এটা ৰাউণ্ডত ১৪টা ইভিএম… কাইলৈ ​​বিহাৰৰ ৪৬টা কেন্দ্ৰত ভোট গণনাৰ প্ৰস্তুতি

এটা ৰাউণ্ডত ১৪টা ইভিএম… কাইলৈ ​​বিহাৰৰ ৪৬টা কেন্দ্ৰত ভোট গণনাৰ প্ৰস্তুতি

​​বিহাৰৰ ৪৬টা কেন্দ্ৰত ভোট গণনাৰ প্ৰস্তুতি ১৪ নৱেম্বৰ, শুকুৰবাৰে ঘোষণা কৰা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । ৰাজ্যজুৰি ৪৬টা গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব । প্ৰথমে ডাক বেলট গণনা কৰা হ’ব, যিটো পুৱা ৮ৰ পৰা ৮:৩০ বজাৰ ভিতৰত কৰা হ’ব

​​বিহাৰৰ ৪৬টা কেন্দ্ৰত ভোট গণনাৰ প্ৰস্তুতি

১৪ নৱেম্বৰ, শুকুৰবাৰে ঘোষণা কৰা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । ৰাজ্যজুৰি ৪৬টা গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব । প্ৰথমে ডাক বেলট গণনা কৰা হ’ব, যিটো পুৱা ৮ৰ পৰা ৮:৩০ বজাৰ ভিতৰত কৰা হ’ব । পুৱা ৮:৩০ বজাৰ ভিতৰত ডাক বেলট গণনা সম্পূৰ্ণ নহ’লেও ইভিএমৰ ভোট একেলগে আৰম্ভ হ’ব ।

ইতিমধ্যে ৰাজ্যখনৰ সকলো জিলাতে ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুণঞ্জিয়ালে ৩৮খন জিলাৰ জিলা দণ্ডাধীশৰ সৈতে গণনাৰ পুনৰীক্ষণ কৰিছে । লগতে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা মানদণ্ড সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ।

গণনা কেন্দ্ৰত প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে পৃথক পৃথক কোঠা স্থাপন কৰা হৈছে । এটা ৰাউণ্ডত ১৪টা ইভিএম গণনা কৰা হ’ব, যাৰ বাবে ১৪খন টেবুল স্থাপন কৰা হৈছে । গণনাৰ পূৰ্বে পুৱা ৬ বজাত গণনা কেন্দ্ৰত ৰেণ্ডমাইজেচন কৰা হ’ব ।

ৰেণ্ডমাইজেচনৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব কোনজন বিষয়া কোনখন গণনা টেবুলত কৰ্তব্যত থাকিব । ভোট গণনাৰ সময়ত কোনো ধৰণৰ অমিল হ’লে VVPAT স্লিপ গণনা কৰা হ’ব । যদিহে প্ৰপত্ৰ ১৭চি আৰু ইভিএমৰ তথ্যৰ মাজত মিল নাথাকিলেও VVPAT স্লিপসমূহো গণনা কৰা হ’ব । গণনা চৌহদত মোবাইল ফোন কঠোৰভাৱে নিষিদ্ধ কৰাৰ লগতে বিজয় শোভাযাত্ৰা আৰু গণনা চৌহদৰ চাৰিওফালে শ্লোগানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

লগতে পঢ়ক : এগজিট প’লৰ মাজতে তেজস্বী যাদৱৰ ‘ভৱিষ্যদ্বাণী’; মহাজোঁটে লাভ কৰিব ১৬০ খনতকৈ অধিক আসন

শেহতীয়া প্ৰৱন্ধসমূহ