ভয়ংকৰ; ইৰাণৰ ওপৰত আমেৰিকাই নিক্ষেপ কৰিলে ৫ হাজাৰ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা

ভয়ংকৰ; ইৰাণৰ ওপৰত আমেৰিকাই নিক্ষেপ কৰিলে ৫ হাজাৰ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা

আমেৰিকাই হৰমুজৰ প্ৰণালীৰ সমুদ্ৰৰ পথ মুকলি কৰিবৰ বাবে ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত ৫ হাজাৰ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰিছে। মধ্যপ্ৰাচ্যত ইৰাণ, আমেৰিকা, ইজৰাইলৰ যুদ্ধ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে।বিশ্বজুৰি তেল যোগানৰ বাবে আটাইতকৈ জটিল পথ হিচাপে বহুলভাৱে গণ্য কৰা হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে

আমেৰিকাই হৰমুজৰ প্ৰণালীৰ সমুদ্ৰৰ পথ মুকলি কৰিবৰ বাবে ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত ৫ হাজাৰ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰিছে।

মধ্যপ্ৰাচ্যত ইৰাণ, আমেৰিকা, ইজৰাইলৰ যুদ্ধ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ পৰিছে।বিশ্বজুৰি তেল যোগানৰ বাবে আটাইতকৈ জটিল পথ হিচাপে বহুলভাৱে গণ্য কৰা হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে আমেৰিকাই সম্পূৰ্ণ চেষ্টা কৰিছে।

আমেৰিকাৰ সেনাই সেই ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিবোৰত আক্ৰমণ চলাইছে,য’ৰ পৰা সাগৰত যাত্ৰা কৰা জাহাজবোৰক লক্ষ্য কৰি লোৱা হৈছিল। এই আক্ৰমণত আমেৰিকাই নিজৰ অস্ত্ৰভাণ্ডাৰৰ আটাইতকৈ ভয়ংকৰ অস্ত্ৰ অৰ্থাৎ ৫০০০ পাউণ্ডৰ ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰিছে।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ‘এক্স’ (টুইটাৰ)ত এই তথ্য শ্বেয়াৰ কৰি কয় যে, কেইঘণ্টামানৰ আগতে আমেৰিকাৰ সেনাবাহিনীয়ে হৰমুজ প্ৰণালীৰ সমিপত থকা ইৰাণৰ দুৰ্গম ক্ষেপণাস্ত্ৰ ঘাটিত বৃহৎ বোমাৰে ধ্বংস কৰি পেলাইছে। দৰাচলতে, এইটো সেইটো ঠিকনা হয় য’ৰ পৰা ইৰাণৰ জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰই আন্তঃৰাষ্ট্ৰীয় জাহাজ চলোৱাৰ বাবে ভাবুকি কঢ়িয়াই আনিছিল। উল্লেখ্য যে, ইৰাণে এই পথটো বন্ধ কৰি দিছিল,যাৰ মাজেৰে বিশ্বৰ প্ৰায় ২০% তেল পাৰ হয়।ফলত সমগ্ৰ বিশ্বতে পেট্ৰ’ল আৰু ডিজেলৰ দাম আকাশলংঘী হ’বলৈ ধৰিলে আৰু সামুদ্ৰিক পথত ভয়ৰ পৰিৱেশ বিৰাজ কৰিলে।

আমোদজনকভাৱে এই যুদ্ধত ট্ৰাম্পে নিজকে অকলশৰীয়া অনুভৱ কৰিছে।তেওঁ নাটোকে ধৰি নিজৰ পুৰণা মিত্ৰ দেশসমূহৰ পৰা সহায় বিচাৰিছিল,কিন্তু বেছিভাগেই এই যুদ্ধত একত্ৰিত হ’বলৈ অস্বীকাৰ কৰিছে।যাৰ বাবে ট্ৰাম্প যথেষ্ট ক্ষোভিত হৈছে যে বছৰ বছৰ ধৰি আমেৰিকাই নাটোক সমৰ্থন কৰি আহিছে,কিন্তু এতিয়া আমেৰিকাক সহায়ৰ প্ৰয়োজন হোৱাত কোনো দেশেই এখন সৰু জাহাজ পঠিয়াবলৈও ইচ্ছুক নহয়।

লগতে পঢ়ক: হৰমুজ পাৰ হৈ ভাৰত পালেহি নন্দাদেৱী, কঢ়িয়াই আনিছে ৪৭ হাজাৰ মেট্ৰিক টন গেছ

শেহতীয়া প্ৰৱন্ধসমূহ