পুনৰ বিমান দুৰ্ঘটনা… বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ

পুনৰ সংঘটিত হৈছে এক বিমান দুৰ্ঘটনা । উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত এই অঘটন ঘটে ।

মধ্যপ্ৰদেশৰ ছিৱনী জিলাৰ কুৰাই ব্লকৰ গোপালগঞ্জৰ সমীপৱৰ্তী আমগাঁৱৰ পথাৰত সংঘটিত হয় এক বিমান দুৰ্ঘটনা । খবৰ অনুসৰি ৰেডবাৰ্ড এভিয়েশন কোম্পানীৰ এখন প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন হঠাতে প্ৰায় ৫:৪৫ বজাত তললৈ নামি আহে আৰু ৩৩ কেভি হাই-ভল্টেজ বৈদুত্যিক তাঁৰৰ সৈতে সংঘৰ্ষ হয় । ঘটনাত বিদ্যুৎ পৰিবাহী তাঁৰ বিচ্ছিন্ন হৈ বিমানখনৰ সন্মুখভাগত পৰে আৰু যথেষ্ট ক্ষতিসাধন হয় ।

প্ৰত্যক্ষদৰ্শীৰ মতে বিমানখন উৰণৰ সময়তে হঠাতে উচ্চতা কমিবলৈ ধৰে । কেইছেকেণ্ডমানৰ ভিতৰতে বিমানখনৰ ডেউকাই হাই ভল্টেজৰ তাঁৰ স্পৰ্শ কৰে । তীব্ৰ শব্দ আৰু অগ্নি স্ফুলিংগই চাৰিওফালৰ অঞ্চলত আতংকৰ সৃষ্টি কৰে যাৰ ফলত প্ৰত্যক্ষদৰ্শীয়ে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি ধৰি লয় ।

ঘটনাৰ লগে লগে গাঁওবাসী ঘটনাস্থলীত উপস্থিত হৈ পাইলটক প্ৰশিক্ষাৰ্থীক বিমানখনৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায় । দুয়োজন সামান্য আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় । ৰেডবাৰ্ড মেনেজমেণ্টে সন্ধিয়া ৫:৪৫ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে । বিমানখনত থকা প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী পাইলটজন সামান্য আঘাতপ্ৰাপ্ত হয় ।

স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও দুবাৰকৈ প্ৰশিক্ষণ বিমান ৰাণৱেৰ পৰা পিছলি পৰিছে । তেওঁলোকে কয় যে এনে দুৰ্ঘটনা গাঁওবাসীৰ মাজত ক্ৰমান্বয়ে চিন্তনীয় হৈ পৰিছে ।

লগতে পঢ়ক : ছবছৰে এচপৰা ইটাও পৰা নাই প্রস্তাৱিত ভূমিত, এতিয়াও অনিশ্চয়তা আঁতৰা নাই বাবৰি মছজিদৰ

পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা; ধ্বংসস্তূপত পৰিণত এটা বৃহৎ অঞ্চল

পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা

মঙলবাৰে সন্ধিয়া আমেৰিকাৰ কেন্টাকিৰ লুইছভিল মহম্মদ আলী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা । উৰণৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে ইউ পি এছৰ এখন কাৰ্গো বিমান ৰাণৱেৰ কাষত খুন্দা মাৰে আৰু লগে লগে জইয়ে বিমানখন আগুৰি ধৰে । বিমানখনত প্ৰায় ১ লাখ ৫০ হাজাৰ লিটাৰ (প্ৰায় ২ লাখ ৫০ হাজাৰ গেলন) জেট ইন্ধন আছিল আৰু এই ইন্ধনত অগ্নিসংযোগ হৈ বিস্ফোৰণ ঘটাত সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে ।

বিমানবন্দৰৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বিমানখনে সন্ধিয়া প্ৰায় ৫:১৫ বজাত (স্থানীয় সময় অনুসৰি) উৰা মৰাৰ পিছতেই হঠাতে নামি আহিবলৈ ধৰে । কিছু মুহূৰ্তৰ ভিতৰতে এটা ডাঙৰ বিস্ফোৰণৰ শব্দ হয় আৰু আকাশলৈ ধোঁৱাৰ এক বিশাল ঢৌ উঠি যোৱা পৰিলক্ষিত হয় । ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে সমগ্ৰ ৰাণৱে জুইৰ শিখাই আগুৰি ধৰিছে, যেন আগ্নেয়গিৰিৰ লাভা বিস্ফোৰণ হৈছে ।

লুইছভিল আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কেইবা ডজন দল বিমান দুৰ্ঘটনাস্থলীত ক্ষীপ্ৰ গতিৰে উপস্থিত হয় । তিনি ঘণ্টা যুঁজাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । কিন্তু তেতিয়ালৈকে ওচৰৰ কেইবাটাও গুদাম আৰু পাৰ্কিং লট ছাইলৈ পৰিণত হৈছিল ।

চৰকাৰী তথ্য অনুসৰি এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জনতকৈ অধিক লোক আহত হৈছে । এতিয়াও দুজন লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে । বিমান দুৰ্ঘটনাৰ ফলত ওচৰৰ কেন্টাকি পেট্ৰলিয়াম ৰিচাইক্লিং আৰু গ্ৰেড-এ অটো পাৰ্টছৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । দুয়োটা অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস হয় ।

তদন্ত এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে যদিও প্ৰাথমিক তথ্য অনুসৰি জেটৰ ইন্ধন লিক বা ইঞ্জিন বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় । ঘটনাস্থলীত উপস্থিত হৈ National Transportation Safety Boardৰ দলে ব্লেক বক্সৰ তথ্য পৰ্যালোচনা কৰি আছে । ইউ পি এছে এই দুৰ্ঘটনা নিশ্চিত কৰি কয় যে তেওঁলোকে নিজৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে থিয় দিছে । লুইছভিল বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰা হৈছে আৰু সকলো বিমান ডাইভাৰ্ট কৰা হৈছে ।

লগতে পঢ়ক : ৰাছিয়াৰ ওপৰত পুনৰ ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ; জ্বলি ছাই হ’ল টুৱাপছে বন্দৰ

ৰানৱেৰ পৰা পিছলি সাগৰত পৰিল কাৰ্গো বিমান; দুজনৰ মৃত্যু

অঘটনঃ সাগৰত পৰিল কাৰ্গো বিমান

সোমবাৰে পুৱা হংকং বিমানবন্দৰত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা । হংকং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে এখন কাৰ্গো বিমান ৰাণৱেৰ পৰা পিছলি সাগৰত পৰে । এই ভয়ংকৰ দুৰ্ঘটনাত দুজন লোক নিহত হয় । আনহাতে ঘটনাত আহত হয় চাৰিজন ক্ৰু । তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

এই বয়িং ৭৪৭ কাৰ্গো বিমানখন তুৰ্কীৰ এচিটি এয়াৰলাইন্সে পৰিচালনা কৰিছিল আৰু ডুবাইৰ আল মাকটুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা হংকংলৈ উৰা মাৰিছিল । বিমানখন এমিৰেটছ এয়াৰলাইন্সৰ পৰা ৱেট লিজত লোৱা হৈছিল, অৰ্থাৎ এচিটি এয়াৰলাইন্সে বিমানখন, পাইলট, ক্ৰু, ৰক্ষণাবেক্ষণ, বীমা আদি চম্ভালিছিল ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিমানখনৰ পিছৰ অংশটো সাগৰত ডুব যোৱাৰ বিপৰীতে সন্মুখ আৰু ককপিট পানীৰ ওপৰত দেখা গৈছে । উল্লেখ্য যে হংকং বিমানবন্দৰৰ উত্তৰ ফালৰ ৰানৱেত পুৱা প্ৰায় ৩:৫০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা, যিটো এতিয়া সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । বাকী দুটা ৰানৱে কাৰ্যক্ষম হৈ আছে ।

প্ৰাথমিক তথ্য অনুসৰি বিমানবন্দৰৰ এখন গ্ৰাউণ্ড বাহনত থকা দুজন লোকৰ মৃত্যু হৈছে । সেই সময়ত বিমানখনত কোনো ধৰণৰ সামগ্ৰী কঢ়িয়াই অনা হোৱা নাছিল । হংকঙৰ অসামৰিক বিমান পৰিবহণ বিভাগে এই দুৰ্ঘটনাৰ তদন্তৰ বাবে বিমান সংস্থা আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে যোগাযোগ কৰি থকা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বাংলাদেশত অথন্তৰঃ জুই আৰু ক’লা ধোঁৱাই আৱৰি ধৰিলে ঢাকা বিমানবন্দৰ

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান

কথমপি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ বিমান

এয়াৰ ইণ্ডিয়াৰ এখন বিমান মঙলবাৰে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । মঙলবাৰে (৭ অক্টোবৰ) কলম্বো-চেন্নাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত এটা চৰাইয়ে খুন্দা মৰাৰ ফলত বিমান সংস্থাটোৱে উভতনি যাত্ৰা বাতিল কৰিবলগীয়া হয় । বিমানবন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে, বিমানখনত ১৫৮ জন যাত্ৰী আছিল ।

জানিব পৰা মতে চেন্নাইৰ পৰা কলম্বো অভিমুখী এয়াৰ ইণ্ডিয়াৰ এ আই-২৭৩ (A320 VT-TNH) বিমানত এটা চৰাইয়ে খুন্দা মাৰে । কলম্বো বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত প্ৰায় ১:৫৫ বজাত এই ঘটনা সংঘটিত হয় । অৱশ্যে এই ঘটনা সামান্য বুলি বিবেচিত হোৱাৰ বাবে বিমানখন অৱতৰণ কৰাৰ পিছত উৰণৰ বাবে ক্লিয়াৰেন্স দিয়া হয় ।

পৰৱৰ্তী সময়ত যেতিয়া একেখন বিমান এ আই-২৭৪ৰ ৰূপত পুৱা ৪:৩৪ বজাত কলম্বোৰ পৰা চেন্নাইলৈ উভতি আহে, তেতিয়া কাৰিকৰী দলে নিয়মীয়া পৰিদৰ্শন কৰাৰ সময়ত ফেন ব্লেডৰ ক্ষতি হোৱা বুলি জানিবলৈ দিছিল । বিমানখনক এয়াৰক্ৰাফ্ট অন গ্ৰাউণ্ড  ঘোষণা কৰা হৈছে আৰু ই বৰ্তমান সেৱাৰ পৰা আঁতৰি থাকিব । পুংখানুপুংখ পৰিদৰ্শন কৰাৰ পিছতহে ইয়াক মেৰামতি কৰি সেৱালৈ ঘূৰাই অনা হ’ব ।

লগতে পঢ়ক : সাগৰত শত্ৰুক নিমিষতে কৰিব ধ্বংস; আহি গ’ল যুদ্ধজাহাজ ‘INS এণ্ড্ৰথ’

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল ইণ্ডোগোৰ বিমান… সাসংদসহ আছিল ১৫১গৰাকী যাত্ৰী

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল ইণ্ডোগোৰ বিমান

দেওবাৰে (১৪ ছেপ্টেম্বৰ) উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ বিমানবন্দৰত দেখা গ’ল এক বুকু কঁপি যোৱা দৃশ্য । ইয়াত দিল্লীলৈ যোৱা ইণ্ডিগোৰ এখন বিমান টেক অফৰ সময়ত ৰাণৱেত ৰৈ গৈছিল । সময়মতে বিমানখন ৰখাই ১৫১জন যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰে কেপ্তেইনে । এই বিমানখনত সমাজবাদী পাৰ্টিৰ সাংসদ তথা এছ পিৰ সভাপতি অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱো আছিল ।

জানিব পৰা মতে ইণ্ডোগোৰ বিমানখনে ৰাণৱেত গতি বৃদ্ধি কৰিছিল যদিও বতাহত উৰা মাৰিব পৰা নাছিল । বিমানখনৰ কেপ্তেইনে কৌশলেৰে ৰাণৱে শেষ হোৱাৰ আগতেই বিমানখন ৰখাই দিয়ে । এই ঘটনাৰ বাবে বিমানখনৰ যাত্ৰীসকল আতংকিত হৈ পৰে । অৱশ্যে আটাইকেইজন যাত্ৰী সুৰক্ষিত হৈ আছে বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত বিমান সংস্থাটোৱে আন এখন বিমানেৰে সকলো যাত্ৰীকে দিল্লীলৈ পঠিয়াই ।

চুৰাটৰ পৰা ডুবাই অভিমুখী উৰাজাহাজতো সমস্যা-

ইয়াৰ পূৰ্বে শেহতীয়াকৈ চুৰাটৰ পৰা ডুবাই অভিমুখী ইণ্ডিগোৰ বিমান এখন উৰণৰ সময়ত হোৱা কাৰিকৰী সমস্যাৰ বাবে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ডাইভাৰ্ট কৰিবলগীয়া হয় । এই বিমানখনত ১৭০ জনতকৈ অধিক যাত্ৰী আছিল । বিষয়াসকলে কয় যে ই জৰুৰীকালীন অৱতৰণ নহয় যদিও কাৰিকৰী সমস্যাৰ বাবে নিৰাপদ পৰিচালনা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হয় ।

উৰণৰ সময়ত বিমানখনত কিছু কাৰিকৰী সমস্যাৰ সৃষ্টি হয় । ইয়াৰ বাবে পাইলটে চুৰাটৰ পৰা ডুবাইৰ পৰিৱৰ্তে আহমেদাবাদত বিমানখন অৱতৰণ কৰাৰ সিদ্ধান্ত লয় । বিষয়াসকলে স্পষ্ট কৰি দিয়ে যে যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হয় । ইণ্ডিগো এয়াৰলাইন্সে লগে লগে আন এখন বিমানৰ ব্যৱস্থা কৰে যাতে সকলো যাত্ৰীয়ে ডুবাইত নিজৰ গন্তব্যস্থানত নিৰাপদে উপস্থিত হ’ব পাৰে । যাত্ৰীসকলে কোনো ধৰণৰ আঘাত বা অসুবিধাৰ সন্মুখীন হোৱা নাই ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা… কেলিস্পেল চিটি বিমানবন্দৰত অঘটন

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

সোমবাৰে আমেৰিকাৰ মন্টানা ৰাজ্যৰ কেলিস্পেল চিটি বিমানবন্দৰত সংঘটিত হয় এক বিমান দুৰ্ঘটনা । টেক্সিৱেত এখন সৰু বিমানে আন এখন বিমানৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । প্ৰাৰম্ভিক খবৰ অনুসৰি প্ৰথম বিমানখনৰ ৰাণৱেত কিছু সমস্যা হৈছিল আৰু তাৰ পিছত আনখন বিমানৰ সৈতে সংঘৰ্ষ হয় ।

কেলিস্পেল আৰক্ষী, ফ্লেটহেড কাউন্টি শ্বেৰিফৰ কাৰ্যালয় আৰু স্থানীয় অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি জৰুৰীকালীন বিভাগে লগে লগে ঘটনাস্থলীত উপস্থিত হয় । বিষয়াসকলে তদন্ত আৰু উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগে লগে বৰ্তমান আহত লোকৰ সংখ্যা বা প্ৰভাৱিত বিমানৰ প্ৰকাৰৰ কোনো তথ্য উপলব্ধ হোৱা নাই ।

সোমবাৰে বিয়লি মন্টানা চহৰৰ কেলিস্পেল চিটি বিমানবন্দৰৰ ৰাণৱেৰ কাষ চাপি অহাৰ সময়তে এখন সৰু বিমানত জুই লাগি টেক্সিৱেত ৰখাই থোৱা আন এখন বিমানত সংঘৰ্ষ হয় । খবৰ অনুসৰি প্ৰথমখন বিমান সংঘৰ্ষৰ ঠিক আগতেই জুইত জাহ যায় আৰু দ্ৰুতগতিত ৰাণৱেৰ ভিতৰৰ অংশলৈ বিয়পি পৰে । বিমানখন বিশাল অগ্নিগোলকলৈ পৰিণত হোৱাৰ মুহূৰ্ত আৰু ধোঁৱাৰ ডাৱৰে মন্টানা আকাশ ঢাকি ৰখাৰ মুহূৰ্তটো ভিডিঅ’ ফুটেজত বন্দী হৈছে ।

জ্বলি থকা বিমানখনত থকা চাৰিজন লোকৰ ভিতৰত দুজনৰ আঘাতৰ চিকিৎসা কৰা হৈছে । কেলিস্পেলৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বীয়ে নিশ্চিত কৰে যে সংঘৰ্ষৰ সময়ত আনখন বিমানৰ ভিতৰত কোনো নাছিল । কেলিস্পেল আৰক্ষী বিভাগ, ফ্লেটহেড কাউন্টি শ্বেৰিফৰ কাৰ্যালয় আৰু স্থানীয় অগ্নিনিৰ্বাপক বাহিনীকে ধৰি জৰুৰীকালীন ক্ৰুৱে দ্ৰুতগতিত সেই স্থানত উপস্থিত হয় । দুৰ্ঘটনাটোৰ কাৰণ আৰু ইয়াৰ লগত জড়িত বিমানৰ প্ৰকাৰ এতিয়াও নিশ্চিত হোৱা নাই যদিও বৰ্তমান ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে এই কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা; সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ১৭৯গৰাকী যাত্ৰীৰ

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা

শনিবাৰে আমেৰিকাৰ ডেনভাৰ বিমানবন্দৰত এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান । মিয়ামি অভিমুখী আমেৰিকান এয়াৰলাইন্সৰ বিমান এ এ-৩০২৩ৰ লেণ্ডিং গিয়াৰত জুই লাগে । এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে কেনেকৈ যাত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে বিমানখনৰ পৰা দৌৰিছে আৰু চাৰিওফালে ধোঁৱা বিয়পি পৰিছে । বিমানখনত ১৭৩ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল ।

এই ঘটনা প্ৰায় ২:৪৫ বজাত (স্থানীয় সময়) সংঘটিত হয় যেতিয়া বয়িং ৭৩৭ মেক্স ৮ বিমানখনে উৰণৰ বাবে সাজু হৈ আছিল । একে সময়তে লেণ্ডিং গিয়াৰত হোৱা কাৰিকৰী বিজুতিৰ বাবে ধোঁৱা ওলাবলৈ ধৰে আৰু অলপ পিছতে বিমানখনত জুই লাগে  । ঘটনাৰ পিছতে ডেনভাৰ বিমানবন্দৰ প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটোক লগে লগে সতৰ্ক কৰি দিয়া হয় । ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে যাত্ৰীসকলে আতংকিত হৈ জৰুৰীকালীন স্লাইডৰ তললৈ পিছলি বিমানখনৰ পৰা ওলাই আহিছে । এই সময়ছোৱাত চাৰিওফালে ধোঁৱা বিয়পি পৰিছিল । বিশেষকৈ জুইৰ এই পৰিস্থিতিত এজন যাত্ৰীৰ এহাতে শিশু আৰু আনখন হাতত লাগেজ লৈ পিছলি যোৱা দেখা গৈছে ।

বিমান সংস্থাটোৱে জনোৱা মতে, বিমানখনে ইতিমধ্যে মেইন্টেনেন্স সমস্যাৰ সতৰ্কবাণী লাভ কৰিছিল, যিটো টায়াৰৰ সৈতে জড়িত আছিল । এই কাৰিকৰী দোষ উৰণৰ আগতেই গুৰুতৰ বুলি প্ৰমাণিত হ’ল । অগ্নিকাণ্ডৰ পিছত বিমানখন সেৱাৰ পৰা আঁতৰাই তদন্ত আৰম্ভ কৰা হৈছে । বিবৃতিটোত বিমান সংস্থাটোৱে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু কৰ্মচাৰীসকলৰ তৎপৰতাক প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক; উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দিয়াই জ্বলি উঠিল বায়ুসেনাৰ বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

সোমবাৰে দিনৰ প্ৰায় ১:৩০ বজাত (ভাৰতীয় সময় অনুসৰি ১:০০ বজাত) ঢাকাৰ উত্তৰা অঞ্চলৰ দিয়াবাৰী অঞ্চলত বাংলাদেশ বায়ুসেনাৰ এখন এফ-৭ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখন মাইলষ্টোন কলেজৰ নৰ্থ কেম্পাছৰ ভিতৰত অৱস্থিত বিদ্যালয়ৰ ওপৰত বাগৰি পৰে । এই দুৰ্ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে জীৱন ৰক্ষাৰ বাবে ইফালে সিফালে দৌৰি থকা দেখা গৈছে ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এফ-৭ প্ৰশিক্ষক বিমানখনে নিশা ১:০৬ বজাত উৰা মাৰিছিল আৰু ২৪ মিনিট পিছত দুপৰীয়া ১:৩০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় । হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা নিশ্চিত কৰে যদিও দুৰ্ঘটনাৰ কাৰণ বা হতাহতিৰ বিষয়ে ততাতৈয়াকৈ কোনো তথ্য প্ৰদান কৰা নাই । লাভ কৰা তথ্য অনুসৰি এফ-৭ চীনৰ এখন বিমান ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সেনা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলে জনোৱা মতে, ঢাকাৰ উত্তৰ উত্তৰা অঞ্চলৰ এখন বিদ্যালয় চৌহদত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয় । আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ইফালে নেশ্যনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীৰ সঞ্চালকে জানিবলৈ দিয়া মতে, ঘটনাস্থলীৰ পৰা কমেও ৩০ জন লোকক চিকিৎসালয়লৈ অনা হৈছে ।

দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে বাংলাদেশ সেনাৰ জোৱান আৰু অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষাৰ আঠটা ইউনিট সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । এজন বিষয়াই জনোৱা মতে, বিমান দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ পিছত তিনিটা ইউনিটে ঠাইতে কাম কৰি থকাৰ বিপৰীতে আন দুটা ইউনিট সাজু হৈছে ।

অৱশ্যে হতাহতৰ সংখ্যা বা দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই । স্থানীয় একাংশ মিডিয়া আৰু ছ’চিয়েল মিডিয়া পোষ্টত পাইলটৰ অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে যদিও এই কথা নিশ্চিত হোৱা নাই ।

লগতে পঢ়ক : হামাছৰ কামাণ্ডাৰ বশৰ থাবেটক হত্যা ইজৰাইলৰ; ৭৫টা সন্ত্ৰাসবাদীৰ স্থানত আক্ৰমণ

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; উৰণৰ পিছতেই দাউ দাউ কৈ জ্বলি উঠিল বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

ব্ৰিটেইনৰ চাউথেণ্ড বিমানবন্দৰত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। বিমানবন্দৰটোৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে বিচক্ৰাফ্ট বি২০০ নামৰ এখন সৰু যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।

জানিব পৰা মতে বিমানখনে নেদাৰলেণ্ডৰ লেলিষ্টাডলৈ গৈ আছিল, কিন্তু উৰণৰ পিছতেই বিস্ফোৰণ ঘটি দাউ দাউ জ্বলি উঠে বিমানখন।  

প্ৰত্যক্ষদৰ্শীৰ মতে, এটা প্ৰচণ্ড শব্দ কৰি অগ্নিকুণ্ডত পৰিণত হয় বিমানখন। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিসমূহত বিমানখনৰ পৰা ধোঁৱা আৰু জুইৰ শিখা দেখা গৈছে।সন্দেহ কৰা হৈছে যে কাৰিকৰী বিজুতি ঘটাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ৰাণৱেৰ ওচৰতে বিস্ফোৰণ হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে এচেক্স আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স চাৰ্ভিচে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।অৱশ্যে বিমানখনত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক অনুমান অনুসৰি কাৰিকৰী বিজুতি বা ইঞ্জিন বিকল হ’ব পাৰে।

লগতে পঢ়ক: মহাকাশত শুভাংশ শুক্লাৰ বিদায় অনুষ্ঠান; আনডকৰ পূৰ্বে ক’লে ‘ভাৰত সকলোতকৈ শ্ৰেষ্ঠ’