বিহাৰ নিৰ্বাচনৰ আলেখলেখ
মঙলবাৰে বিহাৰ নিৰ্বাচনৰ বাবে হৈ যায় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । ২০খন জিলাৰ ১২২খন আসনৰ বাবে মঙলবাৰে বিহাৰত অনুষ্ঠিত হয় দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ত অভিলেখ সংখ্যক ৬৮.৪৮ শতাংশ ভোটদান হয় ৰাজ্যখনত । এই ভোটদান ৰাজ্যখনৰ বাবে এক ডাঙৰ অভিলেখ । ইয়াৰ পূৰ্বে এনে ভোটদান বিহাৰৰ নিৰ্বাচনী ইতিহাসত কেতিয়াও লিপিবদ্ধ হোৱা নাই । অৱশ্যে চূড়ান্ত পৰিসংখ্যাএতিয়াও প্ৰকাশ পোৱা নাই । দ্বিতীয় পৰ্যায়ত ভোট যুদ্ধত নামিছিল ১৩০২ গৰাকী প্ৰাৰ্থী । উল্লেখ্য যে, ১৪ নৱেম্বৰত নিৰ্ণয় হ’ব সকলো প্ৰাৰ্থীৰ ভাগ্য ।
বিহাৰ নিৰ্বাচনৰ ভোটদানৰ বাবে ৰাজ্যখনত স্থাপন কৰা হৈছিল ৪৫,৩৯৯টা ভোটকেন্দ্ৰ । ৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । প্ৰথম পৰ্যায়ত ১৮খন জিলাৰ ১২১টা সমষ্টিৰ বাবে ৬৫.০৮ শতাংশ ভোটদান হৈছিল । প্ৰথম পৰ্যায়ত ই ভি এমত বন্দী হৈছিল মুঠ ১,৩১৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ।
দ্বিতীয় পৰ্যায়ৰ ভোটদানত সকলোৰে দৃষ্টি গয়া টাউন, বেটিয়া, চেইনপুৰ, চকাই, অমৰপুৰ, ছাটাপুৰ আৰু জামুই আদি গুৰুত্বপূৰ্ণ সমষ্টিৰ ওপৰত আছিল । কিয়নো এই হাইপ্ৰফাইল সমষ্টিকেইটাত প্ৰেম কুমাৰ, ৰেণু দেৱী, জামা খান, সুমিত কুমাৰ সিং, জয়ন্ত ৰাজ, নীৰজ কুমাৰ সিং বাবলু আৰু শ্রেয়াসী সিঙকে ধৰি কেইবাজনো মন্ত্রী তথা বৰ্তমানৰ বিধায়ক ভোটযুদ্ধত অৱতীৰ্ণ হৈছিল ।
উল্লেখ্য যে, বিহাৰ নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে ১৯৫১ চনৰ পিছত বিহাৰৰ ভোটাৰসকলে যিকোনো নিৰ্বাচনৰ ভিতৰত সৰ্বাধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰিছে । এই ভোটদানৰ হাৰ প্ৰায় ৬৬.৯ শতাংশ । তেওঁ কয় যে আমাৰ মাতৃ আৰু ভগ্নীসকলে নিৰ্বাচন আয়োগৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছে আৰু আমি ১৯৫১ চনৰ পিছত যিকোনো নিৰ্বাচনত সৰ্বাধিক ৭১ শতাংশ ভোটদানৰ হাৰ ৰেকৰ্ড কৰিছো । তেওঁ কয়-“বিহাৰৰ এই স্বচ্ছ আৰু শান্তিপূৰ্ণ নিৰ্বাচনে সমগ্ৰ ভাৰতৰ বাবে পথ দেখুৱাইছে । নিৰ্বাচন আয়োগে সদায় ভোটাৰৰ সৈতে থিয় দিছে আৰু থিয় হৈ থাকিব ।”
জ্ঞানেশ কুমাৰে কয় যে ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচন ঐতিহাসিক আছিল । প্ৰথমতে ৭.৫ কোটিৰো অধিক ভোটাৰে এছ আই আৰত অংশগ্ৰহণ কৰিছিল । সকলো ৰাজনৈতিক দলৰ তৃণমূল পৰ্যায়ৰ নিৰ্বাচনী কৰ্মী আৰু প্ৰায় ১ লাখ ৭৬ হাজাৰ বুথ পৰ্যায়ৰ এজেণ্টে অংশগ্ৰহণ কৰে । নিৰ্বাচনী কৰ্মীসকলৰ অক্লান্ত আৰু স্বচ্ছ প্ৰচেষ্টাৰ বাবে বিহাৰৰ ৩৮ গৰাকী জিলা দণ্ডাধীশৰ কোনো এজনেও এখনো SIRৰ আবেদন লাভ নকৰিলে ।
বিহাৰত কাৰ চৰকাৰ?
শাসকীয় এন ডি এৰ বিধানসভাত বৰ্তমান ১৩২ জন বিধায়ক আছে, যিটো সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ১২২ জন বিধায়কৰ সংখ্যাতকৈ যথেষ্ঠ বেছি । এইবাৰ বিহাৰ নিৰ্বাচন বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত নিৰ্বাচনৰ ধাৰাবাহিকতা আৰু ক্ষমতা অটুট ৰখাৰ অগ্নিপৰীক্ষা । আনহাতে আৰ জে ডি নেতৃত্বাধীন বিৰোধী দল মহাজোঁটৰ বাবে এই নিৰ্বাচন হৈছে ক্ষমতা বিৰোধী ঢৌ আৰু যুৱ অসন্তুষ্টিক মূলধন হিচাপে লৈ ৰাজনৈতিক পৰিৱৰ্তনৰ চিত্ৰনাট্য লিখাৰ এক সুযোগ । বিহাৰত এন ডি এ নে মহাজোঁটে চৰকাৰ গঠন কৰিব সেয়া ১৪ নৱেম্বৰতহে জানিব পৰা যাব । অৱশ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে প্ৰকাশ পোৱা এক্সিট প’লত বিভিন্ন জৰীপ সংস্থাই এন ডি এ-য়ে স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে ।
উল্লেখ্য যে, ভোটদান হোৱা কিছুসংখ্যক জিলা বিহাৰৰ ভাৰত-নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষতে আছিল । তেনে জিলা প্ৰায় সাতখন আছিল । পশ্চিম চম্পাৰণ, পূৱ চম্পাৰণ, সীতামড়ী, মধুবনী, সুপৌল, আৰৰিয়া আৰু কিষাণগঞ্জ সীমামূৰীয়া এই ৭খন জিলাতো অভিলেখ সংখ্যক ভোটদান কৰে ভোটাৰে ।
লগতে পঢ়ক : বিহাৰত এন ডি এৰ ক্লীন ছুইপৰ ভৱিষ্যদ্বাণী; মহাজোঁটৰ বাবে হতাশা কঢিয়ালে এক্সিট প’লে