‘সংবিধানৰ পৰা সমাজবাদী, ধৰ্মনিৰপেক্ষতাক আঁতৰোৱাৰ সোণালী সময়’… ক’লে হিমন্ত বিশ্ব শৰ্মাই

‘সংবিধানৰ পৰা সমাজবাদী, ধৰ্মনিৰপেক্ষতাক আঁতৰোৱাৰ সোণালী সময়’

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সংবিধানৰ পৰা ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষতা’ শব্দ দুটা আঁতৰোৱাৰ বাবে এয়া সোণালী সময় । তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে দুটা শব্দ যোগ কৰি সংবিধান সম্পূৰ্ণৰূপে সলনি কৰা বুলিও তেওঁ অভিযোগ কৰে ।

তেওঁ কয় যে “জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পাছত, য’ত আৰ এছ এছ বা দেশৰ বহু বুদ্ধিজীৱীসকল, তেওঁলোকে কৈছে যে সংবিধানৰ পৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ আঁতৰোৱাৰ বাবে এইখন সোণালী সময় । আমি এক পৰিপক্ক গণতন্ত্ৰ… আমাক বৃটিছ বা আমেৰিকাৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ শব্দ গ্ৰহণ কৰাৰ প্ৰয়োজন নাই; আমি আমাৰ ধৰ্মনিৰপেক্ষতা ভাগৱত গীতাৰ পৰা লম ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো সংবিধানৰ ১৪ নং অনুচ্ছেদত ইতিমধ্যে সন্নিৱিষ্ট হৈ আছে, যিয়ে সকলো ব্যক্তিকে আইনৰ সন্মুখত সমতাৰ নিশ্চয়তা প্ৰদান কৰে ।

তেওঁ কয় যে ‘আমাৰ সংবিধানৰ ১৪ নং দফাত কোৱা হৈছে যে ৰাষ্ট্ৰই দেশৰ কাকো বৈষম্য কৰিব নোৱাৰে, এয়াই আমাৰ ধৰ্মনিৰপেক্ষতাৰ ভেটি । সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত আম্বেদকাৰে কৈছিল যে সংবিধানত ধৰ্মনিৰপেক্ষতা শব্দটো উল্লেখ কৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই । ১৪ নং অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছে যে ৰাষ্ট্ৰই কাৰো বিৰুদ্ধে বৈষম্য কৰিব নোৱাৰে । এইটোৱেই হৈছে ধৰ্মনিৰপেক্ষতাৰ সৰ্বোচ্চ স্তৰ… প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ধৰ্মনিৰপেক্ষতা শব্দটো সংবিধানত অন্তৰ্ভুক্ত কৰাৰ পিছত সেয়া আদালতেই হওক বা বুদ্ধিজীৱীসকলেই হওক, তেওঁলোকে ধৰ্মনিৰপেক্ষতাক পশ্চিমীয়া দৃষ্টিকোণৰ পৰা চাবলৈ আৰম্ভ কৰিলে । কাৰণ ধৰ্মনিৰপেক্ষতা শব্দটো ভাৰতীয় প্ৰেক্ষাপটত কল্পনা কৰা হোৱা নাই… আমি নিৰপেক্ষ নহয়… আমি হিন্দুৰ লগত আছো আৰু মুছলমানৰ লগতো আছো । ধৰ্মনিৰপেক্ষতা ইয়াত এক ইতিবাচক ধাৰণা ।‘

তেওঁ লগতে কয় যে সমাজবাদ কেতিয়াও ভাৰতীয় সভ্যতাৰ অংশ নাছিল আৰু মহাত্মা গান্ধীয়ে কোৱা ট্ৰাষ্টীশ্বিপৰ অৰ্থনৈতিক আদৰ্শৰ অংশও নাছিল । নব্বৈৰ দশকৰ আৰম্ভণিতে হোৱা অৰ্থনৈতিক সংস্কাৰৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘আমাৰ সভ্যতাৰ কোনো নেতাই সমাজবাদী ধাৰণাৰ কথা কোৱা নাছিল । ই সংঘাতৰ ওপৰত ভিত্তি কৰি গঠিত মতাদৰ্শ… ইয়াৰ বাবেই আমি আন দেশৰ লগত প্ৰতিযোগিতাত পিছ পৰি ৰ’লোঁ… সংবিধানত অন্তৰ্ভুক্ত এই সমাজবাদ বিজেপিয়ে বিলুপ্ত কৰিব নোৱাৰিছিল । কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আৰু মনমোহন সিঙৰ সৈতে ইয়াৰ অন্ত পেলাইছিল আৰু তেওঁলোকে আমাৰ অৰ্থনীতিলৈ উদাৰীকৰণ আনিছিল… নৰেন্দ্ৰ মোদী আৰু অটল বিহাৰী বাজপেয়ীয়ে উদাৰীকৰণৰ এই দৰ্শনক আৰু আগুৱাই লৈ গৈছিল ।‘

লগতে পঢ়ক : ‘কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে’; জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা ; ‘১৮ বছৰৰ ওপৰৰ লোকে নাপাব…’

আধাৰ কাৰ্ডক লৈ কঠোৰ নিৰ্দেশনা

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ নিয়ম ঘোষণা কৰিছে। এতিয়াৰে পৰা আপুনি মন গ’লেই য’তে ত’তে বনাব নোৱাৰিব আধাৰ কাৰ্ড।

শুকুৰবাৰে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেলত কৈছে যে, এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ । আধাৰ কেন্দ্ৰ বা আন কেন্দ্ৰত নাপাব আধাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,বহু অবৈধ বাংলাদেশীৰ হাতত আছে আধাৰ। যাৰ বাবে চৰকাৰে ললে এই বৃহৎ সিদ্ধান্ত। এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ লোক সকলে আধাৰ উলিয়াবলৈ হ’লে জিলা আয়ুক্তইৰ ওচৰলৈ যাব লাগিব। মাত্ৰ জিলা আয়ুক্তই হে দিব পাৰিব আধাৰ।

জিলা আয়ুক্তই নিজে প্ৰত্যক্ষ কৰিহে প্ৰয়োজনত প্ৰাপ্ত বয়স্কক দিব আধাৰ । আধাৰ কেন্দ্ৰত কেৱল শিশু সকলৰ বাবেহে আধাৰ বনাব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।  

লগতে পঢ়ক: আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

 ‘নিশা কামাখ্যা মন্দিৰলৈ নাহিব কোনো লোক’; ৰাজ্যবাসীলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

নিশা কামাখ্যা মন্দিৰলৈ নাহিব

আজিৰে পৰা আৰম্ভ হৈছে মহা অম্বুবাচী। অম্বুবাচী মেলালৈ সোঁত বৈছে দেশী বিদেশী লাখ লাখ ভক্তৰ। মহাতীৰ্থত পৰিণত হৈছে নীলাচলৰ বুকু। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে মা কামাখ্যা মন্দিৰ।

কীৰ্তন-ভজনেৰে মুখৰিত হৈ পৰিছে নীলাচল পাহাৰ। মায়াময় হৈ পৰিছে নীলাচলৰ বুকু। তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমবাসীলৈ কৰিছে এটা আহ্বান।

নিশা কামাখ্যালৈ কোনো লোককে নাযাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কৈছে যে, কামাখ্যালৈ যোৱা পথত বৃদ্ধি পাইছে ভূমিস্খলন।

কোনো ধৰণৰ দুৰ্ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে সকলো লোক সতৰ্ক হৈ থাকক। অম্বুবাচী মেলা প্ৰতি বছৰেই আহে। এইবাৰ ঘৰতে থাকি মাকক আৰাধনা কৰক।

পিছটো অম্বুবাচীলৈ আহিব পাৰিব। ইয়াৰ বাবে আৰক্ষীকো দিয়া হৈছে নিৰ্দেশ। দৰাচলতে মা কামাখ্যা মন্দিৰলৈ যোৱা পাণ্ডু-কামাখ্যা পথছোৱা কিছুদিন পূৰ্বে ভয়ংকৰ বাৱে ভূমিস্খলন হৈছিল।যাৰ বাবে সকলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।   

লগতে পঢ়ক: বৃদ্ধি হ’ব মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ দৰমহা; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আমি উচ্চতম ন্যায়ালয়লৈ যাম

ৰাজ্য কঁপোৱা এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত শনিবাৰে এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এ পি এছ চিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ‘কেছ ফৰ জব’ কেলেংকাৰীত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ৫২জন ৰাজপত্ৰিত বিষয়াক পুনৰ নিযুক্তিৰ নিৰ্দেশ দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ উচ্চতম ন্যায়ালয়লৈ যাব বুলি কয় তেওঁ । এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল যোগ্যতাৰ ভিত্তিতহে নিযুক্তি নিশ্চিত কৰাৰ দিশত কাম কৰি আছে ।

শনিবাৰে বাক্সা জিলাত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত সংবাদ মাধ্যমৰ আগত তেওঁ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে তেওঁ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত পঢ়া নাই, কিন্তু সংবাদ মাধ্যমৰ বাতৰি যদি শুদ্ধ হয় তেন্তে সেয়া অতি দুৰ্ভাগ্যজনক । আমি উচ্চতম ন্যায়ালয়ত আবেদন কৰিম আৰু শেষ মুহূৰ্তলৈকে চেষ্টা কৰিম যে বক্ৰ পথেৰে চাকৰি পোৱাসকলে পুনৰ নিযুক্তি লাভ নকৰে । ২০১৬ চনত পোহৰলৈ অহা এই কেলেংকাৰীত তেতিয়াৰ এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালকে ধৰি ৭০ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিল নিৰ্দেশ-

শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৩ আৰু ২০১৪ বেটছৰ ৫২ গৰাকী বিষয়াক ৫০ দিনৰ ভিতৰত পুনৰ নিযুক্তিৰ নিৰ্দেশ দিয়ে । আদালতে লগতে কয় যে চৰকাৰে ইচ্ছা কৰিলে পুনৰ নিযুক্তি পোৱা বিষয়াসকলক ৩০ দিনৰ বাবে কোনো কৰ্তব্য নিদিয়াকৈ তদন্ত কৰিব পাৰে । স্বচ্ছতাৰ নতুন মানদণ্ডৰে চৰকাৰী চাকৰিত নিযুক্তি দি থকাৰ সময়ত চৰকাৰৰ বাবে এই নিৰ্দেশ আহিছে ।

মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ডাঙৰ ঘোষণা-

ইফালে মুখ্যমন্ত্রী ড০ শর্মাই মানস ৰাষ্ট্রীয় উদ্যানক এক প্রধান পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ কথাও ঘোষণা কৰে ৷ তেওঁ কয় যে বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰি অহাৰ পিছত এই অঞ্চলটো এতিয়া নিৰাপদ আৰু আকৰ্ষণীয় হৈ পৰিছে, যাৰ ফলত পৰ্যটনৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে । এতিয়া ইয়াত শান্তি আৰু উন্নয়নৰ পৰিৱেশ আছে বুলি মন্তব্য কৰে তেওঁ ।

লগতে পঢ়ক : ‘নামঘৰ-মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী নিষিদ্ধ’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘যোগে মন প্ৰশান্ত কৰি এক কৰ্মদিপ্ত জীৱন প্ৰদান কৰে’; আন্তৰ্জাতিক যোগ দিৱসত মুখ্যমন্ত্ৰী

আন্তৰ্জাতিক যোগ দিৱসত মুখ্যমন্ত্ৰী

আজি ১১তম আন্তৰ্জাতিক যোগ দিৱস।বাক্সাৰ শালবাৰীত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্রী জয়ন্ত মল্ল বৰুৱা, উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি বিটিআৰৰ কেবাগৰাকীও কাৰ্যবাহী সদস্য, পাৰিষদ আদিয়ে। যোগা দিৱসৰ কাৰ্যসূচীত প্ৰায় ২ সহস্ৰাধিক ৰাইজে অংশগ্রহণ কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আধ্যাত্মিক ভাৱে যোগে মন প্ৰাণ প্ৰশান্ত কৰি মানুহক কৰ্মদিপ্ত জীৱন প্ৰদান কৰে।যোগাভ্যাসে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিৰ চিন্তা আৰু কৰ্মক প্ৰভাৱিত কৰি এখন শক্তিশালী বিশ্ব গঢ় দিয়াত সামগ্ৰীক ভাৱে অনুপ্ৰাণিত কৰি আহিছে।

যোগে সুস্থ জীৱন-যাপনত দিশত মানৱ জাতিক আগুৱাই নিয়াত য়োগে যি অপৰিসীম অৱদান আগবঢ়াইছে তাৰ ফলতে যোগাভ্যাসে বিশ্বজুৰি বিশেষ সমাদৰ লাভ কৰিছে। আধুনিক জীৱন শৈলীটো যোগ অবিচ্ছেদ্য অংগ হৈ পৰিছে।

যোগ বিদ্যা ভাৰতৰ এক গৌৰৱময় সাক্ষী।সেয়ে আমি সকলোৱে সদায় কিছু সময় হ’লেও যোগ কৰাৰ অভ্যাস কৰিব লাগে।   

লগতে পঢ়ক: ‘যোগে সমগ্ৰ বিশ্বক সংযোগ কৰিছে’, ডিঙিত গামোছা লৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোদী

‘নামঘৰ-মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী নিষিদ্ধ’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য

 লক্ষীপুৰ, ধুবুৰী কাণ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শুকুৰবাৰে এখন সংবাদমেলখনত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘এতিয়াৰে পৰা নামঘৰ-মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনেও কুৰবাণী দিব নোৱাৰিব’।

‘ কেৱল কুৰবাণী দিয়াই নহয় মন্দিৰ-গুৰুদ্বাৰৰ ৫ কিলোমিটাৰৰ ভিতৰত কোনো লোকে গো মাংস কাবও নোৱাৰিব। এইবাৰ ঈদ-উল-জোহাৰ সময়ত আইন উলংঘন কৰা হৈছিল’।

‘প্ৰশাসনৰ হেমাহিৰ বাবেই এইধৰণৰ ঘটনা সংঘটিত হ’ল। সমগ্ৰ ঘটনাবোৰ নামঘৰ, মন্দিৰৰ ৫ কিঃমিঃ ভিতৰত সংঘটিত হৈছে’।

‘যাৰবাবে এতিয়াৰে পৰা মন্দিৰ, নামঘৰৰ ৫ কিঃমিঃ ভিতৰত কুৰবাণী দিয়াত নিষেধাজ্ঞা জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ঈদৰ সময়ত বা আন সময়ত যদি কোনো ব্যক্তিয়ে এই কাম কৰিলেই কঠোৰ ব্যৱস্থা লোৱা হ’ব’।

‘গো-সুৰক্ষা বিধেয়কখন এতিয়াৰে পৰা অধিক কটকটীয়া হ’ব । ভৱিষ্যতে ঈদৰ সময়ত এই আইন কঠোৰভাৱে বলৱৎ কৰা হ’ব’।

লক্ষীপুৰ, ধুবুৰীৰ জিলা প্ৰশাসনক অধিক কঠোৰ হোৱাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। গো-মাংস বাবে চৰকাৰে এখন বিশেষ SOP প্ৰস্তুত কৰিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে।

লগতে পঢ়ক: ‘ইংৰাজী কোৱা সকলৰ লাজ লাগিব…’; ভাষা বিবাদৰ মাজতে অমিত শ্বাহৰ ডাঙৰ মন্তব্য

ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ; একেলগে ৪০ হাজাৰক দিয়া হ’ব নিযুক্তি

ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ

ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ । নিযুক্তিক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০অক্টোবৰত একেলগে ৪০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ । আজি গুৱাহাটীত অনুষ্ঠিত হোৱা এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

এই অনুষ্ঠানত দিয়া ভাষণত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় যে, নিযুক্তি সন্দৰ্ভত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰ তৎপৰ । সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত নিযুক্তি দিয়া হৈছে বুলিও উল্লেখ কৰে তেওঁ । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ১০ অক্টোবৰত নিযুক্তিৰ সংখ্যাই ১লাখ ৬০ হাজাৰৰ ঘৰ পাৰ কৰিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে, আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ৪৮১ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : ধুবুৰীত নিশা শ্বুট এট ছাইট; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ এক্সন

ধুবুৰীত নিশা শ্বুট এট ছাইট; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ এক্সন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ

ধুবুৰীৰ গো মাংসক লৈ পৰিস্থিতি অৱনতিৰ পিছতে কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নিশাৰ আন্ধাৰত আৰক্ষী অথবা বেলেগ ধৰ্মীয় লোকক শিলগুটি নিক্ষেপ কৰিলে লগে লগে গুলিৱাবলৈ নিৰ্দেশ ধুবুৰী জিলা প্ৰশাসনক।

সাম্প্ৰতিক পৰিস্থিতিকলৈ আইন শৃংখলা অধিক কটকটীয়া কৰি তুলিবলৈ ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মিত সিং।

ঘটনাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ধুবুৰীৰ ঘটনাৰ লগত বাংলাদেশৰ শক্তি জড়িত আছে। এতিয়াৰে পৰা আইন শৃংখলা হাতত তুলি লোৱা মানুহৰ নিষ্ঠাৰ নাই। সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘এইবাৰ বকৰী ঈদৰ পিছদিনা মই ধুবুৰীত থাকিম।গোটেই ৰাতি মই হনুমান মন্দিৰত বহি থাকিম। ঈদৰ পিছদিনাও মই ধুবুৰীত নিশা কটাম। আমাৰ চৰকাৰে ইয়াক কেতিয়াও সহ্য নকৰে’।

আজি সন্ধিয়া ৬ বজাৰ লগে লগে প্ৰযোজ্য হ’ব শ্বুট এট ছাইটৰ নিৰ্দেশ। ইয়াৰ বাবে ৰেপিড এক্সন ফৰ্চ আৰু CRPF ধুবুৰীলৈ যাব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

লগতে পঢ়ক: ফিন এলেনে ভংগ কৰিলে গেইলৰ বিশ্ব অভিলেখ! ধুমুহাময় বেটিঙেৰে কৰিলে কাম

‘তীব্ৰগতিত ৰাজ্যত চলিব অবৈধ বাংলাদেশী বহিষ্কাৰ অভিযান’: মুখ্যমন্ত্ৰী

ৰাজ্যত চলিব অবৈধ বাংলাদেশী বহিষ্কাৰ অভিযান

সোমবাৰে অনুষ্ঠিত হয় বিধান সভাৰ বিশেষ অধিৱেশন। এই অধিৱেশনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী বহিষ্কাৰক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

সদনত উদাত্ত কণ্ঠৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘তীব্ৰগতিত ৰাজ্যত চলিব অবৈধ বাংলাদেশী বহিষ্কাৰ অভিযান। এইপৰ্যন্ত ৩০০ৰো অধিক অবৈধ বিদেশীক বিতাড়ন কৰা হৈছে’।

‘বিদেশী চিনাক্তকৰণ হ’লেই বিদেশী ন্যায়াধীকৰণলৈ যাব নালাগে। অসমত বিতাড়ন সন্দৰ্ভত কঠোৰ হৈছে মুখ্যমন্ত্ৰী। এইক্ষেত্ৰত পূৰ্বতকৈ সক্ৰিয় হ’ব প্ৰশাসন’।

‘সংশ্লিষ্ট জিলাসমূহৰ বাবে DCক দিয়া হ’ব সম্পূৰ্ণ কৰ্তৃত্ব।DCসকলে যাক যাকেই অবৈধ বুলি ভাৱে তেওঁলোকেই অবৈধ’।

‘এতিয়াৰে পৰা চহৰে-নগৰে, গাৱে-ভূঁঞে, চোকে-কোণে চলিব মাৰাথন অভিযান। NRCত নাম থাকক বা নাথাকক বাংলাদেশী বিতাড়ণ হ’বই’ বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

‘ইয়াৰ বাবে অহা ১২মাহৰ ভিতৰত NRCৰ কাম সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। বহু লোকে NRCত ভুৱাকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ বাবে অসমত NRCৰ পুনৰীক্ষণৰ দাবী কৰা হৈছে’।

‘এই সন্দৰ্ভত ইতিমধ্যে ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰৰ আলোচনা হৈছে। ২০ শতাংশ সীমান্ত অঞ্চলত আৰু ১০ শতাংশ অন্যান্য স্থানত NRCৰ এই পুনৰীক্ষণৰ প্ৰয়োজন হৈছে। NRCৰ ভেৰিফিকেচন সম্পন্ন হ’লেই ৰাইজৰ সন্দেহ দূৰ হ’ব’ বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।    

লগতে পঢ়ক: মহাকাশত নতুন কাহিনী লিখাৰ প্ৰস্তুতি; ১০ জুনত উৰা মাৰিব শুভাংশু শুক্লা