জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ….

জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে।সামাজিক মাধ্যমত এটা পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক  সমূহ এজাহাৰ চি আই ডিলৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ”।

মুখ্যমন্ত্ৰী গৰাকীৰ এই পোষ্টটোৰ জৰিয়তে জানিব পৰা গৈছে যে জুবিন গাৰ্গৰ মৃত্যু তদন্ত এতিয়া CID  এ কৰিব। ইয়াৰ বাবে DGPক নিৰ্দেশ দিছে তেওঁ। সমগ্ৰ ঘটনা তন্ন তন্ন পৰীক্ষা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: “তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত,ছিংগাপুৰৰ অকাংশ অসমীয়া”; মুখ্যমন্ত্ৰী

“তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত,ছিংগাপুৰৰ অকাংশ অসমীয়া”; মুখ্যমন্ত্ৰী

তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দি গৈছে প্ৰতিটো ক্ষণৰ খবৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ছিংগাপুৰত ইতিমধ্যে সম্পন্ন হ’ল মৰণোত্তৰ পৰীক্ষা।

ইতিমধ্যে এখন বিশেষ বিমানেৰে ছিংগাপুৰৰ পৰা অসমলৈ লৈ অনাৰ যো-জা কৰি থকা হৈছে।আৰু দেওবাৰে পুৱা অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

ইফালে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ বহু ঠাইত এজাহাৰ দাখিল কৰা হৈছে।মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে তদন্তৰ আঁওতালৈ আহিব শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰৰ একাংশ অসমীয়া। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ১৫জন অসমীয়াক ছিংগাপুৰ আৰক্ষীয়ে আটক কৰিছে।

কেৱল ছিংগাপুৰতে নহয় অসমটো হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিনৰ মৃত্যুৰ অপৰাধমূলক তদন্ত কৰা হ’ব।চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে তদন্ত কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

CAA ৰ অধীনত এতিয়ালৈকে অসমত ৩ জনেহে লাভ কৰিছে নাগৰিকত্বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

CAA সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

বুধবাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে CAAৰ অধীনত ১২ জন আবেদনকাৰীৰ মাজৰ পৰা মাত্ৰ তিনিজন বিদেশীয়েহে অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ।

এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত লাখ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি আশংকা কৰি ইমান কম সংখ্যক আবেদনৰ পটভূমিত ‘কা’ সন্দৰ্ভত আলোচনা কৰাটো অমূলক ।

অসমত CAAৰ অধীনত এতিয়ালৈকে মাত্ৰ তিনিজন লোকেহে নাগৰিকত্ব লাভ কৰিছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় । কিন্তু নতুন ভাৰতীয় নাগৰিক কেইজনৰ সৈতে জড়িত সবিশেষ প্ৰকাশ কৰা নাছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়, “এই পৰ্যন্ত আমি মাত্ৰ ১২ খন আৱেদনহে পাইছো । বাকী ৯ খন আৱেদন বিবেচনাধীন হৈ আছে ।”

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অসমত ২০-২৫ লাখ লোকে নাগৰিকত্ব লাভ কৰিব বুলি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । এতিয়া ভাবক যে যেতিয়া আমি মাত্ৰ ১২খন আবেদন পাইছো তেতিয়া CAA সম্পৰ্কে আলোচনা কৰাটো প্ৰাসংগিক নেকি ।”

উল্লেখ্য যে, ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ, আৰু পাৰ্চীসকলক পাঁচ বছৰ বাস কৰাৰ পিছত CAAৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব ।

নথি-পত্ৰবিহীন অমুছলমান প্ৰব্ৰজনকাৰীৰ নাগৰিকত্ব ক্ষিপ্ৰতাৰে লোৱাৰ বাবে সংসদে আইন গৃহীত কৰাৰ চাৰি বছৰৰ পাছত যোৱা বছৰৰ ১১ মাৰ্চত এই নিয়মসমূহ অৱগত কৰি CAA কাৰ্যকৰী কৰিছিল ।

লগতে পঢ়ক : ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত… ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব

‘কংগ্ৰেছক প্ৰত্যাহ্বান , নাম দিব পাৰিলে পদত্যাগ কৰিম’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

শ্ৰীভূমি জিলাত এক বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে শ্ৰীভূমি ভ্ৰমণৰ সময়ত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছক প্ৰত্যাহ্বান জনাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কৈছে যে, কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই তাৰ নাম দিয়ক। তেলেংগানা, কৰ্ণাটকত চৰকাৰে ঋণ লৈছে নে নাই?

কোনখন কংগ্ৰেছ চৰকাৰে ঋণ লোৱা নাই তাৰ এটা নাম আনি দিব পাৰিলে মই ৰাতিৰ ভিতৰতে পদত্যাগ কৰিম। ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে।  

লগতে পঢ়ক: ঘোষণা হ’ল BTC নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা; ২৮ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ বিজেপিৰ

‘ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ’; মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা

‘ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ’

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিছে এটা ভাল খবৰ। এখন সংবাদমেলৰ যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে শীঘ্ৰেই অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ।

বৰ্তমান ইউৰূপৰ ৩টা ব্ৰিটিছ মিউজিয়ামত আছে বৃন্দাবনী বস্ত্ৰখন। ছেপ্তেম্বৰত এই বিষয়ত আলোচনা কৰিবৰ বাবে লণ্ডলনৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই অসম চৰকাৰক দিছে কেইবাটাও চৰ্ত।

এই চৰ্ত পূৰণ কৰিলে ২০২৭ বৰ্ষত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব বৃন্দাবনী ব্স্ত্ৰখন। ইয়াৰ পূৰ্বে অসমবাসীয়ে এই বৰ্ষতে কলাক্ষেত্ৰত ডিজিটেলি চাব পাৰিব বৃন্দাৱনী বস্ত্ৰ।

মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, বৃন্দাবনী বস্ত্ৰ ৰাখিবলৈ গুৱাহাটীত নিৰ্মাণ কৰা হ’ব এটা অত্যাধুনিক সংগ্ৰহালয়। JSW এ খানাপাৰাত নিৰ্মাণ কৰা হ’ব এই অত্যাধুনিক সংগ্ৰহালয়টো। ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই বান্ধি দিয়া নিয়মৰ মাজেৰে অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ।

লগতে পঢ়ক: ‘গণপতি বাপ্পাৰ আশীৰ্বাদেৰে আৰম্ভ হৈছে ভাল সময়’; গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে নতুন ৰাজভৱন

ৰাজ্যবাসীৰ বাবে গৌৰৱৰ খবৰ; দেশৰ ভিতৰতে জিলিকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

দেশৰ ভিতৰতে জিলিকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২০২৫ চনৰ আগষ্ট মাহত ইণ্ডিয়া টুডে মুড অৱ দ্য নেচন (এম অ’ টি এন)ৰ শেহতীয়া সমীক্ষা অনুসৰি ভাৰতৰ প্ৰধান ৰাজ্যসমূহৰ ভিতৰত সৰ্বোত্তম প্ৰদৰ্শনকাৰী মুখ্যমন্ত্ৰী হিচাপে শীৰ্ষত স্থান লাভ কৰিছে অসমৰ ড০ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সমীক্ষাত প্ৰতিখন ৰাজ্যৰ উত্তৰদাতাসকলক মুখ্যমন্ত্ৰীৰ কৰ্মক্ষমতাৰ মূল্যায়ন কৰিবলৈ কোৱা হৈছিল, য’ত ৪৪.৬ শতাংশ অসমীয়া উত্তৰদাতাই ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসন ব্যৱস্থাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰা বুলি বিচাৰি উলিয়াইছে, তেওঁক ১০খনতকৈ অধিক লোকসভা আসন থকা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ ৰেংকিঙৰ শীৰ্ষত স্থান দিছে।

তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আছিল ছত্তীশগড়ৰ বিষ্ণু দেও ছাই আৰু ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেন, দুয়োজনেই ৪১.৯ শতাংশ, আৰু তাৰ পিছতে গুজৰাটৰ ভূপেন্দ্ৰ পেটেলে ৪০.৭ শতাংশ লাভ কৰে।

লগতে পঢ়ক: ৰাজহুৱা কৰা নহয় প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী… উচ্চ ন্যায়ালয়ে বাতিল কৰিলে চি আই চিৰ নিৰ্দেশ

‘এসময়ত বন্দুকৰ শব্দত ৰাতিপুৱা হোৱা অসমত এতিয়া শান্তিয়ে বিৰাজ কৰিছে’; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

আজি সমগ্ৰ দেশবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও খানাপাৰাত পতাকা উত্তোলন কৰে। এই পতাকা উত্তোলনৰ সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

প্ৰতিগৰাকী সংগ্ৰামী যুদ্ধাক সুঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মই গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধীৰ খোজেৰে মুখ্যমন্ত্ৰী হৈছো।

তেওঁ কয় যে এসময়ত বন্দুকৰ শব্দত ৰাতিপুৱা হোৱা অসমত আমি শান্তি আৰু প্ৰগতিৰ ঢল বোৱাবলৈ সক্ষম হৈছো।

খানাপাৰাৰ খেলপথাৰৰ পৰাই পুনৰ বেদখলকাৰীক সকীয়নি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে, বৰ্তমানলৈকে ১ লাখ ২০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। আৰু উচ্ছেদ চলিব।

বিগত ৭৫টা বছৰে বহু অসমীয়াই কমপ্ৰমাইজ কৰিলে। কিন্তু আমি তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই আনিলো।আমাৰ ভুলৰ বাবেই তেওঁলোকে সাহস পালে।

কেৱল চৰেই নহয় আমাৰ সত্ৰ সংস্কৃতি সকলো বেদখল কৰিলে।ইয়াতে থমকি নৰয় লাভ জেহাদ আৰু ধৰ্মান্তকৰণ কৰিবলৈ তেওঁলোক আগবাঢ়িল। এই অচিনাকী লোকসকলে ৰাজ্যৰ শক্তি দখল কৰিছে।

অৰ্থনৈতিক শক্তিও দখল কৰা হৈছে।অসমে নীৰৱে থাকিব নোৱাৰে। যদি আমি নীৰৱো থাকো আমাৰ ঠাইতে আমি সকলো হেৰুৱাম। কাৰণ আমি নিৰৱে থাকিল এটা সময়ত অসমীয়া জাতিটো নাথাকিব।

বটদ্ৰৱাৰ দৰে মা কামাখ্যৰ মাটিও তেওঁলোকে দখল কৰিব।মাত্ৰ ১০টা বছৰৰ ভিতৰত অসমীয়াৰ অস্তিত্ব নাইকীয়া হব। জাতি, মাটি, ভেটি সকলো আমাৰ হাতৰ পৰা যাব।

১৫ বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীৰ সভাৰ ৮০ শতাংশ তেওঁলোকৰ হাতত থাকিব আৰু ২০ বছৰৰ পিছত স্বাধীনতা দিৱসৰ পতাৰকাও অচিনাকী মন্ত্ৰীয়ে উত্তোলন কৰিব। এইয়া হৈছে অসমীয়াই নীৰৱে থকাৰ ফলত অসমীয়াৰ ভৱিষ্যত

সন্দেহযুক্ত লোকৰ আগ্ৰাসনৰ ফলত আজি অসমীয়া জাতি অস্থীৰ হৈ পৰিছে। ইতিমধ্যে নামনি আৰু মধ্য অসম সম্পূৰ্ণৰূপে আগ্ৰাসন কৰা হ’ল।

এই অচিনাকী লোকসকলে এতিয়া উজনি আৰু উত্তৰ অসমলৈ বিপদ কঢ়িয়াই আনিছে। অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ বাবে আমি সংগ্ৰাম আৰম্ভ কৰিছো।  

তেওঁ আৰু কয় যে, বাল্য বিবাহ ৰোধ কৰা হ’ল। অসমৰ নৱপ্ৰজন্মই নতুন সপোন দেখিছে। নিযুক্তিৰ ক্ষেত্ৰটো আমি মাইলৰ খুঁটী পুতিবলৈ সক্ষম হৈছো।

আমাৰ চৰকাৰে ১ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে। অক্টোবৰত আৰু কেইবা হাজাৰ পদত নিযুক্তি দিয়া হ’ব।  

লগতে পঢ়ক: ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

“মই কংগ্ৰেছত থাকোতে ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দমত আছিলো”; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

মই কংগ্ৰেছত থাকোতে ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দমত আছিলো

কেইবাটাও কাৰ্যসূচীৰে আজি নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৫৭৬ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধনী, শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে লুৰীণজ্যোতি গগৈক দিলে প্ৰত্যুত্তৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছত থকাৰ সময়ত মই ৰজাৰ দৰে আছিলো। মই কংগ্ৰেছত থকা নাই বুলিলো কোনে কৈছে।

মই তাত থাকোতে বদৰুদ্দিনৰ লগতো কাজিয়া কৰিছিলো আৰু ৰাহুল গান্ধীকো বুঢ়া আঙুলি দেখুৱাইছিলো। মই ভৰিত পৰি থকা নাছিলো।

মই তেতিয়াও দমত আছিলো । কোনো লোকে মোক তলত থকা দেখা নাছিলে। গতিকে কোনোবাই যি দলতে নাথাকক কিয় সদায় দমত থাকিব লাগে।তাত থাকোতেও মই অসমীয়াৰ কাম কৰিছিলো।

উল্লেখ্য যে লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেল যোগে কৈছিল যে, কংগ্ৰেছত থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু তৰুণ গগৈৰ ভৰিত ধৰি ধৰিয়েই আজিৰ পৰ্যায় পাইছেহি। তাৰেই আজি প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  

লগতে পঢ়ক: ‘যদি ট্ৰাম্প-পুটিনৰ আলোচনা বিফল হয়, তেন্তে আমি ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিম’; আমেৰিকাৰ নতুন ভাবুকি

‘ন অসমীয়াৰ বাবে স্থান নাই অসমত’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য  

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য  

মিঞাক ন অসমীয়া আখ্যা দিছিল সাংসদ গৌৰৱ গগৈয়ে। তাৰ পিছতেই মিঞাক ন অসমীয়াৰ আখ্যা দিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ‘অসমীয়াৰ বাবেই অসমত ঠাই নোহোৱা হৈছে, ন-অসমীয়াৰ কাৰণে অসমত ক’ত স্থান আছে।

‘অসমীয়াক দিবলৈ মাটি-বাৰী দিবলৈ অভাৱ হৈছে।তেনেস্থলত ন অসমীয়াই ক’ত ঠাই পাব।সেই ন অসমীয়াৰ অসমত ঠাই নাই’।

‘তেওঁলোকক গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে নিজৰ ঘৰতে ৰাখি থওক বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে উৰিয়ামঘাটৰ উচ্ছেদক লৈও এক ডাঙৰ মন্তব্য কৰিছে।তেওঁ কৈছে যে,  উচ্ছেদ হ’বই।উচ্ছেদক লৈ মই কেতিয়াও ভয় খোৱা নাই।

উচ্ছেদক মই কেতিয়াও ৰাজনীতি কৰিব বিচৰা নাই। মোক ভয় খোৱাব চেষ্টা কৰি লাভ নাই। মোৰ কলিজখন ইমান সৰু নহয়।

লগতে পঢ়ক: উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত কোন হ’ব ‘INDIA’ মিত্ৰজোঁটৰ প্ৰাৰ্থী? শৰদ পাৱাৰৰ ডাঙৰ মন্তব্য