আই এন এছ আৰিধমনত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ সজ্জিত কৰা হৈছে যিয়ে ইয়াক অধিক দূৰত্বৰ পৰা শত্ৰুক লক্ষ্য কৰি ল’ব পৰাকৈ সক্ষম কৰিব
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে ভাৰতৰ তৃতীয়খন থলুৱা পাৰমাণৱিক চাবমেৰিন আই এন এছ আৰিধমন নৌসেনাত অন্তৰ্ভূক্ত কৰাৰ ইংগিত দিয়ে । তেওঁ লিখিছে যে- এয়া কোনো শব্দ নহয়, এয়া শক্তি । এই চাবমেৰিনে ভাৰতৰ সামুদ্ৰিক পাৰমাণৱিক সুৰক্ষা আৰু অধিক শক্তিশালী কৰিব । ইয়াৰ উপৰিও তেওঁ বিশাখাপট্টনমত নৌসেনাক গতাই দিব উন্নত ষ্টীলথ্ ফ্ৰিগেট আই এন এছ তাৰাগিৰি ।
আই এন এছ আৰিধমনত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ সজ্জিত কৰা হৈছে যিয়ে ইয়াক অধিক দূৰত্বৰ পৰা শত্ৰুক লক্ষ্য কৰি ল’ব পৰাকৈ সক্ষম কৰিব । এতিয়া এই ছাবমেৰিনখনে চূড়ান্ত সাগৰীয় পৰীক্ষা সম্পূৰ্ণ কৰিছে আৰু অতি সোনকালে ইয়াক ষ্ট্ৰেটেজিক কমাণ্ড ফৰ্ছেচত অন্তৰ্ভূক্ত হ’ব । ইয়াৰ পূৰ্বে ২০১৬ চনত আই এন এছ অৰিহান্ত, আৰু ২০২৪ চনৰ আগষ্ট মাহত আই এন এছ আৰিঘাট নৌসেনাত কমিচন কৰা হৈছিল ।
বৰ্তমান ৰাজনাথ সিং বিশাখাপট্টনমত আছে, য’ত ভাৰতৰ সকলো পাৰমাণৱিক চাবমেৰিন নিৰ্মাণ কৰা হয় । আজি তেওঁ থলুৱাভাৱে নিৰ্মিত উন্নত ষ্টীলথ্ ফ্ৰিগেট তাৰাগিৰি ভাৰতীয় নৌসেনাত কমিচন কৰিব । এই সময়ছোৱাত তেওঁ অৰিদমনৰ বিষয়ে পোষ্ট কৰিছে । নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে ইতিমধ্যে ২০২৫ চনৰ ডিচেম্বৰ মাহত উল্লেখ কৰিছিল যে এপ্ৰিলৰ পৰা মে’ মাহৰ ভিতৰত চাবমেৰিনখনে সেৱাত প্ৰৱেশ কৰিব । এতিয়া চূড়ান্ত পৰীক্ষা সম্পূৰ্ণ হৈছে ।
আই এন এছ অৰিহান্ত আৰু আই এন এছ অৰিঘাটৰ তুলনাত অৰিদমন যথেষ্ট উন্নত । ইয়াত আঠটা ভাৰ্টিকেল লঞ্চ টিউব আছে, অৰিহান্তত মাত্ৰ চাৰিটা আছে । অৰ্থাৎ ই একেলগে আৰু অধিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম । ইয়াত ৩৫০০ কিলোমিটাৰ দূৰত্বত আঘাত হানিব পৰা আঠটা কে-৪ ক্ষেপণাস্ত্ৰ বা ৭৫০ কিলোমিটাৰ দূৰত্ব আঘাত কৰিব পৰা ২৪টা কে-১৫ ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিব পাৰে । ইয়াৰ ফলত ভাৰতৰ নৌসেনাৰ পাৰমাণৱিক শক্তি বহু পৰিমাণে বৃদ্ধি পাব ।
আই এন এছ অৰিধমন হৈছে অৰিহান্ত শ্ৰেণীৰ এখন উন্নত পাৰমাণৱিক শক্তিসম্পন্ন বেলিষ্টিক মিছাইল চাবমেৰিন (এছ এছ বি এন)। ক’ড নাম ‘S4’, ইয়াৰ দৈৰ্ঘ প্ৰায় ১২৫ মিটাৰ আৰু ওজন ৭,০০০ টন, যাৰ ফলত ই পূৰ্বৰ মডেলতকৈ ১০০০ টন গধুৰ । ভাৰতীয় নৌসেনাৰ এডভান্সড টেকন’লজি ভেহিকেল (এটিভি) প্ৰকল্পৰ অধীনত বিশাখাপট্টনমত নিৰ্মাণ কৰা হৈছে এই চাবমেৰিনখন ।
আই এন এছ আৰিধমনৰ জৰিয়তে ভাৰতৰ পাৰমাণৱিক সামৰ্থ্য আৰু অধিক শক্তিশালী হ’ব । ইয়াৰ দ্বাৰা ভাৰতৰ “প্ৰথম ব্যৱহাৰ নহয়” নীতিক সমৰ্থন কৰা হয়, অৰ্থাৎ শত্ৰুৱে প্ৰথমে আক্ৰমণ কৰিলে প্ৰতিশোধ ল’বলৈ সাজু হোৱা ।
ইফালে চীনৰ ক্ৰমবৰ্ধমান নৌসেনাৰ উপস্থিতি আৰু পাকিস্তানৰ সৈতে উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই চাবমেৰিনখন হ’ব এক শক্তিশালী উপস্থিতি । ইয়াৰ জৰিয়তে আৰব সাগৰ আৰু ভাৰত মহাসাগৰত ভাৰতৰ উপস্থিতি বৃদ্ধি পাব, যিটো আঞ্চলিক শান্তিৰ বাবে অতি প্ৰয়োজনীয় ।
লগতে পঢ়ক : যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু ভাৰতঃ পশ্চিম এছিয়াৰ সংকটক লৈ ৰাজনাথ সিঙৰ মন্তব্য









