প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দিল্লীস্থ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় এই বৈঠক । প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ডিচেম্বৰত দুটা বিশেষ প্ৰকল্প অসমবাসীলৈ উৎসৰ্গা কৰিবলৈ আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
উল্লেখ্য যে, ডিচেম্বৰত ৰাজ্যত সম্পূৰ্ণ হৈ উঠিব দুটাকৈ অভিলাষী প্ৰকল্প । কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে নিৰ্মাণ হৈ থকা এই দুটা প্ৰকল্প ডিচেম্বৰত অসমবাসীলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
ডিচেম্বৰতে মুকলি কৰা হব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্পূৰ্ণ নতুন টাৰ্মিনেল । বিশ্বমানৰ এই প্ৰকল্পই প্ৰতি বছৰে গুৱাহাটীক ১.৩ কোটি যাত্ৰীৰে সমৃদ্ধ কৰিব । আনহাতে আনটো অভিলাষী প্ৰকল্প হৈছে নামৰূপস্থিত ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া পৰিসৰৰ শিলান্যাস । ১০,৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প ।
প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ পিছত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখিছে-“আজি দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰোঁ। সাক্ষাৎকালত আমি তেখেতক দুটাকৈ যুগান্তকাৰী প্ৰকল্প অসমবাসীলৈ উৎসৰ্গাৰ বিশেষ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলৈ পাই আহ্লাদিত হৈছোঁ ।
প্ৰথমটো প্ৰকল্প হৈছে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্পূৰ্ণ নতুন টাৰ্মিনেল। এই বিশ্বমানৰ প্ৰকল্পটোৱে গুৱাহাটীক প্ৰতি বছৰে ১.৩ কোটি যাত্ৰী সামৰ্থ্যৰে সমৃদ্ধ কৰি দেশৰ ভিতৰতে এক প্ৰধান বিমান চলাচল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।
দ্বিতীয়টো হৈছে ১০,৬০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া নামৰূপস্থিত ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া পৰিসৰৰ শিলান্যাস। এই প্ৰকল্পটোৱে সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুৰক্ষিত কৰিব।
মাননীয় মোদী ডাঙৰীয়াই আমাৰ প্ৰস্তাৱক সৌজন্যপূৰ্বক সন্মতি প্ৰকাশৰ বাবে আমি কৃতজ্ঞ। তেখেতক আদৰণি জনাবলৈ আমি অত্যন্ত হেঁপাহেৰে অপেক্ষাত ৰৈছোঁ ।“
লগতে পঢ়ক : ‘এয়া ৰাম-সীতাৰ দেশ, লাডেনৰ নহয়…’ বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা









