‘আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে’; মুখ্যমন্ত্ৰী

আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে সোমবাৰে সৰুসজাইত নিযুত মইনা ২.০ৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছোৱালী সকলৰ বাবে ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নতুন অসমত আৰ্থিক সংকটৰ বাবে আৰু কন্যাসকলে পঢ়াৰ

আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে

সোমবাৰে সৰুসজাইত নিযুত মইনা ২.০ৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছোৱালী সকলৰ বাবে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নতুন অসমত আৰ্থিক সংকটৰ বাবে আৰু কন্যাসকলে পঢ়াৰ পৰা বিৰত নহ’ব।নিযুত মইনা আঁচনিৰ জৰিয়তে আমি ছাত্ৰীক সপোনৰ পম খেদিবলৈ সাহস দিছোঁ।

যোৱা বছৰ নিযুত মইনা আঁচনিয়ে ১,৬১,৩০২ গৰাকী ছাত্ৰী উপকৃত হৈছে। এইবাৰ ৩,৫০,২৬৫ ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব।আৰু নতুনকৈ ৩০ হাজাৰ ছাত্ৰী অন্তৰ্ভুক্ত হৈছে।

তেওঁ আৰু কয় যে, এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ্থীয়ে ১৫ নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষ পৰ্যন্ত ৩০০ টকাকৈ ধন পাব।এতিয়াৰে পৰা ডিগ্ৰীৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰীয়েই লাভ কৰিব নিযুত মইনা আচনি। পলিটেকনিক ,ITI পঢ়ি থকা ছাত্ৰীকো এতিয়াৰে পৰা নিযুত মইনা আঁচনিৰ সুবিধা দিয়া হ’ব।

লগতে পঢ়ক: ‘জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ময়ো ৰাজপথলৈ ওলাই যাম’; মুখ্যমন্ত্ৰী