হেলিকপ্টাৰ বা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা উল্লেখযোগ্য ব্যক্তিৰ তালিকাত সংযোজন হ’ল অজিত পাৱাৰৰ নাম । জানক বিমান দুৰ্ঘটনাত দেশে হেৰুওৱা কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ বিষয়ে ।
মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মৃত্যু হৈছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ । তেওঁৰ সৈতে বিমানখনত থকা আন পাঁচজন লোকৰো মৃত্যু হৈছে বুলি বাতৰিত প্ৰকাশ । এন চি পিৰ নেতা অজিত পাৱাৰ (৬৬) সহ আন লোক কঢ়িয়াই অনা বিমানখন বাৰামাটিৰ ৰাণৱেৰ সমীপত ক্ৰেচ-লেণ্ড হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । মাত্ৰ কেইমাহমানৰ পূৰ্বে দেশত সংঘটিত হোৱা এক বৃহৎ বিমান দুৰ্ঘটনাৰ পিছতে এই খবৰে শোকাহত কৰিছে দেশবাসীক ।
আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছিল । উৰণৰ কিছু মুহূৰ্তৰ পিছতে আহমেদাবাদৰ মেঘনীনগৰ অঞ্চলৰ এটা আৱাসিক অট্টালিকাত খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাটোৱে বিশ্বজুৰি শোক লহৰৰ সৃষ্টি কৰে । কেইবাখনো দেশৰ নেতাই এই শোকাৱহ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ এই দুৰ্ঘটনাত মৃত্যু হোৱো লোকৰ তালিকাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল ।
বুধবাৰে বাৰামাটি বিমান দুৰ্ঘটনাই দেশবাসীৰ মনত পুনৰ সজীৱ কৰিছে পুৰণি কৰুণ স্মৃতি । ইয়াৰ পূৰ্বে সংঘটিত হোৱা এই বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনাটো দেশে হেৰুৱাইছিল বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি ।
হোমি ভাবা-
১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ দিনটোত ভাৰতবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে । কিয়নো এই দিনটোতে এক ভয়ংকৰ বিমান দুৰ্ঘটনাত দেশে হেৰুৱাইছিল ভাৰতৰ পাৰমাণৱিক বিজ্ঞানৰ পিতৃ হোমি জাহাংগীৰ ভাবাক ।
ভাৰতৰ আগশাৰীৰ পাৰমাণৱিক পদাৰ্থবিজ্ঞানী হোমি জাহাংগীৰ ভাবাৰ ১৯৬৬ চনৰ ২৪ জানুৱাৰীত এয়াৰ ইণ্ডিয়া ফ্লাইট ১০১ৰ এক হৃদয়বিদাৰক দুৰ্ঘটনাত মৃত্যু হয় । এই দুৰ্ঘটনাটোৱে ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ স্থপতিগৰাকীক মাত্ৰ ৫৬ বছৰ বয়সতে কাঢ়ি নিয়ে ।
সঞ্জয় গান্ধী-
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ, প্ৰাক্তন সংসদ সদস্য সঞ্জয় গান্ধীৰ ১৯৮০ চনৰ ২৩ জুনত এক বিমান দুৰ্ঘটনাত মৃত্যু হয় । নতুন দিল্লীৰ চফদৰজং বিমানবন্দৰত সংঘটিত হোৱা এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে সঞ্জয়ৰ । সঞ্জয় গান্ধীয়ে পুৱা ট্ৰেইনি বিমানত উৰা মাৰিছিল । তেওঁ নিজেই বিমানখন উৰুৱাইছিল আৰু এটা সময়ত তেওঁৰ বিমানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ ।
মাধৱৰাও সিন্ধিয়া-
কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ ২০০১ চনৰ ৩০ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ মইনপুৰীৰ ওচৰত সংঘটিত হোৱা এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল । মাধৱৰাও সিন্ধিয়াই দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ কানপুৰলৈ এখন চাৰ্টাৰ্ড বিমানত ৰাজনৈতিক সমাৱেশত ভাষণ দিবলৈ গৈ আছিল । উৰণৰ কিছু সময়ৰ পাছতে উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাৰ মটলা গাঁৱৰ সমীপত বেয়া বতৰ আৰু কাৰিকৰী বিজুতিৰ বাবে তেওঁৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত সিন্ধিয়াৰ লগতে এগৰাকী সাংবাদিক, পাইলট, সহ-পাইলটৰো মৃত্যু হয় ।
অ’ পি জিন্দাল আৰু সুৰেন্দ্ৰ সিং-
হাৰিয়ানাৰ শক্তি মন্ত্ৰী, উদ্যোগপতি অ’ পি জিন্দাল আৰু ৰাজ্যখনৰ কৃষি মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বংশীলালৰ পুত্ৰ সুৰেন্দ্ৰ সিঙৰো এক হেলিকপ্টাৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছিল । ২০০৫ চনৰ ৩১ মাৰ্চত উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ পেডু গাঁৱৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা ।
হাৰিয়ানাৰ কৃষি আৰু ৰাজহ মন্ত্ৰী সুৰেন্দ্ৰ সিং দিল্লীৰ পৰা কিং হেলিকপ্টাৰেৰে চণ্ডীগড়লৈ উভতি আহিছিল । চাহাৰনপুৰৰ সমীপত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে জৰুৰী অৱতৰণৰ চেষ্টা চলাওঁতে হেলিকপ্টাৰখন কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত হাৰিয়ানাৰ শক্তি মন্ত্ৰী অ’ পি জিন্দাল আৰু পাইলটকে ধৰি তিনিজন লোকৰ মৃত্যু হয় ।
ৱাই এছ ৰাজশেখৰ ৰেড্ডী-
অন্ধ্ৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ ২০০৯ চনৰ ৩ ছেপ্টেম্বৰত সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল । অন্ধ্ৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হায়দৰাবাদৰ পৰা চিত্তুৰ জিলাৰ এক অনুষ্ঠানলৈ চৰকাৰী হেলিকপ্টাৰেৰে আহিছিল । উৰণৰ সময়ত তেওঁৰ হেলিকপ্টাৰখনে ৰাডাৰৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় । ধাৰাসাৰ বৰষুণ আৰু বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন নল্লামালাৰ ঘন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত ৱাই এছ ৰাজশেখৰ ৰেড্ডীকে ধৰি পাঁচজন যাত্ৰীৰ মৃত্যু হয় ।
দৰ্জী খাণ্ডু-
২০১১ চনৰ ৩০ এপ্ৰিলত হেলিকপ্টাৰ দুৰ্ঘটনাত দেশে হেৰুৱাইছিল আন এগৰাকী ৰাজনীতিকক । অৰুণাচল প্ৰদেশৰ টাৱাঙত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৰাজ্যখনৰ তেতিয়াৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ মৃত্যু হৈছিল ।
পৱন হংস এ এছ ৩৫০ বি ৩ হেলিকপ্টাৰেৰে টাৱাঙৰ পৰা ইটানগৰলৈ গৈ আছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডু । উৰণৰ প্ৰায় ২০ মিনিটৰ পাছত হেলিকপ্টাৰখনৰ যোগাযোগ হেৰুৱাই পেলায় । ধাৰাসাৰ বৰষুণ আৰু বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন চেলা পাছৰ সমীপত ১৩ হাজাৰ ফুট উচ্চতাত দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাৰ প্ৰায় চাৰিদিন পিছত ২০১১ চনৰ ৪ মে’ত মুখ্যমন্ত্ৰী, দুজন পাইলট, এজন নিৰাপত্তা বিষয়া আৰু আন এজন ব্যক্তিকে ধৰি পাঁচোটা মৃতদেহ উদ্ধাৰ কৰা হয় ।
বিপিন ৰাৱাট-
এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ভাৰতৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেলৰ । ২০২১ চনৰ ৮ ডিচেম্বৰত তামিলনাডুৰ কুনুৰত বিশ্ব কঁপাই যোৱা এই শোকাৱহ দুৰ্ঘটনাত ভাৰতৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হয় । তামিলনাডুৰ কুনুৰৰ সমীপত তেওঁ যোৱা এম আই-১৭ হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত পত্নী মধুলিকা ৰাৱাটকে ধৰি মুঠ ১৩ জন লোকে প্ৰাণ হেৰুৱাইছিল । তেওঁৰ মৃত্যুৰ তিনি বছৰৰ পাছত ২০২৪ চনত লোকসভাত প্ৰতিৰক্ষা সম্পৰ্কীয় স্থায়ী সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছিল যে এম আই-১৭ দুৰ্ঘটনাটো মানৱীয় ভুলৰ বাবে সংঘটিত হৈছিল ।
উল্লেখ্য যে, এই কৰুণ ঘটনাসমূহৰ ওপৰিও বিমান বা হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক হেৰুৱাইছিল । ইয়াৰ ভিতৰত নেতাজী সুভাষ চন্দ্ৰ বসু (১৮ আগষ্ট, ১৯৪৫), অভিনেত্ৰী কে এছ সৌম্যা সত্যনাৰায়ণ (৩ মাৰ্চ, ২০০২), লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা তেলেগু দেশম পাৰ্টীৰ নেতা জি এম চি বালাযোগী (৩ মাৰ্চ, ২০০২)ৰো বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল ।
লগতে পঢ়ক : বাৰামাটিত বিমান দুৰ্ঘটনা; প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে