আমেৰিকাৰ ডাঙৰ ঘোষণা; মুজতাবা খেমেইনীৰ ঠিকনা দিব পাৰিলে লাভ কৰিব ৯২ কোটি টকা

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৯২ কোটিৰো অধিক পুৰস্কাৰ আগবঢ়োৱা হৈছে।

ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰাণৰ বিৰুদ্ধে নিৰন্তৰ আক্ৰমণ চলাই আছে। ইফালে আমেৰিকাই ইৰাণৰ নতুন উচ্চতম নেতা মোজতাবা খামেনেই আৰু ইৰাণৰ অন্যান্য জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে পুৰস্কাৰৰ কথা ঘোষণা কৰিছে।

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)ৰ সৈতে জড়িত আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ অৱস্থিতিৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিলে ১০ মিনিয়ন ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰা হৈছে।১ কোটি ডলাৰ—অৰ্থাৎ ৯২ কোটি ৪৭ লাখ ৪৮ হাজাৰ টকা।

শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ‘ৰিৱাৰ্ডছ ফৰ জাষ্টিছ’ কাৰ্যসূচীৰ জৰিয়তে ৰাজহুৱা কৰা হৈছে, যিটো কূটনৈতিক নিৰাপত্তা সেৱাই পৰিচালনা কৰে।

ইৰাণৰ ওপৰত আটাইতকৈ শক্তিশালী আক্ৰমণ; খাৰ্গ দ্বীপত আমেৰিকাৰ মিছাইল নিক্ষেপ!

ইৰাণৰ খাৰ্গ দ্বীপত আমেৰিকাই আটাইতকৈ শক্তিশালী বিমান আক্ৰমণ কৰিছে। এই আক্ৰমণৰ ফলত তাত থকা সকলো সামৰিক ঘাটি ধ্বংস হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই খবৰ দিছে।

আমেৰিকাৰ  ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাৰ সেনাই ইৰাণৰ গুৰুত্বপূৰ্ণ খাৰ্গ দ্বীপত আটাইতকৈ শক্তিশালী বিমান আক্ৰমণ সংঘটিত কৰিছে।

তেওঁ স্পষ্ট কৰি দিয়ে যে এই আক্ৰমণত ইৰাণৰ সামৰিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে।লগতে সকীয়নী দিছে যে, পৰৱৰ্তী লক্ষ্য তাত থকা তেলৰ আন্তঃগাঁথনিও হ’ব পাৰে। পাৰ্চী উপসাগৰত অৱস্থিত এই সৰু দ্বীপটোৱেই হৈছে ইৰাণৰ তেল ৰপ্তানিৰ মূল পথ।

ট্ৰাম্পে ফ্ল’ৰিডা ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছ’চিয়েল মিডিয়া পোষ্টত এই বৃহৎ আক্ৰমণৰ কথা উল্লেখ কৰে।

ট্ৰাম্পে লিখিছে যে, বৰ্তমান মোৰ নিৰ্দেশত আমেৰিকাৰ সেনা বাহিনীয়ে মধ্যপ্ৰাচ্যৰ ইতিহাসৰ অন্যতম শক্তিশালী বিমান আক্ৰমণ সংঘটিত কৰে আৰু ইৰাণৰ খাৰ্গ দ্বীপত থকা সকলো সামৰিক লক্ষ্য সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল। তেওঁ লগতে কয় যে,মই সিদ্ধান্ত লৈছিলো যে দ্বীপটোৰ তেলৰ আন্তঃগাঁথনি ধ্বংস নকৰো।

ইৰাণৰ উত্তৰ পাৰ্চী উপসাগৰত অৱস্থিত খাৰ্গ দ্বীপৰ পৰাই প্ৰায় ৯০% খাৰুৱা তেল ৰপ্তানি হয়।ই হৰমুজ জলদ্বীপৰ পৰা প্ৰায় ৪৮৩ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত আৰু ই মূল ভূখণ্ডৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দূৰত।ইয়াত প্ৰতিদিনে প্ৰায় ৭০ লাখ বেৰেল তেল ভৰোৱাৰ ক্ষমতা আছে।

লগতে পঢ়ক: ভাৰত আমাৰ বন্ধুঃ হৰমুজ প্ৰণালীক লৈ ইৰানে দিলে ডাঙৰ সংকেত

আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ

পশ্চিম এছিয়াৰত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাতে তীব্ৰ ৰূপ লৈছে । ইয়াৰ মাজতে ইৰানে এক ডাঙৰ জাবী কৰিছে ।

পশ্চিম এছিয়াৰ জলসীমাত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাত বিপজ্জনক স্তৰত উপনীত হৈছে । ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে তেওঁলোকে আমেৰিকাৰ বিমানবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকনৰ ওপৰত নিখুঁত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাই জাহাজখনৰ যথেষ্ট ক্ষতিসাধন কৰে । কিন্তু আমেৰিকাই এই দাবীক ব্যৰ্থ ভাবুকি আখ্যা দি সম্পূৰ্ণৰূপে নাকচ কৰিছে ।

ইৰানৰ চৰকাৰী সংবাদ মাধ্যম প্ৰেছ টিভিৰ মতে, আই আৰ জি চিয়ে ওমানৰ ওচৰৰ সাগৰত এই অভিযান চলাইছিল । ইৰানৰ দাবী যে তেওঁলোকৰ উন্নত অস্ত্ৰই ইৰানৰ সীমান্তৰ পৰা ৩৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত যুদ্ধজাহাজখনক লক্ষ্য কৰি লৈছিল ।

আই আৰ জি চিৰ বিবৃতিত কোৱা হৈছে যে এই আক্ৰমণৰ ফলত আব্ৰাহাম লিংকন নামৰ যুদ্ধ জাহাজখন অক্ষম হৈ পৰে আৰু তীব্ৰ বেগত অঞ্চলটোৰ পৰা আঁতৰি আহিবলগীয়া হয় । ইৰানে বাহৰেইনত থকা আমেৰিকাৰ মিনা ছলমান নৌসেনা ঘাটিতো ড্ৰোন আক্ৰমণ সংঘটিত কৰাৰ দাবী উত্থাপন কৰে ।

ইফালে আমেৰিকাই ইৰানৰ এই দাবীক কল্পনাপ্ৰসূত আৰু ভুৱা বুলি দাবী কৰিছে ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে পুনৰ মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান

যুদ্ধৰ মাজতে পুনৰ মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান

ইৰাণৰ বিৰুদ্ধে যুদ্ধত অংশগ্ৰহণ কৰা এখন আমেৰিকান বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ইৰাণৰ বিৰুদ্ধে চলি থকা যুদ্ধত অংশগ্ৰহণ কৰা আমেৰিকাৰ সেনাবাহিনীৰ ইন্ধন ভৰোৱা এখন বিমান ইৰাকত দুৰ্ঘটনাগ্ৰস্ত হৈছে।

ইৰাকত দুৰ্ঘটনাগ্ৰস্ত হৈছে আমেৰিকাৰ সামৰিক বাহিনীৰ ইন্ধন ভৰোৱা বিমান। এই তথ্য প্ৰদান কৰি আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে কয় যে ইৰাণত চলি থকা সংঘাতৰ মাজতে তেওঁলোকৰ কেচি-১৩৫ ইন্ধন ভৰোৱা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমানখনত পাঁচজন ক্ৰু মেম্বাৰ আছিল।

সামৰিক বাহিনীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে মুঠ দুখন বিমান আছিল, ইয়াৰে এখন বিমানে নিৰাপদ অৱতৰণ কৰাৰ বিপৰীতে আনখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।সেনাই উল্লেখ কৰে যে শত্ৰুৰ আক্ৰমণৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা নাই। বৰ্তমান উদ্ধাৰ অভিযান চলি আছে, আৰু তদন্ত চলি আছে।

বিবৃতিটোত কোৱা হৈছে যে অপাৰেচন ‘এপিক ফিউৰি’ৰ সময়ত বন্ধুত্বপূৰ্ণ আকাশমাৰ্গৰ ভিতৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু উদ্ধাৰ অভিযান আৰম্ভ হৈছে। এই অভিযান ইৰাণক লক্ষ্য কৰি লোৱা আমেৰিকাৰ সামৰিক কাৰ্য্যৰ অংশ আছিল। মন কৰিবলগীয়া যে আমেৰিকাৰ কেচি-১৩৫ এই বিমানখনক দীৰ্ঘ দূৰত্বৰ অভিযানৰ সময়ত যুদ্ধ বিমান আৰু আন সামৰিক বিমানত ইন্ধন ভৰোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

লগতে পঢ়ক: আমেৰিকাৰ পাৰমাণৱিক যুদ্ধজাহাজ জেৰাল্ডত অগ্নিকাণ্ড; ইৰাণক আক্ৰমণৰ বাবে কৰিছিল ব্যৱহাৰ

আমেৰিকাৰ পাৰমাণৱিক যুদ্ধজাহাজ ইউ এছ এছ জেৰাল্ডত অগ্নিকাণ্ড

দাউ দাউ কৈ জ্বলি উঠিল ইৰাণ যুদ্ধত জড়িত আমেৰিকাৰ নৌসেনাৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড।এই যুদ্ধজাহাজখন বৰ্তমান লোহিত সাগৰত আছে।আমেৰিকাৰ সেনাই এই যুদ্ধজাহাজখন ইৰাণক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিছে।

ইৰাণ যুদ্ধৰ সৈতে জড়িত আমেৰিকাৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (চি ভি এন-৭৮)ত অগ্নিকাণ্ড সংঘটিত হৈছে।যুদ্ধ জাহাজখনৰ মূল লন্ডি ৰুমত সংঘটিত হয় এই অগ্নিকাণ্ড। বিশ্বৰ অন্যতম বৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড বৰ্তমান লোহিত সাগৰত নিয়োজিত হৈ আছে। আমেৰিকাৰ সেনাই এই যুদ্ধজাহাজখনক ঘাটি হিচাপে ব্যৱহাৰ কৰি ইৰাণক আক্ৰমণ কৰিছে।

আমেৰিকাৰ নৌসেনাই দাবী কৰিছে যে এই অগ্নিকাণ্ডৰ কাৰণ যুদ্ধ সম্পৰ্কীয় নহয়। আমেৰিকাৰ নৌসেনাই দাবী কৰিছে যে জাহাজখনৰ প্ৰপালচন প্লাণ্টৰ কোনো ক্ষতি হোৱা নাই, আৰু বিমানবাহী জাহাজখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।

অগ্নিকাণ্ডৰ ঘটনাত দুজন আমেৰিকান সৈনিক জীৱন্তে অগ্নিদগ্ধ হৈছে।বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।বৰ্তমান জেৰাল্ড আৰ ফৰ্ড কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপে লোহিত সাগৰত অপাৰেচন এপিক ফিউৰীৰ সমৰ্থনত কাম কৰি আছে।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ পৰা ছ’চিয়েল মিডিয়া ৱেবছাইট এক্সত প্ৰকাশ কৰা এক বিবৃতিত কয়,“১২ মাৰ্চত ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (চিভিএন ৭৮)ত অগ্নিকাণ্ড সংঘটিত হৈছিল,যিটো জাহাজৰ মূল লণ্ড্ৰী এলেকাত আৰম্ভ হৈছিল।”

”জুইৰ কাৰণ যুদ্ধ সম্পৰ্কীয় নাছিল আৰু ইয়াক নিয়ন্ত্ৰণলৈ অনা হৈছে।জাহাজখনৰ প্ৰপালচন প্লাণ্টৰ কোনো ক্ষতি হোৱা নাই আৰু বিমানবাহী জাহাজখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।বৰ্তমান দুজন নাৱিকে চিকিৎসা গ্ৰহণ কৰি আছে, তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ।”

লগতে পঢ়ক: ‘পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব’; দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন মুজতাবা খেমেইনীৰ

‘যুদ্ধ কেতিয়া শেষ হ’ব সেই কথা আমেৰিকাই নহয় আমি সিদ্ধান্ত ল’ম’; ট্ৰাম্পৰ দাবীত ইৰাণৰ প্ৰত্যুত্তৰ

সোমবাৰে নিশা এখন সংবাদমেল যোগে ট্ৰাম্পে কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।তেওঁ ক’লে যে আমি অতি সোনকালে যুদ্ধ শেষ কৰিম। এই মন্তব্যক লৈ এতিয়া ইৰাণৰ প্ৰতিক্ৰিয়া আহিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে চলি থকা যুদ্ধ শীঘ্ৰে শেষ হ’ব পাৰে বুলি মন্তব্য কৰিছে। কিন্তু এতিয়া ইৰাণে ট্ৰাম্পৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে। ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে কয় যে যুদ্ধ কেতিয়া শেষ হ’ব সেই সিদ্ধান্ত আমি কৰিম, আমেৰিকাই নহয়।

সোমবাৰে পুৱা ৩ বজাত ট্ৰাম্পে (ভাৰতীয় সময় অনুসৰি) ফ্ল’ৰিডাৰ নিজৰ ড’ৰাল নেশ্যনেল গ’ল্ফ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে। সাংবাদিকৰ সৈতে কথা পাতি তেওঁ কয়, “মই ভাবো সোনকালে।অতি সোনকালে।” লগতে তেওঁ কয়-যদিহে পুনৰ যুদ্ধ আৰম্ভ হয় তেন্তে ইৰাণৰ ওপৰত আক্ৰমণ আৰু তীব্ৰ হ’ব। ট্ৰাম্পে দাবী কৰে যে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ জৰিয়তে তেওঁৰ লক্ষ্য লাভ কৰিছে।কিন্তু যুদ্ধ কেতিয়া শেষ হ’ব সেই বিষয়ে তেওঁ স্পষ্ট সময়সীমা নিদিলে।

ট্ৰাম্পৰ এই মন্তব্যৰ পিছত ইৰাণৰ হৈ আই আৰ জি চিয়ে এক বিবৃতিত কয় যে, “যুদ্ধ কেতিয়া শেষ হ’ব সেই সিদ্ধান্ত আমি কৰিম। অঞ্চলটোৰ সমীকৰণ আৰু ভৱিষ্যত এতিয়া আমাৰ সশস্ত্ৰ বাহিনীৰ হাতত। আমেৰিকাৰ বাহিনীয়ে যুদ্ধৰ অন্ত পেলাব নোৱাৰে”।

লগতে পঢ়ক: ‘ ইৰাণে তেল বন্ধ কৰিলে ২০ গুণ বেছি হ’ব ধ্বংস’; শীঘ্ৰে যুদ্ধৰ অন্তৰ প্ৰতিশ্ৰুতি দি নতুন আল্টিমেটাম জাৰি ট্ৰাম্পৰ

ট্ৰাম্পৰ সকীয়নিৰ পিছতে ইৰাণত আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, কঁপি উঠিল তেহৰাণ

শনিবাৰে গভীৰ নিশা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰাণৰ ৰাজধানী তেহৰাণত ব্যাপক বিমান আক্ৰমণ চলায়

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই এতিয়া আটাইতকৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে । শনিবাৰে গভীৰ নিশা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰাণৰ ৰাজধানী তেহৰাণত ব্যাপক বিমান আক্ৰমণ চলায় । এইবাৰ আক্ৰমণৰ মূল লক্ষ্য আছিল ইৰাণৰ জীৱনৰেখা বুলি গণ্য কৰা তেল ডিপো আৰু শক্তিৰ আন্তঃগাঁথনি ।

আক্ৰমণৰ পিছত সমগ্ৰ ৰাজধানীত বিস্ফোৰণৰ শব্দ শুনা যায় আৰু দূৰ-দূৰণিৰ পৰাও জুইৰ শিখা আৰু ধোঁৱা দেখা যায় । ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি দক্ষিণ তেহৰাণৰ তেল ডিপো আৰু উত্তৰ-পশ্চিম অঞ্চলৰ শ্বাহৰাণ তেল ডিপোত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা হৈছে ।

আক্ৰমণ ইমানেই নিখুঁত আৰু বিধ্বংসী আছিল যে চুবুৰীয়া চহৰ কাৰাজলৈকে বিস্ফোৰণৰ শব্দ শুনা গৈছিল । ছ’চিয়েল মিডিয়াৰ ফুটেজত দেখা গৈছে যে তেহৰাণৰ আকাশ বিশাল জুইৰ গোলক আৰু ক’লা ধোঁৱাৰ ঢৌৱে আৱৰি ধৰিছে ।

ইজৰাইলৰ সেনাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি দাবী কৰিছে যে ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে ব্যৱহাৰ কৰি থকা ইন্ধন সংৰক্ষণ কেন্দ্ৰসমূহক লক্ষ্য কৰি লোৱা হৈছে । তেহৰাণৰ সমীপৰ ‘শ্বাহৰ-ই-ৰে’ জিলাৰ মূল শোধনাগাৰ আৰু আলবৰ্জ প্ৰদেশৰ কেইবাটাও তেল ডিপো আক্ৰমণৰ সন্মুখীন হৈছে ।

বিশেষজ্ঞসকলৰ মতে শক্তিৰ সুবিধাসমূহৰ ওপৰত এই প্ৰত্যক্ষ আক্ৰমণ ইৰাণৰ অৰ্থনীতি আৰু সামৰিক সামৰ্থ্যক ক্ষতিগ্ৰস্ত কৰাৰ এক ইচ্ছাকৃত কৌশল । বিগত সপ্তাহৰ সংঘাতত ইৰাণৰ শক্তি আন্তঃগাঁথনিক এই পৰিসৰত লক্ষ্য কৰি লোৱা হৈছে ।

লগতে পঢ়ক : ক্ষমা খোজাৰ পাছতো অব্যাহত আক্ৰমণ, ডুবাইৰ মেৰিনা টাৱাৰত ইৰাণী ড্ৰোনৰ আঘাত

ইৰাণৰ ওপৰত আজি হ’ব ভীষণ আক্ৰমণঃ ড’নাল্ড ট্ৰাম্পৰ হুংকাৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে এতিয়ালৈকে তেওঁৰ আটাইতকৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে

পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে এতিয়ালৈকে তেওঁৰ আটাইতকৈ কঠোৰ সতৰ্কবাণী জাৰি কৰিছে । ট্ৰাম্পে স্পষ্টকৈ উল্লেখ কৰিছে যে আজি ইৰাণক তীব্ৰ আক্ৰমণেৰে আক্ৰমণ কৰা হ’ব । তেওঁ ইৰাণক “পশ্চিম এছিয়াৰ লুজাৰ” বুলি অভিহিত কৰি কয় যে তেওঁলোকৰ অহংকাৰ এতিয়া শেষ হৈছে । ইৰাণে চুবুৰীয়া উপসাগৰীয় দেশসমূহৰ ওচৰত ক্ষমা বিচৰাৰ পিছতে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম “ট্ৰুথ ছ’চিয়েল”ত ইৰাণক তীব্ৰ সমালোচনা কৰে । ট্ৰাম্পে কয় যে ইৰাণ এতিয়া পশ্চিম এছিয়াত গুৰু্ত্বপূৰ্ণ শক্তি নহয়, বৰঞ্চ ইৰাণ “পৰাজিত” খেলুৱৈ হৈ পৰিছে । ট্ৰাম্পৰ মতে ইৰাণৰ এই দুৰ্দশাৰ কাৰণ হৈছে আমেৰিকা আৰু ইজৰাইলৰ সামৰিক এক্সন । তেওঁ দাবী কৰে যে ইৰাণক যুদ্ধত তীব্ৰ প্ৰহাৰ কৰাৰ বাবেই চুবুৰীয়া ৰাষ্ট্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে ।

ট্ৰাম্পে নিজৰ পোষ্টত লিখিছে যে হাজাৰ হাজাৰ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ইৰাণক চুবুৰীয়া মধ্যপ্ৰাচ্যৰ দেশসমূহৰ হাতত এনেদৰে পৰাস্ত কৰা হৈছে । তেওঁ কয়, “ইৰাণে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আৰু নিজৰ চুবুৰীয়া দেশসমূহৰ ওপৰত আক্ৰমণ নকৰে । তেওঁলোকৰ সমগ্ৰ পশ্চিম এছিয়া জয় কৰি শাসন কৰাৰ সপোন এতিয়া ছিন্নভিন্ন হৈ পৰিছে ।”

ট্ৰাম্প লগতে তেওঁ ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ভাবুকি দিয়ে । তেওঁ ঘোষণা কৰে যে ইৰাণে সম্পূৰ্ণৰূপে আত্মসমৰ্পণ নকৰালৈকে বা সম্পূৰ্ণৰূপে ধ্বংস নোহোৱালৈকে ইৰাণ “পৰাজিত” হৈ থাকিব । তেওঁ কঠোৰ শব্দৰে কয় যে ইৰাণ এতিয়া “সম্পূৰ্ণ ধ্বংস আৰু নিশ্চিত মৃত্যু”ৰ সীমাত থিয় দিছে ।

বক্তব্যৰ শেষত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে আজি ইৰাণক ভয়াৱহ আঘাত কৰা হ’ব । তেওঁৰ বক্তব্যৰ পিছতে সমগ্ৰ বিশ্বৰ দৃষ্টি পশ্চিম এছিয়ালৈ কেন্দ্ৰীভূত হৈছে । আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণৰ বিৰুদ্ধে বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে । ট্ৰাম্পৰ আগ্ৰাসী স্থিতিৰ পৰা স্পষ্ট হৈ পৰিছে যে তেওঁ যিকোনো মূল্যৰ বিনিময়ত ইৰাণক ৰেহাই দিবলৈ ইচ্ছুক নহয় ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে ডুমছডে ক্ষেপণাস্ত্ৰ পৰীক্ষণ আমেৰিকাৰ, হিৰোচিমাতকৈ সৃষ্টি কৰিব পাৰে অধিক ধ্বংসলীলাৰ

ভীষণ পৰিণতিৰ সন্মুখীন হ’ব লাগিবঃ যুদ্ধ জাহাজ ধ্বংসৰ পিছতে আমেৰিকাক ইৰাণৰ সকীয়নি

ইৰাণে আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰি এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় জলসীমাত গুৰুতৰ আক্ৰমণ বুলি অভিহিত কৰিছে

ভাৰত মহাসাগৰত আমেৰিকান ছাবমেৰিনে ইৰাণৰ যুদ্ধ জাহাজ আইৰিছ ডেনাক ধ্বংস কৰাৰ পিছতে আন্তৰ্জাতিক উত্তেজনা বৃদ্ধি পাইছে । ভাৰতত নৌসেনাৰ অনুশীলনৰ পৰা উভতি আহিছিল জাহাজখন । ইৰাণে আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰি এই আক্ৰমণক আন্তঃৰাষ্ট্ৰীয় জলসীমাত গুৰুতৰ আক্ৰমণ বুলি অভিহিত কৰিছে ।

ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । আন্তঃৰাষ্ট্ৰীয় জলসীমাত ইৰাণৰ জাহাজত আক্ৰমণ কৰাটো “সাগৰত এক বৃহৎ অপৰাধ” বুলি তেওঁ কয় । শেহতীয়াকৈ ভাৰতীয় নৌসেনাৰ ইভেণ্টৰ পৰা উভতি অহা জাহাজখনত প্ৰায় ১৩০ জন নাৱিক আছিল বুলিও তেওঁ কয় । আৰাঘচিয়ে সকীয়াই দিয়ে যে এনে কাৰ্যৰ বাবে আমেৰিকাই “ভীষণ পৰিণতি”ৰ সন্মুখীন হ’ব লাগিব ।

খবৰ অনুসৰি আন্তঃৰাষ্ট্ৰীয় জলসীমাত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ ফ্ৰিগেট IRIS DENAক আক্ৰমণ কৰি ডুবাই । শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ ভাৰত মহাসাগৰত সংঘটিত হয় এই আক্ৰমণ । ভাৰতত যৌথ নৌসেনাৰ অনুশীলনৰ পৰা উভতি গৈছিল জাহাজখন । দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকাই টৰ্পিডোৰে শত্ৰুৰ জাহাজ ডুবোৱা এয়াই প্ৰথমটো ঘটনা ।

IRIS DENA নামৰ ফ্ৰিগেট শ্ৰেণীৰ যুদ্ধজাহাজখনে ১৮ চনৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ বংগ উপসাগৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিছিল । এই অনুষ্ঠানটো MILAN 2026ৰ অংশ আছিল, য’ত বিশ্বৰ কেইবাখনো দেশৰ নৌসেনা জড়িত আছিল । বিশাখাপট্টনমৰ পৰা ইৰাণলৈ উভতি আহি থকা জাহাজখনক আন্তঃৰাষ্ট্ৰীয় জলসীমাত আক্ৰমণ কৰে আমেৰিকাই ।

লগতে পঢ়ক : ভাৰতৰ পৰা উভতি যোৱা ইৰানৰ যুদ্ধ জাহাজ ধ্বংস কৰিলে আমেৰিকাই