জন্মদিনৰ দিনাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ আহিল আশাৰ খবৰ
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ আহিল আশাৰ খবৰ
হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ দিনাই শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ দিশত এক আশাৰ খবৰ লাভ কৰিছে ৰাজ্যবাসীয়ে । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দিশত আইনী অগ্ৰগতিয়ে অনুৰাগীৰ লগতে ৰাজ্যবাসীলৈ নতুন আশা কঢ়িয়াই আনিছে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২০৮ ধাৰাত অনুমোদন জনাইছে, যাৰ জৰিয়তে ভাৰতীয় কৰ্তৃপক্ষই ছিংগাপুৰত জুবিনৰ মৃত্যুৰ অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰিব । অৰ্থা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ ২০৮ নং ধাৰা প্ৰয়োগত অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে । সেয়েহে এতিয়া ১০ ডিচেম্বৰৰ ভিতৰত এই ঘটনাৰ চাৰ্জ শ্বীট দাখিল কৰিব পাৰিব আৰক্ষীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে মঙলবাৰে ঘোষণা কৰে এই কথা ।
উল্লেখ্য যে, দেশৰ বাহিৰত সংঘটিত হোৱা ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি ল’ব লাগে । অন্যথা ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আদালতে আগবঢ়াব নোৱাৰে । এই ক্ষেত্ৰত প্ৰযোজ্য হয় বি এন এছ এছৰ ২০৮ নং ধাৰা । কেন্দ্ৰীয় চৰকাৰে এই অনুমতি দিয়াৰ পাছতহে আদালতে গোচৰ ল’ব পাৰে । গতিকে চাৰ্জ শ্বীট দাখিল কৰা বা বিচাৰ আৰম্ভ কৰাৰ বাবে এইটো আইনৰ পূৰ্বচৰ্ত ।
এই অনুমতি পোৱাৰ পিছতে এতিয়া এই গোচৰত তদন্তকাৰীসকলক নিৰ্ণায়কভাৱে আগবাঢ়ি যোৱাৰ পথ মুকলি কৰি দিছে । এই অনুমোদনৰ লগে লগে অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে কৰ্তৃপক্ষ ।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে-‘ আজি আমাৰ মৰমৰ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন – তেওঁৰ সংগীত, তেওঁৰ কণ্ঠ আৰু অসমৰ বুকুত তেওঁৰ অপুৰণীয় স্থানৰ কথা সোঁৱৰাই দিয়া দিন ।
এই দিনটোতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী @AmitShah ji ডাঙৰীয়াই BNSSৰ ২০৮ নং ধাৰাত ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় অনুমোদন প্ৰদান কৰিছে ।
বি এন এছ এছৰ ২০৮ নং ধাৰা সহজ ভাষাত কোৱা হৈছে যে-
যদি কোনো অপৰাধ ভাৰতৰ বাহিৰত সংঘটিত হয়, তেন্তে কেন্দ্ৰীয় চৰকাৰে অনুমতি দিয়াৰ পিছতহে আদালতে গোচৰৰ বিচাৰ কৰিব পাৰিব ।
এই অনুমোদন সেয়েহে এক গুৰুত্বপূৰ্ণ আইনী পদক্ষেপ, যিয়ে আমাক অভিযোগনামা দাখিল কৰিবলৈ আৰু গোচৰটো বিচাৰ কৰিবলৈ শক্তিশালী আৰু আইনীভাৱে আগবাঢ়ি যাবলৈ অনুমতি দিয়ে ।
১০ ডিচেম্বৰৰ ভিতৰত অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।‘
লগতে পঢ়ক : ৫৩ বছৰীয়া হ’ল জুবিন গাৰ্গ; কাহিলীপাৰাৰ বাসগৃহত আৱক্ষ মূৰ্তি উন্মোচন