আমেৰিকাৰ পাৰমাণৱিক যুদ্ধজাহাজ জেৰাল্ডত অগ্নিকাণ্ড; ইৰাণক আক্ৰমণৰ বাবে কৰিছিল ব্যৱহাৰ

আমেৰিকাৰ পাৰমাণৱিক যুদ্ধজাহাজ ইউ এছ এছ জেৰাল্ডত অগ্নিকাণ্ড

দাউ দাউ কৈ জ্বলি উঠিল ইৰাণ যুদ্ধত জড়িত আমেৰিকাৰ নৌসেনাৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড।এই যুদ্ধজাহাজখন বৰ্তমান লোহিত সাগৰত আছে।আমেৰিকাৰ সেনাই এই যুদ্ধজাহাজখন ইৰাণক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিছে। ইৰাণ যুদ্ধৰ সৈতে জড়িত আমেৰিকাৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (চি

দাউ দাউ কৈ জ্বলি উঠিল ইৰাণ যুদ্ধত জড়িত আমেৰিকাৰ নৌসেনাৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড।এই যুদ্ধজাহাজখন বৰ্তমান লোহিত সাগৰত আছে।আমেৰিকাৰ সেনাই এই যুদ্ধজাহাজখন ইৰাণক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিছে।

ইৰাণ যুদ্ধৰ সৈতে জড়িত আমেৰিকাৰ সৰ্ববৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (চি ভি এন-৭৮)ত অগ্নিকাণ্ড সংঘটিত হৈছে।যুদ্ধ জাহাজখনৰ মূল লন্ডি ৰুমত সংঘটিত হয় এই অগ্নিকাণ্ড। বিশ্বৰ অন্যতম বৃহৎ যুদ্ধ জাহাজ ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড বৰ্তমান লোহিত সাগৰত নিয়োজিত হৈ আছে। আমেৰিকাৰ সেনাই এই যুদ্ধজাহাজখনক ঘাটি হিচাপে ব্যৱহাৰ কৰি ইৰাণক আক্ৰমণ কৰিছে।

আমেৰিকাৰ নৌসেনাই দাবী কৰিছে যে এই অগ্নিকাণ্ডৰ কাৰণ যুদ্ধ সম্পৰ্কীয় নহয়। আমেৰিকাৰ নৌসেনাই দাবী কৰিছে যে জাহাজখনৰ প্ৰপালচন প্লাণ্টৰ কোনো ক্ষতি হোৱা নাই, আৰু বিমানবাহী জাহাজখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।

অগ্নিকাণ্ডৰ ঘটনাত দুজন আমেৰিকান সৈনিক জীৱন্তে অগ্নিদগ্ধ হৈছে।বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে।বৰ্তমান জেৰাল্ড আৰ ফৰ্ড কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপে লোহিত সাগৰত অপাৰেচন এপিক ফিউৰীৰ সমৰ্থনত কাম কৰি আছে।

আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ পৰা ছ’চিয়েল মিডিয়া ৱেবছাইট এক্সত প্ৰকাশ কৰা এক বিবৃতিত কয়,“১২ মাৰ্চত ইউ এছ এছ জেৰাল্ড আৰ ফৰ্ড (চিভিএন ৭৮)ত অগ্নিকাণ্ড সংঘটিত হৈছিল,যিটো জাহাজৰ মূল লণ্ড্ৰী এলেকাত আৰম্ভ হৈছিল।”

”জুইৰ কাৰণ যুদ্ধ সম্পৰ্কীয় নাছিল আৰু ইয়াক নিয়ন্ত্ৰণলৈ অনা হৈছে।জাহাজখনৰ প্ৰপালচন প্লাণ্টৰ কোনো ক্ষতি হোৱা নাই আৰু বিমানবাহী জাহাজখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে।বৰ্তমান দুজন নাৱিকে চিকিৎসা গ্ৰহণ কৰি আছে, তেওঁলোকৰ অৱস্থা এতিয়া সুস্থিৰ।”

লগতে পঢ়ক: ‘পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব’; দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন মুজতাবা খেমেইনীৰ