‘বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে’; মুখ্যমন্ত্ৰী

‘বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে’; মুখ্যমন্ত্ৰী

বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে জুবিনৰ নকল অনুৰাগী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘১৭ ডিচেম্বৰৰ পূৰ্বেই SITএ জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ ছাৰ্জশ্বীট দাখিল কৰিব। লগতে তেওঁ কয় যে, জুবিনক্ষেত্ৰত একাংশ অনুৰাগী যায় যিসকল জুবিন অনুৰাগী নহয়,

বিজেপিয়েহে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে

জুবিনৰ নকল অনুৰাগী সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘১৭ ডিচেম্বৰৰ পূৰ্বেই SITএ জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ ছাৰ্জশ্বীট দাখিল কৰিব।

লগতে তেওঁ কয় যে, জুবিনক্ষেত্ৰত একাংশ অনুৰাগী যায় যিসকল জুবিন অনুৰাগী নহয়, তেওঁলোকক গৌৰৱ গগৈ আৰু অখিল গগৈয়ে তালৈ নিয়ে।

যাৰবাবে প্ৰকৃত জুবিন অনুৰাগী সকলে কষ্ট পায়।মিঞা সমাজৰ এচাম লোকে জুবিন ক্ষেত্ৰলৈ আহি জুবিনক কষ্ট দিছে।জুবিনে নমতা আলহীক অতিকৈ বেয়া পাইছিল।

তেওঁ আৰু কয় যে,কংগ্ৰেছে জুবিন গাৰ্গক ৰাজনৈতিক উদ্দেশ্যেত ব্যৱহাৰ কৰিছে।  বিজেপিৰ সদস্যসকল হে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী। তেওঁলোকে হে জুবিন গাৰ্গক প্ৰকৃত সন্মান দিছে।

২৬ৰ নিৰ্বাচন হৈ যোৱাৰ পিছত জুবিনৰ সকলো নকল অনুৰাগী নাইকীয়া হৈ যাব।এই কামসূহ কেৱল নিৰ্বাচনক লৈহে চলি আছে। জুবিনৰ গান এটাৰ নাম সুধিলেও তেওঁলোকে ক’ব নোৱাৰে।

লগতে পঢ়ক: ‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ৰাইজে ভবাতকৈ ভাল হ’ব’; মুখ্যমন্ত্ৰী