বিহাৰ নিৰ্বাচন: দ্বিতীয় পৰ্যায়ত নিৰ্ণয় হ’ব এন ডি এৰ ১২২, মহাগঠবন্ধনৰ ১২৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
১১ নৱেম্বৰ, মঙলবাৰে বিহাৰ নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ২০খন জিলাৰ ১২২খন বিধানসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ইতিমধ্যে দেওবাৰে অন্ত পৰিছে দ্বিতীয় পৰ্যায়ৰ নির্বাচনৰ প্রচাৰ অভিযান । অন্তিম দিনটোত দুৱাৰে দুৱাৰে গৈ ভোটাৰক সাক্ষাৎ কৰে প্ৰাৰ্থীসকলে ।
বিহাৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ৰাষ্ট্ৰীয় জনতা দলৰ ১২২ গৰাকী আৰু মহাগঠবন্ধনৰ ১২৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হ’ব । ইয়াৰ ভিতৰত বিজেপিৰ ৫৩ জন, জে ডি ইউৰ ৪৪ জন, এল জে পি-ৰাম বিলাসৰ ১৫ জন, ৰাষ্ট্ৰীয় লোক মৰ্চাৰ ৪ জন আৰু হামৰ ৬ জন প্ৰাৰ্থী আছে । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত আৰ জে ডিৰ ৭০ জন, কংগ্ৰেছৰ ৩৭ জন, ভি আই পিৰ ৮ জন, চি পি আইৰ ৪ জন, চি পি আই এম এলৰ ৬ জন আৰু চি পি আইৰ ১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে । ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত জনসূৰাজ পাৰ্টিৰ ১২০ গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য ।
নিৰ্ণয় হ’ব এইসকল হাইপ্ৰফাইল নেতাৰ ভাগ্য-
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰকিশোৰ প্ৰসাদ, ৰেণু দেৱী, মন্ত্ৰী বিজেন্দ্ৰ যাদৱ, নীতিশ মিশ্ৰ, প্ৰেম কুমাৰ, কৃষ্ণনন্দন পাছৱান, প্ৰমোদ কুমাৰ, শীলা মণ্ডল, লেশী সিং, জয়ন্ত ৰাজ, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ ৰাম, এলজেপি ৰাম বিলাসৰ ৰাজ্যিক সভাপতি ৰাজু তিৱাৰী, জ্যেষ্ঠ আৰজেডি নেতা উদয় নাৰায়ণ চৌধুৰী, আৰ এল এছ পিৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাৰ পত্নী স্নেহলতা, কংগ্ৰেছ বিধায়িনী দলৰ নেতা শকীল আহমেদ খানৰ দৰে দ্বিগজ নেতাৰ ভাগ্য বন্দী হ’ব ই ভি এমত ।
পৰিৱৰ্তন নিশ্চিতঃ তেজস্বী
দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ পূৰ্বে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে কয় যে প্ৰথম পৰ্যায়ৰ পিছত এন ডি এ শিবিৰত গভীৰ দুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । এইবাৰ পৰিৱৰ্তন নিশ্চিত, গতিকে একাংশই আনকি আমালৈ ফোন কৰা লোকৰ স্ক্ৰীণশ্বটো প্ৰেৰণ কৰিছে । বিহাৰ চৰকাৰৰ সৎ বিষয়াসকলে অৱসৰপ্ৰাপ্ত বিষয়াৰ হেঁচাত নপৰাকৈ সংবিধান অনুসৰি নিজৰ কৰ্তব্য পালন কৰিব লাগে ।
এন ডি এয়ে বৃহৎ জয় লাভ কৰিবঃ সম্ৰাট চৌধুৰী
বিহাৰৰ জনসাধাৰণ সম্পূৰ্ণৰূপে এন ডি এৰ পক্ষত আছে । ১১ নৱেম্বৰৰ নিৰ্বাচনত এন ডি এয়ে বৃহৎ জয় লাভ কৰিব বুলি দাবী কৰে সম্ৰাট চৌধুৰীয়ে । তাৰাপুৰ বিধানসভাৰ প্ৰাৰ্থী সম্ৰাট চৌধুৰীয়ে ১১ নৱেম্বৰত জনসাধাৰণক বৃহৎ সংখ্যকত ভোটদান কৰি উন্নয়ন, নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে এন ডি এ চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় । বিজেপিৰ শাসনকালত কৰ্মসংস্থাপন, শিক্ষা, উদ্যোগীকৰণৰ ক্ষেত্ৰত ব্যাপক কাম কৰা হৈছে বুলি মন্তব্য কৰে সম্ৰাট চৌধুৰীয়ে । বিৰোধী দলক আক্ৰমণ কৰি সম্ৰাট চৌধুৰীয়ে কয় যে এয়া গণতন্ত্ৰ, ৰাজতন্ত্ৰ নহয় । কোনো পৰিয়ালে নহয় কোন ৰজা হ’ব সেইটো ৰাইজে সিদ্ধান্ত ল’ব ।
লগতে পঢ়ক : সকলো শিক্ষানুষ্ঠানতে বাধ্যতামূলক হ’ব বন্দে মাতৰমঃ চৰকাৰৰ নিৰ্দেশনা