দ্বিতীয় বিৱাহ কৰিলেই হ’ব কাৰাদণ্ড ; মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য  

দ্বিতীয় বিৱাহ কৰিলেই হ’ব কাৰাদণ্ড সোমবাৰে সৰুসজাইত নিযুত মইনা ২.০ৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছোৱালী সকলৰ বাবে ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এগৰাকী ছোৱালীয়ে এজন ব্যক্তিক জীৱন সংগী হিচাপে বাছি লোৱাৰ পাছত সেইজন ব্যক্তিয়ে আকৌ বিয়া পাতিব

দ্বিতীয় বিৱাহ কৰিলেই হ’ব কাৰাদণ্ড

সোমবাৰে সৰুসজাইত নিযুত মইনা ২.০ৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছোৱালী সকলৰ বাবে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এগৰাকী ছোৱালীয়ে এজন ব্যক্তিক জীৱন সংগী হিচাপে বাছি লোৱাৰ পাছত সেইজন ব্যক্তিয়ে আকৌ বিয়া পাতিব নোৱাৰিব।এগৰাকী পত্নী থকাৰ পিছত পুনৰ বিবাহ কৰোৱা সকল সাৱধান।অসমত আৰু নচলিব বহুবিবাহ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বহুবিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। ২৫ নৱেম্বৰত এই সন্দৰ্ভত বিধেয়ক সদনত উত্থাপন হ’ব’। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হ’ব।

প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব। অসমৰ কোনো পুৰুষে এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব।

লগতে পঢ়ক: ‘আৰ্থিক সংকটৰ বাবে আৰু অসমৰ কোনো ছোৱালীয়ে পঢ়াৰ পৰা দূৰত থাকিব নালাগে’; মুখ্যমন্ত্ৰী