জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ময়ো ৰাজপথলৈ ওলাই যাম
জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,যিদিনা ছার্জশ্বীট দাখিল কৰা হ’ব তাৰ পাছদিনাই জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী।
#JusticeForZubeenGarg বিষয়ত ময়ো সতর্ক। SIT REPORT দাখিলৰ পাছতেই ন্যায়ৰ বাবে ৰাজপথত নমাৰ প্ৰতিশ্ৰুতি দিছে তেওঁ।
মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিনক্ষেত্ৰৰ SOP ৰ সন্দৰ্ভটো কয় যে, নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ অসমখনক বেছি ভালপায়।কিন্তু অসমক অশান্ত কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’বই।
কিছুসংখ্যক লোকে আজিৰ প্রজন্মক বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক স্বার্থ সিদ্ধি কৰিব খুজিছে।সেয়া অত্যন্ত নিন্দনীয়।
জুবিনে জীয়াই থকাৰ কালত যিবোৰ কাম কৰা নাছিল, সেই কাম আমি মৃত্যুৰ পাছত কৰিব নাপায়। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কম?
সোণাপুৰবাসীয়ে জুবিনৰ বাবে মৰমেৰে ঠাই এৰি দিছে, তেওলোকক নিশা অশান্তি কৰি থাকিম নেকি? সেয়ে ১১ বজাৰ পিছত বন্ধ কৰি দিয়া হ’ব জুবিনক্ষেত্ৰ।
লগতে পঢ়ক: ‘একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই জুবিনক্ষেত্ৰত দিব লগা হ’ল SOP’; মুখ্যমন্ত্ৰী









