ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান F-16C

ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান

ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান F-16C । বায়ুসেনাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে । আমেৰিকাৰ অন্যতম ঘাতক যুঁজাৰু বিমান এফ-১৬ কেলিফৰ্ণিয়াৰ মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত হয় । অৱশ্যে যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বেই বায়ুসেনাৰ পাইলটজনে নিৰাপদে ওলাই আহবিলৈ সক্ষম হয় ।

ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল আমেৰিকাৰ অত্যধুনিক যুদ্ধ বিমান F-16C । বায়ুসেনাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে ।

আমেৰিকাৰ অন্যতম ঘাতক যুঁজাৰু বিমান এফ-১৬ কেলিফৰ্ণিয়াৰ মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত হয় । অৱশ্যে যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বেই বায়ুসেনাৰ পাইলটজনে নিৰাপদে ওলাই আহবিলৈ সক্ষম হয় । সামৰিক বিষয়াসকলে জনোৱা মতে, কেলিফৰ্ণিয়াৰ মৰুভূমিত দুৰ্ঘটনাগ্ৰস্ত হয় এফ-১৬ যুঁজাৰু বিমানখন । দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত এফ-১৬ বিমানখন দ্ৰুতগতিত নামি অহা আৰু তাৰ পিছত তলত পৰি যোৱাৰ লগে লগে অগ্নিবলয়লৈ পৰিণত হোৱা দেখা গৈছে । কিন্তু পাইলটজনে পেৰাচুট ব্যৱহাৰ কৰি বাহিৰলৈ ওলাই আহি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ।

দক্ষিণ কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হয় এই যুদ্ধ বিমান । অৱশ্যে সময়মতে পাইলটে পেৰাচুটেৰে নিৰাপদ স্থানত অৱতৰণ কৰে । পাইলটগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও কোনো গুৰুতৰ আঘাতৰ সন্মুখীন হোৱা নাই ।

আমেৰিকাৰ বায়ুসেনাই এক বিবৃতিত জনোৱা মতে, পুৱা ১০:৪৫ বজাত প্ৰশিক্ষণ অভিযানৰ সময়ত এফ-১৬চি ফাইটিং ফেলকন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । লছ এঞ্জেলছৰ পৰা ১৮০ মাইল দূৰৰ মোজাভে মৰুভূমিত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ২০২২ চনত একেটা অঞ্চলতে নৌসেনাৰ এফ/এ-১৮ই ছুপাৰ হৰ্নেট বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু পাইলটজনৰ মৃত্যু হৈছিল । বায়ুসেনাই জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহৰ তাণ্ডৱ; অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে সহায়ৰ হাত ভাৰতৰ