অন্ন সেৱা আঁচনিৰ শুভাৰম্ভ; ১১৭ টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ

অন্ন সেৱা আঁচনিৰ শুভাৰম্ভ

ৰাজ্যত সোমবাৰে শুভাৰম্ভ কৰা হয় অন্ন সেৱা আঁচনিৰ । কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰে । ৰাজ্য চৰকাৰে অন্ন সেৱা যোজনা সম্প্ৰসাৰণ কৰি ৰাজসাহায্যযুক্ত হাৰত তিনিবিধ অত্যাৱশ্যকীয় সামগ্ৰী- দালি, চেনি আৰু নিমখ অন্তৰ্ভুক্ত কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰায় ৭০ লাখ পৰিয়ালক উপকৃত কৰে ।

ৰাজ্যৰ ৩৩ হাজাৰ সুলভ মূল্যৰ দোকানত আনুষ্ঠানিকভাৱে এই অন্ন সেৱা আঁচনিখন প্ৰৱৰ্তন কৰা হয়, য’ত এই উপলক্ষে হিতাধিকাৰী, মন্ত্ৰী, বিধায়ক আৰু বিষয়াসকলৰ অংশগ্ৰহণেৰে বিশেষ সভা অনুষ্ঠিত কৰা হয় ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত অন্ন সেৱা আঁচনিৰ কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই পদক্ষেপে চৰকাৰৰ “সমন্বিত উন্নয়ন”ৰ প্ৰতি দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিছে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে,‘এতিয়াৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিখন ঘৰে ৰাজসাহায্যযুক্ত হাৰত দালি, চেনি, নিমখ লাভ কৰিব ।’

এই অন্ন সেৱা আঁচনিৰ অধীনত ৬৯ টকাত ১ কেজি দালি, ৩৮ টকাত চেনী আৰু ১০ টকাত নিমখ লাভ কৰিব (মুঠ ১১৭ টকা) । অৱশ্যে ১ জানুৱাৰীৰ পৰা এই সংযুক্ত মূল্য প্ৰতি ঘৰে ঘৰে মাহে ১০০টকালৈ হ্ৰাস কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“৬৯ টকা দি ১ টকা সলনিৰ চিন্তা কৰাৰ পৰিৱৰ্তে আমি সিদ্ধান্ত লৈছিলো যে ১ জানুৱাৰীৰ পৰা আপুনি কেৱল ১০০ টকা দি দালি, চেনি আৰু নিমখ লাভ কৰিব ।”

আনহাতে দৰিদ্ৰ পৰিয়ালৰ বাবে এল পি জিৰ মূল্যৰ বোজা লাঘৱ কৰাৰ বাবেও এক অতিৰিক্ত ব্যৱস্থাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয়- “উজালা কাৰ্ড থকাসকলৰ বাবে এই গেছৰ দাম ৫৫০ টকা, কিন্তু এই কাৰ্ড অবিহনে ৰন্ধন গেছৰ মূল্য ৯৫০ টকাৰ পৰা ১০০০ টকাৰ ভিতৰত হ’ব পাৰে । ইয়াক সহজ কৰি তুলিবলৈ, গেছ ক্ৰয়ৰ বাবে আমি ২৫০ টকা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত জমা কৰিম।”

ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই পৰম্পৰাগত কল্যাণ বিতৰণ আৰ্হিৰ পৰা প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)লৈ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন সংস্কাৰক ইয়াৰ কৃতত্ব দিয়ে ।

তেওঁ কয়, “যেতিয়া মোদী জীয়ে বেংক একাউণ্ট বাধ্যতামূলক কৰিছিল, তেতিয়া বহুতে ভাবিছিল যে কিয় এনে কৰা হ’ল । কিন্তু যেতিয়া দুখীয়াই গেছ ৰাজসাহায্য আৰু ক’ভিড সাহায্য পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত লাভ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া সকলোৱে তেওঁৰ দূৰদৰ্শিতা বুজি পাইছিল ।”

পূৰ্বৰ চৰকাৰৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে “পূৰ্বৰ চৰকাৰে কেইবছৰমানৰ মূৰে মূৰে এবাৰ ধূতী, কম্বল, চাদৰ বিতৰণ কৰিছিল; ইয়াৰ দীৰ্ঘম্যাদী লাভ কম আছিল ।” তেওঁ কয়- “আগতে মানুহে সভাত উপস্থিত থাকি কোনে কি পাব সেই লৈ তৰ্ক কৰিব লাগিছিল । আজি প্ৰতিটো টকা পোনপটীয়াকৈ দুখীয়াৰ হাতলৈ যায় ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত প্ৰতিশ্ৰুতি দিয়ে যে তেওঁৰ চৰকাৰে ঘৰুৱা কল্যাণমূলক আঁচনিসমূহ আৰু অধিক শক্তিশালী কৰিব । তেওঁ কয়, “আমি আপোনালোকক চাউল, মচুৰ দাইল, চেনি, নিমখ, অৰুণোদয়, নিজুত মইনা দিছো । এতিয়া যদি আপোনালোকে আমাক নিৰ্বাচনত জয়ী কৰায় তেন্তে আমি এক লিটাৰ সৰিয়হৰ তেল দিম । তেতিয়া আপোনালোকৰ ঘৰৰ সকলো চিন্তা নাইকিয়া হৈ যাব ।”

লগতে পঢ়ক : ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’; মুখ্যমন্ত্ৰী

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’; মুখ্যমন্ত্ৰী

‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ’

ৰাজ্যৰ সকলো ছবিগৃহতে সগৌৰৱে চলি আছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু তাৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে ছবিখন মোবাইলত ৰেকৰ্ড কৰি ইউটিউবত দিছে।

এই পাইৰেচীক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেছী কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ।

পাইৰেচী কৰা সকল বিপদত পৰিব।দোষীক কঠোৰ পৰা শাস্তি প্ৰদান কৰা হ’ব।এইক্ষেত্ৰত চৰকাৰ অতিকৈ চিন্তিত। আৰক্ষী সকলকো কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।  

তেওঁ লগতে অসমৰ ৰাইজকো পাইৰেচী নকৰিবলৈ আহ্বান জনাইছে।যদি কোনোৱে এই কাম কৰা বুলি গম পায় তেনেহলে স্থানীয় থানাত খবৰ দিবলৈও আহ্বান জনাইছে।

লগতে পঢ়ক: ‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিগৰাকী বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’; মুখ্যমন্ত্ৰী

‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’; মুখ্যমন্ত্ৰী

‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি বাচ্চা হৈ আছে, তেওঁ ৰাজনীতি বুজি নাপায়’

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে।কংগ্ৰেছত যোগদানক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰি কয় যে, ‘কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৰাকীয়ে ৰাজনীতি বুজি নাপায়।’

‘কাৰণ তেওঁ এতিয়া বাচ্চা হৈ আছে।তেওঁ ৰাজনীতি বুজি নাপায় কাৰণে এনেধৰণৰ সৰু ল’ৰাৰ দৰে কাম কৰি থাকে।’

তেওঁ লগতে কয় যে, ‘যোগদান কাৰ্যসূচী কাক কয় সেই কথা কংগ্ৰেছে নাজানে।এনেকৈ ৰাজনীতি নহয়।’  

লগতে পঢ়ক: ‘কোৰানৰ শপত খাই কওঁ যে…’; বিজেপিৰ সৈতে মিত্ৰতাৰ দাবী অস্বীকাৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

অসমলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী মোদী ? অসমবাসীলৈ উৎসৰ্গা কৰিব দুটাকৈ প্ৰকল্প

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দিল্লীস্থ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় এই বৈঠক । প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ডিচেম্বৰত দুটা বিশেষ প্ৰকল্প অসমবাসীলৈ উৎসৰ্গা কৰিবলৈ আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

উল্লেখ্য যে, ডিচেম্বৰত ৰাজ্যত সম্পূৰ্ণ হৈ উঠিব দুটাকৈ অভিলাষী প্ৰকল্প । কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে নিৰ্মাণ হৈ থকা এই দুটা প্ৰকল্প ডিচেম্বৰত অসমবাসীলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

ডিচেম্বৰতে মুকলি কৰা হব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্পূৰ্ণ নতুন টাৰ্মিনেল । বিশ্বমানৰ এই প্ৰকল্পই প্ৰতি বছৰে গুৱাহাটীক ১.৩ কোটি যাত্ৰীৰে সমৃদ্ধ কৰিব । আনহাতে আনটো অভিলাষী প্ৰকল্প হৈছে নামৰূপস্থিত ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া পৰিসৰৰ শিলান্যাস । ১০,৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প ।

প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পিছত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে-“আজি দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰোঁ। সাক্ষাৎকালত আমি তেখেতক দুটাকৈ যুগান্তকাৰী প্ৰকল্প অসমবাসীলৈ উৎসৰ্গাৰ বিশেষ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলৈ পাই আহ্লাদিত হৈছোঁ ।

প্ৰথমটো প্ৰকল্প হৈছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্পূৰ্ণ নতুন টাৰ্মিনেল। এই বিশ্বমানৰ প্ৰকল্পটোৱে গুৱাহাটীক প্ৰতি বছৰে ১.৩ কোটি যাত্ৰী সামৰ্থ্যৰে সমৃদ্ধ কৰি দেশৰ ভিতৰতে এক প্ৰধান বিমান চলাচল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

দ্বিতীয়টো হৈছে ১০,৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া নামৰূপস্থিত ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া পৰিসৰৰ শিলান্যাস। এই প্ৰকল্পটোৱে সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব।

মাননীয় মোদী ডাঙৰীয়াই আমাৰ প্ৰস্তাৱক সৌজন্যপূৰ্বক সন্মতি প্ৰকাশৰ বাবে আমি কৃতজ্ঞ। তেখেতক আদৰণি জনাবলৈ আমি অত্যন্ত হেঁপাহেৰে অপেক্ষাত ৰৈছোঁ ।“

লগতে পঢ়ক : ‘এয়া ৰাম-সীতাৰ দেশ, লাডেনৰ নহয়…’ বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘এয়া ৰাম-সীতাৰ দেশ, লাডেনৰ নহয়…’ বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিহাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

আজি বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন । এই প্ৰচাৰত সকলো ৰাজনৈতিক দলে নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ তাৰকা প্ৰচাৰক হিমন্ত বিশ্ব শৰ্মাই ছিৱানত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত ৰঘুনাথপুৰত এখন ৰাজহুৱা সভাত আজি ভাষণ প্ৰদান কৰে । হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ সকলো ওছামা বিন লাডেনক নিৰ্মূল কৰিব লাগিব । এই বক্তব্যৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ জে ডিৰ প্ৰাৰ্থী তথা চাহাবুদ্দিনৰ পুত্ৰ ওছামা চাহাবক লক্ষ্য কৰি লয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰঘুনাথপুৰলৈ অহাৰ আগতে মই ভাবিছিলো যে ইয়াত ভগৱান ৰাম, লক্ষ্মণ আৰু মাতৃ সীতাক দেখা পাম । কিন্তু মোক কোৱা হৈছিল যে ইয়াত বহুতো ৰাম, লক্ষ্মণ আৰু সীতা আছে, কিন্তু এজন ওছামাও আছে । মই সুধিলোঁ, ওছামা কোন ? এই ওছামা পূৰ্বৰ ওছামা বিন লাডেনৰ দৰে । আমি নিশ্চিত কৰিব লাগিব যে এজনো ওছামা বিন লাডেন যাতে নাথাকে । ওছামাৰ পিতৃ আছিল শ্বাহাবুদ্দিন ।” আৰ জে ডিৰ প্ৰাৰ্থী ওছামা চাহাবৰ নাম নোলোৱাকৈয়ে অসমৰ মুখ্যমন্ত্ৰীগৰায়ে তেওঁক ওছামা বিন লাডেনৰ লগত তুলনা কৰে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই দেশৰ সকলো ওছামাক এটা এটাকৈ নিৰ্মূল কৰিব লাগিব । তেওঁ কয় যে এই দেশ ৰাম-সীতাৰ ভূমি, ওছামা বিন লাডেনৰ দৰে কোনোবা এজনৰ আধিপত্য কেতিয়াও গ্ৰহণযোগ্য নহয় ।

উল্লেখ্য যে, ছিৱানৰ ৰঘুনাথপুৰ সমষ্টিৰ পৰা আৰ জে ডিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ওছামা চাহাবে । জন সুৰজ পাৰ্টিৰ টিকটত ৰাহুল কীৰ্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে জে ডি ইউয়ে বিকাশ কুমাৰ সিঙক মনোনীত কৰিছে । ৰঘুনাথপুৰক ওছামাৰ পিতৃ তথা ছাহাবুদ্দিনৰ দুৰ্গ হিচাপে গণ্য কৰা হয় । ওছামাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰো ৰুজু হৈছে । আৰ জে ডিয়ে ওছামাক টিকট দিয়াৰ সিদ্ধান্তক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে, সমালোচকসকলে আৰ জে ডিৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৰাজ্যৰ বিকাশকেন্দ্ৰিক বিভিন্ন বিষয় আলোচনা

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি চলি থকা বিভিন্ন কল্যাণমূলক পদক্ষেপ আৰু ৰাজ্যখনৰ মূল উন্নয়নমূলক বিষয়সমূহৰ ওপৰত আলোচনা কৰে ৷

গৃহমন্ত্ৰী শ্বাহৰ চৰকাৰী বাসগৃহত প্ৰায় ২০ মিনিটৰ বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বৰ্তমান চলি থকা কেইবাখনো কল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক নিৰন্তৰ পথ প্ৰদৰ্শন আৰু অসমৰ বিকীশৰ গতিপথ শক্তিশালী কৰাৰ অটল দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

এই আলোচনাত ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে জনকল্যাণৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে ভৱিষ্যতৰ কৌশলসমূহো সামৰি লোৱা হয় ।

এই সাক্ষাতৰ পিছত এক্সত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক অসমৰ সৈতে জড়িত চলি থকা বিভিন্ন কল্যাণমূলক কাম আৰু অন্যান্য বিষয়ৰ বিষয়ে অৱগত কৰিলোঁ । তেওঁৰ পথ প্ৰদৰ্শন আৰু অসমৰ বিকাশৰ গতি শক্তিশালী কৰাৰ অদম্য প্ৰচেষ্টাৰ বাবে আমি অত্যন্ত কৃতজ্ঞ ।”

লগতে পঢ়ক : কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ?

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে । ইয়াৰ মাজতে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত সোমবাৰে এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সোমবাৰে জামুগুৰিহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিলৰ দিন ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,’১৭ ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দিব লাগে । ৮ তাৰিখৰ ভিতৰতে দিবলৈ মই লক্ষ্য লৈছোঁ । আমি এতিয়া সকলো ফালৰ পৰাই প্ৰস্তুত ।‘

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়,’বিদেশত যদি কোনো ঘটনা হয় চাৰ্জশ্বীট দিয়াৰ পূৰ্বে গৃহ মন্ত্ৰালয়ৰ এক অনুমোদনৰ প্ৰয়োজন হয় । দেওবাৰে গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাত কৰি আহিছোঁ যাতে আমি অনুমোদন সোনকালে পাব পাৰোঁ ।‘

তেওঁ কয় যে, আগন্তুক তিনি-চাৰি দিনৰ ভিতৰতে এছ আই টিয়ে গৃহ মন্ত্ৰালয়লৈ অনুমতিৰ বাবে পত্ৰ প্ৰেৰণ কৰিব । ইয়াৰ পিছক চাৰ্জশ্বীট দাখিলৰ বাবে অনুমোদন পোৱা যাব । লগে লগে ৭, ৮ অথবা ৯ ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে অনুদান আগবঢ়োৱাৰ কথা নস্যাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই অভিযোগ নস্যাৎ কৰি তেওঁ কয় যে, ‘অসম চৰকাৰে এটকাও দিয়া নাই । ইচ্ছা কৰিলে আপোনালোকে আৰ টি আই মাৰিব পাৰে ।’

লগতে পঢ়ক : ‘জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিঞাৰ ৰক্ষা নাই’; মুখ্যমন্ত্ৰী

‘জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যা আছিল’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যা আছিল

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। সমগ্ৰ অসমবাসীয়ে হিয়াৰ আমঠু গৰাকীৰ লগত ছিংগাপুৰত কি হৈছিল সেই কথা জানিব বিচাৰি আছে।

তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়। ছিংগাপুৰত জুবিনক হত্যা কৰা হৈছিল’।

জামুগুৰিহাটত চাৰ্জশ্বীট দাখিলৰ সময়ক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে এক নতুন ঘোষণা কৰিছে। তেওঁ কয়, ‘‘জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি ১৭ ডিচেম্বৰৰ আগতে দিব লাগে”।

“মই টাৰ্গেট দিছোঁ ৮ তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে।চৰকাৰ সকলো ফালৰ পৰা প্ৰস্তুত হৈ আছো। বিদেশত যদি কিবা ঘটনা হয়, চাৰ্জশ্বীট দিয়াৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এটা অনুমোদন লাগে”।

“দেওবাৰে মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছোঁ, যাতে আমি অনুমোদনটো সোনকালে পাব পাৰোঁ।’’

তেওঁ লগতে কয় যে, ‘‘মই ভাবো যে অহা তিনি-চাৰিদিনৰ ভিতৰতে SITয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ লিখিব। অনুমোদন আমি পাই যাম। লগে লগে আমি ৭, ৮ বা ৯ তাৰিখৰ ভিতৰত চাৰ্জশ্বীট দি দিম।’’

লগতে পঢ়ক: ‘জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিঞাৰ ৰক্ষা নাই’; মুখ্যমন্ত্ৰী

‘জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিঞাৰ ৰক্ষা নাই’; মুখ্যমন্ত্ৰী

‘জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিঞাৰ ৰক্ষা নাই’

পুনৰ অবৈধ মিঞাক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অবৈধ মিঞাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে, অসমত অবৈধ মিঞাৰ শান্তি নাই। আজিও বিহালীত উচ্ছেদ চলি আছে।

যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো অবৈধ মিঞাৰ কোনো শান্তি নাই। অবৈধ মিঞাই জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও তেওঁলোকক ক্ষমা কৰাত নাই।অবৈধ মিঞাৰ বিৰুদ্ধে এক্সন চলিবই। মই মুখ্যমন্ত্ৰী হৈ থাকিলে অবৈধ মিঞাৰ টেনচন থাকিবই।

লগতে পঢ়ক: ‘বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে’; মুখ্যমন্ত্ৰী