জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা
‘জুবিন গাৰ্গৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধপৰিকৰ ।‘ এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । অমৃত কণ্ঠ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবী চৌদিশে উত্থাপন হৈছে । ইতিমধ্যে এই ঘটনাৰ তদন্ত ক্ষীপ্ৰগতিত অব্যাহত ৰাখিছে এছ আই টিয়ে । এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গাৰ্গকে ধৰি কেইবাজনো লোকক । এই ঘটনাৰ অভিযোগনামা তথা শ্বাৰ্জশ্বীট কেতিয়া দাখিল কৰা হ’ব তাকে লৈয়ো চৰ্চা চলিছে । ইয়াৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা সন্দৰ্ভত বুধবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
কেতিয়া দাখিল হ’ব অভিযোগনামা ?
অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“জুবিন গাৰ্গৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধপৰিকৰ । তাৰ পৰিপ্ৰেক্ষিতত আমি কাকো ৰেহাই নিদিওঁ । এটাৰ পিছত এটা আমি গ্ৰেপ্তাৰ কৰিছোঁ । অসম আৰক্ষীয়ে নিৰ্ধাৰিত সময় অভিযোগনামা দিবলৈয়ো সক্ষম হ’ব । তদন্ত আকাংক্ষিত হিচাবে আগবাঢ়িছে ।“
মুখ্যমন্ত্ৰীয়ে পুনৰ কয়-“ছিংগাপুৰৰ লোকসকল নহাৰ বাবে কিছু সমস্যা হৈছে । কিন্তু তেওঁলোককো কেনেকৈ আনিব পৰা যায় তাৰ ব্যৱস্থা কৰি থকা হৈছে । জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোক অসম চৰকাৰ অত্যন্ত গুৰুত্বসহকাৰে লৈছে । নিশ্চিতভাৱে আমি ন্যায় প্ৰদান কৰিম আৰু আদালতৰ সন্মুখলৈ অভিযুক্তসকলক লৈ যাম । সাধাৰণতে আমাক তিনি মাহ সময় দিয়া হয় । তিনি মাহতকৈ বেছি সময় আমি নিবিছাৰিম । নিৰ্ধাৰিত সময়ৰ ভিতৰতে আমি অভিযোগনামা দিয়াৰ চেষ্টা কৰিম ।“ লগতে তেওঁ জুবিন গাৰ্গক নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব পাৰিব বুলিও মন্তব্য কৰে ।
ছিংগাপুৰ আৰক্ষীয়ে সহায় কৰিবঃ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“অসম আৰক্ষী ছিংগাপুৰত যাব নোৱাৰে । কোনো দেশৰ কোনো আৰক্ষী কতো যাব নোৱাৰে । কোনো দেশৰ আৰক্ষী আন এখন দেশত যাবলৈ কোনো দেশে ভিছা নিদিয়ে । ছিংগাপুৰ আৰক্ষীয়ে আামাক সহায় কৰিব বুলি আমি নিশ্চিত । অক্টোবৰ ছিংগাপুৰৰ এম্বেছাডৰক দিল্লীত সাক্ষাৎ কৰিম । ইতিমধ্যে তেওঁৱলোকে ফৰেনছিক ৰিপৰ্ট প্ৰেৰণ কৰিছে । অভিযোগনামা দাখিলৰ ক্ষেত্ৰত আমাৰ কোনো সমস্যা নহ’ব । আমি ছিংগাপুৰ আৰক্ষীৰ পৰা সম্পূৰ্ণ সহযোগিতা পাম ।“
মুখ্যমন্ত্ৰীয়ে লগতে কয়,”যেতিয়া ধৈৰ্যৰ বান্ধ সুলকি যায় তেতিয়া কোনোৱে ন্যায় নাপায় । যেতিয়া আমি পৰ্যায় ক্ৰমে কোনো ভুল নকৰাকৈ আগবাঢ়ি যাম তেতিয়া আমি ন্যায় পাম । কিন্তু আমি যদি আৱেগ আৰু ন্যায় দুয়োটাকে একলগ কৰোঁ তেন্তে আদালতৰ পৰা সকলোৱে ৰেহাই পাই যাব । আৱেগ আৱেগৰ স্থানত থাকিব । আৰক্ষীয়ে কৌশলেৰে কাম কৰিব লাগিব । আদালতত গোচৰ হাৰিলে সকলোৱে আৰক্ষীক সমালোচনা কৰিব । উকীলসকলেও তেতিয়া দৌৰা-দৌৰি কৰাৰ বাবে কেছত হাৰিল বুলি সকলোকে ক’ব । গতিকে তদন্ত ভালকৈ হ’ব আৰু তিনিমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰা হ’ব ।“
লগতে পঢ়ক : বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ