বিহাৰত ভোটদানে ভংগ কৰিলে সকলো অভিলেখ

বিহাৰত ভোটদানে ভংগ কৰিলে সকলো অভিলেখ

বিহাৰত ভোটদানৰ অভিলেখ বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ত ইতিহাস ৰচনা কৰিলে ভোটাৰে । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অভিলেখ সংখ্যক হাৰত ভোটদান কৰিছে ভোটাৰে । মুঠ ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৬৬.৯ শতাংশ, যিটো ১৯৫১ চনৰ পিছত সৰ্বাধিক ।

বিহাৰত ভোটদানৰ অভিলেখ

বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ত ইতিহাস ৰচনা কৰিলে ভোটাৰে । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অভিলেখ সংখ্যক হাৰত ভোটদান কৰিছে ভোটাৰে । মুঠ ভোটাৰৰ সংখ্যা আছিল প্ৰায় ৬৬.৯ শতাংশ, যিটো ১৯৫১ চনৰ পিছত সৰ্বাধিক ।

জ্ঞানেশ কুমাৰে কয় যে বিহাৰৰ জনসাধাৰণে গণতন্ত্ৰৰ প্ৰতি গভীৰ বিশ্বাস প্ৰদৰ্শন কৰিছে । বিশেষকৈ মহিলাসকলে অভিলেখ সংখ্যক ৭১ শতাংশ ভোটদান কৰি ইতিহাস ৰচনা কৰে । তেওঁ কয় যে বিহাৰৰ শান্তিপূৰ্ণ আৰু স্বচ্ছ নিৰ্বাচনে সমগ্ৰ দেশক বাট দেখুৱাইছে । নিৰ্বাচন আয়োগে সদায় ভোটাৰৰ সৈতে থিয় দি আহিছে আৰু সদায় থিয় দিব ।

মহিলাৰ ভোটদান-

দুটা পৰ্যায়ত অনুষ্ঠিত বিহাৰ নিৰ্বাচনত প্ৰথম পৰ্যায়ত ৬৯.০৪ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৮.৭৬ শতাংশ ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে । দুয়োটা পৰ্যায়ৰ ভোটাৰৰ মুঠ ভোটদানৰ হাৰ ৬৬.৯১ শতাংশ, যিটো এতিয়ালৈকে সৰ্বাধিক ।

মহিলা ভোটাৰৰ হাৰ পুৰুষতকৈ প্ৰায় আঠ শতাংশ বেছি । ৩ কোটি ৫১ লাখ ৪৫ হাজাৰতকৈ অধিক মহিলাই ভোটদান কৰাৰ বিপৰীতে পুৰুষৰ ভোটদানৰ হাৰ প্ৰায় ৬২.৮ শতাংশ ।

বিহাৰত সামগ্ৰিক ভোটাৰৰ হাৰ ৬৬.৯ শতাংশ-

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, ড° সুখবীৰ সিং সন্ধু আৰু ড° বিবেক যোশীয়ে আটাইকেইটা, ৪৫,৩৯৯টা ভোটকেন্দ্ৰৰ পৰা ৱেবকাষ্টিঙৰ জৰিয়তে নিৰ্বাচনী প্ৰক্ৰিয়া নিৰীক্ষণ কৰে । প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকা, থাইলেণ্ড, ইণ্ডোনেছিয়া, বেলজিয়াম, ফিলিপাইনছ, কলম্বিয়াকে ধৰি ছখন দেশৰ ১৬ জন প্ৰতিনিধিয়ে বিহাৰৰ নিৰ্বাচনী প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰি বিশ্বৰ অন্যতম স্বচ্ছ আৰু কাৰ্যক্ষম নিৰ্বাচন বুলি অভিহিত কৰে ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনৰ ভোটযুদ্ধ সমাপ্ত; এতিয়া অপেক্ষা ১৪ নৱেম্বৰলৈ…

শেহতীয়া প্ৰৱন্ধসমূহ