ইৰাণৰ খাৰ্গ দ্বীপত আমেৰিকাই আটাইতকৈ শক্তিশালী বিমান আক্ৰমণ কৰিছে। এই আক্ৰমণৰ ফলত তাত থকা সকলো সামৰিক ঘাটি ধ্বংস হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই খবৰ দিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে আমেৰিকাৰ সেনাই ইৰাণৰ গুৰুত্বপূৰ্ণ খাৰ্গ দ্বীপত আটাইতকৈ শক্তিশালী বিমান আক্ৰমণ সংঘটিত কৰিছে।
তেওঁ স্পষ্ট কৰি দিয়ে যে এই আক্ৰমণত ইৰাণৰ সামৰিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে।লগতে সকীয়নী দিছে যে, পৰৱৰ্তী লক্ষ্য তাত থকা তেলৰ আন্তঃগাঁথনিও হ’ব পাৰে। পাৰ্চী উপসাগৰত অৱস্থিত এই সৰু দ্বীপটোৱেই হৈছে ইৰাণৰ তেল ৰপ্তানিৰ মূল পথ।

ট্ৰাম্পে ফ্ল’ৰিডা ভ্ৰমণৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছ’চিয়েল মিডিয়া পোষ্টত এই বৃহৎ আক্ৰমণৰ কথা উল্লেখ কৰে।
ট্ৰাম্পে লিখিছে যে, বৰ্তমান মোৰ নিৰ্দেশত আমেৰিকাৰ সেনা বাহিনীয়ে মধ্যপ্ৰাচ্যৰ ইতিহাসৰ অন্যতম শক্তিশালী বিমান আক্ৰমণ সংঘটিত কৰে আৰু ইৰাণৰ খাৰ্গ দ্বীপত থকা সকলো সামৰিক লক্ষ্য সম্পূৰ্ণৰূপে ধ্বংস হৈ গ’ল। তেওঁ লগতে কয় যে,মই সিদ্ধান্ত লৈছিলো যে দ্বীপটোৰ তেলৰ আন্তঃগাঁথনি ধ্বংস নকৰো।
ইৰাণৰ উত্তৰ পাৰ্চী উপসাগৰত অৱস্থিত খাৰ্গ দ্বীপৰ পৰাই প্ৰায় ৯০% খাৰুৱা তেল ৰপ্তানি হয়।ই হৰমুজ জলদ্বীপৰ পৰা প্ৰায় ৪৮৩ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত আৰু ই মূল ভূখণ্ডৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ দূৰত।ইয়াত প্ৰতিদিনে প্ৰায় ৭০ লাখ বেৰেল তেল ভৰোৱাৰ ক্ষমতা আছে।
লগতে পঢ়ক: ভাৰত আমাৰ বন্ধুঃ হৰমুজ প্ৰণালীক লৈ ইৰানে দিলে ডাঙৰ সংকেত









