পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; সংসদ সদস্যকে ধৰি ১৫ জন লোকৰ মৃত্যু

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; সংসদ সদস্যকে ধৰি ১৫ জন লোকৰ মৃত্যু

বিমান দুৰ্ঘটনাটোত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হৈছে । বিমানখনত এজন সংসদ সদস্য আৰু এজন নিৰ্বাচনী প্ৰাৰ্থীও আছিল বুলি জানিব পৰা গৈছে । পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা বিচক্ৰাফ্ট ১৯০০ বিমানৰ ধ্বংসাৱশেষৰ সন্ধান উলিয়াইছে কলম্বিয়া কৰ্তৃপক্ষই ।

বিমান দুৰ্ঘটনাটোত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হৈছে । বিমানখনত এজন সংসদ সদস্য আৰু এজন নিৰ্বাচনী প্ৰাৰ্থীও আছিল বুলি জানিব পৰা গৈছে ।  

পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । বুধবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা বিচক্ৰাফ্ট ১৯০০ বিমানৰ ধ্বংসাৱশেষৰ সন্ধান উলিয়াইছে কলম্বিয়া কৰ্তৃপক্ষই । স্থানীয় সংবাদ মাধ্যম আৰু উদ্ধাৰকাৰী দলৰ মতে, বিমান দুৰ্ঘটনাটোত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হৈছে । বিমানখনত কলম্বিয়াৰ সংসদৰ এজন সদস্য (চেম্বাৰ অৱ ডেপুটিজ) আৰু আগন্তুক নিৰ্বাচনৰ এজন প্ৰাৰ্থীকে ধৰি ১৩ জন যাত্ৰী আৰু দুজন ক্ৰু সদস্যও আছিল ।

কলম্বিয়া আৰু ভেনিজুৱেলাৰ সীমান্তৰ সমীপত নিৰুদ্দেশ হয় ১৫জন লোক কঢ়িয়াই নিয়া বাণিজ্যিক জেট বিমানখন । কলম্বিয়াৰ বিমান পৰিবহণ কৰ্তৃপক্ষ আৰু ৰাজ্যিক বিমান সংস্থা SATENA ৰ মতে, বিমানখনৰ শেষৰটো ৰাডাৰৰ সংস্পৰ্শ কেটাটুম্বো অঞ্চলৰ ওপৰেৰে ৰেকৰ্ড কৰা হৈছিল, যাৰ পিছকে অনুসন্ধান অভিযান চলোৱা হয় ।

বুধবাৰে পুৱা ১১:৪২ বজাত কুকুটাৰ পৰা এন এছ ই ৮৮৪৯ বিমানখনে উৰা মাৰিছিল যদিও অৱতৰণৰ মাত্ৰ ১১ মিনিট পূৰ্বে যোগাযোগ হেৰুৱাই । দুৰ্গম আৰু পাহাৰীয়া অঞ্চল কাটাটুম্বোত উদ্ধাৰ হৈছে বিমানখনৰ ধ্বংসাৱশেষ । বেয়া বতৰ আৰু ঠেক পাহাৰৰ বাবে পৰিচিত এই অঞ্চলটোৱে অনুসন্ধান অভিযানত যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল ।

কলম্বিয়াৰ অসামৰিক বিমান পৰিবহণ সংস্থাৰ তদন্তকাৰীয়ে এতিয়া এই ধ্বংসাৱশেষ পৰীক্ষা কৰি দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰাৰ বাবে কাম আৰম্ভ কৰিছে । অৱশ্যে কাৰিকৰী বিফলতা বা বেয়া বতৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক নিশ্চিতকৰণ প্ৰকাশ কৰা হোৱা নাই ।

বিমানখনত এজন সংসদ সদস্য আৰু এজন নিৰ্বাচনী প্ৰাৰ্থীও আছিল বুলি জানিব পৰা গৈছে ।  

লগতে পঢ়ক : ‘ভেনিজুৱেলাৰ দৰে অভিযানৰ বাবে আমেৰিকা সাজু’; খামেইনীক নতুন সতৰ্কবাণী ট্ৰাম্পৰ