ইৰাণৰ মাটিত নিৰুদ্দেশ হৈছে এজন আমেৰিকান পাইলট । ইৰাণৰ সেনা আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এতিয়া পাইলটজনৰ সন্ধান অব্যাহত ৰাখিছে ।
শুকুৰবাৰে ইৰাণে আমেৰিকাৰ এখন এফ-১৫ যুদ্ধ বিমানক ভূপতিত কৰাৰ দাবী কৰিছে । এই ঘটনাৰ পিছতে ইৰাণৰ মাটিত নিৰুদ্দেশ হৈছে এজন আমেৰিকান পাইলট । ইৰাণৰ সেনা আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)য়ে এতিয়া পাইলটজনৰ সন্ধান অব্যাহত ৰাখিছে । খবৰ অনুসৰি স্থানীয় কৰ্তৃপক্ষই শত্ৰুৰ জোৱানক বন্দী বা হত্যা কৰিলে পুৰস্কাৰ ঘোষণা কৰিছে ইৰাণ সেনাই । এই পৰিস্থিতি আমেৰিকাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে । হাগিলুয়েহ আৰু বয়ৰ-আহমদ প্ৰদেশৰ গৱৰ্ণৰসকলে আমেৰিকাৰ পাইলটজনক ধৰি গতাই দিয়াৰ বাবে ১০ বিলিয়ন টমান বা প্ৰায় ৫৫ লাখ টকাৰ পুৰস্কাৰ আগবঢ়াইছে ।
আমেৰিকাৰ বিষয়াসকলৰ মতে, এই এফ-১৫ই বিমানখনত দুজন পাইলট আছিল । শুকুৰবাৰে ইয়াৰে এজনক উদ্ধাৰ কৰা হয় যদিও আনজনৰ সন্ধান এতিয়াও অব্যাহত আছে । ইফালে ইৰাণেও দাবী কৰে যে কুৱেইটত আন এখন আমেৰিকাৰ বিমান এ-১০ক লক্ষ্য কৰি লোৱা হৈছে । কিন্তু এই বিমানখনৰ পাইলটৰ প্ৰাণ ৰক্ষা পৰিছে । আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে, শুকুৰবাৰে নিৰুদ্দেশ হোৱা পাইলটজনক বিচাৰি উলিয়াবলৈ আমেৰিকাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । হেলিকপ্টাৰ আৰু অন্যান্য বিমান প্ৰেৰণ কৰা হৈছিল যদিও এইবোৰো ইৰাণৰ আক্ৰমণৰ সন্মুখীন হৈছিল । কিন্তু এই বিমানবোৰে নিৰাপদে ঘূৰি আহিবলৈ সক্ষম হয় ।
এই ঘটনাক আমেৰিকাৰ বাবে এক বৃহৎ বিপৰ্যয় হিচাপে বিবেচিত হৈছে । খবৰ অনুসৰি ২৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ যুদ্ধ বিমান যুদ্ধত ধ্বংস কৰা হৈছে । ইয়াৰ পূৰ্বে এনে ঘটনা ২০০৩ চনত ইৰাক যুদ্ধৰ সময়ত সংঘটিত হৈছিল । এতিয়া নিৰুদ্দেশ হোৱা পাইলটজনক জীৱিত অৱস্থাত বন্দী কৰিলে পণবন্দী হ’ব পাৰে বুলি আশংকা কৰা হৈছে । ইয়াৰ ফলত সংঘাত বৃদ্ধি পাব পাৰে ।
লগতে পঢ়ক : বিশ্ব বাণিজ্যত আন এক আঘাত! হৰমুজৰ পিছত সংকটৰ সন্মুখীন আন এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ









