৫৩ বছৰীয়া হ’ল জুবিন গাৰ্গ
আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন । অসমীয়াৰ আপোন শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছত ৰাজ্যবাসী তথা অনুৰাগীয়ে উদযাপন কৰিছে হাৰ্টথ্ৰ’বৰ প্ৰথমটো জন্মদিন । কায়িকভাৱে শিল্পীগৰাকী নাই যদিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লগতে সোণাপুৰৰ জুবিন গাৰ্গ স্থলীত সকলোৱে আৱেগিক হৈ উদযাপন কৰিছে হাৰ্টথ্ৰ’বৰ জন্মদিন ।
আজিৰ এই দিনটোত সমগ্ৰ অসমতে বিভিন্ন কাৰ্যসূচীৰে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰাৰ লগতে কাহিলীপাৰাস্থিত বাসগৃহতো আয়োজন কৰা হয় বিশেষ অনুষ্ঠান । নিশাৰে পৰা কাহিলীপাৰাস্থিত শিল্পীগৰাকীৰ বাসগৃহত তেখেতৰ জন্মদিন উদযাপন কৰিবলৈ অনুৰাগী উপস্থিত হোৱা পৰিলক্ষিত হয় ।
হাৰ্টথ্ৰ’বগৰাকীৰ ৫৩ সংখ্যক ওপজা দিনতে কাহিলীপাৰাৰ বাসগৃহত আজি উন্মোচন কৰা হয় শিল্পীগৰাকীৰ এটি আৱক্ষ মূৰ্তি । শিল্পীগৰাকীৰ পৰিয়াল তথা অনুৰাগীৰ উপস্থিতিত বাসগৃহত থকা তেখেতৰ আপোন বকুলজোপাৰ তলতে উন্মোচন কৰা হয় তেখেতৰ এই প্ৰতিমূৰ্তি । এই আৱক্ষ মূৰ্তি উন্মোচন কৰি উচুপি উঠে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে । এই সময়ত শিল্পীগৰাকীৰ পিতৃ কপিল ঠাকুৰ, ভগ্নী পামী বৰঠাকুৰ আৰু পৰিয়ালৰ আন সদস্যসকলো উপস্থিত থাকে । পিতৃ কপিল ঠাকুৰে আৱক্ষ প্ৰতিমূৰ্তিটো স্পৰ্শ কৰি চোৱা দৃশ্যই সকলোকে আৱেগিক কৰি তোলে ।
কেৱল কাহিলীপাৰাই নহয় সোণাপুৰৰ জুবিন গাৰ্গ ক্ষেত্ৰতো নিশাৰে পৰা অজস্ৰ অনুৰাগী উপস্থিত হৈ শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা পৰিলক্ষিত হয় । দূৰ-দূৰণিৰ পৰা জুবিনক্ষেত্ৰলৈ অসংখ্য অনুৰাগী আহি ভিৰ কৰে । কেক কাটি, জুবিন গাৰ্গৰ জনপ্ৰিয় গীত গাই সকলোৱে উদযাপন কৰে আপোন শিল্পীগৰাকীৰ জন্মদিন ।
লগতে পঢ়ক : অসমত আৰম্ভ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ; শীঘ্ৰেই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী









