বিহাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
আজি বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন । এই প্ৰচাৰত সকলো ৰাজনৈতিক দলে নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে । অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ তাৰকা প্ৰচাৰক হিমন্ত বিশ্ব শৰ্মাই ছিৱানত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত ৰঘুনাথপুৰত এখন ৰাজহুৱা সভাত আজি ভাষণ প্ৰদান কৰে । হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ সকলো ওছামা বিন লাডেনক নিৰ্মূল কৰিব লাগিব । এই বক্তব্যৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ জে ডিৰ প্ৰাৰ্থী তথা চাহাবুদ্দিনৰ পুত্ৰ ওছামা চাহাবক লক্ষ্য কৰি লয় ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “ৰঘুনাথপুৰলৈ অহাৰ আগতে মই ভাবিছিলো যে ইয়াত ভগৱান ৰাম, লক্ষ্মণ আৰু মাতৃ সীতাক দেখা পাম । কিন্তু মোক কোৱা হৈছিল যে ইয়াত বহুতো ৰাম, লক্ষ্মণ আৰু সীতা আছে, কিন্তু এজন ওছামাও আছে । মই সুধিলোঁ, ওছামা কোন ? এই ওছামা পূৰ্বৰ ওছামা বিন লাডেনৰ দৰে । আমি নিশ্চিত কৰিব লাগিব যে এজনো ওছামা বিন লাডেন যাতে নাথাকে । ওছামাৰ পিতৃ আছিল শ্বাহাবুদ্দিন ।” আৰ জে ডিৰ প্ৰাৰ্থী ওছামা চাহাবৰ নাম নোলোৱাকৈয়ে অসমৰ মুখ্যমন্ত্ৰীগৰায়ে তেওঁক ওছামা বিন লাডেনৰ লগত তুলনা কৰে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই দেশৰ সকলো ওছামাক এটা এটাকৈ নিৰ্মূল কৰিব লাগিব । তেওঁ কয় যে এই দেশ ৰাম-সীতাৰ ভূমি, ওছামা বিন লাডেনৰ দৰে কোনোবা এজনৰ আধিপত্য কেতিয়াও গ্ৰহণযোগ্য নহয় ।
উল্লেখ্য যে, ছিৱানৰ ৰঘুনাথপুৰ সমষ্টিৰ পৰা আৰ জে ডিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ওছামা চাহাবে । জন সুৰজ পাৰ্টিৰ টিকটত ৰাহুল কীৰ্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে জে ডি ইউয়ে বিকাশ কুমাৰ সিঙক মনোনীত কৰিছে । ৰঘুনাথপুৰক ওছামাৰ পিতৃ তথা ছাহাবুদ্দিনৰ দুৰ্গ হিচাপে গণ্য কৰা হয় । ওছামাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰো ৰুজু হৈছে । আৰ জে ডিয়ে ওছামাক টিকট দিয়াৰ সিদ্ধান্তক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে, সমালোচকসকলে আৰ জে ডিৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।
লগতে পঢ়ক : কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা









