‘বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে’; মুখ্যমন্ত্ৰী

বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে

জুবিনৰ নকল অনুৰাগী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘১৭ ডিচেম্বৰৰ পূৰ্বেই SITএ জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ ছাৰ্জশ্বীট দাখিল কৰিব।

লগতে তেওঁ কয় যে, জুবিনক্ষেত্ৰত একাংশ অনুৰাগী যায় যিসকল জুবিন অনুৰাগী নহয়, তেওঁলোকক গৌৰৱ গগৈ আৰু অখিল গগৈয়ে তালৈ নিয়ে।

যাৰবাবে প্ৰকৃত জুবিন অনুৰাগী সকলে কষ্ট পায়।মিঞা সমাজৰ এচাম লোকে জুবিন ক্ষেত্ৰলৈ আহি জুবিনক কষ্ট দিছে।জুবিনে নমতা আলহীক অতিকৈ বেয়া পাইছিল।

তেওঁ আৰু কয় যে,কংগ্ৰেছে জুবিন গাৰ্গক ৰাজনৈতিক উদ্দেশ্যেত ব্যৱহাৰ কৰিছে।  বিজেপিৰ সদস্যসকল হে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী। তেওঁলোকে হে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে।

২৬ৰ নিৰ্বাচন হৈ যোৱাৰ পিছত জুবিনৰ সকলো নকল অনুৰাগী নাইকীয়া হৈ যাব।এই কামসূহ কেৱল নিৰ্বাচনক লৈহে চলি আছে। জুবিনৰ গান এটাৰ নাম সুধিলেও তেওঁলোকে ক’ব নোৱাৰে।

লগতে পঢ়ক: ‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ৰাইজে ভবাতকৈ ভাল হ’ব’; মুখ্যমন্ত্ৰী

‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ৰাইজে ভবাতকৈ ভাল হ’ব’; মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ৰাইজে ভবাতকৈ ভাল হ’ব

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, জুবিনৰ ঘটনাৰ তদন্তত চৰকাৰে যিমান কৰিব লাগে সকলো কৰিছে।

চৰকাৰে হিচাপতকৈ এটা ষ্টেপ অধিক কৰিছে। আৰু ইয়াৰ প্ৰমাণ সকলো সময়তে অসমৰ ৰাইজে পাব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমবাসীয়ে আৰু মাত্ৰ এমাহ অপেক্ষা কৰক। এমাহৰ পাছত চাৰ্জশ্বীট দাখিল কৰা হ’ব

যিদিনা চাৰ্জশ্বীট দাখিল কৰিব সিদিনা চৰকাৰে কিমান কৰিছে সেই কথা প্ৰমাণ হ’ব।জুবিনৰ ন্যায় দিবলৈ চৰকাৰে কি কৰিছে এমাহৰ পিছত সেয়া ৰাইজে দেখিবলৈ পাব।

লগতে পঢ়ক: আৰু মাত্ৰ কেইটামান ঘন্টাৰ অপেক্ষা; ধলপুৱাতে ছবিগৃহত শুভমুক্তি পাব ৰৈ ৰৈ বিনালে  

শীঘ্ৰেই নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা ! কঠোৰ মুখ্যমন্ত্ৰী

শীঘ্ৰেই নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা

-অসমত শীঘ্ৰেই নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা

-এজন ব্যক্তিক অপহৰণ কৰি মুক্তিৰ বাবে ২২ লাখ টকা দাবী সংগঠনটোৰ নেতাৰ

-ধনদাবী কৰি গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ নেতা  ইনজামুল হক, মোহন বৰা

-বিশ্বজিত দলে, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজবল্ল কলিতা

-সংগঠনটোক লৈ কঠোৰ মুখ্যমন্ত্ৰী

-‘লাচিত সেনাৰ কাৰ্যক লৈ চৰকাৰ অসন্তুষ্ট’

-‘লাচিত সেনাৰ কাৰ্যক চৰকাৰে কৰি আছে লক্ষ্য’

-‘আলফাৰ দৰে লাচিত সেনাকো নিষিদ্ধ ঘোষণা কৰিব লাগিব’

-‘ব্যৱসায়ীসকলক লাচিত সেনাই অত্যাচাৰ কৰে’

-‘অসমৰ ব্যৱসায়ীক পৰিৱেশ নষ্ট কৰিছে বীৰ লাচিত সেনাই’

-‘বীৰ লাচিত সেনাৰ নেতাই আই-মাতৃসকলক বেয়া ব্যৱহাৰ কৰাৰ ওপৰত ল’ব ব্যৱস্থা’

-‘এই ব্যৱস্থা যথেষ্ট কঠোৰ হ’ব’

-‘অসমীয়া আই-মাতৃসকলৰ বিৰুদ্ধে বে্য়া ব্যৱহাৰ কৰাটো মই মানি নলও’

-‘নেতাগৰাকীয়ে ক্ষমতাৰ ব্যৱহাৰ কিদৰে কৰক শিকি লওক’

-‘আৰু সেইখিনি শিকাবৰ কাৰণে চৰকাৰে যি কৰিব লাগে কৰিব’

-‘দেশৰ অৰ্থনীতিত বাধা আৰোপ কৰিলে লোৱা হ’ব কঠোৰ ব্যৱস্থা’

-এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক : ‘আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে’; মুখ্যমন্ত্ৰী

দ্বিতীয় বিৱাহ কৰিলেই হ’ব কাৰাদণ্ড ; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য  

দ্বিতীয় বিৱাহ কৰিলেই হ’ব কাৰাদণ্ড

সোমবাৰে সৰুসজাইত নিযুত মইনা ২.০ৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছোৱালী সকলৰ বাবে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এগৰাকী ছোৱালীয়ে এজন ব্যক্তিক জীৱন সংগী হিচাপে বাছি লোৱাৰ পাছত সেইজন ব্যক্তিয়ে আকৌ বিয়া পাতিব নোৱাৰিব।এগৰাকী পত্নী থকাৰ পিছত পুনৰ বিবাহ কৰোৱা সকল সাৱধান।অসমত আৰু নচলিব বহুবিবাহ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বহুবিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। ২৫ নৱেম্বৰত এই সন্দৰ্ভত বিধেয়ক সদনত উত্থাপন হ’ব’। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হ’ব।

প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব। অসমৰ কোনো পুৰুষে এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব।

লগতে পঢ়ক: ‘আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে’; মুখ্যমন্ত্ৰী

 ‘আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে’; মুখ্যমন্ত্ৰী

আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে

সোমবাৰে সৰুসজাইত নিযুত মইনা ২.০ৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছোৱালী সকলৰ বাবে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নতুন অসমত আৰ্থিক সংকটৰ বাবে আৰু কন্যাসকলে পঢ়াৰ পৰা বিৰত নহ’ব।নিযুত মইনা আঁচনিৰ জৰিয়তে আমি ছাত্ৰীক সপোনৰ পম খেদিবলৈ সাহস দিছোঁ।

যোৱা বছৰ নিযুত মইনা আঁচনিয়ে ১,৬১,৩০২ গৰাকী ছাত্ৰী উপকৃত হৈছে। এইবাৰ ৩,৫০,২৬৫ ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব।আৰু নতুনকৈ ৩০ হাজাৰ ছাত্ৰী অন্তৰ্ভুক্ত হৈছে।

তেওঁ আৰু কয় যে, এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ্থীয়ে ১৫ নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষ পৰ্যন্ত ৩০০ টকাকৈ ধন পাব।এতিয়াৰে পৰা ডিগ্ৰীৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰীয়েই লাভ কৰিব নিযুত মইনা আচনি। পলিটেকনিক ,ITI পঢ়ি থকা ছাত্ৰীকো এতিয়াৰে পৰা নিযুত মইনা আঁচনিৰ সুবিধা দিয়া হ’ব।

লগতে পঢ়ক: ‘জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ময়ো ৰাজপথলৈ ওলাই যাম’; মুখ্যমন্ত্ৰী

‘জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ময়ো ৰাজপথলৈ ওলাই যাম’; মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ময়ো ৰাজপথলৈ ওলাই যাম

জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,যিদিনা ছার্জশ্বীট দাখিল কৰা হ’ব তাৰ পাছদিনাই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী।

#JusticeForZubeenGarg বিষয়ত ময়ো সতর্ক। SIT REPORT  দাখিলৰ পাছতেই  ন্যায়ৰ বাবে ৰাজপথত নমাৰ প্ৰতিশ্ৰুতি দিছে তেওঁ।

 মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিনক্ষেত্ৰৰ SOP ৰ সন্দৰ্ভটো কয় যে, নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ অসমখনক বেছি ভালপায়।কিন্তু অসমক অশান্ত কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’বই।

কিছুসংখ্যক লোকে আজিৰ প্রজন্মক বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক স্বার্থ সিদ্ধি কৰিব খুজিছে।সেয়া অত্যন্ত নিন্দনীয়।

জুবিনে জীয়াই থকাৰ কালত যিবোৰ কাম কৰা নাছিল, সেই কাম আমি মৃত্যুৰ পাছত কৰিব নাপায়। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কম?

সোণাপুৰবাসীয়ে জুবিনৰ বাবে  মৰমেৰে ঠাই এৰি দিছে, তেওলোকক নিশা অশান্তি কৰি থাকিম নেকি? সেয়ে ১১ বজাৰ পিছত বন্ধ কৰি দিয়া হ’ব জুবিনক্ষেত্ৰ।

লগতে পঢ়ক: ‘একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই জুবিনক্ষেত্ৰত দিব লগা হ’ল SOP’; মুখ্যমন্ত্ৰী

‘একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই জুবিনক্ষেত্ৰত দিব লগা হ’ল SOP’; মুখ্যমন্ত্ৰী

একাংশ অনুৰাগীৰ কাণ্ডৰ বাবেই জুবিনক্ষেত্ৰত দিব লগা হ’ল SOP

জুবিনক্ষেত্ৰক লৈ জাৰি হ’ল SOP। দৰ্শনাৰ্থীৰ বাবে বান্ধি দিয়া হ’ল সময়সীমা। এতিয়াৰে পৰা পুৱা ৬ বজাৰ পৰা ১০ বজালৈকে খোলা থাকিব জুবিনক্ষেত্ৰ।

সুৰাপান কৰি যোৱা দৰ্শনাৰ্থীৰ প্ৰৱেশত থাকিব বাধা। হাতত যিটি সামগ্ৰী লৈও প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব জুবিনক্ষেত্ৰত।

এই SOP ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে,একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই জুবিনক্ষেত্ৰত দিব লগা হ’ল SOP।

এতিয়াৰে পৰা জুবিনক্ষেত্ৰত বন্ধ হ’ল সুৰাপান তাৰ লগতে সুৰা সেৱন কৰি যোৱা লোকসকলৰো প্ৰৱেশ বন্ধ কৰা হৈছে।

ইয়াৰ বাবে কামৰূপ উপায়ুক্তক কঠোৰ হোৱাৰ পৰামৰ্শ দিয়া হৈছে। জুবিনক্ষেত্ৰক এটা ব্যৱস্থিত ৰূপলৈ অনাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা লৈছে।  

তেওঁ লগতে কয় যে, জুবিন গাৰ্গক মদৰ লগত সাঙুৰ খোৱাব নালাগে।১০০ বছৰ পিছতো জুবিনৰ ইমেজ সমাজত ভাল হৈ থাকিব লাগিব।

জুবিন গাৰ্গক সাংস্কৃতিক আৰু জাতিৰ সম্পদ হিচাপে ৰাখিব লাগিব। ১০০ বছৰ পিছত যাতে কোনেও ক’ব নোৱাৰে যে জুবিন গাৰ্গৰ মদৰ লগত সম্পৰ্ক আছিল।

কাৰণ জুবিন গাৰ্গে ২৪ ঘণ্টাই মদ খাই নাথাকিছিল।একাংশই সোণাপুৰত গৈ ভুল ধাৰণা এটা সৃষ্টি কৰি আছে। এইবোৰ কাৰণতে চৰকাৰে কঠোৰ সিদ্ধান্ত এটা ল’বলগা হ’ল।

লগতে পঢ়ক: মন গ’লেই যাব নোৱাৰিব জুবিন গাৰ্গ ক্ষেত্ৰলৈঃ জাৰি হ’ল নিয়মাৱলী

লাভ জেহাদ আৰু বহুবিবাহৰ বিৰুদ্ধে শীঘ্ৰেই উত্থাপন হ’ব বিধেয়ক; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

লাভ জেহাদ আৰু বহুবিবাহ প্ৰতিৰোধী আইন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কয় যে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত তেওঁৰ চৰকাৰে লাভ জেহাদ আৰু বহুবিবাহৰ দৰে বিষয়ৰ ওপৰত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব । নগাঁৱত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই খচৰা বিধেয়কসমূহৰ বিশদ বিধানসমূহ ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন লাভ কৰাৰ পিছত ভাগ কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম বিধানসভাৰ আগন্তুক অধিৱেশনত আমি ‘লাভ জেহাদ’, বহুবিবাহ, সত্ৰ সুৰক্ষা আৰু চাহ জনজাতিক ভূমিৰ অধিকাৰ প্ৰদানৰ ওপৰত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বিধেয়ক উত্থাপন কৰিবলৈ ওলাইছো ।” মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই প্রস্তাৱসমূহৰ লক্ষ্য হৈছে ৰাজ্যৰ পৰম্পৰাগত প্রতিষ্ঠানসমূহৰ সমাজ সংস্কাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰা ৷ অৱশ্যে বিধেয়কসমূহত কি কি ব্যৱস্থা থাকিব সেয়া তেওঁ স্পষ্ট কৰা নাই ।

লগতে পঢ়ক : ‘হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ’;মুখ্যমন্ত্ৰী

মন্ত্ৰীসভাত অন্তৰ্ভূক্ত BPF  ৰ বিধায়ক চৰণ বড়ো; ৰাজ্যপালৰ ওচৰত ললে শপত

মন্ত্ৰীসভাত অন্তৰ্ভূক্ত BPF  ৰ বিধায়ক চৰণ বড়ো

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত হ’ল BPF  ৰ বিধায়ক চৰণ বড়ো।নতুন মন্ত্ৰী হিচাপে শপত ললে মাজবাটৰ BPF ৰ বিধায়কগৰাকীয়ে। ৰাজভৱনত ৰাজ্যপালে পাঠ কৰোৱালে শপতবাক্য।

শপতগ্ৰহণ কৰিয়েই চৰণ বড়োৱে কয় যে, জীৱনত বহুত চেলেঞ্জ আছে, কম সময়ৰ ভিতৰত শিকিবলগীয়াও বহুত আছে। ৰাজভৱনত শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন: মুকেশ সাহনিৰ দল VIP এ প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা