‘অসমীয়াৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাঁও’; এক্সন মুডত মুখ্যমন্ত্ৰী

‘অসমীয়াৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাঁও’

সমাগত বিটিআৰৰ নিৰ্বাচন। পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিয়ে আগ্ৰাসী ৰূপ লৈছে। তাৰ মাজতে আজি কলাইগাঁও মুদৈবড়িত মিছন বিটিআৰৰ প্ৰথমখন বিজয় সংকল্প সভা অনুষ্ঠিত কৰা হয়।

এই বিজয় সংকল্প সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সভাখনত উপস্থিত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ আমি অসমীয়াৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰিব লাগে।

কাৰণ অসমৰ মানুহক কাগজ বিচাৰি লাভ নাই। অসমখন এতিয়া পৰিৱৰ্তন হৈছে। এতিয়া অসমত পূৰ্বৰ দৰে পৰিস্থিতি নাই। কিন্তু অসমীয়া বড়ো, ৰাভা সকলো আমি একত্ৰিত হ’ব লাগিব।

তেওঁ লগতে কয় যে, আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাঁও। বাংলাদেশৰ পৰা অহা লোকসকলে জংঘল, মাটি সকলো দখল কৰিলে। কিন্তু সেইসকলৰ কাগজ নিবিচাৰি BTRত আন লোকসকল কাগজ বিচৰা হৈছে।

BTRত হিমন্ত বিশ্ব শৰ্মাক কাগজ বিচাৰিব নালাগে। তাৰ পৰিৱৰ্তে বাংলাদেশৰ পৰা অহা লোকৰ কাগজ বিচাৰক।আমি একত্ৰিত হৈ নাথাকিলে আমাৰ জাতি,মাটি, ভেটি নাইকীয়া হৈ যাব।

উৰিয়ামঘাটত হৈ থকা উচ্ছেদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ লোকসকলৰে ২০ বিঘা মাটি নাই কিন্তু উৰিয়ামঘাটত একাংশই হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰিলে।

আমাৰ প্ৰকৃত বন্ধু কোন, প্ৰকৃত শত্ৰু কোন সেয়া চিনিব লাগিব।  অসমীয়া হিন্দু, মুছমান, খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব।

তেওঁ লগতে কয় যে, BTRত নতুন চিন্তাৰ জন্ম দিব লাগিব।BTR ত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব পাৰিব। ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই। আহি থকা ৫ বছৰৰ ভিতৰত BTC ত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব।

লগতে পঢ়ক: ‘আগষ্ট মাহত নাপাব অৰুণোদয়ৰ ধন’;  মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

‘আগষ্ট মাহত নাপাব অৰুণোদয়ৰ ধন’;  মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

‘আগষ্ট মাহত নাপাব অৰুণোদয়ৰ ধন’

ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ খবৰ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে আগষ্ট মাহত আগষ্ট মাহত অৰুণোদয়ৰ ধন লাভ নকৰে হিতাধিকাৰীয়ে।

অৱশ্যে আগষ্ট মাহত পৰিৱৰ্তে ছেপ্তেম্বৰ মাহত হে লাভ কৰিব অৰুণোদয়ৰ ধন। দৰাচলতে প্ৰধানমন্ত্ৰীৰ জন্মদিন ১৭ ছেপ্তেম্বৰৰ পৰা শুভাৰম্ভ হ’ব অৰুণোদয় ৩.০।

জুলাইত সমাপ্ত হ’ল অৰুণোদয়ৰ দ্বিতীয়টো সংস্কৰণ।অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ কাম আৰম্ভ কৰা হৈছে।দৰাচলতে অৰুণোদয়ৰ যোগ্য নোহোৱা বহু মানুহ হিতাধিকাৰী হৈ আছিল।

সেয়ে তৃতীয় পৰ্যায়ত কিছু ব্যৱস্থাৰ সালসলনি কৰা হৈছে।অৰুণোদয় ৩.০ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে চৰকাৰক ১ মাহৰ প্ৰয়োজন হ’ব।

লগতে মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অৰুণোদয় হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা লাভ কৰিব।  নতুন পঞ্চায়ত প্ৰতিনিধি অথবা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে এই পত্ৰ আৰু কিতাপ প্ৰদান কৰিব।

আনহাতে এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালে ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকা ৰেহাই পাব। অৰুণোদয়ৰ পৰিয়াললৈ চৰকাৰে LPG ৰ ৰাজসাহায্যও দিয়া হ’ব।

এই আঁচনিত ৪০ লাখ পৰিয়ালক সামৰি লোৱা হৈছে।এই গেছৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ যাব পঞ্চায়তৰ লোকসকল।

লগতে পঢ়ক: ‘এয়া মাত্ৰ আৰম্ভণি হে, থমকি নৰয় উচ্ছেদ’; উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

যিকোনো মূহুৰ্ততে ভাৰত এৰিব পাৰে গৌৰৱ গগৈয়ে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

যিকোনো মূহুৰ্ততে ভাৰত এৰিব পাৰে গৌৰৱ গগৈয়ে

সংসদত অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিতৰ্কৰ পিছত অসমৰ ৰাজনীতিত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নাম প্ৰকাশ নকৰাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ কয় যে যোৰহাটৰ সাংসদে সংসদত দিয়া ভাষণেই যে তেওঁ পাকিস্তানৰ হৈ কথা কয় সেয়া প্ৰমাণ কৰিবলৈ যথেষ্ট । তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী শক্তি প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয় ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে পোষ্ট কৰি কয় যে কালি যোৰহাটৰ সাংসদগৰাকীয়ে সংসদত দিয়া ভাষণে তেওঁ যে পাকিস্তানৰ হৈ কাম কৰি আছে সেয়া কোনো সন্দেহ অবিহনেই প্ৰমাণ কৰিলে । তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয় । পত্নী আৰু দুয়ো সন্তানৰ বিদেশী নাগৰিকত্ব থকাৰ বাবে তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে । তেওঁ অসমৰ বাবে বদনাম আৰু এজন গৌৰৱান্বিত ভাৰতীয় হিচাপে আমাৰ গৌৰৱৰ প্ৰতাৰক ।

সংসদত চৰকাৰক আক্ৰমণ গৌৰৱ গগৈৰ-

লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মোদী চৰকাৰক প্ৰশ্ন কৰে যে পহলগামৰ দৰে উচ্চ নিৰাপত্তাসম্পন্ন এলেকাত সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিলে । তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বহু কথা কৈছিল, কিন্তু আক্ৰমণৰ ১০০ দিনৰ পাছতো কিয় ধৰা নপৰিল সেই পাঁচ সন্ত্ৰাসবাদী । প্ৰতিৰক্ষা প্ৰস্তুতি আৰু চোৰাংচোৱা বিফলতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ।

কিমান যুদ্ধ বিমান ধ্বংস হৈছে কোৱা উচিত- গগৈ

ৰাফেলৰ দৰে বিমান হেৰুৱাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে তেওঁ ৰাজনাথ সিং জীৰ পৰা জানিব বিচাৰে যে আমাৰ কিমানখন যুদ্ধ বিমান ধ্বংস হৈছে । এই কথা কেৱল জনসাধাৰণৰ বাবেই নহয়, জোৱানসকলৰ বাবেও জনাটো গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোককো মিছা কথা কোৱা হৈছে । তেওঁ চৰকাৰক তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰে ।

যুদ্ধবিৰতিক লৈ প্ৰশ্ন উত্থাপন-

কংগ্ৰেছৰ সাংসদগৰাকীয়ে চৰকাৰক সুধিছিল যে যেতিয়া সমগ্ৰ দেশে অপাৰেচন সিন্দুৰক সমৰ্থন কৰি আছে, তেন্তে ১০ মে’ত হঠাতে যুদ্ধবিৰতি কিয় ঘোষণা কৰা হ’ল । তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই ২৬ বাৰ কৈছে যে যুদ্ধ বন্ধ কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে । গগৈৰ প্ৰশ্ন আছিল বাহ্যিক হেঁচাত ভাৰতে আত্মসমৰ্পণ কৰিলে নেকি ?

গগৈয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল যে পহলগাম আক্ৰমণৰ দায়িত্ব কোনে ল’ব । তেওঁ কয় যে যদি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ দায়ী হয়, তেন্তে তেওঁৰ পিছফালে কেন্দ্ৰীয় চৰকাৰে আশ্ৰয় ল’ব নোৱাৰে । গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে ।

লগতে পঢ়ক : অপাৰেচন সিন্দুৰক লৈ লোকসভাত সেনাৰ বীৰত্বৰ প্ৰশংসা ৰাজনাথ সিঙৰ…

‘এয়া মাত্ৰ আৰম্ভণি হে, থমকি নৰয় উচ্ছেদ’; উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

উৰিয়ামঘাটত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

 উচ্ছেদৰ পিছতে শুকুৰবাৰে উৰিয়ামঘাটত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তাত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ডাঙৰ ঘোষমা কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, উৰিয়ামঘাটৰ হাজাৰ হাজাৰ বনভূমি কম সংখ্যক লোকে দখল কৰি আছে। বেদখলকাৰীয়ে মাটি দখল কৰি অৰ্থনৈতিক ভেটি সৱল হোৱাৰ চেষ্টা কৰিছে।

একো একোটা পৰিয়ালে ২০০-৩০০ বিঘা মাটি বেদখল কৰি আছে। অৱশ্যে ইতিমধ্যে ৭০ শতাংশ মানুহে উৰিযামঘাট এৰিছে। বাকী বেদখলকাৰী সকলো  ২-৩ দিনৰ ভিতৰত আঁতৰি যাব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ইয়াৰ পিছত জিলা প্ৰশাসন, বন বিভাগে ব্যৱস্থা কৰিব। বেদখলমুক্ত ভূমিত  বহু মূল্যবান গছ ৰূপন কৰা হ’ব। নীতি-নিয়মৰ ভিতৰত থাকি উৰিয়ামঘাটত কৰা হ’ব বহু নতুন কাম।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, এয়া মাত্ৰ আৰম্ভণি হে । এই উচ্ছেদ চলি গৈ থাকিব। ই কেতিয়াও থমকি নৰয়। সৰুপথাৰৰ পিছত গোলাঘাটতো চলিব উচ্ছেদ। উচ্ছেদ চলাবলৈ ইতিমধ্যে চৰকাৰে তালিকা সাজু কৰিছে।

আইন, আদালতৰ নিয়ম মানি ৰাজ্যৰ আন প্ৰান্ততো চলোৱা হ’ব উচ্ছেদ।কেৱল গোৱালপাৰা বা সৰুপথাৰতেই নহয় সমগ্ৰ অসমত চৰকাৰে উচ্ছেদ চলাব।

লগতে পঢ়ক: ‘এক বিন্দু তেজ থকালৈকে আমি যুঁজিম’; উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

‘এক বিন্দু তেজ থকালৈকে আমি যুঁজিম’; উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

‘এক বিন্দু তেজ থকালৈকে আমি যুঁজিম’

ছিপাঝাৰৰ গৰুখুঁটি প্ৰকল্পত উপস্থিত হৈ ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, এতিয়াও অসমৰ ২৯ লাখ বিঘা মাটি বাংলাদেশীৰ কৱলত আছে।

বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিকৰ পৰা আমি অসমৰ প্ৰতিটুকুৰা ভূমি মুক্ত কৰিম। কাৰণ মোৰ লক্ষ্য বহুত ডাঙৰ।এটা বা দুটা উচ্ছেদ কৰিয়েই আমি থমকি নৰও।

আমি কাৰো ৰঙা চকুলৈ ভয় নকৰো আৰু কেতিয়াও আমি শিৰণত নকৰো। এক বিন্দু তেজ থকালৈকে আমি যুঁজি যাম ।

অসমীয়া জাতি কেতিয়াও পৰাজিত হ’ব নোৱাৰে।কাৰণ অসমীয়া দুৰ্জেয় আৰু অপৰাজিত জাতি। যাৰ বাবে অসমীয়াই কেতিয়াও ব্যশতা স্বীকাৰ কৰা নাছিল।

তেওঁ লগতে কয় যে, শংকৰ আৰু মাধৱৰ পৰিবৰ্তে আমি শংকৰ আৰি আজান কবলৈ ললো। কিন্তু আমি শংকৰ-মাধৱ বুলিহে ক’ব লাগিছিল। কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ-আজান হৈছিল।

মিলা-প্ৰীতিৰে জীয়াই থকাৰ বাবে আমি শংকৰ-আজান লিখিলো। কিন্তু জাতিটোক জীয়াই ৰাখিবলৈ ইয়াৰ বিৰুদ্ধে এতিয়া মাত মাতিব লাগিব।

এতিয়াৰে পৰা আজানপীৰ আজানপীৰৰ ঠাইত থাকিব আৰু শংকৰ-মাধৱ নিজৰ ঠাইত থাকিব।তেতিয়াহে আমি আমাৰ জাতিটোক জীৱাই ৰাখিব পাৰিম।

লগতে পঢ়ক: আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ
    

আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে… মমতা বেনাৰ্জীৰ অভিযোগৰ প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ

আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে । এই বিবাদ অসমত অনুপ্ৰৱেশ, ভাষিক পৰিচয় আৰু এন আৰ চিৰ দৰে বিষয়ক লৈ সৃষ্টি হৈছে । শনিবাৰে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি হিমন্ত বিশ্ব শৰ্মাই মমতা বেনাৰ্জীক প্ৰত্যুত্তৰ দিয়ে । তেওঁ কয়, ‘আমি নিজৰ মানুহৰ লগত যুঁজ দিয়া নাই । আমাৰ যুঁজ অনুপ্ৰৱেশৰ বিৰুদ্ধে, যিয়ে অসমৰ জনসংখ্যাৰ ভাৰসাম্য বিঘ্নিত কৰি তুলিছে । বহু জিলাত হিন্দুসকল এতিয়া নিজৰ ঘৰতে সংখ্যালঘু হৈ পৰিছে ।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ‘এয়া কোনো ৰাজনৈতিক বক্তব্য নহয়, ই এক বাস্তৱ । উচ্চতম ন্যায়ালয়েও ইয়াক বাহ্যিক আগ্ৰাসন বুলি গণ্য কৰিছে । কিন্তু যেতিয়া আমি আমাৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰিবলৈ চেষ্টা কৰো তেতিয়া কিছুমান মানুহে ইয়াক ৰাজনীতি কৰি তোলে ।’  মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমত সকলো ভাষা আৰু জনগোষ্ঠী একেলগে বাস কৰে, কিন্তু সীমান্ত আৰু সাংস্কৃতিক মূল্যবোধ ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ ।

ইয়াৰ পূর্বে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়াত কয় যে, ‘ভাৰতত বাংলা ভাষা দ্বিতীয় সর্বাধিক কথিত ভাষা আৰু অসমতো ইয়াৰ বৃহৎ স্থান আছে ৷ কিন্তু অসমৰ বাংলাভাষীক লক্ষ্য কৰি লৈছে বিজেপিয়ে । এইটো সম্পূৰ্ণ অসাংবিধানিক আৰু বিভাজনকাৰী ।’ বিজেপি চৰকাৰে অসমৰ বাংলাভাষীসকলক ভয় খুৱাবলৈ চেষ্টা চলাইছে, তেওঁলোকৰ ভাষা আৰু পৰিচয় নাইকিয়া কৰি আছে বুলি অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে । মুখ্যমন্ত্ৰী মমতাই কয় যে তেওঁ নিজৰ ভাষা, সংস্কৃতি আৰু গণতান্ত্ৰিক অধিকাৰৰ বাবে যুঁজ দিয়া প্ৰতিজন নাগৰিকৰ লগত আছে ।

তৃণমূল কংগ্ৰেছৰ ট্ৰেড ইউনিয়ন INTTUC য়ে শিলিগুৰিত এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে । তেওঁলোকে অভিযোগ কৰে যে বিজেপি শাসিত ৰাজ্যত বাংলাভাষী লোকক হাৰাশাস্তি কৰা হৈছে আৰু তেওঁলোকক প্ৰব্ৰজনকাৰী বুলি অভিহিত কৰি আঁতৰোৱা হৈছে । মমতা বেনাৰ্জীয়ে ইংগিত দিছে যে তেওঁ এই বিষয়ত বংগ বিধানসভাত বিতৰ্ক কৰিব পাৰে আৰু অসম চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব । একে সময়তে অসম চৰকাৰে নিজৰ “সাংবিধানিক অধিকাৰ”ৰ অধীনত অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক : ‘হিমন্ত বিশ্ব শৰ্মাক জে’ললৈ পঠাম’; ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য

‘হিমন্ত বিশ্ব শৰ্মাক জে’ললৈ পঠাম’; ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য

ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য

বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এটা ডাঙৰ মন্তব্য কৰিছে। অসমলৈ আহি এখন গোপন ৰুদ্ধদ্বাৰ বৈঠকত ৰাহুলে তেওঁলোকৰ দলীয় কৰ্মীৰ আগত কৈছিল যে, ‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’।

সেই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিজৰ সামাজিক মাধ্যমত দিয়া পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে,‘লিখি লওক, হিমন্ত বিশ্ব শর্মাক নিশ্চিতকৈ জেললৈ পঠাম’— ঠিক এই বাক্যশাৰীয়েই বিৰোধী দলপতি শ্রীৰাহুল গান্ধীয়ে অসমত কংগ্রেছৰ ৰাজনৈতিক বিষয় সম্পর্কীয় গোপন ৰুদ্ধদ্বাৰ বৈঠকত কৈছে’।

‘তেওঁ মাত্র এই কথাটোকে ক’ম বুলি অসমলৈ আহিছে যদিও দুর্ভাগ্যবশত: নেতাগৰাকীয়ে পাহৰিয়েই গ’ল যে গোটেই দেশতে বিভিন্ন গোচৰত অভিযুক্ত হৈ তেওঁ নিজে  বর্তমান জামিনতহে মুকলি হৈ আছে’।

‘ তেওঁলৈ মোৰ শুভকামনা।দিনজোৰাকৈ অসমৰ আতিথ্য উপভোগ কৰক৷অসমত উপস্থিত হৈয়ে তেওঁ কৰা এই মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে’।

লগতে পঢ়ক: ‘লেণ্ড জেহাদ নহয়, অসমক ধ্বংস কৰাৰ জেহাদ কৰিছে’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘লেণ্ড জেহাদ নহয়, অসমক ধ্বংস কৰাৰ জেহাদ কৰিছে’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এটা ডাঙৰ মন্তব্য কৰিছে। যোৱা ৪ বছৰত বেদখলমুক্ত হোৱা মাটিৰ হিচাপ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ২০২১-২৫ৰ ভিতৰত বেদখলমুক্ত হ’ল হেক্টৰ হেক্টৰ ভূমি। তাৰে গোৱালপাৰাত ৮,২৮০ বিঘা, বৰপেটাত ১,৫২৬ বিঘা, দৰঙত ১৭,৯০৫ বিঘা, হোজাইত ১০,৭৪৯ বিঘা, শোণিতপুৰ ৩৪, ৫২৭ বিঘা, লখিমপুৰত ১৩,৪৮১ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে।

অৰ্থাৎ সৰ্বমুঠ ১ লাখ ১৯ হাজাৰ ৫৪৮ বিঘা মাটি দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। এই মাটি সমূহ বেদখলমুক্ত কৰাৰ পিছত এতিয়া তাত বন্য জীৱ-জন্তুবোৰে মুকলিকৈ ঘূৰি ফুৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এতিয়া লৈকে ৮৪ হাজাৰ ৭৪৩বিঘা বনাঞ্চলৰ ভূমি আৰু ৪,৪৪৯ বিঘা সত্ৰৰ ভূমি বেদখলমুক্ত কৰা হৈছে। কিন্তু এতিয়াও বহু বনাঞ্চলসহ মাটি বেদখলৰ কবলত আছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

তেওঁ লগতে কয়, তেওঁলোকে লেণ্ড জেহাদ নহয়, অসমক ধ্বংস কৰাৰ জেহাদ কৰিছে। এনেদৰে থাকিলে আৰু ২০ বছৰত অসম শেষ হৈ যাব।

এই উচ্ছেদিত সকলৰ ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হ’ব। তাৰ বাবে জিলা আয়ুক্তই পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।   

লগতে পঢ়ক: ব্যক্তিগত নাৰ্ছিংহোমে টকাৰ বাবে ৰাখি থব নোৱাৰিব মৃতদেহ; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

‘ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল তেতিয়া কোনেও নামাতিলে কিয়?’; মুখ্যমন্ত্ৰী

‘ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল’

ৰাজ্যত বৰ্তমান সময়ত গৰু বিতৰ্ক তুংগত আছে। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘গৰুখুঁটিৰ গৰু জীয়াই আছে, কিন্তু ধুবুৰীত ১৪০০ গৰু কুৰবানী দিয়া হ’ল।

কুৰবানী দিয়া গৰুৰ মাংস নামঘৰত ৰখা হ’ল। পদূলিয়ে পদূলিয়ে গৰু মাংস পেলাই থৈ গ’ল। কিন্তু ইয়াক লৈ কোনেও প্ৰশ্ন নকৰে।ধুবুৰীৰ গৰুসমূহৰ প্ৰশ্নটো ক’তো উত্থাপন কৰা নহ’ল।

সেই ১৪০০ গৰু একেদিনাই কুৰবানী দিয়া হ’ল। ইয়াক লৈ কাৰো অলপো দুখ নালাগিল। কিন্তু জীয়াই থকা গৰুৰ ওপৰত আলোচনা থিকেই কৰি থকা হৈছে।

জীয়াই থকা গৰুক লৈ সৰৱ আলোচনা হ’ব পাৰে তেনেহলে কুৰবানী দিয়া গৰুৰ ওপৰত আলোচনা কৰা নহয় কিয় বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক: আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা ; ‘১৮ বছৰৰ ওপৰৰ লোকে নাপাব…’