা, আমাৰ নাগৰিক অধিকাৰ, আৰু আমাৰ ভোটদানৰ স্বাধীনতা আক্ৰমণৰ সন্মুখীন হৈছে । বৃদ্ধি পোৱা খৰচে পৰিয়ালসমূহক সমস্যাত পেলাইছে । ট্ৰাম্পে আমাক একনায়কত্ববাদীৰ দৰে শাসন কৰিব বিচাৰিছে । কিন্তু এইখন আমেৰিকা, ক্ষমতা জনসাধাৰণৰ ।

লগতে পঢ়ক : ইৰাণত গ্ৰাউণ্ড অপাৰেশ্যনৰ প্ৰস্তুতি আমেৰিকাৰ