“পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল,এতিয়া নালাগে”;মুখ্যমন্ত্ৰী

“পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল,এতিয়া নালাগে”। অসম আৰক্ষী-ত ৫,৮১৮ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ

অসমত চৰকাৰী চাকৰি প্ৰদানৰ সংখ্যা ১ লাখ ৪০ হাজাৰ অতিক্ৰম কৰিলে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।

বুধবাৰে অসম আৰক্ষীৰ ৫,৮১৮গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ চৰকাৰৰ দিনত ১ লাখ ৪০ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পালে। খুব সোনকালেই আমি দুই লাখৰ ওচৰা-উচৰি পাম।”

অসম চৰকাৰে দাবী কৰা স্বচ্ছ নিয়োগ প্ৰক্ৰিয়াৰ অন্তৰ্গত বুধবাৰে মুঠ ৫,৮১৮গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ উপস্থিতিত এই নিযুক্তি প্ৰদান হয়।

প্ৰদান কৰা পদসমূহ হল ১৫৬গৰাকী উপ-পৰিদৰ্শক তথা সম-পৰ্যায়, ৫,৪১০গৰাকী কনিষ্টবল (এ বি / ইউ বি) আৰু সম-পৰ্যায়, ২৫২গৰাকী চতুৰ্থবৰ্গৰ পদ। ইয়াৰ উপৰি চাহ জনজাতিৰ ১২০গৰাকী প্ৰাৰ্থীক ৮ ডিচেম্বৰত পৃথকভাৱে নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব।

নিযুক্তি-পত্ৰ বিতৰণ উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়— “পূৰ্বে চৰকাৰী চাকৰি পাবলৈ টকা লাগিছিল। বহু যুৱকে হতাশাত ড্ৰাগছ আসক্ত হৈছিল, কিছুমানে আলফাতো যোগ দিছিল। কিন্তু আজিৰ দিনত এটকাও নিদিয়াকৈ ১ লাখ ৩৫ হাজাৰ ল’ৰা-ছোৱালীক চাকৰি দিলো।”

তেওঁ আৰু কয়— “অসমত চাকৰি পাবলৈ এতিয়া কোনো ঘোচ দিব নালাগে। চাকৰি পোৱাৰ পিছতো বদলি-পত্ৰৰ বাবে টকা দিয়া নালাগে; বিশেষ প’ৰ্টেলেৰে সৰল ব্যৱস্থা কৰা হৈছে।”

মুখ্যমন্ত্ৰীয়ে কয়— “নিৰ্বাচনৰ সময়ত মই কাৰো লগত আলোচনা নকৰাকৈ ১ লাখ চাকৰি দিম বুলি ঘোষণা কৰিছিলোঁ। বহুতে সন্দেহ কৰিছিল, কিন্তু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ।”

তেওঁ আৰু ঘোষণা কৰে— “সদ্য ৫,৮১৮গৰাকীক নিযুক্তি দিয়া হ’ল। এতিয়া সংখ্যাটো ১ লাখ ৪০ হাজাৰ। আৰু কেইদিনমানৰ ভিতৰতে আৰক্ষী বিভাগত ৫ হাজাৰ নতুন পদৰ বিজ্ঞাপন ওলাব।”

লগতে পঢ়ক: ‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা

‘অসম দিৱস’ত বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ; প্ৰধানমন্ত্ৰীয়েও জনালে শুভেচ্ছা

‘অসম দিৱস’ৰ দিনাই বৃহত্তৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েও জনালে শুভেচ্ছা ।

মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা গৈছে অসম দিৱস তথা চ্যুকাফা দিৱস । আজিৰ দিনটোত বৰ অসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেও চাউলুং চ্যুকাফাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে চৰকাৰেও অসম দিৱসৰ পৱিত্ৰ ক্ষণত স্বৰ্গদেও চাউলুং ছ্যুকাফাক সশ্ৰদ্ধ স্মৰণ কৰে ।

এই দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰবাদ পুৰুষগৰাকীক স্মৰণ কৰি বৰ অসম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে তেওঁ ৰাজ্যবাসীক এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।

সামাজিক মাধ্যমৰ এক পোষ্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“আজিৰ দিনটোতে স্বৰ্গদেও চাওলুং চ্যুকাফাই অসমলৈ আহি আমাৰ ভূমি আৰু ঐতিহ্যৰ ভেটি স্থাপন কৰিছিল । আমি ‘অসম দিৱস’ উদযাপন কৰাৰ সময়ত তেওঁ কল্পনা কৰা অসমখন গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছো ।” লগতে অসম দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম দিৱসত আপোনালোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ, সন্মানীয় অমিত শ্বাহজী । সন্মানীয় নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰে সমগ্ৰ বিশ্বতে আহোম আৰু অসমৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত চেষ্টাত কোনো ত্ৰুটি ৰখা নাই ।”

ইফালে সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে-“অসমৰ মোৰ ভাই-ভনীসকললৈ অসম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো । আজিৰ দিনটো হৈছে স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ দূৰদৰ্শী দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ অংগীকাৰক পুনৰ দোহৰাৰ এক উপলক্ষ ।  যোৱা কেইবছৰমানৰ পৰা কেন্দ্র আৰু অসমৰ এন ডি এ চৰকাৰসমূহে অসমৰ প্রগতি বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰি আছে ৷ ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। টাই-আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত অসংখ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা অসমৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব ।“

লগতে পঢ়ক : সলনি হ’ল প্রধানমন্ত্রীৰ কার্যালয়ৰ নাম; ৰাজভৱনৰো নতুন নামকৰণ

‘ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হও অসমত UCC বলৱৎ কৰিম’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

‘ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হও অসমত UCC বলৱৎ কৰিম’

UNIFORM CIVIL CODE ক লৈ বিধানসভাৰ শীতকালীল অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে।

তেওঁ কৈছে যে, ‘মই যদি পুনৰ মুখ্যমন্ত্ৰী হও তেনেহলে ৰাজ্যত শীঘ্ৰেই UNIFORM CIVIL CODE বলৱৎ কৰিম।অহাবাৰ মুখ্যমন্ত্ৰী হ’লে সদনত উত্থাপন কৰা হ’ব UNIFORM CIVIL CODE’।

‘মোক যিয়ে যিমান পাৰে বাধা দিয়ক।কিন্তু মোক যদি বাধা দিব নোৱাৰে তেন্তে সদনৰ প্ৰথম অধিৱেশনতেই UCC আনিম’।

লগতে পঢ়ক: ‘মই পুনৰ মুখ্যমন্ত্ৰী হ’লে যুৱতীৰ বিবাহৰ ন্যূনতম বয়স হ’ব ২১ বছৰ’; মুখ্যমন্ত্ৰী

‘মই পুনৰ মুখ্যমন্ত্ৰী হ’লে যুৱতীৰ বিবাহৰ ন্যূনতম বয়স হ’ব ২১ বছৰ’; মুখ্যমন্ত্ৰী

‘মই পুনৰ মুখ্যমন্ত্ৰী হ’লে যুৱতীৰ বিবাহৰ ন্যূনতম বয়স হ’ব ২১ বছৰ’

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বহু বিতৰ্কৰ অন্তত সদনত গৃহিত হ’ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক। এই বিধেয়কক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

বিধানসভাত আলোচনাৰ সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে। তেওঁ কৈছে যে, যদি ২০২৬ পুনৰ বিজেপিৰ চৰকাৰ আহে তেনেহলে যুৱতীয়ে বিয়াত বহাৰ বাবে নূন্যতম বয়স ১৮ বছৰৰ সলনি ২১ বছৰ হ’ব।কোনো যুৱতিয়ে ২১ বছৰ তলত বিয়াত বহিব নোৱাৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,’বহু বিবাহ আমি বন্ধ কৰিলো।বাল্য বিবাহ বন্ধ কৰিলো। এতিয়াৰে পৰা সকলো বিবাহ পঞ্জীয়ন কৰিব লাগিব আৰু তালাক বুলিলেই তাৎক্ষণিকভাৱে তালাক দিব নোৱাৰিব।বিবাহ বিচ্ছেদৰ বাবে সকলোৰে বাবে একে আইন হ’ব’।

লগতে পঢ়ক: দ্বিতীয় বিবাহ কৰিলেই হ’ব জে’ল; বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক

দ্বিতীয় বিবাহ কৰিলেই হ’ব জে’ল; বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক

বিধানসভাত উত্থাপন বহুবিবাহ বিৰোধী বিধেয়ক

মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন । অধিৱেশনৰ প্ৰথম দিনটোতে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক ২০২৫ উত্থাপন কৰা হয় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে এই বিধেয়ক । আজি উত্থাপন কৰা এই বিধেয়কত প্ৰথম বিবাহ বৈধ হৈ থকাৰ সময়তে দ্বিতীয় বিবাহ কৰা বা লুকুৱাই ৰখাৰ বাবে কঠোৰ শাস্তিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে ।

এই খচৰা আইনখন ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ বাহিৰে সমগ্ৰ ৰাজ্যৰ বাবে প্ৰযোজ্য হ’ব আৰু সংবিধানৰ ৩৪২ অনুচ্ছেদৰ অধীনত নিৰ্দিষ্ট কৰা অনুসূচিত জনজাতিৰ লোকসকল এই আইনৰ আওঁতালৈ নাহে ।

এই বিধেয়কখনে বহুবিবাহক অপৰাধ হিচাপে গণ্য কৰি সাত বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদানৰ বিধান দিছে আৰু যদি কোনো ব্যক্তিয়ে নিজৰ বৰ্তমানৰ বিবাহ লুকুৱাই ৰাখে তেন্তে তেনে ব্যক্তিক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ বিধান এই বিধেয়কত উল্লেখ আছে ।

ইয়াৰ ভিতৰত গাঁওবুঢ়া, কাজী, পিতৃ-মাতৃ, আইনী অভিভাৱক আদিও অন্তৰ্ভুক্ত আছে । যি কোনো ব্যক্তিয়ে এনে বিবাহৰ বিষয়ে তথ্য “ইচ্ছাকৃতভাৱে লুকুৱাই ৰাখে, আওকাণ কৰে বা অযুক্তিকৰভাৱে পলম কৰে” তেওঁক মূল অপৰাধীসকলৰ দৰে একে ধাৰাত শাস্তিৰ বিধান উল্লেখ আছে । পুনৰাবৃত্তিকাৰী অপৰাধী আৰু সহায়কাৰীসকলেও শাস্তিৰ সন্মুখীন হ’ব লাগিব ।

বিধেয়কখনত এক ব্যাপক ব্যৱস্থাও আছে যিয়ে ইয়াৰ অধিকাৰক্ষেত্ৰ ৰাজ্যখনৰ বাসিন্দাসকলৰ বাহিৰলৈও সম্প্ৰসাৰিত কৰে । এটা নিৰ্দিষ্ট দফাত কোৱা হৈছে, “যিজন ব্যক্তি এই আইন আৰম্ভ হোৱাৰ আগতে সাধাৰণতে অসম ৰাজ্যৰ বাসিন্দা আছিল আৰু যিয়ে জানি-বুজি অসম ৰাজ্যৰ বাহিৰত এটাতকৈ অধিক বিবাহ কৰিব, তেওঁৱো এই আইনৰ বিধানৰ অধীনত শাস্তি লাভ কৰিব ।”

অসমৰ বাহিৰত বাস কৰা কিন্তু ৰাজ্যত স্থাৱৰ সম্পত্তিৰ মালিক বা ৰাজ্যৰ পৰা সুবিধা, ৰাজসাহায্য, বা কল্যাণমূলক সহায় লাভ কৰা লোকৰ ক্ষেত্ৰতো এই বিধেয়ক প্ৰযোজ্য । এই আইনখনে আৰক্ষী বিষয়াসকলক বিবাহ বন্ধ হোৱাৰ পূৰ্বে হস্তক্ষেপ কৰাৰ ক্ষমতা প্ৰদান কৰিছে ।

আৰক্ষীয়ে বহু বিবাহ অনুষ্ঠান চলি থকাৰ তথ্য লাভ কৰাৰ লগে লগে ভাৰপ্ৰাপ্ত বিষয়া বা উপ-পৰিদৰ্শকৰ পদবীৰ তলৰ যিকোনো বিষয়াই সেই স্থানত উপস্থিত হৈ অনুষ্ঠানটোক অবৈধ বুলি ঘোষণা কৰিব, সমাৱেশক ছত্ৰভংগ দিয়াব আৰু বিয়াখন বন্ধ কৰাৰ চেষ্টা কৰিব পাৰিব ।

বহুবিবাহৰ ফলত ক্ষতিগ্ৰস্ত মহিলাসকলক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থাও বিধেয়কখনৰ জৰিয়তে প্ৰদান কৰা হৈছে । আবেদন প্ৰক্ৰিয়াকৰণ আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে এটা নিৰ্দিষ্ট কৰ্তৃপক্ষ নিৰ্ধাৰণ কৰা হ’ব ।

আইনখন বলবৎ হোৱাৰ আগতে কৰা বিবাহসমূহৰ ওপৰত কোনো প্ৰভাৱ নপৰে, যেতিয়ালৈকে ইয়াৰ দ্বাৰা বৰ্তমানৰ ব্যক্তিগত বা প্ৰথাগত আইনসমূহ মানি চলিব আৰু ইয়াৰ বৈধ প্ৰমাণ থাকিব ।

উদ্দেশ্য আৰু কাৰণৰ বিবৃতি অনুসৰি এই বিধেয়কখনৰ লক্ষ্য হৈছে “বহুবিবাহৰ প্ৰথা নিষিদ্ধ আৰু নিৰ্মূল কৰা”, নাৰীক কষ্টৰ পৰা ৰক্ষা কৰা আৰু “সমাজ শুদ্ধ কৰা” ।

লগতে পঢ়ক : জুবিন গাৰ্গক এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াক লৈ বিধানসভাত অনা হ’ব প্ৰস্তাৱ

জুবিন গাৰ্গক ভাৰতৰত্ন দিয়াক লৈ হ’ব প্ৰস্তাৱ

-জুবিনক ভাৰতৰত্ন দিয়াক লৈ সদনত প্ৰস্তাৱ

-অসমৰ ১২৬ গৰাকী বিধায়কে কৰিছে সমৰ্থন

-ইয়াৰ বাবে বিধানসভাত উত্থাপন হ’ব বিশেষ প্ৰস্তাৱ

-সকলোৱে জুবিনক কৰিব আলোচনা

-ইয়াৰ জড়িয়তে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ’ব

-‘জুবিন শাসক-বিৰোধী সকলোৰে’

-‘কিন্তু সভা স্থগিত প্ৰস্তাৱৰ মাজত এনেকৈ উত্থাপন কৰাতো সঠিক নহয়’

-‘জুবিন অসমীয়াৰ সম্পদ’

-জুবিনক ভাৰতৰত্ন দিয়াক লৈ সদনত মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট

২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ । এই নিৰ্বাচনী যুঁজৰ বাবে শাসক-বিৰোধী উভয়েই সাজু হোৱা পৰিলক্ষিত হৈছে । দিছপুৰৰ মচনদ পুনৰ দখলৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপি মিত্ৰজোঁটে । নিজৰ তিনিটা মিত্ৰ দলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ৰণকৌশল প্ৰস্তুতত ব্যস্ত হৈ পৰিছে বিজেপি । ইতিমধ্যে আগন্তুক নিৰ্বাচনৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰা বুলি ৰাজহুৱাকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

বিজেপি, অগপ, বিপিএফ আৰু ইউপিপিএলকে ধৰি ৰাজ্যৰ শাসকীয় বিজেপি মিত্ৰজোঁটে এতিয়া নিৰ্বাচনত শক্তিশালী প্ৰদৰ্শন নিশ্চিত কৰাৰ লক্ষ্যৰে অধিক সংগঠিত নিৰ্বাচনী কৌশলৰ দিশে আগবাঢ়িছে ।

শনিবাৰে বজালীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাৰিটা দলৰ অংশীদাৰিত্ব অক্ষত আছে যদিও আগন্তুক নিৰ্বাচনত মিত্ৰতাই কেনেদৰে কাম কৰিব সেই সন্দৰ্ভত বিতং আলোচনা চলি আছে । তেওঁ কয়,‘বৰ্তমান চাৰিটা দল অগপ, বিজেপি, বিপিএফ আৰু ইউপিপিএল একেলগে আছে । নিৰ্বাচনৰ সময়ত আমি কেনেদৰে আগবাঢ়ো সেয়া কৌশলেৰে পৰিকল্পনা কৰিব লাগিব । আমাৰ উদ্দেশ্য স্পষ্ট- কৌশলগতভাৱে পৰিকল্পনা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত কৰিব লাগিব ।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, শনিবাৰে নিৰ্বাচন পৰিচালনা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰ সমিতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে অগপ, বিপিএফ আৰু ইউপিপিএল নেতৃত্বৰ সৈতে অচিৰেই বৈঠক অনুষ্ঠিত হোৱাৰ লগতে আভ্যন্তৰীণ মূল্যায়ন আৰু প্রার্থীৰ সমীক্ষাও আৰম্ভ কৰা হ’ব ৷

উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিৰ এটা লক্ষ্য হৈছে নতুন মুখ প্ৰক্ষেপ কৰা । ড০ শৰ্মাই কয় যে দলটোৱে কেৱল পুৰণি প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰে আৰু নতুনক অগ্ৰাধিকাৰ দিব লাগিব ।

তেওঁ কয়, ‘বিজেপি কেৱল পুৰণি মুখ লৈ জীয়াই থকা দল নহয়, যদি আমি নতুন প্ৰাৰ্থী আনিব নোৱাৰো তেন্তে দলটো স্থবিৰ হৈ পৰিব । সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিটো নিৰ্বাচনত পাঁচৰ পৰা দহখন নতুন মুখৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । সম্ভৱ হ’লে আমি এই সংখ্যাৰ বাহিৰলৈয়ো যোৱা উচিত ।’

প্ৰজন্মৰ পৰিৱৰ্তন আৰু বৃহৎ প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰাৰ্থী চূড়ান্ত কৰাৰ সময়ত যুৱ নেতা আৰু মহিলাসকলে অধিক গুৰুত্ব লাভ কৰিব । তেওঁ কয়, ‘মই আমাৰ প্ৰাৰ্থীৰ তালিকাত অধিক যুৱক-যুৱতী আৰু মহিলাক স্থান দিব বিচাৰো । দলৰ ভৱিষ্যতৰ বাবে আৰু অধিক গতিশীল ৰাজনৈতিক পৰিৱেশৰ বাবে তেওঁলোকৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয় । আমি যদি ভাল আৰু সক্ষম প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈ সক্ষম হওঁ তেন্তে সঁচাকৈয়ে সুখী হ’ম ।’

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

মিঞাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা উচ্ছেদ অভিযানৰ মাজতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে অভয়াপুৰীত অনুষ্ঠিত হোৱা বিশেষ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত আপত্তি কি আছে । আমাৰ সংবিধানত সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত কোনো বাধা নাই । যদি কোনোৱে গাত পাতি নিজকে নিজে সন্দেহজনক কৰে তাত বাধা দিব নোৱাৰোঁ । যিয়ে নিজকে ভাৰতীয় নাগৰিক বুলি জানে তেওঁ গাত পাতি নলয় । যি নিজেই ভাবে সন্দেহজনক তেওঁহে গাত পাতি ল’ব ।“

তেওঁ পুনৰ কয়-“কংগ্ৰেছ নেতা ৰিপুন বৰাই আওঁপকীয়াকৈ অসমৰ মিঞাসকলক সন্দেহজনক বুলি কৈছে, মই নাইকোৱা । মই সন্দেহজনক মিঞাৰ বিৰুদ্ধেহে কৈছোঁ ।“

কংগ্ৰেছক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়-“অসমত কংগ্ৰেছৰ ৬০ বছৰ চৰকাৰ আছিল । মানুহবিলাকক কংগ্ৰেছে মাটিৰ পট্টা দিব পাৰিলেহেঁতেন । কিন্তু তেওঁলোকে কাকোৱেই পট্টা নিদিলে । তেওঁলোকে মাটিৰ পট্টা দিয়াহেতেন আজি উচ্ছেদো নহ’লহেতেন । এয়া সঁচা কথা । কংগ্ৰেছক মিঞা ভোট দিছে কিন্তু কংগ্ৰেছে তেওঁলোকৰ কাম কৰা নাই । গতিকে মিঞাসকলে কংগ্ৰেছক প্ৰশ্ন কৰক যে কিয় তেওঁলোকক মাটিৰ পট্টা দিয়া নহ’ল ।“

লগতে পঢ়ক : ‘জুবিনক্ষেত্ৰত যিয়ে মদ ঢালিব তাক চোচৰাই গ্ৰেপ্তাৰ কৰিম’; মুখ্যমন্ত্ৰী

 ‘জুবিনক্ষেত্ৰত যিয়ে মদ ঢালিব তাক চোচৰাই গ্ৰেপ্তাৰ কৰিম’; মুখ্যমন্ত্ৰী

‘জুবিনক্ষেত্ৰত যিয়ে মদ ঢালিব তাক চোচৰাই গ্ৰেপ্তাৰ কৰিম’

জুবিনক্ষেত্ৰত উদ্ভণ্ডালি চলোৱাসকলক কঠোৰ সকীয়নি দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মই কেৱল চাৰ্জশ্বীট দাখিললৈহে ৰৈ আছো।

চাৰ্জশ্বীট দিয়াৰ পিছত যিয়ে জুবিনক্ষেত্ৰত মদ ঢালিব তাক মই 100% গ্ৰেপ্তাৰ কৰিম। জুবিনে মদ খোৱা নাছিল, জুবিনক ষড়ষন্ত্ৰ কৰি মদ খুওৱা হৈছিল।

এবাৰ চাৰ্জশ্বীট দাখিল কৰক ইয়াৰ পিছতে যিয়ে জুবিনক্ষেত্ৰত মদ ঢালিব তাকে মই চোচৰাই গ্ৰেপ্তাৰ কৰিম।হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই মনে মনে বহি থাকিব, তেতিয়াই গম পাব কিবা এটা ভাবি আছে। গতিকে জুবিন ক্ষেত্ৰত গৈ এইবোৰ কাম নকৰিব। অন্যথা আপোনালোকৰে সমস্যা হ’ব।

লগতে পঢ়ক: জন্মদিনৰ দিনাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ আহিল আশাৰ খবৰ