বিহাৰত এন ডি এৰ শক্তিশালী প্ৰত্যাৱৰ্তনৰ ভৱিষ্যদ্বাণী
২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল প্ৰকাশ পাইছে । মঙলবাৰে বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পিছতে প্ৰকাশ পায় এক্সিট প’ল । এক্সিট প’লছৰ মতে বিহাৰত পুনৰ স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ক্ষমতা দখল কৰাৰ ইংগিত দিছে । প্ৰায় সকলো জৰীপ সংস্থাই এন ডি এ-য়ে ১৩০ৰ পৰা ১৮০খন আসন দখল কৰিব বুলি প্ৰকাশ কৰাৰ বিপৰীতে আৰ জে ডিৰ নেতৃত্বৰ মহাজোঁট সমীক্ষাত পিছ পৰি থকা দেখা গৈছে ।
এক্সিট প’লৰ তথ্য অনুসৰি ২৪৩খন আসনৰ বিহাৰ বিধানসভাত বিজেপি মিত্ৰজোঁটে ১৪৫ৰ পৰা ১৭০খন আসন লাভ কৰাৰ অনুমান কৰা হৈছে । ইফালে, আৰ জে ডি মিত্ৰজোঁটে ৭০ৰ পৰা ১০০খন আসন লাভ কৰাৰ অনুমান কৰিছে এক্সিট প’লে । ইফালে বিহাৰৰ মেজিক নম্বৰ হৈছে ১২২ । আনহাতে নিৰন্তৰভাৱে এইবাৰ ক্ষমতা দখলৰ দাবী কৰি জোৰদাৰ প্ৰচাৰ চলোৱা অহা জন সূৰাজৰ লগতে অন্যান্য দলৰ প্ৰদৰ্শন এই নিৰ্বাচনত অত্যন্ত দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । গতিকে এই এক্সিট প’লেে বিহাৰত এন ডি এ-য়ে আকৌ এবাৰ শক্তিশালীভাৱে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰাৰ স্পষ্ট ইংগিত দিছে ।
মেট্ৰিক্স আই এন এছ-
মেট্ৰিক্স আই এন এছৰ তথ্য অনুসৰি এন ডি এক ১৪৭ৰ পৰা ১৬৭খন আসন লাভ কৰিব । মহাজোঁটে ৭০ৰ পৰা ৯০খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে । অন্যান্য দলে ২ৰ পৰা ৬খন আসন লাভ কৰাৰ অনুমান কৰিছে মেট্ৰিক্স আই এন এছে । উল্লেখ্য যে, বিহাৰ নিৰ্বাচনত জোৰদাৰ প্ৰচাৰ চলোৱা প্ৰশান্ত কিশোৰক এই এগজিট প’লে এখনো আসন দিয়া নাই ।
পিপলছ প’লৰ সমীক্ষা-
এই সমীক্ষাত এন ডি এয়ে ১৩৩ৰ পৰা ১৫৯খন আসন লাভ কৰাৰ অনুমান কৰা হৈছে, আনহাতে মহাজোঁটে ৭৫ৰ পৰা ১০১খন আসন লাভ কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে । জন সূৰাজ পাৰ্টীয়ে ০ৰ পৰা ৫ খন আসন আৰু অন্যান্য দলে ২ৰ পৰা ৮ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে । এই সমীক্ষাতো এন ডি এ আগবাঢ়ি থকা দেখা গৈছে ।
জে ভি চি প’ল-
জে ভি চিৰ সমীক্ষাত এন ডি এক ১৩৫ৰ পৰা ১৫০খন আসন দিয়া হৈছে । মহাজোঁটে ৮৮ৰ পৰা ১০৩খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে । ইফালে জন সূৰাজে ০-১ আসন লাভ কৰিব পাৰে আৰু অন্যান্য দলে ৩ৰ পৰা ৬খন আসনত জয়ী হ’ব পাৰে বুলি এই প’লত অনুমান কৰা হৈছে । এই সমীক্ষাতো বিজেপি মিত্ৰজোঁট স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ কাষ চাপিছে ।
পিপলছ ইনচাইট-
পিপলছ ইনচাইটৰ সমীক্ষা অনুসৰি এন ডি এয়ে ১৩৩ৰ পৰা ১৪৮খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । মহাজোঁটে ৮৭ৰ পৰা ১০২খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । জন সূৰাজে ০-২ খন আসন আৰু অন্যান্য দলে ২ৰ পৰা ৮ খন আসন লাভ কৰাৰ কথা অনুমান কৰা হৈছে ।
চাণক্য ষ্ট্ৰেটেজিছ-
চাণক্য ষ্ট্ৰেটেজিছৰ অনুমান অনুসৰি এন ডি এ ১৩০ৰ পৰা ১৩৮খন আসন লাভ কৰাৰ বিপৰীতে মহাজোঁটে ১০০ৰ পৰা ১০৮খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । অন্যান্য দলক ৩ৰ পৰা ৫ খন আসন দিয়া হৈছে ।
প’লষ্ট্ৰেট-
প’লষ্ট্ৰেটৰ সমীক্ষাত এন ডি এক ১৩৩ৰ পৰা ১৪৮খন আসন দিয়া হৈছে । মহাজোঁটে ৮৭ৰ পৰা ১০২খন আসন লাভ কৰাৰ অনুমান কৰা হৈছে । আন দলসমূহে ৩ৰ পৰা ৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে প’লষ্ট্ৰেটে ।
প’ল ডায়েৰী-
প’ল ডায়েৰীয়ে এন ডি এয়ে বৃহ জয় সাব্যস্ত কৰিব বুলি অনুমান কৰিছে । প’ল ডায়েৰীৰ সমীক্ষাত এন ডি এয়ে ১৮৪ৰ পৰা ২০৯খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে । এই সমীক্ষাত মহাজোঁটে মাত্ৰ ৩২ৰ পৰা ৪৯খন আসনহে লাভ কৰিব বুলি প্ৰকাশ কৰিছে । অন্যান্য দলে ১ৰ পৰা ৫খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে । এই সমীক্ষাত এন ডি এৰ ঐতিহাসিক প্ৰত্যাৱৰ্তনৰ ভৱিষ্যদ্বাণী কৰা হৈছে ।
প্ৰজা প’ল এনালাইটিকছ-
এই সমীক্ষাত এন ডি এক ১৮৬খন আৰু মহাজোঁটক ৫০খন আসন দিয়া হৈছে । অন্য দলসমূহে ০ৰ পৰা ৭খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে । এই সমীক্ষাৰ পৰাও এন ডি এৰ শক্তিশালী স্থিতিৰ ইংগিত পোৱা যায় ।
লগতে পঢ়ক : আজি বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…









