ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ শীঘ্ৰেই বন্ধ হ’ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল। কিন্তু সোমবাৰে আকৌ ৰাষ্ট্ৰপতি গৰাকীয়ে আল্টিমেটাম জাৰি কৰিছে যে যদি ইৰাণে তেল বন্ধ কৰে তেন্তে আমেৰিকাই ইৰাণক পূৰ্বতকৈ ২০গুণ বেছি শক্তিৰে আক্ৰমণ কৰিব।
ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ মুঠ ১০ দিন পাৰ হৈ গ’ল আৰু মধ্যপ্ৰাচ্যৰ এই সংঘৰ্ষই একাদশ দিনত উপনীত হৈছে।ইয়াৰ পিছতো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মূল লক্ষ্য কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই যে তেওঁলোকে কি বিচাৰে।
সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয় যে ইৰাণৰ বিৰুদ্ধে যুদ্ধ শীঘ্ৰে শেষ হ’ব পাৰে,কিন্তু তেওঁ বিশ্বব্যাপী তেল যোগানত ইৰাণে ব্যাঘাত জন্মালে যুদ্ধ তীব্ৰতৰ কৰাৰ সম্ভাৱনাও থকাৰ লগতে মুকলি ভাবুকিও দিছে।
সোমবাৰে ড’নাল্ড ট্ৰাম্পে কয় যে ইৰাণত চলি থকা আমেৰিকাৰ সামৰিক অভিযান অতি সোনকালে শেষ হ’ব।তেওঁ কয় যে ইয়াৰ দ্বাৰা বজাৰসমূহে আস্থা লাভ কৰিব, কাৰণ মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই বজাৰসমূহত বিশৃংখলতাৰ সৃষ্টি কৰিছে।
ফ্ল’ৰিডাত এখন সংবাদমেলত ট্ৰাম্পে কয়- “যুদ্ধখন সোনকালে শেষ হ’ব, আৰু যদি পুনৰ আৰম্ভ হয় তেন্তে তেওঁলোকক (ইৰাণ) আৰু অধিক কঠোৰ আক্ৰমণ কৰা হ’ব।” ইয়াৰ পূৰ্বে তেওঁ আমেৰিকাৰ সাংসদসকলক জনাইছিল যে এই অভিযান হ’ব “হ্ৰস্বম্যাদী অভিযান”।
ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে যে যদি ইৰাণে হৰমুজ প্ৰণালীত তেলৰ যোগান বন্ধ কৰিবলৈ চেষ্টা কৰে তেন্তে আমেৰিকাই ইৰাণক পূৰ্বতকৈ ২০গুণ বেছি শক্তিৰে আক্ৰমণ কৰিব।
তেওঁ কয় যে আমেৰিকাইও এনে ঘাটি ধ্বংস কৰিব পাৰে যাৰ ফলত ইৰাণৰ বাবে দেশখন পুনৰ নিৰ্মাণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিব।তেওঁ সকীয়াই দিছিল যে ইৰাণৰ ওপৰত “মৃত্যু, জুই আৰু ধ্বংস” ৰ বৰষুণ হ’ব পাৰে, কিন্তু আশা প্ৰকাশ কৰে যে এনে হ’ব নালাগে।
লগতে পঢ়ক: হৰমুজ প্ৰণালীত তীব্ৰতৰ হৈ উঠিছে যুদ্ধ, ভাৰতত স্তব্ধ হৈ পৰিব পাৰে ইণ্টাৰনেট!









