কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ? জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে । ইয়াৰ মাজতে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত সোমবাৰে এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে জামুগুৰিহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী

কেতিয়া দাখিল হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট ?

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষীপ্ৰ গতিত চলি আছে । ইয়াৰ মাজতে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত সোমবাৰে এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

সোমবাৰে জামুগুৰিহাটত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিলৰ দিন ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,’১৭ ডিচেম্বৰৰ পূৰ্বে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দিব লাগে । ৮ তাৰিখৰ ভিতৰতে দিবলৈ মই লক্ষ্য লৈছোঁ । আমি এতিয়া সকলো ফালৰ পৰাই প্ৰস্তুত ।‘

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়,’বিদেশত যদি কোনো ঘটনা হয় চাৰ্জশ্বীট দিয়াৰ পূৰ্বে গৃহ মন্ত্ৰালয়ৰ এক অনুমোদনৰ প্ৰয়োজন হয় । দেওবাৰে গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাত কৰি আহিছোঁ যাতে আমি অনুমোদন সোনকালে পাব পাৰোঁ ।‘

তেওঁ কয় যে, আগন্তুক তিনি-চাৰি দিনৰ ভিতৰতে এছ আই টিয়ে গৃহ মন্ত্ৰালয়লৈ অনুমতিৰ বাবে পত্ৰ প্ৰেৰণ কৰিব । ইয়াৰ পিছক চাৰ্জশ্বীট দাখিলৰ বাবে অনুমোদন পোৱা যাব । লগে লগে ৭, ৮ অথবা ৯ ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইফালে ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে অনুদান আগবঢ়োৱাৰ কথা নস্যাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই অভিযোগ নস্যাৎ কৰি তেওঁ কয় যে, ‘অসম চৰকাৰে এটকাও দিয়া নাই । ইচ্ছা কৰিলে আপোনালোকে আৰ টি আই মাৰিব পাৰে ।’

লগতে পঢ়ক : ‘জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও অবৈধ মিঞাৰ ৰক্ষা নাই’; মুখ্যমন্ত্ৰী