জুবিন গাৰ্গক এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

জুবিন গাৰ্গক এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছেঃ বিধানসভাত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

জুবিন গাৰ্গক এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিধানসভাৰ মজিয়াত ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি স্পষ্টকৈ উল্লেখ কৰে । তেওঁ কয় যে,

জুবিন গাৰ্গক এজনে মাৰিছে বাকীসকলে সহযোগ কৰিছে

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে এক উল্লেখযোগ্য বিবৃতি প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বিধানসভাৰ মজিয়াত ছিংগাপুৰত মৃত্যু হোৱা জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি স্পষ্টকৈ উল্লেখ কৰে । তেওঁ কয় যে, সেয়েহে বিশেষ তদন্তকাৰী দলে এই গোচৰত হত্যাৰ অভিযোগ সংযোজন কৰিছে ।

সদনত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘প্ৰাথমিক তদন্তৰ অন্তত অসম আৰক্ষী নিশ্চিত হৈছিল যে এয়া হত্যাৰ গোচৰ নহয়, স্পষ্ট হত্যাকাণ্ড । তেওঁ কয় যে শিল্পীগৰাকীৰ মৃত্যুৰ তিনিদিনৰ ভিতৰতে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা সংযোজন কৰা হৈছে ।

তেওঁ কয়,’ জুবিন গাৰ্গক হত্যা কৰা হৈছিল । ফেচবুক লাইভৰ জৰিয়তে সেইবাবেই মই ইয়াক হত্যা বুলি উল্লেখ কৰিছিলো । ইয়াক লৈ কোনো সন্দেহ নাই । জুবিনক এজন ব্যক্তিয়ে হত্যা কৰিছে বাকীকেইজনে সহযোগিতা কৰিছে । ইয়াৰ বাবেই ৪ৰ পৰা ৫ জন ব্যক্তিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ।‘

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এতিয়ালৈকে SIT য়ে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে, ২৫২ জনক সোধা-পোচা কৰিছে আৰু ২৯ টা সামগ্ৰী জব্দ কৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে ডিচেম্বৰ মাহত হত্যাকাণ্ডৰ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰাৰ পিছত তদন্তক সম্প্ৰসাৰিত কৰি গাফিলতি, অপৰাধমূলক আস্থা ভংগ আৰু অন্যান্য দিশসমূহ অন্তৰ্ভুক্ত কৰা হ’ব । মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে এছ আই টিয়ে কঠোৰ অভিযোগনামা দাখিল কৰিব আৰু অপৰাধৰ আঁৰৰ উদ্দেশ্যেই ৰাজ্যবাসীক স্তম্ভিত কৰিব ।

মুখ্যমন্ত্ৰীয়ে কয়,’ ‘জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে । জুবিনক মৃত্যুৰ আগতে অৱহেলা আৰু বিশ্বাস ভংগ কৰা হৈছিল । SIT-এ প্ৰথমতে ছিংগাপুৰৰ ঘটনাৰ চাৰ্জশ্বীট দিব । চাৰ্জশ্বীট দিয়াৰ পিছতে আন ঘটনাৰ ওপৰত চলিব তদন্ত । ক’ভিডৰ আগৰে পৰা জুবিনৰ লগত ষড়যন্ত্ৰ কৰা হৈছিল । প্ৰায় ৮ বছৰ ধৰি অব্যাহত আছিল ষড়যন্ত্ৰ । ইয়াৰ প্ৰমাণ আমি লাভ কৰিছো । জুবিন গাৰ্গক জীৱিতকালত এজনেও যদি অন্যায় কৰিছে তেঁও সাৰি যাব নোৱাৰিব ।’

উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ পঞ্চদশ শীতকালীন অধিৱেশন । সদনৰ কাৰ্যবিধিৰ আৰম্ভ হোৱাৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত বিৰোধীয়ে অসম বিধানসভা স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত অধ্যক্ষই এই প্ৰস্তাৱ গ্ৰহণ কৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে এই বিষয়ে অৱগত বুলি উল্লেখ কৰি অধ্যক্ষক সদন স্থগিতৰ প্রস্তাৱ মানি ল’বলৈ অনুৰোধ জনায় ৷

শৰ্মাই লগতে কয় যে বিতৰ্কত কোনো শাসকীয় দলৰ সদস্যই কথা নকয় আৰু কেৱল চৰকাৰেহে ইয়াৰ উত্তৰ দিব । অধ্যক্ষই সদন স্থগিতৰ প্ৰস্তাৱ গ্ৰহণ কৰি কয় যে বিতৰ্কৰ শেষত সদনত বিধেয়ক আৰু অনুদানৰ পৰিপূৰক দাবী উত্থাপন কৰা হ’ব ।

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন