“অসমত আছে বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ”; মুখ্যমন্ত্ৰী

অসমত পাকিস্তানৰ ফেচবুক ইউজাৰ আছে

বুধবাৰে কেবিনেটত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ভয়ংকৰ তথ্য দিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, অসমত হাজাৰ হাজাৰ বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ আছে।

এই ইউজাৰবোৰে অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখি ভয়ংকৰ পৰিকল্পনা কৰি আছে।যিটো অসমৰ বাবে ভয়াৱহ খবৰ।

তেওঁ লগতে কয় যে অসমৰ নিৰ্বাচনৰ ওপৰত ২০০০ ফেচবুক একাউণ্টে বিভিন্ন মন্তব্য দিছে। ইয়াৰে অধিকাংশ একাউণ্টেই বাংলাদেশ আৰু পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ হৈছে।

অৱশ্যে এই একাউণ্টসমূহৰ ওপৰত অসম আৰক্ষী আৰু SB-এ নজৰ ৰাখিছে। যিবোৰ কমেণ্ট আহে এই কমেণ্টসমূহত আমাৰ মানুহৰ নাম দেখা পোৱা নাযায়।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, চোৰাংচোৱা সংস্থা ISI-এ অসমত এখন বিশেষ চৰকাৰ হোৱাটো বিচাৰে।

অৱশ্যে ১০ ছেপ্টেম্বৰত ইয়াৰ ওপৰত সৱিশেষ তথ্য দাখিল কৰিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়। ইয়াৰ বাবে কলকাতাত এটা বিশেষ কলচেণ্টাৰ বহুওৱা হৈছে।এই সকলোখিনি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নজৰত ৰাখিছে।

লগতে পঢ়ক: “বাক স্বাধীনতাৰ অৰ্থ এইটো নহয় যে…”; উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ধমক

‘চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে কি হ’ব’; পাকিস্তানৰ ভাবুকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পাকিস্তানৰ ভাবুকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানে এটা নতুন কাহিনী বনাইছে যে যদি চীনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহ বন্ধ কৰি দিয়ে তেন্তে কি হ’ব ? অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ মনেগঢ়া এই ভাবুকি নুই কৰি কয় যে প্ৰথমে চীনে এনে কোনো পদক্ষেপ গ্ৰহণ নকৰে আৰু সেয়া হ’লেও অসমত প্ৰতি বছৰে হোৱা বানপানী হ্ৰাস কৰাতহে সহায় কৰিব ।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘ভাৰতে সিন্ধু জল চুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- ‘যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব?’ ভাৰতৰ একো নহয় ৷ এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম ৷’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু লিখিছে যে, ‘ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণা কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫ৰ ৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…

ক) অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা

খ) সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা

গ) খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা’

হিমন্ত বিশ্ব শৰ্মাই কয় ‘ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰায় ২,০০০–৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ড ৷ অসমৰ ভৈয়ামত, যেনে- গুৱাহাটীত  এই প্ৰবাহ বাৰিষাৰ সময়ত ই ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ৷ ব্ৰহ্মপুত্ৰ ভাৰতৰ এনে এখন নদী নহয়, যি বৈ যাবলৈ হিমালয়ৰ ওপৰত নিৰ্ভৰ কৰে ৷ ব্ৰহ্মপুত্ৰক ভৰুণ কৰি ৰাখে ভাৰতৰ দোপালপিটা বৰষুণে ৷ সেয়ে লুইতে বল পাইছে ভাৰততহে ৷’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানক প্ৰত্যুত্তৰ দি কয়, ‘পাকিস্তানে এটা শাশ্বত সত্য জনা উচিত, যদিও চীনে চৰকাৰী মঞ্চত একো ভাবুকি প্ৰদান কৰা নাই, তথাপি যদিহে চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটাও দিয়ে ই আওপকীয়াকৈ হ’লেও ভাৰতক সহায়হে কৰিব, বিশেষকৈ বাৰিষাৰ বান নিয়ন্ত্ৰণৰ সময়ত ৷ যি বানে প্ৰতি বছৰে লক্ষাধিক লোকক ক্ষতিগ্ৰস্ত কৰে । ইফালে, পাকিস্তানে যোৱা ৭৪ বছৰে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতৰ পৰা বৈ যোৱা পানীৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি অভ্যস্ত হৈ পৰাৰ পাছত এতিয়া শংকাত ভুগিছে, যিহেতু ভাৰতে এতিয়া নিজৰ সাৰ্বভৌম অধিকাৰৰ কথা মনত পেলাই দিছে ৷ট

তেওঁ কয়, ‘সংক্ষেপে এটা কথা বুজাই দিবলৈ বিচাৰিছোঁ, ব্ৰহ্মপুত্ৰক কোনো এটা মাত্ৰ উৎসই নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ ব্ৰহ্মপুত্ৰ চিৰ প্ৰবহমান নিজৰ ভৌগোলিক স্থিতিৰ বাবে ৷ আমাৰ আশীৰ্বাদ স্বৰূপ বাৰিষাৰ বাবে আৰু লুইতপৰীয়া সভ্যতাৰ ঐক্য-শক্তিৰ বাবে ৷’

লগতে পঢ়ক : আমাক দোষ দিয়া বন্ধ কৰক, নিজৰ ভিতৰলৈ চাওক… শ্বাহবাজৰ মন্তব্যক লৈ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা; ‘সংখ্যালঘু অধ্যুষিত খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ’

খিলঞ্জীয়া লোকক দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ

খিলঞ্জীয়া লোকক লৈ অসম চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা স্পৰ্শকাতৰ অঞ্চলৰ লোকৰ সুৰক্ষাৰ বাবে মাৰণাস্ত্ৰ ৰকাৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হ’ব।

সন্দেহজনক নাগৰিকৰ পৰা বিপদ হোৱাৰ আশংকাত থকা অঞ্চলসমূহত দিয়া হ’ব এই অনুজ্ঞাপত্ৰ। সেই লোকসকলে বিচাৰিলেই চৰকাৰে দিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ।

অৱশ্যে কোনো অপৰাধীক মাৰণাস্ত্ৰৰ এই অনুজ্ঞাপত্ৰ দিয়া নহয় বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। মুখ্যমন্ত্ৰী গৰাকীৰ মতে যিসকল লোক অপৰাধজনিত গোচৰত জড়িত তেওঁলোকক দিয়া নহয় অনুজ্ঞাপত্ৰ।

ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাচাৰ, মৰিগাঁও, ধিং,নগাঁও, ৰূপহীহাট আদিৰলোকে পাব মাৰণাস্ত্ৰ। কেবিনেটৰ সিদ্ধান্তৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।

লগতে পঢ়ক: শীঘ্ৰে X একাউণ্টৰ পৰা পঠিয়াব পাৰিব ধন; ইলন মাস্কে প্ৰৱৰ্তন কৰিলে এক্স মানি পেমেণ্ট ফিচাৰ

‘যদি পাকিস্তানলৈ যোৱা কোনোবা ইউটিউবাৰ আছে নাম দিয়ক’; এক্সন মোডত মুখ্যমন্ত্ৰী

এক্সন মোডত মুখ্যমন্ত্ৰী

এক্সন মোডত অসমৰ মুখ্যমন্ত্ৰী। এইবাৰ অসমৰ  YouTuberৰ বিৰুদ্ধে এক্সন লোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যিসকল এসমৰ YouTuber এ পাকিস্তানলৈ গৈছে সেই সকলৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘কোনোবা যদি পাকিস্তানলৈ যোৱা ইউটিউবাৰ আছে নাম দিয়ক। সকলোৰে বিৰুদ্ধে লোৱা হ’ব এক্সন’।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ সংবাদমেলৰ মাজতে এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কৈছে যে, ‘দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আনুষ্ঠানিক ভ্ৰমণ আৰু ইউটিউবাৰ বা কংগ্ৰেছৰ সাংসদৰ ভ্ৰমণত বিশাল পাৰ্থক্য আছে’।

ৰাষ্ট্ৰৰ স্বাৰ্থত যোৱা আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে পাকিস্তান যোৱাটো সম্পূৰ্ণ ভিন্ন বিষয়। পাকিস্তানপ্ৰেমী একাংশ কংগ্ৰেছীয়ে কেতিয়াও এই পাৰ্থক্য বুজি নাপায় বা বুজিবলৈ নিবিচাৰে’।সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক : “গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল…”; গৌৰৱ গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

“গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল…”; গৌৰৱ গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘গৌৰৱ গগৈ পাকিস্তানলৈ যিধৰণে গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়’।

‘তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাকিস্তানলৈ যোৱা কথাটো কৈছে। কিন্তু প্ৰধানমন্ত্ৰী গৰাকী পাকিস্তানলৈ যোৱা আৰু গৌৰৱ গগৈ মনে মনে পাকিস্তানলৈ যোৱাটোৰ মাজত পাৰ্থক্য আছে’।

‘গৌৰৱ গগৈয়ে ৰাফেল আৰু  S400ৰ বিৰোধিতা কৰিছিল। তেওঁ পাকিস্তানৰ পৰা আহিয়েই পাৰমাণৱিক অস্ত্ৰ ক’ত থাকে,  কাছাব অহা ৰাস্তাটোত নতুনকৈ কিমান নিৰাপত্তাৰক্ষী ৰখা হৈছে সেই কথাও জানিব বিচাৰিছিল’।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ ৯০ জন ল’ৰাক তেঁও পাকিস্তানলৈ লৈ গৈছিল ৰেডিকুলাছ কৰিবলৈ।  গৌৰৰৱ গগৈয়ে নিজৰ লৰা-ছোৱালীক ভাৰতীয় কৰি ৰখা নাই’ ।

‘গৌৰৱ গগৈয়ে যিবোৰ কাম কৰি আছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয় আৰু নিন্দনীয়’। ইয়াৰ লগতে গৌৰৱ গগৈৰ পত্নীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১০ ছেপ্তেম্বৰত সকলো তথ্য দিয়াৰ পিছত তেঁওৰ পৰিবাৰৰ পাছপৰ্ট বাতিল হ’ব’।

‘এই ভদ্ৰ মহিলা গৰাকীয়ে ১৯ বাৰকৈ ভাৰত-পাকিস্তানৰ মাজত অহা যোৱা কৰিছিল।বেছিভাগ খোজ কাঢ়ি অথবা নেপাল হৈ অহা যোৱা কৰিছিল’। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ন ন বিস্ফোৰক মন্তব্য কৰে।  

 ‘১০ মে’ৰ পৰা সকলো বিহু অনুষ্ঠান বন্ধ কৰিব লাগিব’; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

ভাৰত-পাকিস্তানৰ যুদ্ধ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ১০ মে’ৰ পৰা ৰাজ্যত সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

‘X’যোগে সমগ্ৰ ৰাজ্যবাসীলৈ বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীৰ।এতিয়া উ সৱৰ বতৰ সমাপ্ত কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰিছে তেওঁ।

জৰুৰীকালীন পৰিস্থিতিত সকলোকে দেশৰ হকে একত্ৰিত হ’বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্তু বিশ্ব শৰ্মাই।

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক আছে…’ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নক লৈ পুনৰ এক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ অভিযোগ উত্থাপন কৰি কয় যে এলিজাবেথ কলবাৰ্নৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক আছিল । কলবাৰ্নে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তেওঁৰ লগত চুবুৰীয়া দেশখনত পাকিস্তানী সেনাৰ বিষয়াও আছিল ।

মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে গগৈৰ পত্নীয়ে পাকিস্তানত কাম কৰিছিল আৰু তাৰ পিছত দিল্লীলৈ আহিছিল কোনো এন জি অ’ত কাম কৰিবলৈ, কিন্তু পাকিস্তানৰ পৰা তেওঁ দৰমহা লাভ কৰিয়েই আছিল । গগৈয়েও ব্যক্তিগতভাৱে পাকিস্তান ভ্ৰমণ কৰি তাত ১৫ দিন আছিল । তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্নেও গগৈৰ লগত গৈছিল যদিও সাত দিনৰ পিছত তেওঁ ঘূৰি আহিছিল, আনহাতে গগৈ আৰু সাত দিন থাকিছিল । মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱ গগৈয়ে ১৫ দিন পাকিস্তানত কি কৰিলে ক’ব লাগে ?  তেওঁ পাকিস্তানৰ সেনাবাহিনীক প্ৰত্যক্ষ নে পৰোক্ষভাৱে সহায় কৰিছিল নেকি ?

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাকিস্তান ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন হৈছে যদিও চৰকাৰী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী তালৈ গৈছিল । চৰকাৰী প্ৰতিনিধি দলৰ অংশ হিচাপে গগৈ তালৈ যোৱা হ’লে আমি প্ৰশ্ন উত্থাপন নকৰিলোহেঁতেন, কিন্তু তেওঁ ব্যক্তিগতভাৱে তালৈ গৈছিল আৰু আমি জানিব বিচাৰো যে সেই দেশত তেওঁক কোনে আদৰণি জনাইছিল ?

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু ভাৰতত তেওঁৰ সহযোগীসকলৰ মাজৰ সম্পৰ্কৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত সম্পূৰ্ণ কৰিছে আৰু গগৈ ৱাগাহ-আটাৰী সীমান্ত হৈ পাকিস্তানলৈ যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে । কিন্তু তথ্যসমূহ প্ৰমাণীকৰণৰ বাবে আমি বিধিগত বিধানসমূহ পূৰণ কৰিব লাগিব আৰু ইয়াৰ বাবে সময় লাগিব । আমি ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু ১০ ছেপ্টেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম । এছ আই টিয়ে প্ৰয়োজনীয় ঠাইবোৰ ভ্ৰমণ কৰিছিল ঠিকেই, কিন্তু প্ৰমাণ সংগ্ৰহৰ প্ৰক্ৰিয়া আছে ।

৯০ জন যুৱকক পাকিস্তানৰ দূতাবাসলৈ লৈ গৈছিল গগৈয়ে : শৰ্মা

ইজৰাইল ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ সাংসদগৰাকীয়ে পাছপ’ৰ্ট হেৰুৱাৰ কথা কৈছিল আৰু ইয়াৰ ফলত তথ্য হেৰুৱাইছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয় । পাকিস্তানৰ পৰা উভতি অহাৰ পাছত গগৈয়ে ৯০ জন যুৱকক পাকিস্তানৰ দূতাবাসলৈ লৈ যায় আৰু তাৰে বহুতেই পিছত দাবী কৰে যে তেওঁলোকক তালৈ লৈ যোৱা বুলি আগতীয়াকৈ কোৱা হোৱা নাছিল । তেওঁ যুৱকসকলক উগ্ৰপন্থী কৰিব বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰে ড০ শৰ্মাই ।

মুখ্যমন্ত্ৰী হিম্নত বিশ্ব শৰ্মাই কয় যে তেওঁৰ পৰিয়ালত কেৱল গৌৰৱ গগৈহে ভাৰতীয় নাগৰিক । তেওঁ নিজৰ সন্তান দুটাৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে । নথিপত্ৰৰ প্ৰমাণ পোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিম আৰু গোচৰ কেন্দ্ৰীয় সংস্থাক গতাই দিয়াৰ পিছত তদন্তৰ অধিক পৰিসৰ থাকিব । এই বিষয়ত অসম চৰকাৰৰ ক্ষমতা সীমিত আৰু এটা নিৰ্দিষ্ট পইণ্টলৈকেহে তদন্ত কৰিব পাৰে বুলি কয় তেওঁ ।

‘প্ৰতিবাৰেই পাকিস্তানী সেনাক উপযুক্ত উত্তৰ দিছে’… ভাৰতীয় সেনাক প্ৰশংসা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ, কংগ্ৰেছকো সমালোচনা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সেনাৰ সাহস আৰু মনোভাৱক প্ৰশংসা কৰে । তেওঁ কয় যে পাকিস্তানে যেতিয়াই ভাৰতৰ ঐক্য আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল তেতিয়াই ভাৰতীয় জোৱানসকলে শত্ৰুক সাহসেৰে পৰাস্ত কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰাখিছিল । ইয়াৰ উপৰিও ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ বাবে কংগ্ৰেছকো সমালোচনা কৰে তেওঁ ।

এল অ’ চিত পাকিস্তানৰ অবিৰত গুলীচালনাৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক কাৰ্যক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । এক্সত তেওঁ লিখিছে ভাৰত-পাকিস্তান যুদ্ধ: ভাৰতৰ বীৰত্ব আৰু জয়ৰ ঐতিহ্য । স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ সাহসী সশস্ত্ৰ বাহিনীয়ে বাৰে বাৰে পাকিস্তানী আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি দৃঢ়তাৰে থিয় দিছে । পাকিস্তানে যেতিয়াই ভাৰতৰ ঐক্য আৰু অখণ্ডতাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল তেতিয়াই আমাৰ জোৱানসকলে সাহসেৰে শত্ৰুক নিৰ্ণায়কভাৱে পৰাস্ত কৰিছিল আৰু ভাৰতৰ গৌৰৱ ৰক্ষা কৰিছিল ।

তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা চাৰিখন যুদ্ধ, ১৯৪৭-৪৯ চনৰ ভাৰত-পাক যুদ্ধ, ১৯৬৫ চনৰ যুদ্ধ, ১৯৭১ চনৰ যুদ্ধ আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ বিষয়ে তথ্য প্ৰদান কৰে । শৰ্মাই কয় যে প্ৰতিটো ভাৰত-পাকিস্তানৰ সংঘাতে এটা চিৰন্তন সত্যৰ আঁত ধৰে । যেতিয়াই ভাৰতে আক্ৰমণৰ সন্মুখীন হৈছিল তেতিয়াই আমাৰ জোৱানসকল নিৰ্ভীক, অপৰাজিত আৰু নিজৰ সংকল্পত অটল হৈ আছিল । সাহস আৰু ত্যাগৰ এই উত্তৰাধিকাৰে প্ৰতিজন ভাৰতীয় নাগৰিকক অনুপ্ৰাণিত কৰি যাব । শৰ্মাই কয় যে আমাৰ সশস্ত্ৰ বাহিনী সকলো পৰিস্থিতিত ভাৰতৰ সাৰ্বভৌমত্ব আৰু সন্মান ৰক্ষাৰ বাবে সজাগ আৰু প্ৰতিশ্ৰুতিবদ্ধ । জয় হিন্দ ।

কংগ্ৰেছক তীক্ষ্ণ সমালোচনা-

কংগ্ৰেছকো লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । অসম চৰকাৰৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ পূর্বে তথ্য সঠিকভাৱে জনাটো জৰুৰী বুলিও তেওঁ কয় ৷ অসম আৰক্ষীয়ে সাংসদ প্ৰদ্যুত বৰদলৈৰ সৈতে জড়িত ঘটনাৰ পুংখানুপুংখ তদন্ত কৰিছে । এতিয়া স্পষ্টভাৱে প্ৰতিষ্ঠা হৈছে যে আক্ৰমণকাৰী মহম্মদ ইমদাদুল ইছলাম । তেওঁ আছিল কংগ্ৰেছ কৰ্মী । যাক পঞ্চায়ত নিৰ্বাচনত নাকচ কৰা হৈছিল দলৰ টিকট । এই ঘটনা সম্পূর্ণৰূপে কংগ্রেছৰ ভিতৰৰ দলীয় আৰু অন্তর্যুদ্ধৰ ফল ৷ এয়া অসম চৰকাৰৰ পৃষ্ঠপোষকতা বা সমৰ্থিত কাৰ্য নাছিল । এই পৰীক্ষিত তথ্যৰ পৰিপ্ৰেক্ষিতত আপোনালোকে অসম চৰকাৰৰ বিৰুদ্ধে কৰা ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ মন্তব্য প্ৰত্যাহাৰ কৰিব বুলি আশা কৰিলোঁ ।

পাকিস্তানৰ সমৰ্থনত মন্তব্য দিলেই হ’ব গ্ৰেপ্তাৰ… মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কয় যে জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এতিয়ালৈকে ৰাজ্যখনত পাকিস্তানৰ সমৰ্থকত সামাজিক মাধ্যমত পোষ্ট কৰাৰ অপৰাধত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁ স্পষ্টকৈ কয় যে প্ৰয়োজন হ’লে এই লোকসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অৰ্থাৎ এন এছ এৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । গুৱাহাটীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ড০ শৰ্মাই কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো সাদৃশ্য নাই । দুয়োখন দেশ শত্ৰু ৰাষ্ট্ৰ আৰু আমি তেনেকৈয়ে থকা উচিত ।

‘ছ’চিয়েল মিডিয়াৰ সকলো পোষ্ট পৰ্যালোচনা কৰা হৈছে’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতাক ‘ভাৰত বিৰোধী মন্তব্য’ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল । এনে মনোভাৱ গ্ৰহণ কৰা যিকোনো লোককে গ্ৰেপ্তাৰ কৰা হ’ব বুলি সকীয়াই দিয়ে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, ‘প্ৰয়োজন হ’লে আমি তেওঁলোকৰ ওপৰত এন এছ এৰ বিধান প্ৰয়োগ কৰিম । আমি সকলো (ছ’চিয়েল মিডিয়া) পোষ্ট পৰ্যালোচনা কৰি আছো আৰু যিকোনো ব্যক্তিক আমি যদি ৰাষ্ট্ৰবিৰোধী বুলি বিবেচনা কৰোঁ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ১৪লৈ বৃদ্ধি পাইছে ।

শনিবাৰে সন্ধিয়া ৭ বজালৈকে গ্ৰহণ কৰা ব্যৱস্থাৰ তথ্য দি তেওঁ লিখিছে, ‘এতিয়ালৈকে দেশদ্ৰোহীমূলক মন্তব্য কৰা ১৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।’ দিনটোত কাছাৰত ২ জন, হাইলাকান্দি, নগাঁও আৰু শ্ৰীভূমিত ১ জনকে ধৰি কমেও ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয় । ‘এক্স’ ত আন এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে শুকুৰবাৰে নিশা শ্ৰীভূমি জিলাত এজন ব্যক্তিক আটক কৰা হৈছিল । আন এটা পোষ্টত তেওঁ জনাইছে যে, ‘ছ’চিয়েল মিডিয়াত পাকিস্তানৰ সমৰ্থনত পোষ্ট দিয়াৰ বাবে কাছাৰ আৰক্ষীয়ে আৰু ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।’

আৰক্ষীৰ জিম্মাত AIUDFৰ বিধায়ক-

ইয়াৰ পূৰ্বে ড০ শৰ্মাই কয় যে বৃহস্পতিবাৰে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ বিধায়ক আমিনুল ইছলামকে ধৰি ২ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে আৰু ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰা হয় । উল্লেখ্য যে, এই আক্ৰমণৰ পিছত অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত চোকা নিৰীক্ষণ কৰি ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।