ৰাজ্যত শীঘ্ৰে হ’ব সৰ্ববৃহৎ উচ্ছেদ
ৰাজ্যত পুনৰ হ’ব উচ্ছেদ। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে এখন দীঘলীয়া তালিকা প্ৰকাশ কৰি কৈছে যে, ৰাজ্যত শীঘ্ৰে হ’ব সৰ্ববৃহৎ উচ্ছেদ অভিযান।
স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান।অসমৰ মানুহখিনিক আমি বচাব লাগিব।মিঞা মুছলমানক চাপত ৰাখিব পাৰিলেহে অসমৰ খিলঞ্জীয়া সুৰক্ষিত হৈ থাকিব।
নহ’লে অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী হ’বলৈ মুছলমান সম্প্ৰদায়।এই সমস্যাক লৈ দুখনকৈ গুৰুত্বপূৰ্ণ আইন বিধান সভাৰ মজিয়াত উত্থাপন হ’ব।
জাতি, মাটি, ভেটি ৰক্ষা কৰিবৰ কাৰণে আহিব এই নতুন বিধেয়ক দুখন। বিগত ৫ বছৰত যি কৰিলো ৩০ বছৰ পূৰ্বে কৰা হেঁতেন অসমীয়া জাতি সংকিত নহ’লহেঁতেন বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে।
লগতে পঢ়ক: নীতিশ কুমাৰক মোক্ষম আঘাত! RJD ত যোগদান কৰিব JDU প্ৰাক্তন সাংসদ









