শ্যামকানু-সিদ্ধাৰ্থক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসমীয়াৰ আপোন শিল্পী জুবিন গাৰ্গৰ মত্যুৰ ঘটনাক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য । ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেল নামৰ এক অনুষ্ঠানলৈ গৈ দেহাৱসান ঘটা হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাই শোক আৰু ক্ষোভত ফাটি পৰিছে ৰাজ্যবাসী ।
শিল্পীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা তেওঁক নৰ্থ-ইষ্ট ফেষ্টিভেললৈ লৈ যোৱা আয়োজক শ্যামকানু মহন্ত আৰু শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অনুৰাগী তথা ৰাজ্যবাসীয়ে । সামাজিক মাধ্যমৰ লগতে বিভিন্ন সংবাদ তথা প্ৰচাৰ মাধ্যমত হিয়াৰ আপোন শিল্পীগৰাকীৰ ঘটনাৰ উচিত তদন্ত তথা ন্যায় বিচাৰি দাবী উত্থাপন কৰিছে ৰাইজে । ইয়াৰ মাজতে ঘটনাৰ পিছৰে পৰা আত্মগোপন কৰি থকা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক সকীয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
জনতাৰ ধৈৰ্যৰ সৈতে খেলিবলৈ চেষ্টা নকৰিব বুলি ফেচবুক লাইভযোগে শ্যামকানু আৰু সিদ্ধাৰ্থক সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে । ৬ অক্টোবৰত অভিযুক্ত দুয়োজনকে চি আই চিৰ কাৰ্যালয়ত বিচৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
শ্যামকানু আৰু সিদ্ধাৰ্থক সকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ফেচবুক লাইভ কৰি, এখন পত্ৰ লিখি আপোনালোকে আইনৰ পৰা সাৰিব নোৱাৰিব । যদি আপোনালোক নিৰ্দোষী তেন্তে সাহসেৰে চি আই চিৰ কাৰ্যালয়লৈ আহক । যদি চি আই ডিক ক’ব নোখোজে তেন্তে ন্যায়ালয়ত আপোনালোকৰ কথা কওক । কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগ্নিত পৰিণত হৈছে খেলা নকৰিব বুলি শ্যামকানু-সিদ্ধাৰ্থক স্পষ্ট সকীয়নি দিয়ে মুখ্যমন্ত্ৰীয়ে ।
হিমন্ত বিশ্ব শৰ্মাই কয় যে, কোভিডেই হওক বা বানপানীয়েই হওক যিকোনো বিপদৰ সময়তে মই অসমবাসী ৰাইজৰ লগত আছিলো । গতিকে আজি যেতিয়া অসমৰ ৰাইজে জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে তাৰ পৰা মই পৃথক নহয় । সেয়েহে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব মুখ্যমন্ত্ৰী হিচাবে মোৰ বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে তেওঁ । এই দায়িত্ব কৰ্তব্যনিষ্ঠাৰে পালন কৰি যাব বুলি কয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । আইনে কাকো ৰেহাই নিদিয়ে বুলি মন্তব্য কৰি এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰনত কৰিব শ্যামকানু-সিদ্ধাৰ্থৰ আগত শিৰনত নকৰে বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে ।
আনহাতে এইখন জুবিনৰ অসম, এইখন আমাৰ জননী-জন্মভূমি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, যিকোনো কাৰণতে আমি অসমক নেপাল কৰিব নোৱাৰো । কেইটামান দিনৰ পৰা অসমত সামাজিক মাধ্যমত নেপালৰ উদাহৰণ দিয়া হৈছে । আমি অসমত লাচিতৰ, মহাৰাজ পৃথু, ভগদত্ত, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ উদাহৰণ দিম । আমি নেপালৰ উদাহৰণত অসম নচলাও বুলি স্পষ্ট কৰি দিয়ে তেওঁ ।
একাংশই জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে । এই ক্ষেত্ৰত জুবিন গাৰ্গৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হব নোৱাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, জুবিনৰ নামত আমি অসমখনক নেপাল কৰিবলৈ দিব নোৱাৰে । অসমক নেপাল কৰিবলৈ চেষ্টা নকৰিব, এনে কৰিলে জুবিনৰ আত্মাই আটাইতকৈ বেছি কষ্ট পাব বুলি আইন হাতত তুলি নলবলৈ সকলোকে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে জি এম চি এইছৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সাজু হৈছে বুলি জাৱিবলৈ দি মুখ্যমন্ত্ৰীয়ে কয় যে, জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল ছিংগাপুৰৰ পৰা অসমলৈ অনাৰ চেষ্টা কৰা হৈছে । শ্যামকানু মহন্তৰ প্ৰতিটো একাউন্ট, পেন কাৰ্ড, ক্ৰেডিট কাৰ্ড সকলো ফ্ৰীজ কৰা হৈছে বুলি জানিবলৈ দিয়ে ড০ শৰ্মাই ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, এখন জুবিন গাৰ্গৰ বাবে কাম কৰা, নিষ্ঠাৰে কাম কৰা চৰকাৰ অসমবাসী ৰাইজৰ লগত আছে । যিদিনা বিফল হম সেইদিনা ৰাইজে মোক শাস্তি দিব বুলি কয় তেওঁ । সেয়েহে মই লক্ষ্যত আটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে কাম কৰিম বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
লগতে পঢ়ক : কেতিয়া ঘোষণা হ’ব ADRE তৃতীয় বৰ্গৰ পৰীক্ষাৰ ফলাফল…