এগজিট প’লৰ মাজতে তেজস্বী যাদৱৰ ‘ভৱিষ্যদ্বাণী’; মহাজোঁটে লাভ কৰিব ১৬০ খনতকৈ অধিক আসন

এগজিট প’লৰ মাজতে তেজস্বী যাদৱৰ ‘ভৱিষ্যদ্বাণী’; মহাজোঁটে লাভ কৰিব ১৬০ খনতকৈ অধিক আসন

এগজিট প’লৰ মাজতে তেজস্বী যাদৱৰ ‘ভৱিষ্যদ্বাণী’ বিহাৰ বিধানসভা নির্বাচন (২০২৫) সম্পূর্ণ হোৱাৰ পাছত সকলো এগজিট প’লত এন ডি এ চৰকাৰ গঠন হোৱা দেখা গৈছে৷ ইফালে, মহাজোঁটে ১৬০ খনতকৈ অধিক আসন লাভ কৰিবলৈ গৈ আছে বুলি দাবী কৰিছে আৰজেডি নেতা তেজস্বী যাদৱে। তেওঁ কয় যে ভোটগণনাৰ

এগজিট প’লৰ মাজতে তেজস্বী যাদৱৰ ‘ভৱিষ্যদ্বাণী’

বিহাৰ বিধানসভা নির্বাচন (২০২৫) সম্পূর্ণ হোৱাৰ পাছত সকলো এগজিট প’লত এন ডি এ চৰকাৰ গঠন হোৱা দেখা গৈছে৷

ইফালে, মহাজোঁটে ১৬০ খনতকৈ অধিক আসন লাভ কৰিবলৈ গৈ আছে বুলি দাবী কৰিছে আৰজেডি নেতা তেজস্বী যাদৱে

তেওঁ কয় যে ভোটগণনাৰ পূৰ্বে আমি ১৯৯৫ চনত জনতা দলে লাভ কৰা সঁহাৰিতকৈ বেছি ভাল সঁহাৰি লাভ কৰিছো।বুধবাৰে (১২ নৱেম্বৰ, ২০২৫) এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰিছে তেজস্বী যাদৱে।

তেওঁ কয়  যে, “কালি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ ভোটদানৰ সময়ত মানুহে শাৰী পাতি থিয় হৈ আছিল… মানুহ থিয় হৈ থকাৰ সময়তেই এগজিট প’ল আহিছিল”।

“আমি ভুল ধাৰণাত নাথাকো, ভুল বুজাবুজিতো নাথাকো।এই সমীক্ষা কেৱল নিৰ্বাচনৰ লগত জড়িত সকলো বিষয়াৰ মানসিক উদ্দেশ্যৰ বাবেহে।ইয়াক তেওঁলোকৰ হেঁচাত অনা হৈছে…”।

তেজস্বীয়ে সংবাদকৰ্মী সকলক কয় যে, “আগতেও আপোনালোকে জৰীপত দেখুৱাইছিল যে বিহাৰৰ জনসাধাৰণে মুখ্যমন্ত্ৰী হিচাপে কাৰ মুখ পছন্দ কৰে, গতিকে নীতিশ কুমাৰে ১৬, ১৭ বা ১৮ শতাংশতকৈ বেছি পাব নোৱাৰিলে।এইবাৰ এন ডি এত কোনো ঘোষণা হোৱা নাছিল যে কোন হ’ব মুখ্যমন্ত্ৰী মুখ”।

তেওঁ আৰু কয়, “আমি আগতেও কৈছিলোঁ যে ১৪ তাৰিখে ফলাফল ঘোষণা কৰা হ’ব আৰু ১৮ তাৰিখে শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব”।

“এইটো নিশ্চিত ভাৱে হ’বলৈ গৈ আছে…বিজেপি আৰু এন ডি এৰ ঘাম ওলাইছে। তেওঁলোক বিমোৰ আৰু অস্থিৰ হৈ পৰিছে।”

লগতে পঢ়ক: বিহাৰত এন ডি এৰ ক্লীন ছুইপৰ ভৱিষ্যদ্বাণী; মহাজোঁটৰ বাবে হতাশা কঢিয়ালে এক্সিট প’লে